অসহায় : ঘৰৰ মজিয়াত পৰি থাকিল দুদিন...

খবৰটো অতি চিন্তনীয় আছিল। চানমাৰিৰ অসম ৰাজ্যিক হাউচিং ক’লনীৰ ব্লক-২ৰ ইউনিট- ৬ নং ঘৰটোৰ দুৱাৰ দুদিন ধৰি খোলা নাই। শুকুৰবাৰে(০৯ জানুৱাৰী ২০২৬)ত বনকৰা তিৰোতাগৰাকী যোৱাৰ পাছৰ পৰাই ঘৰটোৰ ভিতৰত থকা আবাসীগৰাকীৰ খবৰ নাই। 

New Update
WhatsApp Image 2026-01-11 at 3.16.08 PM

মৃদুল কুমাৰ সন্দিকৈ

খবৰটো অতি চিন্তনীয় আছিল। চানমাৰিৰ অসম ৰাজ্যিক হাউচিং ক’লনীৰ ব্লক-২ৰ ইউনিট- ৬ নং ঘৰটোৰ দুৱাৰ দুদিন ধৰি খোলা নাই। শুকুৰবাৰে(০৯ জানুৱাৰী ২০২৬)ত বনকৰা তিৰোতাগৰাকী যোৱাৰ পাছৰ পৰাই ঘৰটোৰ ভিতৰত থকা আবাসীগৰাকীৰ খবৰ নাই। 

সেই ব্লকৰে তলৰ মহলাত থকা জাহ্ণৱী গোস্বামীয়ে মোবাইলযোগে যোগাযোগৰ চেষ্টা কৰিছিল যদিও আবাসীগৰাকীৰ পৰা কোনো সহাঁৰি নাপালে। কাষৰ আন চুবুৰীয়াসকলো চিন্তিত হৈ পৰিল। দেওবাৰে পুৱা ঘৰটোৰ দুৱাৰত পুনৰ তেওঁলোকে টুকুৰিয়ালে যদিও ভিতৰৰ পৰা সঁহাৰি নাহিল।

অতি চিন্তিত আৰু গভীৰ উদ্বেগেৰে খবৰটো দিয়া হ’ল চানমাৰি থানাক। চানমাৰি থানাৰ পৰা সহকাৰী উপ পৰিদৰ্শক কলিতাৰ নেতৃত্বত এটা আৰক্ষীৰ দল গৈ উপস্থিত হয়গৈ ঘৰটোৰ সন্মুখত। দলটোত আছিল বিচিত্ৰা বড়ো নামৰ এগৰাকী মহিলা কনিষ্টবল। 

প্ৰথমে আৰক্ষীয়ে দৰ্জাত শব্দ কৰি দুৱাৰ খুলিবলৈ অনুৰোধ কৰিলে যদিও, সুফল নাপালে। স্থানীয় ওচৰ- চুবুৰীয়াৰ উপস্থিতিত বল প্ৰয়োগ কৰি দুৱাৰখন খোলা হ’ল। প্ৰথম কোঠাটো কিতাপ, বিভিন্ন পুৰস্কাৰ, সন্মান আদিৰে ভৰি আছল যদিও তাত কোনো নাছিল। ভিতৰলৈ সোমাই গৈ দেখা পালে, মজিয়াত পৰি আছে আবাসীগৰাকী। 

এজন তেওঁৰ শুভাকাঙ্খী আহি উপস্থিত হৈছিলহি সেই ঘৰটোত। মানুহগৰাকীক দেখা পাই সকলোৱে স্বস্তিৰ নিঃশ্বাস এৰিলে। তেওঁক মহিলা কনিষ্টবলগৰাকীৰ সহযোগত তুলি বিচনাত বহুৱাই দিয়া হ’ল। তাৰ পাছত আৰক্ষী বিষয়াগৰাকীয়ে মহানগৰীৰ ভি আই পি ৰোডত থকা ৰহমান হাস্পতাললৈ ফোন লগালে। 

এই হাস্পতালখনত তেওঁৰ বিনা খৰচত চিকিৎসা হয়। সেই কথা আৰক্ষী বিষয়াগৰাকীয়ে জানে। সেয়েহে যিমান পাৰি সোনকালে এখন এম্বুলেন্সৰ ব্যৱস্থা কৰিবলৈ তেওঁ ৰহমান হাস্পতাল কৰ্তৃপক্ষক অনুৰোধ জনাইছিল। এইদৰে ঘৰৰ ভিতৰত অকলশৰে পৰি ৰোৱা মহিলাগৰাকী আছিল- অসমৰ এগৰাকী বিশিষ্টা ব্যক্তি। 

এলি আহমেদ বুলি ক’লে তেওঁৰ পৰিচয় আৰু পৃথকৈ দাঙি ধৰিব নালাগে। ১৯৩৫ চনৰ ১৪ মাৰ্চত জন্মগ্ৰহণ কৰা এলি আহমেদৰ বয়সে এতিয়া ৯০ অতিক্ৰম কৰিছে। বয়সৰ হেঁচা তেওঁৰ গাত ভালকৈয়ে পৰিছে। মনৰ জোৰতে তেওঁ ইমান দিন চলি আহিছে যদিও এতিয়া তেওঁক এগৰাকী সহায়িকাৰ বৰ প্ৰয়োজন হৈছে। 

২০১৫ চনত শিশু সাহিত্য একাডেমী বঁটা লাভ কৰা, ২০১৭ চনৰ পদ্মশ্ৰী সন্মান লাভ কৰা এলি আহমেদক ২০১৯ চনত ভাৰত চৰকাৰে সৃজনীমূলক কৰ্মৰ বাবে আন এক সন্মান যাচিছিল। তেওঁ লাভ কৰা বঁটা- বাহনৰ সীমা সংখ্যা নাই। 

এগৰাকী শিশু সাহিত্যিকৰ লগতে সু-গীতিকাৰ হিচাপে এলি আহমেদৰ কৰ্মৰাজি আন আন ক্ষেত্ৰতো প্ৰসাৰিত হৈ আছে। তৰাফুল, মণিৰাম দেৱান, লুকা-ভাকু, স্পন্দন, গাভৰু, শিল্পীৰ হাতৰ কঁপনি, দুখন ঘৰ এখন চোতাল আদি গ্ৰন্থৰ স্ৰষ্টা তেওঁ। সেই সংখ্যা ৫০ৰো অধিক হ’ব। 

ইয়াৰ উপৰি তেওঁ বহুকেইখন আলোচনী সম্পাদনাৰ সৈতে জড়িত। এই বয়সলৈকে তেওঁ কমল এৰি দিয়া নাই। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ তেওঁ এগৰাকী নাট্যকাৰো। ডা০ বেজবৰুৱা, বৰুৱাৰ সংসাৰ, সোণমইনা, সাদৰী, বৰদৈচিলা, যখিনী আদি জনপ্ৰিয় ছবিৰ জনপ্ৰিয় গীতৰ স্ৰষ্টা তেওঁ। ইয়াৰোপৰি তেওঁৰ কাহিনী আৰু চিত্ৰনাট্যৰে নিৰ্মাণ কৰা ছবিসমূহ হৈছে ধ্ৰুৱতৰা, দেৱতা, মুখাগ্নি, জনমভূমি, বনফুল, ৰিক্সাৱালা, মহামানৱ, ককাদেউতাৰ ঘৰ জোঁৱাই আদি। 

১৯৭০ চনৰ পৰা তেওঁ একক প্ৰচেষ্টাৰে প্ৰকাশ কৰি আহিছে উত্তৰ- পূৰ্বাঞ্চলৰ অন্যতম উল্লেখযোগ্য মহিলা আলোচনী ওৰণি। সেই গৰাকী এলি আহমেদৰ শেহতীয়া খবৰ এয়া। বহু কেইখন অনাতাঁৰ শিশু নাটো ৰচনা কৰিছিল। 

বিভিন্ন সামাজিক কাম- কাজৰ সৈতে তেওঁ জড়িত। তেখেতৰ গ্ৰন্থ জাৰ্মানীৰ ফ্ৰেংকফুট গ্ৰন্থমেলাত প্ৰদৰ্শিত হৈছিল ২০০৪ত। অবিবাহিত হৈ ৰোৱা এলি আহমেদৰ ভাতৃ আছিল বিশিষ্ট ছবি পৰিচালক দাৰা আহমেদ। তেখেত এতিয়া এই সংসাৰত নাই। 

আজীৱন অকলশৰে জীৱন অতিবাহিত কৰা এলি আহমেদ এটা সংগ্ৰামী নাম। কামলৈ ভয় নকৰা তেওঁ অত্যন্ত স্পষ্টবাদী আৰু সাহসী বিদূষী মহিলা। সমাজৰ- সাহিত্য আৰু সাংস্কৃতিক ক্ষেত্ৰখনলৈ তেওঁ বহু অৱদান আগবঢ়াইছে। 

সেইগৰাকী বিদূষী মহিলা এনেদৰে পৰি ৰৈছিল ঘৰৰ ভিতৰত অকলশৰে। নিজা উদ্যোগত এগৰাকী অস্থায়ী সহায়িকা তেওঁৰ ঘৰলৈ আহে যদিও যাৱতীয় কামখিনি কৰি তেওঁ গুচি যায়। আৰক্ষী বিষয়াগৰাকীয়ে খবৰ দিয়া অনুসৰি কিছু সময় পাছতে এম্বুলেন্সখন আহি পালে। 

অস্থায়ী সহায়িকা মহিলাগৰাকী আহি তেওঁৰ ঘৰ ওলালহি। আৰক্ষী কনিষ্টবল বিচিত্ৰা বড়োৱে সহযোগ কৰিলে আন্তৰিকতাৰে। চানমাৰি থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে ফোনতে তদাৰক কৰি থাকিল। উপ- পৰিদৰ্শক কলিতা, হাবিলদাৰ ডেকা, কনিষ্টবল প্ৰবালে বৰ আন্তৰিকতাৰে পৰিস্থিতি চম্ভালিলে। ওচৰ চুবুৰীয়াবোৰেও সহযোগ কৰিলে। 

কিছু সময় পাছত তেওঁ বিচৰা ধৰণে এযোৰ সুন্দৰ কাপোৰ পিন্ধাই চাৰিগৰাকী লোকে দ্বিতীয় মহলাত থকা তেওঁৰ ঘৰটোৰ পৰা তেওঁক তললৈ নমাই আনিলে। সাজু হৈ থকা এম্বুলেন্সখনত তেওঁক উঠাই চাইৰেন বজাই চিকিৎসা- কৰ্মীৰ দলটো গুচি গ’ল।

সুস্থ হৈ তেওঁ আকৌ ঘৰলৈ উভতিব। সেই অকলশৰীয়া জীৱন আকৌ আৰম্ভ হ’ব। নোৱাৰিনে এইগৰাকী এলি আহমেদৰ বাবে চৰকাৰে তেওঁ জীয়াই থকা দিনকেইটাৰ বাবে এগৰাকী পৰিচৰ্যাৰ ব্যৱস্থা কৰিব...

ড০ হিমন্ত বিশ্ব শৰ্মা গুৱাহাটী