/asomiyapratidin/media/media_files/2025/08/13/hems-2025-08-13-11-46-35.jpg)
মৃদুল কুমাৰ সন্দিকৈ
বটাঁ-বাহন বা চৰকাৰী স্বীকৃতিয়ে কোনো প্ৰতিভাধৰ লোকৰ অৱদানৰ মূল্যায়ন নকৰে। কিন্তু তেনে বিশেষ কিছু লোক থাকে, যিসকলে সেই স্বীকৃতি পালে সাধাৰণ লোকে সন্তুষ্টি লাভ কৰে। প্ৰায়ে দেখা যায়, চৰকাৰী পক্ষই যোগ্যজনক সেই মৰ্যদা আৰু সন্মান দিয়াত কৃপনালি কৰে।
তাৰ কাৰণ হয়তো বহুত থাকে। যিবোৰ অৰাজনৈতিকভাৱে ৰাজনৈতিক কাৰণো হ’ব পাৰে। নাট্যকাৰ, গীতিকাৰ, পৰিচালক তথা অভিনেতা হেমন্ত দত্তৰ মৃত্যুৰ পাছত তেখেতৰ গুণানুকীৰ্তন চৌদিশে চলিছে। কিন্তু এইগৰাকী সাংস্কৃতিক ক্ষেত্ৰৰ নীৰৱ সাধকক বহু সময়ত যেন আমি উপেক্ষা কৰি চলিলো।
যিমান দিব পাৰে, সিমানেই দি থৈ গ’ল হেমন্ত দত্তই। যোৱা ৬-৭টা দশকৰ অন্যতম শ্ৰেষ্ঠ আৰু জনপ্ৰিয় গীতবোৰৰ স্ৰষ্টা আছিল তেওঁ। এই কথা বহুতে নজনাকৈয়ে ৰৈ গ’ল। ভ্ৰাম্যমাণ থিয়েটাৰৰ ক্ষেত্ৰখনত এশৰো অধিক নাটকেৰে তেখেতে অসমীয়া নাট্য সাহিত্যক সমৃদ্ধ কৰিছিল।
জীৱনৰ শেষ বয়সত এক অভিমানী মন লৈ মঙলদৈত বাস কৰিছিল তেওঁ। বহু ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠানে তেখেতক তেখেতৰ অৱদানৰ বাবে সন্মান আৰু সম্বৰ্ধনা প্ৰদান কৰিছিল। পলমকৈ চৰকাৰে তেখেতক শিল্পী পেঞ্চনটো দিয়াৰ বাদে তেখেতৰ কৰ্মৰাজিৰ মূল্যায়নেৰে বৰ বিশেষ কৰিলে বুলি মনে নধৰে।
অথচ এই সাংস্কৃতিৰক ক্ষেত্ৰলৈ এনে প্ৰভূত বৰঙণি আগবঢ়োৱা বহুতকে দেশৰ সৰ্বোচ্চ অসামৰিক পদ্ম সন্মানেৰে সন্মানিত কৰা উদাহৰণ আছে। আমাৰ চুবুৰীয়া ৰাজ্যতে আছে তেনে বিশিষ্ট নাট্যযোদ্ধা। কিন্তু হেমন্ত দত্তৰ বাবে এই কথা কোনেও কেতিয়াও নাভাৱিলে।
কিহৰ বাবে তেওঁ উপেক্ষিত হৈ ৰ’ল? যোগ্য হোৱাৰ পাছতো হেমন্ত দত্তৰ প্ৰতি এই উদাসীনতাৰ কাৰণ কি আছিল? তেওঁ আনৰ দৰে চৰকাৰী পক্ষক তোষামোদ কৰিব হয়তো নাজানিছিল। এতিয়া বহুতে কৰাৰ দৰে নিজক লৈ জাহিৰ কৰিব তেওঁ বিচৰা নাছিল।
এই অন্তমুখী গুণৰ বাবেই তথাকথিত গ্লেমাৰছ জগতখনৰ পৰা তেওঁ বহুযোজন দূৰৈত অতি সাধাৰণভাৱে জীৱন নিৰ্বাহ কৰিছিল। যি পাইছিল তাতেই সন্তুষ্টি লভি কেৱল কামত মনোনিৱেশ কৰিছিল।
টাইটানিকৰ কাহিনী যেতিয়া তেওঁ অসমৰ দৰে এখন ৰাজ্যত মঞ্চত সফল ৰূপায়ন কৰিছিল, সেই খবৰ শুনি ইংলেণ্ডত খলকনি উঠিছিল। বি বি চিৰ সংবাদদাতা আহি তেওঁৰ কাষ পাইছিলহি। কেনেকৈ এয়া সম্ভৱ আৰু কিদৰে তেওঁ টাইটানিকৰ সফল মঞ্চায়ন কৰিছিল, সেয়া বি বি চিৰ সাংবাদিকে আহি চাইছিলহি।
অথচ আমি চকুৰ সন্মুখত দেখি থকা মানুহজনৰ এই বিৰল কামবোৰৰ মূল্য দিব নোৱাৰিলো। ভ্ৰাম্যমাণৰ এজন নাট্যকাৰৰ ৰূপতেই তেওঁক সামৰি থলো। তেখেতৰ বিয়োগৰ পাছত তেখেতে কি কৰি গৈছিল, তাৰ কিছু পোষ্টমৰ্টেম চলিল।
সময় অতিবাহিত হোৱাৰ লগে লগে সেইবোৰৰো চৰ্চা অন্ত পৰিব। হেমন্ত দত্তৰ গীতবোৰক লৈ গৱেষণা হ’ব পাৰে, ভ্ৰাম্যমাণত হেমন্ত দত্তৰ নাটক আৰু সমাজ জীৱনত ইয়াৰ প্ৰভাৱক লৈ গৱেষণা কৰা বহু অৱকাশ আছে।
তেখেতৰ প্ৰতিটো গানেই একো একোটা কাহিনী ধৰি ৰাখে। তেখেতৰ প্ৰায়ভাগ নাটকতে ভ্ৰাম্যমাণত ব্যৱসায়িক সফলতাৰ লগতে চিন্তা আৰু চেতনাৰ ইতিবাচক সোঁত প্ৰৱাহিত হৈ আছে। কেৱল শোক ব্যক্ত কৰি মৃত্যুৰ কেইটামান দিনৰ পাছলৈকে স্মৃতি সভা পাতি হেমন্ত দত্তক জানো আমি চিৰযুগমীয়া কৰিব পাৰিম?
যি মহান সৃষ্টিৰে হেমন্ত দত্তই আমাৰ সাংস্কৃতিক ক্ষেত্ৰখনক সমৃদ্ধ কৰি থৈ গ’ল। সেই সৃষ্টিৰাজি অতুলনীয়। ইয়াৰ প্ৰচাৰ আৰু অধ্যয়ন তথা গৱেষণামূলক চৰ্চা আজিৰ তৰুণ প্ৰজন্মই কৰিলেহে তেখেতৰ সৃষ্টিৰাজি সঠিক মূল্যায়ন হ’ব।
চৰকাৰে তেখেতৰ শেষকৃত্যত ৰাজ্যিক সন্মান প্ৰদৰ্শন কৰাতেই জানো দায়িত্ব সামৰিলে হ’ব! হেমন্ত দত্ত নামৰ মানুহজনে কি কৰি গ’ল, কেনেকৈ অসমীয়া নাটক-সংগীত জগতলৈ তেওঁ বৰঙণি আগবঢ়ালে তাক দেশৰ অন্য প্ৰান্তৰ মানুহে জানিব পৰাকৈ কিছু উদ্যোগ লোৱাৰ প্ৰয়োদন আছে।
পদ্মশ্ৰীৰো যোগ্য নাছিল জানো হেমন্ত দত্ত! প্ৰয়োজনত চৰকাৰে হেমন্ত দত্তক মৰণোত্তৰ ভাৱে পদ্মশ্ৰী প্ৰদানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰক। চৰকাৰে কেৱল চৰকাৰী দৃষ্টিৰে তেওঁলোকৰ পক্ষত থকা লোকসকলক স্বীকৃতি প্ৰদান কৰাৰ প্ৰৱণতাৰ পৰা আতঁৰি আহি মহানতাৰ প্ৰমাণ দিয়ক।
বহু এনে প্ৰতিভাধৰৰ মৃত্যুত চৰকাৰী পক্ষৰ উদাসীনতা দেখিবলৈ পোৱা যায়। যোগ্য সন্মানৰ পৰা তেওঁলোকক বঞ্চিত কৰি চৰকাৰী সুৰত সুৰত মিলোৱা সকলক বটাঁ-বাহন, সন্মানেৰে ধন্য কৰা ধাৰাবাহিক ব্যৱস্থাই সৃষ্টিশীল জগতখনক প্ৰদূষিত কৰে...