/asomiyapratidin/media/media_files/2026/02/16/0f4ba2f3-d176-4ca8-baab-f54162f94d8a-2026-02-16-15-36-09.jpg)
মৃদুল কুমাৰ সন্দিকৈ
এনেকৈ দল নচলে। সেই কথা কংগ্ৰেছ নেতৃত্বক ভালদৰে বুজাই দিলে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই। কোনোবাই কাৰোবাক লগত লৈ ক্লাব ঘৰৰ দৰে এটা ৰাজনৈতিক দল পৰিচালিত কৰিবলৈ গ’লে তাৰ ফলাফল এনেকুৱাই হয়।
শক্তিশালী বিজেপিৰ বিৰুদ্ধে কোনো সুপৰিকল্পিত এজেণ্ডা অবিহনে সন্মুখৰ নিৰ্বাচনী ৰণত গৌৰৱ গগৈ বাহিনীয়ে কি যুঁজ দিব সেই কথা দলটোৰ ভিতৰত থাকি ভূপেন বৰাই উপলদ্ধি কৰিছিল। বাৰে বাৰে দলীয় নেতৃত্বক এই কথা সকিয়াই থকাৰ পাছতো ইয়াৰ গুৰুত্বহীন কৰি দিয়াৰ বাবেই বৰাই ১৬ফেব্ৰুৱাৰী, ২০২৬ৰ পুৱা ৮বজাতেই ৰাহুল গান্ধী আৰু সভাপতি মল্লিকাৰ্জুন খাৰ্গেলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছিল।
তাৰ পাছতহে জিতেন্দ্ৰ সিঙকে ধৰি ৰাজ্যৰ কংগ্ৰেছ নেতৃত্ব আৰু দিল্লীৰ কংগ্ৰেছ নেতাসকলৰ মাজত হাঁহাকাৰ লাগে। কাৰণ কংগ্ৰেছ এৰিলে সম্পূৰ্ণ ৰাজনৈতিক কাৰণত ভূপেন বৰাক ৰাজনৈতিক আশ্ৰয় দিবলৈ সাজু হৈ আছিল বিজেপি। এই খবৰো বিয়পি পৰিছিল যে, ২০ফেব্ৰুৱাৰী,২০২৬ত বিজেপিত যোগদান কৰিব ভূপেন বৰাই।
খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভূপেন বৰাৰ ঘৰলৈ গৈ তেওঁৰ কাষত থিয় হ’ব বুলি কৰা ঘোষণা আছিল ৰাজনৈতিক দৃষ্টিৰে এক ডাঙৰ খবৰ। অসম বিধানসভা নিৰ্বাচনলৈ মাজত ডেৰমাহো সময় নথকা অৱস্থাত ভূপেন বৰাৰ প্ৰস্থানে কংগ্ৰেছ শিবিৰত কি ধৰণৰ ক্ষতি কৰিব পাৰে, সেই কথা ৰাজ্যৰ কংগ্ৰেছী নেতাসকলৰ লগতে দিল্লীয়েও উপলদ্ধি কৰিছিল।
গৌৰৱ গগৈয়ে সভাপতিৰ দায়িত্ব লোৱাৰ পাছতেই ভূপেন বৰাক উপেক্ষা কৰাৰ এক প্ৰৱণতা গঢ় লৈ উঠিছিল। সেই অপমান আৰু অৱজ্ঞাই ভূপেন বৰাক এনে পৰ্যায়লৈ লৈ গৈছিল যে, দুদিনৰ পূৰ্বে প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব এৰা বৰাই ৰঙানদী সমষ্টিতে নিজক ব্যস্ত ৰাখিছিল।
পৰৱৰ্তী সময়ত আন বহু সিদ্ধান্তইও ভূপেন বৰাক ক্ষোভিত কৰি তুলিছিল। পূৰ্বতে অসম বিধানসভাৰ উপনিৰ্বাচনৰ সময়ত বিহালীত প্ৰাৰ্থিত্ব প্ৰক্ষেপক লৈ ভূপেন বৰাই লোৱা উদাৰ সিদ্ধান্তক ৰহস্যজনকভাৱে নুই কৰা হৈছিল। তাৰ আঁৰতো গৌৰৱ গগৈৰ দিল্লীত থকা ৰাজনৈতিক প্ৰভাৱ বুলি আলোচিত হৈছিল।
মিত্ৰতাৰ সন্দৰ্ভত ভূপেন বৰাৰ স্থিতি আৰু আন এচাম কংগ্ৰেছীৰ স্থিতিৰ মাজত আছিল আকাশ-পাতাল পাৰ্থক্য। যাৰ বাবে মিত্ৰতাক এটা পৰ্যায়লৈ আগুৱাই নি এনেবোৰ বাধাৰ বাবে ভূপেন বৰাই সেই প্ৰক্ৰিয়াৰ পৰা নিজক আতঁৰাই আনিছিল। তেতিয়াই বুজা গৈছিল ভূপেন বৰাৰ দৃষ্টিভংগীৰ সৈতে কংগ্ৰেছ শক্তিশালী লবী এটা দৃষ্টিভংগীৰ তীব্ৰ সংঘাত আছে।
ভূপেন বৰাৰ পদত্যাগৰ খবৰ বিয়পি পৰাৰ পাছত জিতেন্দ্ৰ সিঙৰ ততপৰতাত ৰাহুল গান্ধীয়ে ভূপেন বৰাৰ সৈতে কথা পাতে। কেন্দ্ৰীয় নেতৃত্বই ভূপেন বৰাক যিকোনো মূল্যৰ বিনিময়ত এৰি দিব নিবিচৰতাত ভূপেন বৰাই সংবাদমাধ্যমৰ সন্মুখত এই সন্দৰ্ভত প্ৰতিক্ৰিয়া দিব লগা হৈছিল।
সেই প্ৰতিক্ৰিয়াত কোনো স্পষ্ট ইংগিত নাথাকিল। বৰঞ্চ এই কথা ভূপেন বৰাই ক’লে যে, যিহেতু তেওঁৰ পৰিয়ালৰ কংগ্ৰেছৰ সৈতে এক ঐতিহাসিক সম্পৰ্ক আছে, সেয়েহে এনে সিদ্ধান্ত ল’বলৈ কিছু সময় লাগিব। দল এৰা বা পদত্যাগ পত্ৰ উঠাই লোৱা সন্দৰ্ভত ভূপেন বৰাই কৰা প্ৰতিক্ৰিয়া আছিল এয়া।
তাৰ বিপৰীতে ভূপেন বৰাই পদত্যাগ পত্ৰ উঠাই লোৱা বুলি ঘোষণা কৰিছিল জিতেন্দ্ৰ সিঙে। সেই কথা ভূপেন বৰাৰ মন্তব্যত স্পষ্ট নহ’ল। আনহাতে ভূপেন বৰাৰ ওচৰত গৌৰৱ গগৈয়ে ক্ষমা বিচৰা কথাটোৱে বিশেষ তাতপৰ্য বহন কৰিলে। দলে লোৱা কোনো দলীয় সিদ্ধান্তই তেওঁক যদি ক্ষুন্ন কৰিছে, তাৰ বাবে ক্ষমা বিচাৰিছিল গৌৰৱ গগৈয়ে।
ভূপেন বৰাৰ পদত্যাগৰ পাছত ভূপেন বৰাৰ বাসগৃহত উপস্থিত হৈছিলগৈ ৰাইজৰ দলৰ সভাপতি অখিল গগৈ, চি পি আই এমৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ আদিও। তেওঁলোকেও ভূপেন বৰাক এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ কৰিছিল। অসমৰ ৰাজনীতিত এতিয়া ভূপেন বৰাৰ দল এৰা বা নেৰা সিদ্ধান্তই যথেষ্ট প্ৰভাৱ পেলাব।
ভূপেন বৰাই যিহেতু সিদ্ধান্ত ল’বলৈ এটা দিন বিচাৰিছে, সেয়েহে পৰৱৰ্তী ২৪ঘন্টা হ’ব অসমৰ ৰাজনীতিৰ বাবে গুৰুত্বপূৰ্ণ আৰু লক্ষ্যণীয়। তাৰ মাজতেই দিছপুৰৰ সেই ক্ষমতাশালী লোকসকলৰ তৎপৰতা আৰু পৰিকল্পনাই বৰাৰ এনে সিদ্ধান্তক প্ৰভাৱাম্বিত কৰাৰো শংকা আছে। গৌৰৱ গগৈৰ বাবেও এয়া নিৰ্বাচনৰ পূৰ্বে এক শিক্ষা ভূপেন বৰাৰ পৰা...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us