জুবিনক লুটি আৰু মাৰি ক’ত সাৰিব আজি?

মানুহে জুবিন গাৰ্গক লৈ তেওঁ কৰা বেপাৰ দেখি আহিছে। দেখি দেখি অতিষ্ঠ হৈয়ো একো ক’ব পৰা নাছিল। কিন্তু জুবিনেই যেতিয়া শেষ হৈ গ’ল তাৰ পাছত মানুহবোৰৰ ধৈয্যৰ সীমা পাৰ হৈ গ’ল।

author-image
Tushar Pratim
New Update
জুবিনক লুটি আৰু মাৰি ক’ত সাৰিব আজি?

মৃদুল কুমাৰ সন্দিকৈ

ৰাইজৰ বিচাৰত জুবিন গাৰ্গৰ মৃত্যু এক সাধাৰণ মৃত্যু বুলি গণ্য হোৱা নাই। তাৰ কাৰণো অৱশ্যে বহু আছে। একাংশ সাংস্কৃতিক বেপাৰী আৰু মুখা পিন্ধা অঢ্যবন্ত ক্ষমতাশালী লোকে পৰোক্ষ, প্ৰত্যক্ষভাৱে ছিংগাপুৰলৈ নি জুবিনক মৃত্যুৰ মুখলৈ ঠেলি দিয়া বুলি মানুহৰ ঘনিভূত সন্দেহ আৰু তীব্ৰতৰ হৈ পৰিছে। 

শ্যামকানু মহন্তুৰ সমান্তৰালভাৱে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক ৰাইজে মূল  অভিযুক্ত হিচাপে চিহ্নিত কৰি উপযুক্ত তদন্তৰ দাবী তুলিছে। শেষকৃত্য সম্পন্ন হোৱাৰ পাছ দিনাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শ্যামকানু মহন্ত আৰু তেওঁৰ কোম্পানীৰ যিকোনো ধৰণৰ সাংস্কৃতিক কাৰ্যসূচী অসমত নিষিদ্ধ কৰা ঘটনাই সেই সন্দেহক বিশ্বাসযোগ্যৰ ফালে ঠেলি দিছে। 

কিয় বাৰে বাৰে এই শ্যামকানু মহন্ত নামৰ বেপাৰীজনক সংস্কৃতিৰ নাম লৈ বেপাৰ মেলিবলৈ সুযোগ দিয়া হয়? চৰকাৰী বা আন ৰাজহুৱা অনুষ্ঠান, প্ৰতিষ্ঠানৰ আৰ্থিক অনুদান, বিজ্ঞাপন আদিৰ পৰা সুযোগ গ্ৰহণ কৰি বহুদিন তেওঁ নিজৰ ব্যৱসায় কৰিলে। 

২০২৫ বৰ্ষৰ নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল অনুষ্ঠিত কৰাৰ নামতো তেওঁ কোটি কোটি টকা সংগ্ৰহৰ জাল ইতিমধ্যে পেলাই থৈছিল। চতুৰ শ্যামকানু মহন্তই এইবাৰ ছিংগাপুৰত এই অনুষ্ঠান অনুষ্ঠিত কৰাৰ বাবে ৰাজ্যৰ সাংস্কৃতিক বিভাগক ৪০ লাখ টকাৰ আৰ্থিক অনুদানৰ আবেদন কৰি থৈছিল। 

এতিয়া দৃষ্টি থাকিব সেই ধন কেনেবাকৈ শ্যামকানু মহন্তই লাভ কৰিব নেকি? ৰাজ্যৰ পৰ্যটন, কৃষি আৰু উত্তৰ পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰণালয়তো অনুৰূপ আৰ্থিক অনুদানৰ প্ৰস্তাৱ দাখিল কৰি ছিংগাপুৰত বিলাস কৰিবলৈ গৈছিল শ্যামকানু আৰু তেওঁৰ কোম্পানী। 

তৈল ক্ষেত্ৰৰে জড়িত এটা ৰাজহুৱা প্ৰতিষ্ঠানৰ পৰা ২২ লাখ টকাৰ স্প’নছৰশ্বিপো লাভ কৰিছিল।ছিংগাপুৰত অনুষ্ঠিত কৰা অনুষ্ঠানৰ ফটো, ভিডিঅ’ দাখিল কৰিলেই সেই ধন মোকলাই দিয়াৰ কথা আছে। 

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই যি কঠোৰ স্থিতিৰ কথা সদৰি কৰিছে, সেই কঠোৰ স্থিতিৰ পাছত শ্যামকানু বাহিনীক যদি কেনেবাকৈ স্প’নছৰশ্বিপৰ নামত এই ধনৰাশি মুকলি কৰি দিয়া হয় তেনে সেয়া হ’ব জুবিনৰ প্ৰতি অন্যায় কৰাসকলক অনুগ্ৰহ। 

কিহৰ ক্ষমতাৰে বলিয়ান এইজন শ্যামকানু মহন্ত? তেওঁৰ মূৰত কাৰ আশীৰ্বাদ আছে। তেওঁৰ বাবে ইমান চিন্তা কৰাসকলৰ তেওঁৰ প্ৰতি কিয় ইমান দায়বদ্ধতা? সেইসকলৰ ভিতৰত উচ্চ পদস্থ প্ৰশাসক, বিশিষ্ট সাংবাদিকো আছে। 

মানুহে জুবিন গাৰ্গক লৈ তেওঁ কৰা বেপাৰ দেখি আহিছে। দেখি দেখি অতিষ্ঠ হৈয়ো একো ক’ব পৰা নাছিল। কিন্তু জুবিনেই যেতিয়া শেষ হৈ গ’ল তাৰ পাছত মানুহবোৰৰ ধৈয্যৰ সীমা পাৰ হৈ গ’ল। 

ছিংগাপুৰৰ প্ৰবাসী অসমীয়া সকলো এতিয়া নিমাত হৈ ৰৈছে। ঘটনাৰ সঠিক কথাবোৰ তেওঁলোকে এই পৰ্যন্তলৈকে এবাৰো মুখ খুলি ক’ব সাহস গোটাব পৰা নাই। বাৰে বাৰে সেইদিনা জুবিনক সংগ দিয়া সকলৰ সৈতে যোগাযোগ কৰা হৈছে যদিও নিমাতে আছে সেইসকল প্ৰত্যক্ষদৰ্শী। 

তাৰ মানে কি বুজিব অসমবাসীয়ে? অভিমন্যু তালুকদাৰ, পৰিক্ষীত শৰ্মা, তন্ময় ফুকন, ৱাজীদ আহমেদ, সিদ্ধাৰ্থ বৰা, দেৱজিত হাজৰিকা আদিতো জনা-বুজা মানুহ। অসমৰ মানুহে বাৰে বাৰে প্ৰশ্ন কৰি আছিল কি হৈছিল তাত কওঁক। 

মাত নাই এতিয়া তেওঁলোকৰ মুখত। নিশা জুবিনক লৈ পাৰ্টি কৰিবলৈ আৰু এই অসুস্থ ব্যক্তিজনক সাগৰৰ পানীত জপিয়াবলৈ প্ৰৰোচিত কৰাৰ দোষত কিয় তেওঁলোকক জগৰীয়া কৰা নহ’ব? যিদৰে জগৰীয়া কৰা হৈছে শ্যামকানু মহন্তক জুবিনক ছিংগাপুৰলৈ লৈ যোৱাৰ বাবে।

পোহৰলৈ আহিছে জুবিন গাৰ্গক লুণ্ঠন কৰা সেই মেনেজাৰ জনৰ প্ৰসংগ। এতিয়া তেওঁ আত্মগোপন কৰিলেও সাৰি যাব নোৱাৰে জুবিনৰ অনুৰাগী তথা অসমক ভাল পোৱা জুবিন প্ৰেমীসকলৰ প্ৰশ্নৰ পৰা। 

জুবিন মিউজিক এল এল পি নামৰ ফাৰ্মখনত ৩ জন লোকৰ অংশীদাৰিত্ব আছিল। যিখন ফাৰ্মৰ এল এল পি আই এন নম্বৰ AAZ-5718। ২৩ ডিচেম্বৰ ২০২১ ত শ্বিলঙক কোম্পানী পঞ্জীয়ন কাৰ্যালয়ত পঞ্জীয়ন কৰা হৈছিল এই লিমিটেড লায়েবিলিটি পাৰ্টনাৰ্শ্বিপ ফাৰ্মখন। 

যিখন ফাৰ্মৰ এল এল পি মূলধন আছিল ১০ লাখ টকা। কেনেকৈ এখন এল এল পি ফাৰ্মত জুবিনৰ কৰ্মচাৰী সিদ্ধাৰ্থ শৰ্মা ডেজিগনেটেড পাৰ্টনাৰ হৈ আছিল? তাৰ ভিতৰত টাৰ্চেম মিট্টাল নামৰ জুবিনৰ মেনেজাৰ জনো আছিল এই ফাৰ্মৰ পাৰ্টনাৰ। 

মিট্টালৰ ডি আই এন নম্বৰ 02132816। জুবিন গাৰ্গৰ ডি ই এন নম্বৰ আছিল 09409034। আনহাতে সিদ্ধাৰ্থ শৰ্মাৰ ডি আই এন নম্বৰ হ’ল 09409035। ফাৰ্মখনৰ কাৰ্যালয় বুলি উল্লেখ কৰা ঠিকনা হ’ল- হাউচ নম্বৰ ২৩৩ লুইট নিবাসৰ সমীপত, ৰামশ্বাহিল জয়পুৰ, খাৰঘূলি।

এই ফাৰ্মৰ নামতে আছে নেকি জুবিনৰ সংগীত আৰু গীতসমূহৰ বিক্ৰী আৰু কপিৰাইট স্বত্ব? কি কি কাম কৰা হৈছিল এই ফাৰ্মৰ জৰিয়তে? জুবিনৰ মৃত্যুৰ পাছত সেই ফাৰ্মখনৰ হিচাপ-নিকাচ তথা আন সবিশেষ তথ্য সিদ্ধাৰ্থ আৰু মিট্টাল বাহিনীৰ বাদে আন কোনে জানিব?

এই ফাৰ্মখনৰ এতিয়া অস্তিত্বক লৈয়ো প্ৰশ্ন উঠিব। কিয়নো ফাৰ্মখনৰ অন্যতম অংশীদাৰ এজনৰ মৃত্যুৰ পাছত নিয়ম অনুসৰি সেই ফাৰ্ম অস্তিত্বশূন্য হৈ পৰিব পাৰে। নহ’লে জুবিনৰ পত্নী গৰিমা শইকীয়া গাৰ্গ বা তেওঁৰ আত্মীয়ই ফাৰ্মখনৰ নামত থকা ঋণ বা আন দিবলগা আৰ্থিক ঋণ ভৰিব লাগিব। 

সাধাৰণতে এনে ফাৰ্মত এজন লোকক বিশেষভাৱে কাম-কাজবোৰ কৰিবৰ বাবে দায়িত্ব অৰ্পণ কৰা থাকে। নটাৰি এগ্ৰীমেণ্ট যোগে ডিজিটেল ছিগনেছাৰ কৰিব পৰা ক্ষমতা অৰ্পণ কৰা হয়। সেই দায়িত্ব এই ফাৰ্মৰ নামত কাৰোবাক দিয়া হৈছিল নেকি সেয়াও এতিয়া তদন্তৰ প্ৰয়োজন হৈ পৰিছে। 

আনাহোতে সাধাৰণভাৱে পাৰ্টনাৰ হৈ থকা টাৰ্চেম মিট্টালক ২০২৩ ৰ এপ্ৰিলত ডেজিগনেটেড পাৰ্টনাৰ কৰা হৈছিল এই ফাৰ্মত। এইজন টাৰ্চেম মিট্টাল এনেধৰণৰ ২১ টা মিউজিকেল কোম্পানীৰ অন্যতম অংশীদাৰ। 

সেইসকল সাংস্কৃতিক বেপাৰীৰ পাকচক্ৰত পৰি জুবিন গাৰ্গ লুণ্ঠনৰ বলি হ’ল নেকি সেয়াও আন এক বিচাৰ্য বিষয়। জুবিনৰ গান মানেই মানুহ পাগল। জুবিনৰ গানৰ পৰাই আহে বহু ধন। যিবোৰ গান আছে ইউটিউব, এপল মিউজিক, স্পটিফাই আদি প্লেটফৰ্মত। 

লক্ষ্যণীয়ভাৱে জুবিনৰ শেষকৃত্যৰ এদিনৰ পাছতে স্পটিফাইৰ পৰা হেৰাই গ’ল মায়াবিনী শীৰ্ষক গীতটি। কোনোবাই ইচ্ছাকৃতভাৱে সেয়া কৰিছে নে কাৰিকৰী ভাৱে উপলব্ধ হোৱা নাই সেয়াও এক তদন্তৰ বিষয় হৈ পৰিছে। 

ইয়াৰ ‘ৰাইট’ আছিল জুবিন গাৰ্গ মিউজিক এল এল পিৰ হাতত। কোটি কোটি অনুৰাগীয়ে দেশে, বিদেশে জুবিনৰ এই গানবোৰ শুনে। তেওঁৰ গানবোৰ শুনাৰ বাবে পে’ আউট চিষ্টেমত প্ৰতিটো গানৰ বাবদ ১০ পৰা ৩০ পইচাকৈ ধৰিলেও সেয়া কোটিৰ ঘৰত হ’বগৈ। 

জুবিনৰ মৃত্যুৰ পাছত তেওঁৰ গানৰ বাবদ পাবলগীয়া ৰাজহৰ পৰিমাণ বৃদ্ধি পাব। এইবোৰ ভোগ কাৰ্যতঃ এই সাংস্কৃতিক বেপাৰীসকলেই কৰিব নেকি? এল এল পি এগ্ৰীমেণ্টখনৰ কি কি ক্ল’জ আছে, ৱ’নাৰশ্বিপৰ পাবলগীয়া লাভাংশৰ হাৰ কিদৰে উল্লেখ কৰা আছে সেই কথা কোনেও নাজানে। 

সেই টাৰ্মছ এণ্ড কণ্ডিছনবোৰৰ বিষয়ে নাজানিলে ভিতৰি ভিতৰি এচাম এনে লোকে জুবিনৰ মৃত্যুৰ পাছতো ব্যৱসায় কৰি থাকিব। প্ৰয়োজন হ’লে সেই এল এল পি ফাৰ্মখন ডিজ’লভ হ’বলৈ এৰি দিব লাগে। আইনী প্ৰক্ৰিয়াৰেও জুবিনৰ সংগীতৰ আৰু গীতবোৰৰ স্বত্ব গৰিমা শইকীয়া গাৰ্গ বা জুবিনৰ নামত থকা কোনোবা এটা ন্যাস কৰি তেওঁলোকৰ অধীনলৈ আনিব লাগে। 

দিনে-ৰাতিয়ে পৰিশ্ৰম কৰি উপাৰ্জন কৰা ধন এয়া জুবিন গাৰ্গৰ। নিজেই তেওঁ বিলাস কৰা নাছিল কোনেদিনে। সাধাৰণ লোকৰ মাজতেই তেওঁ বিলাই দিছিল উপাৰ্জিত ধনৰ গৰিষ্ঠ অংশ। জুবিন গাৰ্গৰ মৃত্যুৰ সমান্তৰালভাৱে তেওঁক কাষতে থাকি লুণ্ঠন চলোৱা এইসকলৰ কথাও এতিয়া চৰ্চালৈ আহিছে। 

সকলোবোৰ তদন্ত হ’ব লাগে। প্ৰয়োজনত ৰাজ্য চৰকাৰেও কঠোৰ পদক্ষেপ লৈ সেইসকল সাংস্কৃতিক বেপাৰীৰ ছায়াৰ পৰা জুবিন গাৰ্গৰ এই সৃষ্টিৰাজিক মুক্ত কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰাৰ প্ৰয়োজন হৈ পৰিছে। এটা স্পষ্ট কথা এতিয়া অসমৰ ৰাইজৰ জুবিন গাৰ্গক লুণ্ঠন কৰা আৰু মৃত্যুৰ মুখলৈ ঠেলি দিয়া এইসকল লোকক ক্ষমা নকৰে কোনো দিনে।  

জুবিন গাৰ্গ