/asomiyapratidin/media/media_files/2026/02/24/whatsapp-image-2026-02-2026-02-24-15-12-25.jpeg)
মৃদুল কুমাৰ সন্দিকৈ
এজন বিশেষ লোকে এটা বিশেষ খবৰ দিলে। যিজন লোকে এই খবৰটো দিছিল তেওঁৰ মতে ইয়াৰ বাবে কিবা এটা কৰিব লাগে। মানুহজনৰ খবৰৰ ভিত্তিত জুবিন গাৰ্গৰ সৈতে সুসম্পৰ্ক থকা কেইবাজনো ব্যক্তিৰ সৈতে যোগাযোগ কৰা হৈছিল।
সেইসকলে তেনে সম্ভাৱনা নুই নকৰিলে যদিও খবৰটোৰ সন্দৰ্ভত বিশেষ তথ্য দিব নোৱাৰিলে। শেষত জুবিন গাৰ্গৰ সৈতে আত্মীয়তাৰে দীঘলীয়া সময় অতিবাহিত কৰা অৰুণ গাৰ্গৰ সৈতে যোগাযোগ কৰা হৈছিল। তেওঁ এতিয়া জুবিন গাৰ্গৰ জোনালীত থকা ষ্টুডিঅ’তে থাকে।
তেওঁ জনালে জুবিন গাৰ্গৰ মৃত্যুৰ পাছত ষ্টুডিঅ’ত কোনো নতুন কাম হোৱা নাই। মাজে সময়ে দিগন্ত শৰ্মা ষ্টুডিঅলৈ আহে আৰু তাত থকা ইনষ্ট্ৰুমেন্ট আৰু আন সামগ্ৰীবোৰ সযতনে ৰখাৰ বাবে উদ্যোগ লৈ আহিছে। ষ্টুডিঅটোত যাতে বালি বা ধূলি নপৰে তাৰবাবে অৰুণ গাৰ্গ আৰু তেওঁৰ সৈতে থকা অমিত নামৰ যুৱকজনে চাফ-চিকুণ কৰে নিয়মীয়াভাৱে।
যিজন বিশেষ ব্যক্তিয়ে এই খবৰটো দিছিল তেওঁৰ মতে জুবিন গাৰ্গৰ জোনালীৰ ষ্টুডিঅত থকা কম্পিউটাৰটোত এটা বিশেষ ফাইল আছে। সেই ফাইলটো পাছৱৰ্ড দি ল’ক কৰি থোৱা হৈছে। ফাইলটোত জুবিনে শেহতীয়াকৈ সৃষ্টি কৰা ১০০ৰো অধিক গানৰ ট্ৰেক, ছাউণ্ড-মিক্সিং আদি থৈ দিয়া আছে সযতনে।
কেইবাটাও গান প্ৰায় সম্পূৰ্ণ হৈ আছে। এই ফাইলটোৰ পাছৱৰ্ড দুজন মানুহে জানিছিল। তাৰে এজন আছিল জুবিন আৰু আনজন আছিল শেখৰজ্যোতি গোস্বামী। জুবিন গাৰ্গৰ অবৰ্তমানত উক্ত ফাইলটো পাছৱৰ্ড জনা মানুহ শেখৰেই আছে। যিজন বৰ্তমান কাৰাগাৰাত।
ব্যক্তিজনৰ মতে জুবিন গাৰ্গৰ এই সৃষ্টিৰাজি তেওঁৰ অনুৰাগীৰ আগলৈ আগবঢ়াই দিব লাগে। তাৰবাবে প্ৰয়োজনত আইন আদালতৰ অনুমতি লৈ অভিজ্ঞ আৰু পৰিয়ালৰ লোকে উদ্যোগ গ্ৰহণ কৰিব লাগে। শেখৰৰ পৰা সেই পাছৱৰ্ড উদ্ধাৰ কৰি সেইবোৰ সংৰক্ষণৰ ব্যৱস্থা নকৰিলে সময়ত সেইবোৰ হেৰাই যাব।
ব্যক্তিজনৰ এই খবৰ কিমান সত্য সেয়া সময়ত পোহৰলৈ আহিব। কিন্তু তেওঁ দিয়া এই তথ্যৰ ভিত্তিত জুবিনৰ শেহতীয়া সৃষ্টিৰাজি সেই কম্পিউটাৰৰ ভিতৰত যদি সঁচাকৈয়ে আৱদ্ধ হৈ আছে তেন্তে সেই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিব লাগে।
জুবিনক লৈ এতিয়া এচাম লোকে ৰাজনীতি কৰিছে। এইবোৰ দিশত কাৰো চিন্তা কৰিবলৈ আজৰি নাই। আটাইতকৈ বেছি জুবিনপ্ৰেমী বুলি নিজকে পৰিচয় দিয়াজনেও যেতিয়া এই গোচৰৰ ফ্ৰাষ্ট ট্ৰেক আদালতৰ শুনানি গ্ৰহণৰ বাবে উদ্যোগ গ্ৰহণ নকৰিলে, তেতিয়াই সেইসকলৰ আচল উদ্দেশ্য আৰু স্বৰূপ গম পোৱা গৈছে।
জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰলৈ ৰাজনীতি কৰিবলৈ যাব নালাগে বুলি কোৱাতো যে আন এক ৰাজনীতি সেয়া বুজাজনে ইতিমধ্যে বুজি উঠিছে। তাৰমাজতে জুবিন গাৰ্গৰ জনপ্ৰিয়তা , তেওঁৰ মৃত্যুৰ পাছত সক্ৰিয়তা প্ৰদৰ্শন কৰি কাৰাৰুদ্ধ হোৱা এজন লোকৰ সৈতে আন কিছু নেতাৰ মিতাৰালিও লক্ষণীয়ভাৱে মানুহে দেখিবলৈ পাইছে।
প্ৰতিশ্ৰুতি দিব পৰাকৈ, ৰাইজে বিশ্বাস আৰু আস্থাত লব পৰাকৈ সকলো থকাৰ পাছতো সেই নেতাই এনে কৰিবলৈ গৈ নিজকে পাহৰি পেলাইছে। যৌথ ফেচবুক লাইভেৰে শেহতীয়াকৈ কৌতুকৰ এক চৰিত্ৰ হৈ পৰা নেতাই নিজকে এবাৰ সুধি চোৱা ভাল- কি কৰি আছে তেওঁ?
এইজন নেতাতো কোনোবা শুকুৰ আলী নহয়। তেওঁৰ ভাবমূৰ্তি আছিল এজন কৃষক নেতাৰ। তেওঁৰ পৰিচয় আছিল এজন সংগ্ৰামী নেতাৰ। সেই সকলোবোৰ পাহৰি গহীন গাম্ভীৰ্যতাক বিসৰ্জন দি সামাজিক মাধ্যমত এনে ব্যক্তিয়ে নিজকে অৱনমিত কৰাৰ কাৰণ বাৰু ৰাজনীতি নেকি?
অশ্লীলতাৰ সকলো সীমা চেৰাই লগত থকা জনে কৰা মন্তব্য আৰু আচৰণবোৰ কাষত থাকি তেওঁ কোনখন কাণেৰে শুনিছে। অলপো লাজ লগা নাইনে এই সংগ্ৰামী নেতাজনৰ? নে সুবিধাবাদী আৰু স্বাৰ্থন্বেষীৰ ৰূপত নিজক প্ৰতিষ্ঠা কৰি জুবিন প্ৰেমক ভোটলৈ ৰূপান্তৰ কৰাৰ এই তেওঁৰ কুচ-কাৱাজ।
সততাৰে তেওঁ কৰা কামবোৰৰ প্ৰতি মানুহৰ সমৰ্থন থাকে। মানুহে ধৰিব পাৰে কোনবোৰ আচল, কোনবোৰ নকল। কিয় এই স্খলিত ৰূপত তেওঁ ধৰা দিছে নিজক? এইবোৰ দেখিবলৈকে জীয়াই আছোনে বুলি কোনোবা বহুবল্কি বিধায়কে কোৱা কথাষাৰ এতিয়া অসমৰ ৰাইজে ক’বলৈ কিয় সুবিধা দিছে তেওঁ।
মানুহে আজি হাঁহিছে। মানুহে আজি হাঁহি হাঁহি কান্দিছে। মানুহে আজি এজন প্ৰতিশ্ৰুতি সম্পন্ন নেতাই পতন যাত্ৰা আৰম্ভ কৰা বুলি আলোচনা কৰিছে। যুক্তি আৰু তথ্যৰে যিজন নেতাই অকলেই সদন কঁপাব পাৰে, যিজন নেতাই ৰাজ্যৰ ৰাজনৈতিক সংকটৰ সময়ত অকলেই বিৰোধীৰ ভূমিকা পালন কৰিছিল সেইজন নেতাৰেই আজি এই অৱস্থা হৈছে!
প্ৰতিশ্ৰুতি আৰু বিশ্বাসত এক আস্থাময় পৰিৱেশ গঢ়াৰ দায়িত্ব এইসকল নেতাই লোৱাৰ সময় এয়া। সামাজিক মাধ্যমত চৰ্চা লাভ কৰাৰ মানসেৰে যিবোৰ কৰিছে তাত বাস্তৱতা নাই। সেই কথাতো বাৰু তেওঁক কাষত থকাসকলে কিয় বুজাই দিয়া নাই?
জুবিনৰ বাবে যদি সঁচাকৈয়ে সততাৰে কিবা কৰাৰ কথা ভাবিছে, তাত ৰাইজৰ আপত্তি থাকিব নোৱাৰে। সেই আৱেগক নিজা ৰাজনৈতিক সমীকৰণৰ মূলধন আৰু অনুঘটক কৰিবলৈ চেষ্টা কৰি এইসকলে কৰা কৰ্ম-কাণ্ডই মানুহকো ভবাই তুলিছে অন্য ধৰণে।
মানুহে এতিয়াও ভাবে অখিল গগৈ নামৰ সেই সংগ্ৰামী নেতাজনৰ মৃত্যু হোৱা নাই। মৃত্যু নহয় তেওঁৰ কেতিয়াও । সেই বিশ্বাসত কিয় ঢালে এনে কাৰ্যৰে চেঁচাপানী? সেই উপলব্ধি তেওঁ কৰা ভাল। চোৱা ভাল তেওঁক বিৰোধ কৰা মানুহবোৰে নহয়, ভালপোৱা মানুহবোৰে এইবোৰ দেখি কেনেদৰে নাকত হাত দিছে আৰু কি ধৰণে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। জুবিনৰ বাবে কৰিব পৰা বহু গুৰুত্বপূৰ্ণ কাম পৰি আছে। সেই কামবোৰ চৰকাৰৰ গালৈ দায়িত্ব এৰি নিদি পৰাসকলে নিজেও কৰিব পাৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us