ভয়ংকৰ ঘটনাঃ উৰণৰ সময়তে ৭৫গৰাকী যাত্ৰী কঢ়িয়াই নিয়া বিমানৰ সৰি পৰিল চকা, VIDEO

ভয়ংকৰ এক ঘটনা। আৰু কিমান যাত্ৰীৰ জীৱনৰ সৈতে খেলা কৰিব দেশৰ বিমান প্ৰতিষ্ঠানসমূহে। কিছুদিনৰ পূৰ্বে সংঘটিত হোৱা ভয়ংকৰ বিমান দুৰ্ঘটনাৰ পৰাও যেন কোনো শিক্ষা নল'লে তেওঁলোকে। যোৱা শুকুৰবাৰে

author-image
Asomiya Pratidin
New Update
ujjj

ডিজিটেল ডেস্কঃ ভয়ংকৰ এক ঘটনা। আৰু কিমান যাত্ৰীৰ জীৱনৰ সৈতে খেলা কৰিব দেশৰ বিমান প্ৰতিষ্ঠানসমূহে। কিছুদিনৰ পূৰ্বে সংঘটিত হোৱা ভয়ংকৰ বিমান দুৰ্ঘটনাৰ পৰাও যেন কোনো শিক্ষা নল'লে তেওঁলোকে। যোৱা শুকুৰবাৰে  পুৱাৰ ভাগত মুম্বাই চত্ৰপতি শিৱাজী আন্তৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা উৰণৰ সময়তে স্পাইছজেটৰ এখন বিমান উৰণৰ সময়তে এটা চকা সৰি পৰে।

সামাজিক মাধ্যমত এগৰাকী যাত্ৰীয়ে এই ভিডিঅ আপলোড কৰাৰ পাছতে এতিয়া হাঁহাকাৰ পৰিৱেশ বিমানৰ যাত্ৰীৰ লগতে বিমান বন্দৰটোত। ৭৫গৰাকী যাত্ৰীক কঢ়িয়াই নিয়া উক্ত বিমানখন বহু সময় আকাশতে থকা বুলি সদৰি কৰিছে বিমান বন্দৰ কৰ্তৃপক্ষই। তাৰ পিছতে মুম্বাই বিমান বন্দৰত জৰুৰীকালীন অৱস্থা জাৰি কৰিছিল কৰ্তৃপক্ষই।

মুুম্বাই বিমান বন্দৰত অগ্নিনিৰ্বাহক বাহিনী আৰু উদ্ধাৰকাৰী দলত সাজু কৰি কৰি ৰখা হৈছিল। বিমান বন্দৰৰ ওচৰ-পাজৰৰ অঞ্চলত জাৰি কৰা হৈছিল হাইএৰ্লাট। কিন্তু কিছু সময়ৰ পাছতে বিমানখন সুকলমে অৱতৰণ কৰে বিমান বন্দৰত। বন্দৰটোৰ ২৭নং ৰাণৱেত সুকলমে অৱতৰণ কৰে বিমানখন।

ইতিমধ্যে স্পাইছজেটৰ এই কাণ্ডক লৈ তদন্ত ঘোষণা কৰা হৈছে। যাত্ৰীৰ জীৱনক লৈ খেলা কৰা সকলো বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হব বুলি অসামৰিক বিমান পৰিবহন বিভাগে বিবৃতি জাৰি কৰিছে। 

মুম্বাই বিমান বন্দৰ বিমান পৰিবহন