/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/580118-pic3-copy.jpg)
♦ ডি জে ধনন্তৰি
মন্দিৰ আৰু মছজিদৰ কাহিনী এয়া। হাতত মোবাইলটো লৈ মানুহজনে ফেচবুকত চকু ফুৰাইছে। বয়স অানুমানিক ৬০। ডেকা নহয়, এতিয়া বুঢ়াও অভ্যস্ত ছ'চিয়েল মিডিয়াত। ডেকা-বুঢ়া সকলোকে লাগে ফেচবুক-হোৱাটছএপ। সময়ৰ আহ্বান এয়া।
চিটি বাছখনৰ ছীটত বহি গন্তব্যস্থান পোৱালৈকে টাইমলাইন স্ক্ৰ'ল কৰি গৈ আছে মানুহজনে। এখন বিশেষ ফটোত ৰৈ গ'ল মানুহজন। ভালকৈ ফটোখনলৈ চালে। কিছুসময় থৰ হৈ পৰিল। কিবা এটা ভাবিলে আৰু ফটোখনৰ তলত কমেণ্ট কৰিলে 'C'।
ফটোখনৰ সোফালে এটা মন্দিৰ। বাওফালে মছজিদ। তলত আছে এটা ঘৰৰ ছবি। ঘৰটোৰ কাষতে হিন্দীতে লিখা আছে দুটামান বাক্য। অসমীয়ালৈ অনুবাদ কৰিলে তাৰ অৰ্থ এনেধৰণৰ, 'আপোনাৰ মতে অযোধ্যাত কি নিৰ্মাণ কৰিব লাগে? মন্দিৰ নে মছজিদ? নে এখন অত্যাধুনিক চিকিৎসালয়? মন্দিৰৰ বাবে A, মছজিদৰ বাবে B আৰু চিকিৎসালয়ৰ বাবে C কমেণ্ট কৰক।'
169Kৰো অধিক লাইক প্ৰাপ্ত পোষ্টটোৰ কমেণ্ট বক্সত অধিকাংশ কমেণ্টেই ভৰি পৰিছে A আৰু Bৰে। Cৰ সংখ্যা তেনেই তাকৰ। এইখিনিতে এটা প্ৰশ্ন। ফেচবুক ব্যৱহাৰকাৰীসকলৰ অধিকাংশ লোক কি? উত্তৰ অধিকাংশ লোকেই সাধাৰণ। সাধাৰণ লোকসকলৰ অধিকাংশই বিচাৰিছে মন্দিৰ আৰু মছজিদ। চিকিৎসালয় বিচাৰিছে কথাবোৰ বিশেষ ধৰণৰে চিন্তা কৰা সকলে।
সাধাৰণ লোকসকলৰ বাবে অধিক প্ৰয়োজনীয় কি আছিল? মন্দিৰ, মছজিদ নে চিকিৎসালয়। নিসন্দেহে চিকিৎসালয়। পিছে সাধাৰণ লোকসকল ধৰ্মকলৈহে অধিক উদ্বিগ্ন। সেয়ে তেওঁলোকে পথত দুৰ্ঘটনাগ্ৰস্ত হ'লে উন্নত চিকিৎসা লাভৰ কথা চিন্তা কৰাতকৈ মন্দিৰ কোনটো দলে নিৰ্মাণ কৰিব, কোনটো দলে মছজিদ নিৰ্মাণ কৰিব সেই কথা চিন্তা কৰিহে ভোট দিয়ে।
ইয়াৰ পৰাই আৰম্ভ হয় ৰাজনীতি। একেবাৰে সাধাৰণ লোকসকলে আচলতে একোৱেই নাজানে। কিন্তু একোৱেই নজনা সাধাৰণ লোকসকলক যদি ফেচবুক পোষ্টটোৰ দৰেকৈ প্ৰশ্ন কৰা হয় যে অযোধ্যাত তেওঁলোকে কি বিচাৰে মন্দিৰ নে মছজিদ নে চিকিৎসালয়? এয়া ন দি ক'ব পাৰি যে হিন্দু ধৰ্মত বিশ্বাসী সাধাৰণ লোকসকলে ক'ব মন্দিৰ, ইছলাম ধৰ্মাৱলম্বীসকলেও একো নভবাকৈ উত্তৰ দিব মছজিদ। নিজৰ সন্তানটো চিকিৎসাৰ অভাৱত বিছনাত ছটফটাই থাকিলেও কিন্তু তেওঁলোকে নকয় যে মন্দিৰ-মছজিদ নহয় অযোধ্যাত এখন চিকিৎসালয় লাগে।
কিয় সৰ্বসাধাৰণক চিকিৎসালয় নহয় মন্দিৰ অথবা মছজিদহে লাগে? ইয়াৰ উত্তৰ অনেক যদিও সহজ ভাষাত ক'বলৈ হ'লে ভাৰতীয়সকলৰ অধিকাংশই বৈজ্ঞানিক চিন্তা-চৰ্চাতকৈয়ো ধৰ্মীয় ধ্যান-ধাৰণাক লৈহে অধিক ব্যস্ত। ভাত-কাপোৰৰ চিন্তাত ব্যস্ত থকাসকলক বৈজ্ঞানিক চিন্তা-চৰ্চা কৰাৰ কথা ক'বলৈ যোৱাটোও একপ্ৰকাৰৰ বাতুলামিহে মাত্ৰ।
এই কথাটোকে ভালদৰে বুজে ৰাজনৈতিক নেতাসকলে। সেয়ে তেওঁলোকে ভাত-কাপোৰৰ কথাৰ লগতে ধৰ্মৰ কথাহে কয়, শিক্ষাৰ কথা নকয়। তেওঁলোকে জানে যে ভাত-কাপোৰৰ লগতে সাধাৰণ লোকসকলক যদি আধুনিক শিক্ষা প্ৰদান কৰা হয় তেন্তে শাসনৰ বাঘজৰী লাভ কৰাৰ পিছত
প্ৰতিশ্ৰুতি মতে কাম নকৰিলে নিস্তাৰ নাপাব। সেয়ে তেওঁলোকে এনেয়ে ধৰ্মত মজি থকা সৰ্ব-সাধাৰণে যাতে কেৱল ধৰ্ম-ধৰ্ম বুলিয়েই ব্যস্ত হৈ থাকে তাৰ বন্দোৱস্তি কৰে।
এক পৰিসংখ্যা অনুযায়ী ধৰ্মক লৈ গোড়া লোকৰ সংখ্যা বিশ্বৰ যিসমূহ দেশত অধিক সেই দেশসমূহ শিক্ষা-দীক্ষা, অৰ্থনীতি, যোগাযোগ-পৰিবহণকে আদি কৰি সকলো ক্ষেত্ৰতে সিমানেই পিছপৰা। তেনে দেশসমূহত ৰাজনৈতিক দলবোৰে ধৰ্মক লৈয়ে আগবঢ়াই নিয়ে ৰাজনীতি। এই কথা পিছে সৰ্বসাধাৰণে বুজি নাপায় বা বুজিবলৈ দিয়া নহয়।
ভাৰত ধৰ্ম নিৰপেক্ষ দেশ হ'লেও এতিয়াও অধিকাংশ স্থানতে বিষয়টোক লৈ সময়ে সময়ে সংঘটিত হৈ আহিছে নঘটিবলগীয়া একাধিক ঘটনা। গুজৰাটৰ গোধ্ৰা কাণ্ড, মুজাফ্ফৰপুৰৰ সংঘৰ্ষ, দাদ্ৰি কাণ্ড আদি এনে ঘটনাৰ জ্বলন্ত উদাহৰণ। আনহে নালাগে দেশৰ ভিতৰুৱা স্থানত আওপকীয়াকৈ ধৰ্মক কেন্দ্ৰ কৰি গঢ় লোৱা বিশ্বাস (অন্ধবিশ্বাস!) ইমান দলৈকে শিপাই আছে যে তেনে স্থানসমূহত আধুনিক বৈজ্ঞানিক ধ্যান-ধাৰণাৰ কথা ক'বলৈ গৈ প্ৰগতিশীল স্বেচ্ছাসেৱী সংস্থাৰ সদস্যসকলে পহুখেদা খাবলগীয়াও হৈছে।
এনে পৰিস্থিতিৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰিয়েই বছৰৰ পিছত বছৰ ধৰি বিশেষ স্থানৰ এটা মন্দিৰ আৰু এটা মছজিদক লৈ এতিয়া নিৰ্ণীত হয় ধৰ্মনিৰপেক্ষ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশখনৰ ৰাজনৈতিক উত্থান-পতন।
অযোধ্যাত একাদশ শতিকাত মন্দিৰ সদৃশ কোনো নিৰ্মাণৰ অস্তিত্ব থকাৰ উমান পাইছে প্ৰত্নতত্ববিদসকলে। মন্দিৰৰ অস্তিত্ব থকাৰ উমান পোৱা উক্ত স্থানতে ১৫২৮-২৯ খ্ৰীষ্টাব্দত মোগল সম্ৰাট বাবৰৰ নিৰ্দেশ অনুযায়ী মীৰে নিৰ্মাণ কৰিছিল এটা মন্দিৰ। পৰৱৰ্তী সময়ত এই মছজিদটো বাবৰি মছজিদ নামেৰে পৰিচিত হৈ পৰে।
হিন্দুসকলৰ একাংশৰ মতে, এই স্থান হৈছে ৰামৰ জন্মভূমি। তেওঁলোকৰ অভিযোগ মোগল সম্ৰাট বাবৰে মন্দিৰ ভাঙি উক্ত স্থানত নিৰ্মাণ কৰিছে মছজিদ। এই ধাৰণাৰেই কেবা শতিকা ধৰি চলি আহিছে ধৰ্মীয় বিতৰ্ক। সেই বিতৰ্কতে এতিয়া অধিক হৈ পৰিছে ৰাজনৈতিক ৰং। বছৰৰ পিছত বছৰ ধৰি চলি অহা বিতৰ্কই ভয়াৱহ ৰূপ ধাৰণ কৰে ১৯৯২ চনৰ ৬ ডিচেম্বৰত। সেইদিনাই দেশৰ আইন-শৃংখলাক ধোৱা-চাঙত তুলি ধ্বংসস্তুপত পৰিণত কৰা হয় বাবৰি মছজিদ।
পৰৱৰ্তী সময়ত সাম্প্ৰদায়িক সংঘৰ্ষত দেশত বয় তেজৰ নৈ। প্ৰাণ হেৰুৱাই ২ সহস্ৰাধিকে। তীব্ৰতৰ হৈ পৰে ৰাম মন্দিৰ নিৰ্মাণৰ দাবী। মন্দিৰ নিৰ্মাণক এক আন্দোলনৰো ৰূপ প্ৰদান কৰে একাংশ ধৰ্মীয় সংগঠনে। তাৰ ভিত্তিতে নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ চেষ্টা চলায় এটা বিশেষ ৰাজনৈতিক দলে।
অযোধ্যাত প্ৰথম হিংসাৰ সূত্ৰপাত হয় ১৮৫৩ চনত। ব্ৰিটিছে অযোধ্যাক লৈ হিন্দু-মুছলমানৰ মাজত দেখা দিয়া বিবাদৰ বাবে ১৮৫৯ চনত উক্ত স্থানক দুভাগ কৰি দিয়ে। এভাগৰ অধিকাৰ হিন্দুসকলক আৰু আন এটা ভাগৰ অধিকাৰ প্ৰদান কৰে মুছলমানসকলক। ১৮৮৫ চনত আদালতত বিষয়টো প্ৰথম উত্থাপন কৰে ৰঘুবীৰ দাসে। অৱশ্যে পৰাধীন ভাৰতৰ ফৈজাবাদস্থিত জিলা আদালতে ৰঘুবীৰৰ উক্ত আবেদন খাৰিজ কৰে।
ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত ১৯৪৯ চনত মছজিদৰ ভিতৰত উদ্ধাৰ হয় ৰামৰ এটা মূৰ্তি। একাংশ লোকে কোনো দুষ্ট চক্ৰই ইচ্ছাকৃতভাৱে মছজিদৰ ভিতৰত মূৰ্তিটো থোৱা বুলি অভিযোগ উত্থাপন কৰে। বিষয়টোক লৈ পৰিস্থিতি জটিল হৈ পৰাত চৰকাৰে উক্ত স্থানক বিতৰ্কিত ঘোষণা কৰি ওলমাই দিয়ে তলা।
১৯৫০ চনত গোপাল সিং বিশাৰদ আৰু পৰমহংস ৰামচন্দ্ৰ দাসে পুনৰ ফৈজাবাদ আদালতত ৰামৰ জন্মস্থানত হিন্দুসকলক প্ৰাৰ্থনা কৰাৰ অধিকাৰ প্ৰদান কৰিবলৈ দাবী জনাই আবেদন কৰে। উক্ত আবেদনৰ ভিত্তিত এটি স্থান মুকলি কৰি দিয়া হয়। ১৯৫৯ চনত নিৰ্মোহী আখাৰাই উক্ত স্থানৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব তেওঁলোকৰ বুলি দাবী কৰি আদালতৰ কাষ চাপে। ১৯৬১ চনত ৱাকফৰ ছুন্নী বৰ্ডে মছজিদত হিন্দু মূৰ্তি স্থাপনৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হয়।
১৯৮৪ চনত অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে এখন বিশেষ কমিটি গঠন কৰে একাধিক হিন্দু সংগঠনে। ধীৰে ধীৰে এই সমিতিৰ জৰিয়তে ডালে-পাতে বিশাল আকাৰ ধাৰণ কৰিবলৈ লয় ৰাম মন্দিৰ নিৰ্মাণৰ দাবীটোৱে। এই দাবী এক আন্দোলনলৈ ৰূপান্তৰিত হয়। অান্দোলনক নেতৃত্ব দিয়ে লালকৃষ্ণ আদৱানিয়ে।
১৯৮৬ চনত হৰি শংকৰ ডুবেৰ আবেদনৰ ভিত্তিত জিলা আদালতে মছজিদৰ দুৱাৰ খুলিবলৈ নিৰ্দেশ দি তাত হিন্দুসকলে প্ৰাৰ্থনা কৰিব পাৰিব বুলি ৰায় দিয়ে। এই ৰায়ৰ বিৰুদ্ধে পুনৰ আবেদন জনায় মুছলমান সংগঠনসমূহে। গঠন কৰা হয় বাবৰি মছজিদ একশ্যন কমিটি। ১৯৮৯ চনত বিশ্ব হিন্দু পৰিষদে বাবৰি মছজিদৰ কাষতে ৰাম মন্দিৰ নিৰ্মাণৰ প্ৰস্তাৱ দিয়ে। সংগঠনটোৰ নেতা দেবকী নন্দন আগৰৱালাই এই প্ৰস্তাৱক লৈ আদালতত আবেদন জনায়। ফলত ফৈজাবাদ আদালতে বিষয়টো উচ্চ ন্যায়ালয়লৈ প্ৰেৰণ কৰে।
১৯৯০ চনত বিশ্ব হিন্দু পৰিষদৰ স্বেচ্ছাসেৱকসকলে মছজিদ ধ্বংসৰ চেষ্টা চলায়। তেতিয়াৰ প্ৰধানমন্ত্ৰী চন্দ্ৰশেখৰে বিষয়টোত হস্তক্ষেপ কৰি পৰিস্থিতি শান্ত কৰে। উক্ত বৰ্ষতে লালকৃষ্ণ আদৱানিয়ে সোমনাথৰ পৰা অযোধ্যা পৰ্যন্ত আৰম্ভ কৰে বিতৰ্কিত ৰথযাত্ৰা। এই ৰথযাত্ৰাই সমগ্ৰ দেশতে হিন্দু আৰু মুছলমানসকলক ভিতৰি ভিতৰি দুভাগত ভাগ কৰাত ইন্ধন যোগায়।
১৯৯১ চনত কেন্দ্ৰত বিৰোধী শক্তি হৈ পৰে বিজেপি। ৰাম মন্দিৰক ইছ্যু হিচাপে লৈয়েই উত্তৰ প্ৰদেশত ক্ষমতালৈ আহে বিজেপি। ফলত ১৯৯২ চনৰ ৬ ডিচেম্বৰত অতি সহজেই আক্ৰমণ চলাই ধ্বংসস্তুপত পৰিণত কৰা হয় বাবৰি মছজিদ। লগে লগে প্ৰধানমন্ত্ৰী নৰসিংহ ৰাওৱে ন্যায়াধীশ এম এছ লিবাৰহানৰ নেতৃত্বত গঠন কৰি দিয়ে বিশেষ তদন্ত আয়োগ।
২০০১ চনত মছজিদ ধ্বংসৰ দশম বছৰ পূৰ্তিত পুনৰ চৌদিশে সৃষ্টি হয় আতংকময় পৰিস্থিতি। বিশ্ব হিন্দু পৰিষদে উক্ত স্থানত মন্দিৰ নিৰ্মাণ কৰিহে এৰিব বুলি হুংকাৰ প্ৰদান কৰে। ২০০২ চনৰ ফেব্ৰুৱাৰীত গোধ্ৰাত সংঘটিত হয় সাম্প্ৰদায়িক সংঘৰ্ষ। ইয়াৰ পিছতে উচ্চ ন্যায়ালয়ে আৰ্কিঅ'লজিকেল ছাৰ্ভে অব ইণ্ডিয়াক অযোধ্যাত মন্দিৰ আছিল নে নাই সেয়া নিশ্চিত কৰিবলৈ খননৰ নিৰ্দেশ দিয়ে।
২০০৩ চনত আৰ্কিঅ'লজিকেল ছাৰ্ভে অব ইণ্ডিয়াই ছাৰ্ভে আৰম্ভ কৰে। ছাৰ্ভেৰ অন্তত মছজিদৰ তলত মন্দিৰৰ অস্তিত্ব পোৱা বুলি প্ৰতিবেদন দাখিল কৰে পুৰাতত্ব বিষয়ক গৱেষণাৰ সৈতে জড়িত সংস্থাটোৱে। মুছলমান সংগঠনসমূহে সেয়া মানি ল'বলৈ অস্বীকাৰ কৰে। সেই বৰ্ষতে ৭ হিন্দু নেতাৰ বিৰুদ্ধে মছজিদ ধ্বংসৰ অপৰাধত বিচাৰ আৰম্ভ কৰাৰ কথা কোৱা হয়। উপ-প্ৰধানমন্ত্ৰী লালকৃষ্ণ আদৱানিৰ বিৰুদ্ধেও উত্থাপিত হয় অভিযোগ।
২০০৪ চনত উত্তৰ প্ৰদেশত পুনৰ ক্ষমতালৈ আহে কংগ্ৰেছ। ২০০৫ চনত অযোধ্যাত সাম্প্ৰদায়িক সংঘৰ্ষই দেখা দিয়ে। ২০০৯ চনত লিবাৰহান আয়োগে মছজিদ ধ্বংসৰ তদন্তৰ প্ৰতিবেদন দাখিল কৰে। ইয়াকে লৈ সংসদত তুমুল বিতৰ্ক হয়। কিয়নো প্ৰতিবেদনত মছজিদ ধ্বংসৰ বাবে দায়ী কৰা হৈছিল বিজেপিৰ কেবাগৰাকী শীৰ্ষ নেতাক।
২০১০ চনত এলাহাবাদ উচ্চ ন্যায়ালয়ে বিতৰ্কিত ভূমিখিনিক ৩ ভাগত ভাগ কৰাৰ নিৰ্দেশ প্ৰদান কৰে। এটা ভাগ হিন্দু মহাসভাক, এটা মুছলিম বৰ্ডক আৰু আনটো ভাগ নিৰ্মোহী আখৰাক প্ৰদান কৰে। এই ৰায়ৰ বিৰুদ্ধে অখিল ভাৰতীয় হিন্দু মহাসভা আৰু ছুন্নী ৱাকফ ব'ৰ্ডে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয়। ২০১১ চনত উচ্চতম ন্যায়ালয়ে সেই ৰায়ত স্থগিতাদেশ জাৰি কৰে।
২০১৪ত অচ্ছে দিনৰ শ্ল'গানৰ লগতে ৰাম মন্দিৰ নিৰ্মাণৰ প্ৰতিশ্ৰুতিৰে কেন্দ্ৰত পুনৰ ক্ষমতালৈ আহে বিজেপি। বিশ্ব হিন্দু পৰিষদে সমগ্ৰ দেশৰ পৰা শিল সংগ্ৰহ কৰি মন্দিৰ নিৰ্মাণ কৰা হ'ব বুলি ২০১৫ চনত ঘোষণা কৰে। ২ট্ৰাক শিল বিতৰ্কিত স্থানলৈ অনা হয় যদিও অখিলেশ যাদৱ নেতৃত্বাধীন তেতিয়াৰ উত্তৰ প্ৰদেশ চৰকাৰে তাত বাধা প্ৰদান কৰে আৰু সংগঠনটোৰ সেই দাবী দাবী হৈয়ে ৰয়।
২০১৭ চনত এনেধৰণৰ সংবেদনশীল বিষয় আদালতৰ বাহিৰত নিষ্পত্তি কৰিবলৈ পৰামৰ্শ আগবঢ়ায় আদালতে। চলিত বৰ্ষত ২৯ অক্টোবৰৰ পৰা বিষয়টোক লৈ উচ্চতম ন্যায়ালয়ত নিয়মীয়া শুনানি চলিব বুলি জল্পনা-কল্পনা চলে। অৱশেষত সকলো জল্পনা-কল্পনাৰ অৱসান ঘটাই উচ্চতম ন্যায়ালয়ে ঘোষণা কৰে যে অযোধ্যাৰ ৰাম মন্দিৰ বিবাদক লৈ চলি থকা গোচৰৰ শুনানি এতিয়া নহয়, আগন্তুক বৰ্ষৰ জানুৱাৰীৰ পৰাহে আৰম্ভ কৰা হ'ব। মাত্ৰ ৪ মিনিটৰ শুনানি গ্ৰহণ কৰি মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে কয় যে মন্দিৰ-মছজিদৰ বিবাদতকৈয়ো ন্যায়ালয়ে প্ৰাথমিকতা প্ৰদান কৰিবলগীয়া আৰু একাধিক বিষয় আছে।
থুলমূলকৈ এয়াই হৈছে এটা মন্দিৰ আৰু এটা মছজিদৰ লগতে ধৰ্মনিৰপেক্ষ ভাৰতৰ ধৰ্মীয় উন্মাদনাৰ কাহিনী। এতিয়া আপুনিয়েও কওক কি বুলি কমেণ্ট কৰিব? A, B নে C? আপোনাৰ, মোৰ পৰা আৰম্ভ কৰি সকলোৰে কমেণ্টৰ ওপৰত ভিত্তি কৰিয়েই নিৰ্ধাৰিত হ'ব এই দেশৰ ভৱিষ্যতৰ ইতিহাস। শেষত আমি সকলোৱে মনত ৰখা উচিত যে ইতিহাসক সদায় ইতিহাস হৈয়েই থাকিবলৈ দিয়া উচিত। ইতিহাসক ধ্বংসৰ চেষ্টা কৰা অথবা ইতিহাসৰ পুনৰাবৃত্তিৰ চেষ্টা চলোৱা এই দুয়োটাই হৈছে মানৱ সভ্যতাৰ প্ৰগতিৰ প্ৰধান অন্তৰায়।