তেজপুৰৰ ঐতিহ্যশালী গড়দৌল ধ্বংসৰ গৰাহত...

হাজাৰ হাজাৰ বছৰ গৰকা ঐতিহাসিক মহাভৈৰৱ মন্দিৰ,ভৈৰৱী মন্দিৰ,অগ্নিগড়,বামুনী পাহাৰ আৰু গণেশ ঘাটৰ ঐতিহ্যশালী বিৰল স্থাপত্য-ভাস্কৰ্যই ঊষা নগৰী তেজপুৰক সমগ্ৰ বিশ্বতে অনন্য ৰূপত দাঙি ধৰিছে।

author-image
Asomiya Pratidin
New Update
bikhekh protibedon 1 (1)

সপ্তম-অষ্টম শতিকাৰ পৌৰাণিক স্থাপত্য-ভাস্কৰ্যৰে ভৰা তেজপুৰৰ ঐতিহ্যশালী গড়দৌল ধ্বংসৰ গৰাহত। অসম চৰকাৰৰ প্ৰত্নতত্ব বিভাগৰ চূড়ান্ত অৱহেলাৰ বাবেই অস্তিত্বৰ সংকটত গঢ়দৌল।  দুটা ভগ্নস্তুুপ,দুটা মন্দিৰৰ ভেটিৰ লগতে গড়দৌলত আছে ২৫০ ✖️ ২৫০ মিটাৰ এলেকা আগুৰি থকা ইটাৰ সুবেষ্টিত গড়।  ঘন হাবি জংঘলৰে গৰুৰ চৰণীয়া পথাৰলৈ পৰিনত মন্দিৰৰ ধ্বংসাৱশেষ থকা সংৰক্ষিত এলেকা। খবৰ নাই শোণিতপুৰ জিলা প্ৰশাসন,সাংসদ,বিধায়কৰ। তেজপুৰৰ সংবাদিক দিব্যজ্যোতি নাথৰ এক বিশেষ প্ৰতিবেদন

হাজাৰ হাজাৰ বছৰ গৰকা ঐতিহাসিক মহাভৈৰৱ মন্দিৰ,ভৈৰৱী মন্দিৰ,অগ্নিগড়,বামুনী পাহাৰ আৰু গণেশ ঘাটৰ ঐতিহ্যশালী বিৰল স্থাপত্য-ভাস্কৰ্যই ঊষা নগৰী তেজপুৰক সমগ্ৰ বিশ্বতে অনন্য ৰূপত দাঙি ধৰিছে। এনে সময়তে পৌৰাণিক প্ৰত্নতাত্বিক সমলেৰে ভৰি থকা তেজপুৰৰ আন এক ইতিহাস প্ৰসিদ্ধ ক্ষেত্ৰ গড়দৌলৰ ধ্বংসাৱশেষ উপযুক্তভাৱে সংৰক্ষণ নোহোৱাৰ ফলত সকলো ফালে ঘন হাবি জংঘলৰ ভৰি পৰিছে। অসম চৰকাৰে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে থকা প্ৰত্নতাত্বিক স্থান সমূহ সংৰক্ষণ কৰিব বুলি ঘোষণা কৰি অহাৰ সময়তে গঢ়দৌলে প্ৰত্নতত্ত বিভাগৰ প্ৰকৃত স্বৰূপটো সম্পুৰ্ণৰূপে উদঙাই দিছে। 

এইক্ষেত্ৰত শোণিতপুৰ জিলা প্ৰশাসনে গড়দৌল  সংৰক্ষণৰ হেতু কোনোধৰনৰ বিশেষ পদক্ষেপ গ্ৰহন নকৰাৰ ফলত এতিয়া গৰু ছাগলীৰ মুকলি চৰণীয়া পথাৰ হৈ এৰাবাৰীলৈ পৰিনত হৈছেগৈ। অভিযোগ মতে তেজপুৰ চহৰৰ নিকটৱৰ্তী তৰাজান কুমাৰ গাঁৱত থকা গড়দৌলৰ ভিতৰ ভাগৰ গুৰুত্বপূৰ্ণ স্থান সমূহৰ উপৰি মন্দিৰৰ ধ্বংসাৱশেষ সংৰক্ষণ কৰাত গুৰুত্ব নিদিয়া অসম চৰকাৰে আজিকোপতি গড়দৌলৰ চাৰিওফালে স্থায়ীভাৱে এখন পকীবেৰ দিয়াটো বাদেই জেওৰাও দিব পৰা নাই।

4c0676a3-2488-48a0-9fe9-f74b7817760e

যাৰ ফলত সপ্তম-অষ্টম শতিকাৰ বহু স্থাপত্য-ভাস্কৰ্য থকা এই স্থান অতিকৈ গুৰুত্বপূৰ্ণ হোৱাৰ পিছতো দিনকদিনে ধ্বংসৰ মুখলৈ গতি কৰিছে। শিলে কথা কোৱা নগৰী তেজপুৰৰ পৌৰাণিক ক্ষেত্ৰসমূহৰ ভিতৰত অন্যতম তথা সপ্তমঅষ্টম শতিকাত নিৰ্মিত গড়দৌল  চাবলৈও প্ৰতিবছৰে দেশী-বিদেশী অগনন পৰ্যটকৰ আগমন ঘটি আহিছে।

উল্লেখ্য যে গড়দৌলৰ সন্মুখৰ গেটৰ কাষতে থকা অসম চৰকাৰৰ প্ৰত্নতত্ব বিভাগৰ ফলকত লিখা মতে এই প্ৰত্নতাত্ত্বিক স্থানত ইটাৰে নিৰ্মিত আৰু চৌদিশে সুবেষ্টিত গড়ে ২৫০ ✖️ ২৫০ মিটাৰ এলেকা আগুৰি থকাৰ লগতে এই স্থানত দুটাকৈ ভগ্নস্তুুপৰ অৱশেষ আছে। ইয়াৰোপৰি এটা ভগ্নস্তুুপৰ খননকাৰ্য চলোৱাৰ সময়ত ইটাৰে নিৰ্মিত মন্দিৰৰ ভেটি উদ্ধাৰ হৈছে আৰু সেয়া সপ্তম-অষ্টম শতিকাৰ বুলি ধাৰণা কৰা হৈছে।

4dda9c48-763f-44d7-8510-aa90ed28417e

অতি দুভাগ্যজনক বিষয় এয়ে যে ৰাজ্য চৰকাৰৰ প্ৰত্নতত্ব বিভাগে কোনোধৰনে গুৰুত্ব নিদিয়াৰ কাৰণেই গড়দৌলৰ ভিতৰত থকা মন্দিৰৰ দুটাকৈ ধ্বংসাৱশেষৰ কেউফালে ঢেকিয়া,গেন্ধালি আৰু ঘন জংঘলৰে ভৰি পৰিছে। তদুপৰি ভাস্কৰ্যখোদিত বহু শিলাখণ্ডে সংৰক্ষণৰ অভাৱত য'তততে জংঘলৰ মাজত পৰি থকা পৰিলক্ষিত হৈ আহিছে। অভিযোগ মতে গড়দৌলৰ চাৰিওদিশৰ জংঘল কাটি পৰিষ্কাৰ কৰি তোলাৰ ক্ষেত্ৰত বিভাগে অৱহেলা কৰাৰ ফলতেই এতিয়া কোনোলোকেই সোমাব নোৱাৰা সদৃশ এক পৰিবেশৰ সৃষ্টি হৈছেগৈ।

f25b34c2-6f58-4751-b92e-568ca8a6ef69

একেদৰে গড়দৌলৰ দৰে ঐতিহাসিক স্থানৰ প্ৰতি গুৰুত্ব দি মুলগেটৰ পৰা ভিতৰলৈকে থকা দুশ মিটাৰ মান দৈৰ্ঘ্যৰ পথটোৰো আজিকোপতি চৰকাৰ তথা শোণিতপুৰ জিলা প্ৰশাসনে নিৰ্মাণৰ কোনো ব্যৱস্থাই গ্ৰহন নকৰিলে। জানিব পৰা মতে আজিৰ পৰা কেইবছৰমানৰ পুৰ্বে এই স্থানত প্ৰত্নতত্ব বিভাগে চলোৱা খননৰ সময়ত বহু আপুৰুগীয়া পুৰাতাত্বিক সমল লাভ কৰিছিল যদিও বিভাগে সেই সমলবোৰ বিজ্ঞানসন্মতভাৱে সংৰক্ষণ কৰিবলৈ কোনো স্থানলৈ নিয়ে যদিও গঢ়দৌলত থকা দুটা মন্দিৰৰ ধ্বংসাৱশেষ আজিও অৱহেলিত হৈ থাকে।

ada72983-0955-47c0-9f64-ea359b53a96d

উল্লেখ্য যে ইয়াত থকা এটা মন্দিৰৰ ধ্বংসাৱশেষত ইটাৰে নিৰ্মিত কেইবাটাও খুটাৰ অংশ আছে যদিও একমাত্ৰ বিভাগৰ অৱহেলাৰ বাবেই সকলোবোৰ এতিয়া জংঘলৰ মাজত সোমাই পৰিছে । আনকি গড়দৌলৰ ভিতৰত থকা ঘৰটোৰো সঠিকভাৱে মেৰামতি নকৰাৰ ফলত তাত থকা চেপেটা ইটা আৰু ভাস্কৰ্যখোদিত আন আন পৌৰাণিক শিলাখণ্ড সমূহ সিচৰতি হৈ থকা দেখা গৈছে।

একেদৰে এই ঘৰটোৰ সন্মুখতে থকা মন্দিৰৰ ধ্বংসাৱশেষৰ ইটাৰে নিৰ্মিত এখন প্ৰকাণ্ড বেৰত সকলোফালে ঢেকিয়াকে ধৰি বিভিন্নধৰনৰ গজি উঠিছে। অতি দুখলগা বিষয় যে প্ৰত্নতত্ব বিভাগে দুটাকৈ মন্দিৰৰ ধ্বংসাৱশেষত খনন চলোৱাৰ সময়ত যিদৰে চেপেটা ইটাৰে খটখটীৰ দৰে সৰু আৰু ডাঙৰকৈ 
নিৰ্মিত মন্দিৰৰ আঠখলপীয়া আৰু তিনি খলপীয়া গাঠনি উদ্ধাৰ হৈছিল তাৰ চিনচাববোৰ ক্ৰমান্বয়ে  নোহোৱা হৈ সকলোবোৰ এফালৰ পৰা জংঘলৰ মাজত আৰু বহু অংশ মাটিত পোত গৈছে।

4dda9c48-763f-44d7-8510-aa90ed28417e

অভিযোগ মতে বিভাগীয় লোক সকলে ইতিহাস প্ৰসিদ্ধ গড়দৌল বৰ্তমানসময়ত কেনে পৰিবেশত আছে সেয়া চোৱাচিতা কৰাত কোনো গুৰুত্ব নিদিয়ে কাৰণেই গেটৰ পৰা ভিতৰলৈকে পথৰ দুয়োকাষ জংঘলে আৱৰি ধৰিছে । এইক্ষেত্ৰত গড়দৌল  খননকাৰ্য চলালে আজিও পৌৰাণিক বহু গুৰুত্বপূৰ্ণ সমল ওলাব বুলি বহুলোকে দাবী কৰিছে ।

উল্লেখ্য যে বাণ ৰজাৰ ৰাজত্বকালৰ ঐতিহ্য বহন কৰা এই স্থানক তেজপুৰৰ অন্যতম পৰ্যটনক্ষেত্ৰ ৰূপে গঢ়ি তুলিবৰ কাৰণেও প্ৰশাসন বিশেষ পদক্ষেপ গ্ৰহন নকৰাত গড়দৌল সম্প্ৰতি পাহৰণিৰ গৰ্ভত সোমাই পৰিছে। এই সন্দৰ্ভত তেজপুৰৰ তদানীন্তন বিধায়ক বৃন্দাবন গোশ্বামীয়ে গড়দৌল উপযুক্তভাৱে সংৰক্ষণ কৰাৰ হেতু পদক্ষেপ গ্ৰহন কৰি একাধিকবাৰ বিষয়টো বিধানসভাৰ মজিয়াত উত্থাপন কৰিছিল যদিও বৰ্তমানৰ অৱস্থাই বহু প্ৰশ্ন উত্থাপন কৰিছে।

9e951dde-d808-4601-bfa8-62ac4fef0d2c

উল্লেখ্য যে তেজপুৰৰ বিভিন্ন প্ৰান্তত থকা ঐতিহাসিক স্থানবোৰে বিগত দিন ধৰি দেশী বিদেশী পৰ্যটকসকলক আকৰ্ষিত কৰি অহাৰ পিছতো সাংসদ,বিধায়কৰ লগতে চৰকাৰ, শোণিতপুৰ জিলা প্ৰশাসনে গড়দৌলক আকৰ্ষণীয় ৰূপত গঢ়ি তোলাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহন নকৰে। 

তেজপুৰ