/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/batcha-pics-face-pic-main.jpg)
► মৃদুল কুমাৰ সন্দিকৈ
সকলোৰে বাবে শিক্ষা! কিন্তু কেনেকৈ? শিক্ষা লাভৰ বাবে হাতত ফলি-কিতাপ লৈ বিদ্যালয়লৈ যাব লাগে। কিন্তু অসমত এখন বিদ্যালয় আছে, সেই বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে কেৱল পিঠিত কিতাপৰ বেগ লৈয়ে বিদ্যালয়লৈ নাযায়। লগত লৈ যায় ঘৰত গৰুক দানা দিয়া এটা টৌ। প্ৰতিজন ছাত্ৰ-ছাত্ৰীয়ে এইদৰে পুৱা বিদ্যালয়লৈ যায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/srcn-shot-5.jpg)
বয়স তেওঁলোকৰ ৬-১০বছৰ। পিঠিত কিতাপৰ বোজা আৰু মূৰত সেই টৌ লৈ বিদ্যালয়লৈ অহা-যোৱা কৰাতো অভ্যাস হৈ পৰিছে। বিশ্বনাথ জিলাৰ কুৰুআটি নামৰ গাঁওখনৰ ছাত্ৰীসকলে এইদৰে শিক্ষাগ্ৰহণ কৰি আহিছে। এই টৌ (গামলা) লৈ তেওঁলোকে জলকেলি কৰিবলৈ নাহে। কোনো ফাইভ ষ্টাৰ হোটেলৰ ছুইমিং পুলত হয়তো এনেদৰে গামলা সদৃশ পাত্ৰত কোনো ল'ৰা-ছোৱালীয়ে খেলে। এমিউজমেণ্ট পাৰ্কতো এনে দৃশ্য দেখা পোৱা যায়। কিন্তু এয়া বাস্তৱ জীৱনৰ সংগ্ৰাম। এয়া তেওঁলোকৰ শৈশৱত খেলা খেল নহয়, শিক্ষাগ্ৰহণৰ বাবে জীৱনক লৈ খেলা এক খেল।
এয়া তেওঁলোকৰ প্ৰস্তুতি। পুৱা ৮.৩০ বজাৰ পৰা এনেদৰে প্ৰস্তুতি চলে বিদ্যালয় যাবলৈ। ১০০-১৫০ মিটাৰ দূৰৈত বিদ্যালয়খন। কিন্তু মাজত এখন নদী। যাতায়াতৰ বাবে নাই নদীখনত কোনো দলং বা সাঁকো। বিদ্যালয়লৈ যাবলৈ তেওঁলোকে সাজু হোৱা দৃশ্য এয়া। টৌ (গামলা) টোত বহি লাহে লাহে পানীৰ ফালে আগবাঢ়ে। কি বিপদজনক দৃশ্য এয়া। এফালে, ডিজিটেল ইণ্ডিয়া, ডিজিটেল ক্লাছৰূমৰ কথা। আনফালে, অসমৰেই এইসকল কণ কণ ছাত্ৰ-ছাত্ৰীৰ এই অৱস্থা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/srcn-shot-4.jpg)
তাৰ পাছৰ দৃশ্য আৰু ভয় লগা। টৌত বহি এইসকল কণ কণ ছাত্ৰ-ছাত্ৰীয়ে নদীৰ মাজলৈ আগবাঢ়ে। দুই হাতেৰে পানী পিছলৈ ঠেলি তেওঁলোকে নদীৰ সোতত উজাই লাহে লাহে সিপাৰলৈ চপাই নিয়ে টৌ। ভাবিব পাৰেনে কোনোবাই- এনেকৈও বিদ্যালয়লৈ অহা-যোৱা কৰে এইসকল ছাত্ৰ-ছাত্ৰীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/srcn-shot-3.jpg)
'ক' শ্ৰেণীৰ পৰা 'পঞ্চম' শ্ৰেণীলৈকে পঢ়া প্ৰতিজন ছাত্ৰ-ছাত্ৰীয়েই এইদৰে অহা-যোৱা কৰে বিদ্যালয়খনলৈ। ভয় তেওঁলোকৰ নালাগে। অভ্যস্ত হৈ পৰিছে এইবোৰৰ সৈতে। কিন্তু সেই দৃশ্য দেখা জনৰ বুকু কঁপি উঠে। হঠাৎ যদি কিবা এটা হৈ যায়। এবাৰ এজন ছাত্ৰৰ টৌটো পানীত ডুবি গৈছিল। কিন্তু সুখৰ কথা যে, পিছে পিছে এজন ডাঙৰ মানুহ আছিল। পানীৰ গভীৰতাও কম আছিল। ছাত্ৰজন পানীৰ সোতত উটি নগ'ল। উদ্ধাৰ কৰা হ'ল তেওঁক।
ঈশ্বৰে নকৰক হঠাৎ যদি হৈ যায় তেনে কিবা অঘটন। জীৱনক বাজী লগাই শিক্ষা গ্ৰহণ কৰা এই দৃশ্য কিন্তু যোৱা ৬-৭বছৰে চৰকাৰে নেদেখিলে। নেদেখিলে শিক্ষা বিভাগৰ লোকে। আৰু এই দৃশ্য দেখিও নেদেখাৰ ভাও জুৰি থাকিল স্থানীয় জনপ্ৰতিনিধি। আনকি পুত্ৰ-কন্যাৰ জীৱনক লৈ যেন অকণো চিন্তিত নহয় এই সকল অভিভাৱক।
মৰণত শৰণ লৈ তেওঁলোকে বিদ্যালয়লৈ অহা-যোৱা কৰা এই দৃশ্য দেখিলে কাৰ বুকু কঁপি নুঠিব? পানীত ওমলা বয়স তেওঁলোকৰ। উপভোগ কৰে এই অভিজ্ঞতা। কিন্তু কিমান বিপদজনক সেয়া তেওঁলোকে কল্পনাই কৰিব নোৱাৰে। টৌটোত উঠি সোতত উজাই গৈ সিপাৰ পোৱাই তেওঁলোকৰ লক্ষ্য। পুৱা ৮.৪৫বজাৰপৰা বিদ্যালয় আৰম্ভ হয়। টৌ হাতত লৈয়ে খৰধৰকৈ আগবাঢ়ে বিদ্যালয়লৈ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/srcn-shot-school.jpg)
পশ্চিম কুৰুআটি প্ৰাথমিক বিদ্যালয় এইখন। ২০০৪ চনত স্থাপিত হৈছিল এই বিদ্যালয়খন। নদুৱাৰ শিক্ষাখণ্ডৰ অন্তৰ্গত এই বিদ্যালয়খনৰ বিদ্যালয় কোড নং- ১৮১১০৪২৩১০১। সংবাদমাধ্যমত এই খবৰ সম্প্ৰচাৰ হোৱাৰ পাছতো গাত কথা লগা নাই শিক্ষা বিভাগৰ তথা ৰাজ্য চৰকাৰৰ। যিখন ৰাজ্যত নদীক পূজিবলৈ নমামী ব্ৰহ্মপুত্ৰ পাতিবলৈ কোটি কোটি ধন ব্যয় কৰা হয়, মহাযজ্ঞ পাতিবলৈ বহিঃৰাজ্যৰ পৰা সাধু-সন্ত অনাৰ নামত কোটি টকা ধন ব্যয় কৰিবলৈ কুণ্ঠাবোধ নকৰে, সেইখন ৰাজ্যৰ এখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ অৱস্থা এয়া।
বিদ্যালয়খনৰ শিক্ষক এজন। নাম তেওঁৰ জিতুমণি দাস। মুঠ ৪৪জন ছাত্ৰ-ছাত্ৰী আছে এই বিদ্যালয়খনত। ইয়াৰে 'ক' শ্ৰেণীত আছে ৬জন ছাত্ৰ-ছাত্ৰী। তাৰে ২জন ছাত্ৰ, ৪গৰাকী ছাত্ৰী। আন শ্ৰেণীসমূহত থকা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হ'ল- প্ৰথম শ্ৰেণীত ৩জন ছাত্ৰ, ১গৰাকী ছাত্ৰী। দ্বিতীয় শ্ৰেণীত ৩জন ছাত্ৰ, ৪গৰাকী ছাত্ৰী। তৃতীয় শ্ৰেণীত ৪জন ছাত্ৰ, ৬গৰাকী ছাত্ৰী। চতুৰ্থ শ্ৰেণীত ৪জন ছাত্ৰ, ৪গৰাকী ছাত্ৰী আৰু পঞ্চম শ্ৰেণীত ২জন ছাত্ৰ, ৬গৰাকী ছাত্ৰী। বিদ্যালয়খনত অধ্যয়ন কৰা মুঠ ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ১৯জন ছাত্ৰ আৰু ২৫গৰাকী ছাত্ৰী। অৰ্থাৎ ৫৬.৮১ শতাংশ ছাত্ৰীয়ে অধ্যয়ন কৰা বিদ্যালয় এইখন। 'বেটি বচাও, বেটি পঢ়াও' শ্ল'গান তেওঁলোকে নাজানে। বিদ্যালয়লৈ সেইসকল ছাত্ৰীও এনেদৰে ছাত্ৰৰ সৈতে টৌত উঠি অহা-যোৱা কৰিবলগা হয়।
২০১২চনত সেই অঞ্চলটোত হৈছিল ভয়াৱহ বান। তাৰপাছতেই এইদৰে বিপদসংকূলভাৱে বিদ্যালয়লৈ অহা-যোৱা কৰিব লগা হৈছে ছাত্ৰ-ছাত্ৰীসকলে। বিদ্যালয়খনৰ দায়িত্বত থকা একমাত্ৰ শিক্ষক জিতুমণি দাস আৰু কুৰুআটি গাঁৱৰ স্থানীয় বাসিন্দাই জানিবলৈ দিয়া মতে, সেই বানত অঞ্চলটোৰ প্ৰায়বোৰ কলগছ মৰিছিল। যাৰবাবে এই নদীখন পাৰ হ'বলৈ পূৰ্বতে ব্যৱহাৰ কৰাৰ দৰে কলৰ ভুূৰ ব্যৱহাৰ কৰিবলৈ কলগছৰ অভাৱ ঘটিছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/srcn-shot-2.jpg)
ময়ৰম, ৰেহেনা, হুছনাৰা আদি এই বিদ্যালয়ৰ ছাত্ৰী। নিতৌ তেওঁলোক এইদৰে অহা-যোৱা কৰে ঘিলাধাৰী নৈৰ বুকুৱেদি। এইখন এখন পাহাৰীয়া নৈ। পাহাৰৰ পৰা ঢল নামিলে এই নৈৰ ৰূপেই সলনি হৈ যায়। সেয়ে নৈখনক লৈ ধেমালি নকৰে জ্যেষ্ঠজনে। বিশ্বনাথতেই কেৱল এই দৃশ্য দেখা পোৱা নাযায়।
নগাওঁ জিলা কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত এখন অনুন্নত গাঁও পলশাবাৰী। কামপুৰ নগৰৰ পৰা পূবলৈ ৬ কিঃমিঃ বাট যোৱাৰ পাছতেই এই গাঁওখন। নিৰাশী নৈৰ পাৰত থকা পলশাগাঁৱত ৰাইজে নিৰ্মাণ কৰিছিল এখন বিদ্যালয়। ১৯৯০চনত নিৰ্মাণ কৰা মধ্য ইংৰাজী বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীক নিতৌ এখন সৰু টুলুঙা নাৱেৰে বিদ্যালয়লৈ অনা-নিয়া কৰে চতুৰ্থবৰ্গৰ কৰ্মচাৰী সুভাষ নাথ আৰু প্ৰধান শিক্ষক তগৰ ডেকাই। সেই দৃশ্য এয়া-
ইমানতেই শেষ হোৱা নাই ৰাজ্যৰ বিদ্যালয়সমূহলৈ ছাত্ৰ-ছাত্ৰী অহা-যোৱা দুখৰ কাহিনী। এনে বহু দৃশ্য আৰু খবৰ সংবাদমাধ্যমত প্ৰকাশহে নহয়। চৰকাৰ তথা জনপ্ৰতিনিধিসকলৰ সেইবোৰ চাবলৈ সময় ক'ত? কামৰূপ জিলাৰ হাহিম অঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ একেই দশা। বাঁহৰ দলঙেৰে হাতৰ মুঠিত জীৱন লৈ ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়লৈ অহা-যোৱা কৰিব লাগে। কোনোবাদিনা সেই খবৰ লৈছেনে চৰকাৰ বা জনপ্ৰতিনিধি সকলে। সেই অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলে কি দৰে অহা-যোৱা কৰে তাৰ প্ৰমাণ এই আলোকচিত্ৰ-
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/c-1.jpg)
লখিমপুৰ জিলাতো একেই অৱস্থা। বাৰিষা হ'লেই ছাত্ৰ-ছাত্ৰীসকলৰ বিদ্যালয়লৈ যাবলৈ চিন্তা হয়। বৰগঞা আৰু পশ্চিম খাৰকটিৰ ছাত্ৰ-ছাত্ৰীসকলে খোজকাঢ়ি বাঁহৰ দলঙেৰে অহা-যোৱা কৰে নিতৌ বিদ্যালয়লৈ। এয়া তেওঁলোকৰ অভ্যাস হৈ পৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/c-3-1024x640.jpg)
আৰু এইবাৰ আন এক দৃশ্য। ৰাজ্যৰে দৃশ্য এয়া। এডাল বাঁহৰ সাঁকো। এখন হাতত কিতাপ, আনখন হাতেৰে বাঁহৰ সাঁকোত ধৰি কণ কণ ছাত্ৰ-ছাত্ৰীসকলে এইদৰে বাট বুলিছে বিদ্যালয়লৈ। জীৱনৰ আদিপাঠ ল'বলৈ যাওঁতে তেওঁলোক সন্মুখীন হৈছে আন এক প্ৰত্যাহ্বানৰ। সেয়া হ'ল দুৰ্গম অঞ্চলত থকা বিদ্যালয়লৈ অহা-যোৱা কৰিবলৈ নিজৰ জীৱনক বাজী লগাব লগা হৈছে। এই সাঁকোৰ পৰা যিকোনো মুহূৰ্ততে তললৈ সৰি পৰিলেই সকলো শেষ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/hdhhhhf-baah-baamboo.jpg)
এনে অনেক দৃশ্য ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখিবলৈ যোৱা যায়। দক্ষিণ কামৰূপৰ এখন নদীৰ ওপৰত থকা বাঁহৰ দলেঙেৰে পাৰ হৈ ছফুপাৰা অঞ্চলৰ ছাত্ৰ-ছাত্ৰীয়ে অহা-যোৱা কৰে। সেইবোৰ দৃশ্যও কিন্তু দেখিব লগা জনে দেখা নাই। অথচ গুৱাহাটীৰ পৰা বেছি দূৰ নহয় এই অঞ্চলটোলৈ। কিমান আবেদন-নিবেদন জনাব চৰকাৰক। সেয়েহে বাঁহৰ দলঙেৰে এনেদৰে অহা-যোৱা কৰি বিদ্যালয়লৈ যোৱাতো ছাত্ৰ-ছাত্ৰীসকলে অভ্যাসত পৰিণত কৰি লৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/c-4.jpg)
এনে বহু দৃশ্য দেখুৱাব পাৰি। কেতিয়াও চৰকাৰৰ এইবোৰ কথা গাত লগা নাই। বহু ঠাইত ৰাইজে পকেটৰ ধন ব্যয় কৰি সাজি লৈছে বাঁহৰ দলং। কিবা প্ৰকাৰে সন্তানক বিদ্যালয়-কলেজলৈ পঠিয়াবই লাগিব। চৰকাৰ, সংশ্লিষ্ট কৰ্তৃপক্ষই এইবোৰ দেখে, একো নকৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/c-5.jpg)
বিশ্বনাথ চাৰিআলিৰ কুৰুআটিৰ দৃশ্য কিন্তু চূড়ান্ত। এই বিদ্যালয়খনৰ দায়িত্বত থকা শিক্ষকগৰাকীৰ সৈতে কথা পাতি বুজা গ'ল স্থানীয় লোকসকলক কেবাবাৰো তেওঁ এনেদৰে বিদ্যালয়লৈ ছাত্ৰ-ছাত্ৰী নপঠিয়াবলৈ অনুৰোধ কৰিছিল। কিন্তু তেওঁলোকৰ বাবে ইয়াৰ বিকল্প নাছিল। এবাৰ চৰকাৰী অনুগ্ৰহত এখন নাও লাভ কৰিছিল। কিন্তু ২-৩ বছৰতেই সেই নাও পচি গ'ল। তাৰ পাছত পুনৰ টৌত উঠি বিদ্যালয়লৈ ছাত্ৰ-ছাত্ৰীয়ে অহা-যোৱা কৰিবলৈ ধৰিলে।
এনেদৰে বিদ্যালয়লৈ ছাত্ৰ-ছাত্ৰীক পঠিওৱা দৃশ্য কোনো বিবেকবান লোকে গ্ৰহণ কৰিব নোৱাৰে। সেয়েহে গাঁওখনৰ অভিভাৱকসকলক লগতে বিদ্যালয়ৰ শিক্ষকজনক সোধা হৈছিল ইয়াৰ বিকল্প নাই নে? বিদ্যালয়ৰ শিক্ষকজনে জনালে- এটা পথেৰে পকী দলং পাৰ হৈ চতিয়া ওলাব পাৰি। কিন্তু সেই পথৰ দৈৰ্ঘ্য ৭ কিঃমিঃ মান হ'ব। ইমান দূৰ ছাত্ৰ-ছাত্ৰীসকল খোজকাঢ়ি যাব নোৱাৰে। হাজিৰা কৰি খোৱা এই পৰিয়ালৰ জ্যেষ্ঠ জনেও সন্তানৰ বিদ্যালয়লৈ অনা-নিয়াৰ নামত সময় দিব নোৱাৰাৰ বাবেই সেয়া সম্ভৱ নহয়। তেওঁলোকে এই চমু পথেই বাচি লয়। বহু বুজাইছিল শিক্ষকগৰাকীয়ে।
নদীখনৰ ওপৰত বাঁহৰ দলং এখন সম্ভৱ নহয় নেকি? এই প্ৰশ্ন কৰা হৈছিল তেওঁলোকক। তাৰ উত্তৰ দিছিল- যিকোনো মুহূৰ্ততে ৰূপ সলাই পেলোৱা এই নদীখনৰ ওপৰত বাঁহৰ দলং দিলে কেইদিন থাকে তাৰ স্থিৰতা নাই। বিশেষকৈ পাহাৰৰ পৰা অহা ঢলে কিছু আগলৈ থকা কদমণি কাৱৈমাৰিৰ এক জলাশয়ৰ পৰা মেটেকা উটুৱাই আনে। সেই মেটেকাই এক মুহূৰ্তত উটুৱাই লৈ যায় বাঁহৰ দলং। সেয়েহে এই ব্যৱস্থা সম্ভৱ নহয়।
বিশ্বনাথ চাৰিআলি অন্তৰ্গত এই সমষ্টিৰ স্থানীয় বিধায়কগৰাকীয়ে ইমান দিনে বিষয়টোলৈ মন নিদিলে। বিদ্যালয় পৰিদৰ্শন কৰিবলৈ অহা চৰকাৰী বিষয়াসকলৰ বাবে সেয়া তেওঁলোকৰ দায়িত্ব নহয়।তেওঁলোকে মটৰ লৈ পকী দলঙৰ ওপৰেৰে বিদ্যালয়লৈ আহে। ২০১৭চনত গুণোৎসৱত বি গ্ৰেড পাইছিল এইখন বিদ্যালয়ে। কুৰুআটি আচলতে এটা দ্বীপৰ দৰে। চাৰিওফালৰ পৰা পানীৰে আৱৰি আছে। কৃষিকৰ্ম আৰু হাজিৰা কৰিয়েই মানুহবোৰে জীৱন নিৰ্বাহ কৰে। প্ৰায় ২০০ ঘৰৰ সমষ্টি এই অঞ্চলটো। এই বিদ্যালয়খনৰ স্কুল পৰিচালনা কমিটীৰ সভাপতিৰ নাম ৰফিকুল ইছলাম।
বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ জীৱনক লৈ এনে খেল খেলাৰ বাবে চৰকাৰে যিমান দায়ী, এই দৃশ্য দেখাৰ পাছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে সচেতন লোকসকলো কম দায়ী নহয়। তেওঁক যোগাযোগ কৰিব বিচৰা হৈছিল এই সন্দৰ্ভত সুধিবলৈ। কিন্তু সেয়া সম্ভৱ নহ'ল। স্থানীয় বিধায়কজনে এনে দৃশ্য ভাইৰেল হৈ পৰাৰ পাছত কি ব্যৱস্থা লয় সেয়াও লক্ষণীয় হ'ব।
বিদ্যালয়খনৰ আন্তঃগাঁথনিও উন্নত বুলিব নোৱাৰি। কোনো মতে এটা ঘৰ আছে বিদ্যালয়খনত। ছাত্ৰ-ছাত্ৰীৰ বাবে নাই শৌচাগাৰৰ ব্যৱস্থা। পূৰ্বৰ বিদ্যালয়খনত থকা শিক্ষকগৰাকীয়ে শৌচালয় নিৰ্মাণৰ বাবে কাম আৰম্ভ কৰিছিল। সেই কাম সম্পূৰ্ণহে নহ'ল। কিহৰ কাৰণত সেয়া সম্ভৱ নহ'ল সেয়াও কোনেও নাজানে।
পুৱা ৮.৪৫ বজাত 'অ' মোৰ আপোনাৰ দেশ'ৰে আৰম্ভ হয় বিদ্যালয়ৰ পাঠদান। কেতিয়াবা ৫-১০ মিনিট ইফাল-সিফাল হয়। কিয়নো অভিভাৱকসকলৰ অনুৰোধত শিক্ষক জিতুমণি দাসে টৌত উঠি বিদ্যালয়লৈ অহা ছাত্ৰ-ছাত্ৰীসকলক নিৰীক্ষণ কৰিব লাগে। তেওঁলোকৰ পাছে পাছে তেওঁ পানীত সাঁতুৰি নৈ পাৰ হয়। তাৰপাছতহে আৰম্ভ হয় পাঠদান।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/srcn-shot-ending-picx.jpg)
সাধাৰণতে দুপৰীয়া ১.৪৫ বজাত বিদ্যালয় ছুটী হ'ব লাগে। কিন্তু পূৰ্বৰ ই জি এছ চেন্টাৰত থকা এই বিদ্যালয়খনত যিহেতু এজনেই শিক্ষক সেয়েহে কেতিয়াবা চৰকাৰী কামত তেওঁ অফিচলৈ যাব লগা হ'লে ছাত্ৰ-ছাত্ৰীৰ শিক্ষাদানত বাধা হয়। ৰাষ্ট্ৰীয় সংগীত গাই ঘৰা ঘৰি হয় ছাত্ৰ-ছাত্ৰী। এনেকৈয়ে চলি আছে এইখন বিদ্যালয়। এইদৰে অহা যোৱা কৰে ছাত্ৰ-ছাত্ৰী সকল। তেওঁলোকে উঠি পাৰ হোৱা এলুমিনিয়ামৰ টৌ এটাৰ দাম ৫০০-১০০০টকাৰ ভিতৰত। সেইবোৰ প্ৰায় ভাগৰে বিদ্যালয়লৈ আনিবৰ বাবে কিনা নহয়। কৃষিকে আয়ৰ উৎস হিচাপে লোৱা এই পৰিয়ালবোৰৰ আছে যথেষ্ট পশুধন। সেই পশুধনক খাদ্য দিবলৈ পৰিয়ালে ক্ৰয় কৰিব লগা হয় এই বাচন-বৰ্তন। তাকেই নৈ পাৰ হ'বলৈ ব্যৱহাৰ কৰে তেওঁলোকৰ সন্তানে।
অসমত ৪৭৪খন নিম্ন প্ৰাথমিক বিদ্যালয় আৰু ৯৫খন মধ্য ইংৰাজী বিদ্যালয়ত এজনো ছাত্ৰ-ছাত্ৰী নাই। এই তথ্য ২০১৭চনৰেই। ৰাজ্যখনত ৪৮হাজাৰ চৰকাৰী নিম্ন প্ৰাথমিক আৰু উচ্চ মাধ্যমিক বিদ্যালয় আছে। ইয়াৰোপৰি ৫ সহস্ৰাধিক ব্যক্তিগত খণ্ডৰ বিদ্যালয় আছে। ইয়াৰে ৬হাজাৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ১৫জনতকৈ কম। এইখন বিদ্যালয়ত কিন্তু সেই হিচাপত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা যথেষ্ট ভাল।
বিদ্যালয়ৰ এজন ছাত্ৰ আমিনুল ইছলাম। ক্লাছ ফাইভত পঢ়ে আমিনুলে। পঢ়া-শুনাত তাৰ যথেষ্ট ধাউতি। ৫০ নম্বৰ পৰীক্ষাত সি ৪০-৪৫ নম্বৰ পায়। সিওঁ এইদৰে অহা-যোৱা কৰে বিদ্যালয়লৈ। ডাঙৰ হৈ ভাল মানুহ হোৱাৰ সপোন দেখে আমিনুলে। এইবাৰ এই বিদ্যালয়ত তাৰ অন্তিম বছৰ। তাৰপাছত গুচি যাব আন বিদ্যালয়লৈ। এনেকৈয়ে ইমান দিনে সি এই টৌত পাৰ হৈয়ে শিক্ষা গ্ৰহণ কৰি আহিছে। তাৰ বাবে সেয়াই বাস্তৱ। জ্ঞান অন্বেষণৰ যাত্ৰাত দেখা দিয়া প্ৰত্যাহ্বান লৈয়ে সপোন দেখিছে আমিনুলে। এইজন ছাত্ৰ কেৱল উদাহৰণহে। এনে বহু আমিনুল আছে ৰাজ্যৰ চুকে-কোণে।
বিদ্যালয়খনত থকা একমাত্ৰ শিক্ষকজনো টেটৰ শিক্ষক। পাঁচোটা শ্ৰেণীৰ ৪৪গৰাকী ছাত্ৰ-ছাত্ৰীক অকলেই পাঠ দিব লাগে তেওঁ। চৰকাৰী বিদ্যালয়ৰ এনে ছবি গাঁৱে-ভূঞে সুলভ। বিদ্যালয়ৰ পৰা বেছি দূৰত নহয় তেওঁৰ ঘৰ। বিদ্যালয়লৈ আহোতে তেওঁ আন বস্তু পাহৰিলেও, পাহৰি নাহে তিয়নীখন। কিয়নো এইখন পিন্ধিয়ে তেওঁৰ পাৰ হ'ব লাগে নদী। ছাত্ৰ-ছাত্ৰীক পাঠদান কৰিব লাগে। এয়া তেওঁৰ চাকৰি আৰু দায়িত্ব।
ৰাজ্যৰ শিক্ষাখণ্ডৰ এখন সঁচা ছবি ফুটি উঠাৰ পাছত চৰকাৰে এতিয়াও এই কণ কণ ছাত্ৰ-ছাত্ৰীসকলৰ কথা ভাবক। বিশ্বনাথ চাৰিআলি অন্তৰ্গত কুৰুআটি গাঁৱৰ ছাত্ৰ-ছাত্ৰীসকলৰ কথা ভাবিবই লাগিব। তাৰ লগতে আন ছাত্ৰ-ছাত্ৰীসকলৰ সমস্যা উপলব্ধি কৰক।কেৱল শ্ল'গানতেই এখন সুস্থ সমাজ, সকলোৰে বাবে শিক্ষা সম্ভৱ নহয়। এই প্ৰত্যাহ্বান নেওচি, জীৱনৰ সৈতে খেলি শিক্ষা গ্ৰহণ কৰিবলৈ কিমান ছাত্ৰ-ছাত্ৰী অহা নাই তাৰ হিচাপ লওঁক।
আজিৰ শিশু, কাইলৈ দেশৰ নাগৰিক। তেওঁলোকক সুস্থ আৰু শিক্ষিত নাগৰিকৰূপে গঢ়ি তোলাৰ দায়িত্ব চৰকাৰ তথা সমাজৰ। এনে প্ৰত্যাহ্বানেৰে জ্ঞান অন্বেষণৰ যাত্ৰা কৰা শিশুসকলৰ শিক্ষা এক মৌলিক অধিকাৰ। সেই অধিকাৰৰ পৰা এনেবোৰ প্ৰত্যাহ্বানে তেওঁলোকক বঞ্চিত কৰিব পাৰে। এই কথা চৰকাৰে, সমাজে এবাৰ ভাবক। জীৱনক লৈ হেতালি খেলি শিক্ষাগ্ৰহণৰ বাবে যোৱা কণ কণ শিশুসকলৰ এনে বিপদসংকূল যাত্ৰাৰ অন্ত পৰক।