কংগ্ৰেছৰ শনি হেনো ৰকি!

কংগ্ৰেছৰ প্ৰতি মোহভংগ হোৱাৰ পাছত ভূপেন বৰাই ইমানদিনে সন্মুখীন হৈ থকা অন্তর্দ্বন্দ্ব আৰু ক্ষোভৰ বহিঃপ্ৰকাশ ঘটোৱা আৰম্ভ কৰিছে। দলটোৰে অসমৰ সভাপতিৰ দায়িত্বত থাকিও তেওঁ দলৰ ভিতৰতে কাৰ

author-image
Asomiya Pratidin
New Update
AP FOR WEB NEW  bikhekh lekha.jpg (2)

মৃদুল কুমাৰ সন্দিকৈ


কংগ্ৰেছৰ প্ৰতি মোহভংগ হোৱাৰ পাছত ভূপেন বৰাই ইমানদিনে সন্মুখীন হৈ থকা অন্তর্দ্বন্দ্ব আৰু ক্ষোভৰ বহিঃপ্ৰকাশ ঘটোৱা আৰম্ভ কৰিছে। দলটোৰে অসমৰ সভাপতিৰ দায়িত্বত থাকিও তেওঁ দলৰ ভিতৰতে কাৰ পৰা কি ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল, সেই কথা মুকলিকৈ কোৱাৰ সাহস কৰিছে।

তাৎপৰ্যপূৰ্ণভাৱে অসম প্ৰদেশ কংগ্ৰেছক এ পি চি চি(আৰ) আখ্যা দি বৰাই যি ইংগিতময় কটাক্ষ কৰিলে সেই R কোন, অসমৰ মানুহে বুজি উঠিছে। ভূপেন বৰাই ইয়াতকৈ বেছি বিস্ফোৰণ ঘটাব বুলিয়ে আশা কৰা যায়। শেহতীয়া ৰাজ্যত অনুষ্ঠিত উপ নিৰ্বাচনত চামগুৰি সমষ্টিৰ পৰা ভূপেন বৰাক প্ৰতিদ্বন্দ্বিতা কৰিবলৈ বহুকেইগৰাকী নেতাই ভূপেন বৰাক অনুৰোধ কৰিছিল। 

তেনেকৈয়ে সেই উপনিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ মানসিকভাৱে সাজু হোৱা তেতিয়াৰ এ পি চি চিৰ বৰাই কেৱল এই Rৰ বাবেই সেই সুযোগ লাভ নকৰিলে। দলটোৰ ৰাজ্যখনৰ শীৰ্ষ পদবীত থাকিও ভূপেন বৰাই এই অসহায় অৱস্থাৰ কথা এতিয়া আনুষ্ঠানিকভাৱে পোহৰলৈ আহিছে।

উক্ত সমষ্টিটোক প্ৰতিনিধিত্ব কৰা ৰকিবুল হুছেইনে লোকসভা নিৰ্বাচনত ধুবুৰীৰ পৰা জয়ী হৈ খালি হোৱা এই আসনখনত নিজ পুত্ৰক দাম্ভিকপূৰ্ণ ভাৱে প্ৰক্ষেপ কৰিছিল যদিও তেওঁৰ সপোন ৰাইজে বাস্তৱত ৰূপায়ন কৰিবলৈ দিয়া নাছিল।

দলৰ ভিতৰত ভূপেন বৰাক সভাপতিৰ পৰা আঁতৰাবলৈ যিখন পত্ৰ হাইকামাণ্ডলৈ প্ৰেৰণ কৰা হৈছিল সেইখন পত্ৰ লিখিবলৈ এই R নামৰ ব্যক্তিজনেই ১৮গৰাকী বিধায়কক সংগঠিত কৰি উদ্যোগ লৈছিল। ভূপেন বৰাৰ মুখেৰে উত্থাপিত হোৱা অভিযোগ এইবোৰ।

প্ৰয়োজনত তৰুণ গগৈক এ আই ইউ ডি এফৰ সৈতে মিত্ৰতা কৰিবলৈ মন্ত্ৰণা দিয়া মানুহজনো বোলে এই R নামৰ নেতাজনেই আছিল। কংগ্ৰেছত সেয়েহে এতিয়া R নামৰ এক সন্ত্ৰাস চলি আছে। তেওঁ দিল্লীত এনে এক ভাৱমূৰ্তি দি থৈছে যে, তেওঁ নহ’লে ৰাজ্যখনৰ সংখ্যালঘূ ভোটাৰসকল কংগ্ৰেছৰ পক্ষত নাথাকিব।

দিল্লীয়েও ধুবুৰীত কেইবা লক্ষ ভোটত জয়ী হোৱা R নামৰ ব্যক্তিগৰাকীৰ সন্দৰ্ভত তেনে এক ভ্ৰান্ত ধাৰণায়ে লৈ আছে। অখিল গগৈয়ে শেহতীয়াকৈ তেনে সংখ্যালঘূ জনবিন্যাস থকা সমষ্টিবোৰত চলোৱা ততপৰতাৰ বাবেই অখিল গগৈক লৈ এই R নামৰ নেতাজন এনেদৰে শংকিত যে, মিত্ৰতাৰ প্ৰসংগটো আহিলেই তেওঁ বিধিপথালি দিয়ে।

শেহতীয়াকৈ ভূপেন বৰাক মিত্ৰতাৰ বিষয়টো আগুৱাই নিবলৈ দলে দায়িত্ব দিয়াৰ পিছত Rৰ অনাধিকাৰ প্ৰৱেশ ভূপেন বৰাৰ বাবে আন এক আত্মসন্মানৰ প্ৰশ্ন হৈ পৰিছিল। কংগ্ৰেছৰ এক বিশ্বস্ত সূত্ৰই জানিবলৈ দিয়া মতে, Rৰ সৈতে ভূপেন বৰাৰ বহুদিন ধৰি মাত-বোল পৰ্যন্ত নাই। 

ভূপেন বৰাই দলৰ ভিতৰৰ পৰা এইবোৰ আসোঁৱাহ আঁতৰাবলৈ মুঠ ২১খন পত্ৰ লিখিছিল যদিও তাৰ কোনো উত্তৰ অহা নাছিল। হেতুকে ভূপেন বৰাই ধৰি লৈছিল যে, দলটোৰ ভিতৰত তেওঁ অস্তিত্বহীন হৈ গৈছে। এনে অভিযোগো উত্থাপন হৈছে যে, বিৰোধী দলপতি দেৱব্ৰত শইকীয়াক আঁতৰাই ৰাখি সেই স্থানত অজন্তা নেওঁগক প্ৰক্ষেপ কৰিবলৈ এই Rয়েই আন এক অভিসন্ধিও ৰচিছিল।

কংগ্ৰেছৰ ভিতৰত Rৰ এনে অতপালি দেখি আন বহু নেতা-কৰ্মীয়েও অশান্তিক ভূগি আছিল যদিও বিজেপিৰ বিৰুদ্ধে ২০২৬ৰ যুঁজখন আগুৱাই নিয়াৰ বাবে সকলোবোৰ সহ্য কৰি আছিল আৰু আছে। গৌৰৱ গগৈয়ে সেই Rকেই সেনাপতি কৰি দলটোৰ নেতৃত্বক আগবঢ়াই নিয়াৰ বাবে চেষ্টা কৰাত দলীয় কাম-কাজত তাৰ প্ৰভাৱ স্পষ্টভাৱে পৰা পৰিলক্ষিত হয়।

আনহাতে গৌৰৱ গগৈৰ নামত থকা এটা ফেন ক্লাৱক নেতৃত্ব দিয়া মেঘনাথ চেত্ৰী নামৰ এজনৰ উপস্থিতিয়েও কংগ্ৰেছৰ বহু নেতা-কৰ্মীক ক্ষুন্ন কৰি ৰাখিছে। সেইবোৰ খবৰ ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিনিয়ত লাভ কৰি আছিল। ভূপেন বৰাই পদত্যাগ পত্ৰ প্ৰেৰণ কৰাৰ পাছতেই ইয়াক কেনেকৈ ৰাজনৈতিক মূলধনলৈ ৰূপান্তৰ কৰিব পাৰি, তাৰ বাবে এক সুপৰিকল্পনাৰে আগবাঢ়ে ১৬ফেব্ৰুৱাৰী ২০২৬ত।

ভূপেন বৰাৰ সৈতে বিজেপিৰ কোনো নেতা-কৰ্মীক যোগাযোগ কৰিবলৈ নিদি তেওঁৰে এজন ঘনিষ্ঠ আৰু অতি বিশ্বাসী সাংবাদিক সম্পাদকক বৰাৰ মনৰ উমান ল’বলৈ দায়িত্ব দিছিল। সেই অনুসৰি, এই খবৰ বিয়পি পৰা আধা ঘন্টাৰ পাছতেই উক্ত সম্পাদক সাংবাদিকগৰাকীয়ে প্ৰথমে হোৱাটছ এপ মেছেজ যোগে ভূপেন বৰাক মুখ্যমন্ত্ৰীয়ে লগ পাব বিচৰা কথা অৱগত কৰিছিল।

সমান্তৰালভাৱে ভূপেন বৰা বিজেপিলৈ আহিব বুলি এক খবৰো প্ৰচাৰ কৰা হৈছিল। তেতিয়ালৈকে কোনো ৰাজনৈতিক সিদ্ধান্ত নোলোৱা ভূপেন বৰাই মুখ্যমন্ত্ৰীক লগ কৰা বা তেওঁৰ ঘৰলৈ অহাত আপত্তি নাই বুলি সেউজ সংকেত প্ৰেৰণ কৰাৰ পাছতে ভূপেন বৰাক লৈ এক ৰাজনৈতিক প্ৰচাৰ বাজপেয়ী ভৱনত আৰম্ভ হয়।

প্ৰদেশ কংগ্ৰেছৰ নেতৃত্ব আৰু জীতেন্দ্ৰ সিঙে ভূপেন বৰাক বুজনি দিবলৈ চেষ্টা কৰিছিল যদিও বৰাই সামগ্ৰিক প্ৰেক্ষাপটৰ এক পৰ্যোলাচনা কৰি কি কৰিলে ভাল হ’ব, তাৰ এক সিদ্ধান্ত লৈ পেলাইছিল। ভূপেন বৰাৰ ঘনিষ্ঠ ৰাম ভূঞাকে ধৰি কেইবাজনো নেতাই ভূপেন বৰাক সেই সময়ত সংগ দিয়াই নহয়, এই সুযোগৰ সদব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়াত এক ৰাজনৈতিক সিদ্ধান্ত উপনীত হৈ সন্ধিয়া কিছু সময়ৰ বাবে বৰা এক অজ্ঞাত স্থানলৈ গুছি লৈছিল।

সেই সময়তে এক সূত্ৰৰ মতে বৰাই বহু কথা ধীৰে-স্থিৰে পৰ্যালোচনা কৰি শেষ সিদ্ধান্ত লৈ পেলাইছিল। তাৰ পাছতেই ভূপেন বৰাই সংবাদ মাধ্যমৰ সন্মুখত তেওঁ কি সিদ্ধান্ত হ’ব পাৰে, তাৰ এক আভাস দাঙি ধৰিবলৈ গৈ পৰোক্ষ-প্ৰত্যক্ষভাৱে কিছু কথা প্ৰকাশ কৰিছিল।

অৱশ্যে গ্ৰীণউদত চলি থকা কংগ্ৰেছৰ প্ৰাৰ্থী নিৰ্বাচনৰ বৈঠকখনলৈ ভূপেন বৰা যে নাযায় সেই কথা আৰু প্ৰদেশ কংগ্ৰেছৰ নেতৃত্ব তথা জীতেন্দ্ৰ সিঙে ভূপেন বৰা শাৰিৰিক ভাষাৰ পৰাই অনুমান কৰিছিল। বিভিন্ন সময়ত ভূপেন বৰাৰ বিজেপি গমনক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰি আহিছিল।

সেই অনুমানেই সত্য হোৱাত এতিয়া চূড়ান্ত অনিশ্চয়তাই গা কৰি উঠে। ভূপেন বৰাই ক’ৰ পৰা নিৰ্বাচনত অৱৰ্তীণ হ’ব, তাৰ ওপৰত বিজেপিৰ বহু নেতাৰ ভাগ্যও নিৰ্ণয় কৰিব। বিশেষকৈ  বিহপুৰীয়া সমষ্টিত কংগ্ৰেছৰ সাম্ভাৱ্য প্ৰাৰ্থীৰূপে দলীয় কাম-কাজ আগবঢ়াই নিছিল। সেই সমষ্টিটোত ভূপেন বৰাৰ কাৰণে বিজেপিয়ে তেওঁ বা তেওঁৰ ঘনিষ্ঠজনক এৰি দিব লগা হ’লে অমিয় কুমাৰ ভূঞা, ৰঞ্জিত ভট্টাচাৰ্য, দেৱানন্দ হাজৰিকা আদিৰ নিৰ্বাচন খেলাৰ সপোন ইতি পৰিব।

আনহাতে ৰঙানদীত জোৰদাৰ প্ৰচাৰ চলাই থকা ঋষিৰাজ হাজৰিকাৰ ৰাজনৈতিক ভৱিষ্যতো  ভূপেন বৰা কেন্দ্ৰিক বিজেপিৰ সিদ্ধান্তৰ ওপৰতে নিৰ্ভৰ কৰিব। বৰাক ৰঙানদীৰ পৰা নিক্ষেপ কৰিলে জয়ন্ত খাউণ্ড, ঋষিৰাজ হাজৰিকা, গোবিন শইকীয়া, গহিন বৰা আদি নেতাসকলৰ সপোন চূৰমাৰ হ’ব।

সময়ত সেই ৰাজনৈতিক উত্তৰ সমূহ পোৱা যাব যদিও ভূপেন বৰাৰ এই সিদ্ধান্তই এতিয়া কংগ্ৰেছ-বিজেপি দুয়োপক্ষতে জোকাঁৰণিৰ সৃষ্টি কৰিছে। অৱশ্যে ইয়াৰ পৰা বেছি ক্ষতিগ্ৰস্ত হ’ব বিৰোধী কংগ্ৰেছ শিবিৰ...

ভূপেন বৰা গৌৰৱ গগৈ ৰকিবুল হুছেইন