/asomiyapratidin/media/media_files/2025/09/27/ap-for-web-new-bikhekh-lekha-2025-09-27-13-53-55.jpg)
মৃদুল কুমাৰ সন্দিকৈ
জুবিন গাৰ্গৰ ছিংগাপুৰত মৃত্যুৰ পাছত যিবোৰ খবৰ আৰু উপ-কাহিনী পোহৰলৈ আহিছে, সেইবোৰে মানুহক অবাক কৰি তুলিছে। বেছিভাগ খবৰেই দেখা পোৱা গৈছে এখন অন্ধকাৰ পৃথিৱীত অভিজাত লোকৰ দ্বাৰাই সংঘটিত দুষ্ককৰ্মৰ খবৰ।
মূল অভিযুক্ত শ্যামকানু মহন্ত ক’ত সেয়া আৰক্ষীয়ে নিশ্চয় জানে বা খবৰ লৈছে। ছিংগাপুৰৰ পৰা ঘূৰি অহা শ্যামকানু মহন্তই নিজৰ মাধ্যমৰ একাউণ্টৰ পৰা ২৫ ছেপ্তেম্বৰ ২০২৫ ত এটা ভিডিঅ’ৰ যোগে স্পষ্টিকৰণ দিছিল।
এই স্পষ্টিকৰণত শ্যামকানুৱে নিজকে নিৰ্দোষী সজাবলৈ চেষ্টা কৰিলেও মানুহে তেওঁৰ কথাবোৰ বিশ্বাসত লোৱা নাই। সম্ভৱতঃ সামাজিক মাধ্যমত কোনেও এনেদৰে ৰোষৰ বলি হোৱা উদাহৰণ বিৰল। ২৭ ছেপ্তেম্বৰলৈকে কেৱল তেওঁৰ একাউণ্টত থকা এই ভিডিঅ’ত ৩৮ হাজাৰ ৮০০ তকৈ অধিক লোকে গালি বৰ্ষণ কৰিছে।
তেওঁৰ একাউণ্টৰ পৰা প্ৰায় ২৭০০ লোকে শ্বেয়াৰ কৰিছে এই ভিডিঅ’। সকলো মিলাই তেওঁক ৫ লক্ষ্যাধিক লোকে কেৱল ফেচবুকতেই জুবিনৰ মৃত্যুৰ বাবে জগৰীয়া কৰি গালিৰ বৰষুণ এৰিছে।
ইফালে নিমাতে থকাৰ পাছত অভিমন্যু তালুকদাৰে স্বীকাৰ কৰিছে সেই দ্বীপটোলৈ যোৱাৰ পূৰ্বে জুবিন গাৰ্গ আৰু তেওঁ তথা ছিংগাপুৰ অসমীয়া সমাজৰ কেইজনমান লোকে পাৰ্টি কৰিছিল।
ছিংগাপুৰত থকা তন্ময় নামৰ লোক এজনে এই পাৰ্টিৰ আয়োজন কৰিছিল। সেয়া এটা ব্যক্তিগত পাৰ্টি আছিল বুলি অভিমন্যু তালুকদাৰে। পাৰ্টিৰ কথা ভালদৰে জানিছিল শ্যামকানুৱে।
অভিমন্যু তালুকদাৰে দাবী কৰা মতে তন্ময়ক জুবিন গাৰ্গক বেছি সুৰা সেৱন কৰিবলৈ নিদিবৰ বাবে কৈছিল। অৰ্থাত এই সমগ্ৰ কথা শ্যামকানু জ্ঞাতসাৰেই হৈছিল। এতিয়া শ্যামকানুৱে তেনেবোৰ কথা অস্বীকাৰ কৰি তেওঁৰ অজ্ঞাতেই পাৰ্টি আৰু য়টত সাগৰত ফুৰিবলৈ যোৱা বুলি স্পষ্টিকৰণ দিছে।
অনুৰূপ ধৰণে জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই আত্মগোপন কৰি ২৬ ছেপ্তেম্বৰ ২০২৫ ত ফেচবুক যোগে এক লিখিত স্পষ্টিকৰণ দি নিজক নিৰ্দোষী বুলি দাবী কৰিছে। কোনো দোষীয়ে নিজক কেতিয়াও দোষী বুলি নাভাবে।
আত্মপক্ষক সমৰ্থন কৰাৰ সেই সুযোগ আত্মগোপন কৰিও সিদ্ধাৰ্থ, শ্যামকানুহঁতে লৈ আছে। ইফালে আগতীয়া জামিনৰ বাবে শ্যামাকনু মহন্তই চেষ্টা কৰা বুলিও খবৰ বিয়পি পৰিছে।
উচ্চতম ন্যায়ালয়ত অগ্ৰিম জামিনৰ আবেদন দাখিলৰ বাবে এজন অধিবক্তাক যোগাযোগ কৰা বুলি খবৰ ওলাইছে। ল ফাৰ্ম অবিনাশ চাৰন এণ্ড কোম্পানীৰ অধিবক্তা অনিতা চাৰনৰ জৰিয়তে এই জামিন আবেদনৰ বাবে কেছ ডায়েৰীও সংগ্ৰহ কৰা বুলি প্ৰচাৰিত খবৰৰ ভিত্তিত যোগাযোগ কৰা হৈছিল অমিত চাৰনৰ সৈতে।
উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে জনালে তেওঁ তেনে কোনো গোচৰৰ সংক্ৰান্তত কোনো অগ্ৰিম জামিনৰ আবেদন কৰা নাই। ইফালে পূজাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয় ১২ অক্টোবৰ ২০২৫ লৈকে বন্ধ থাকিব।
দিছপুৰৰ পৰা কঠোৰ নিৰ্দেশ দিয়া হৈছে যাতে এই গোচৰত খোদ ৰাজ্যৰ মহাধিবক্তাগৰাকীয়ে আইনী যুঁজত নামে। জুবিনৰ মৃত্যুৰ সঠিক তথ্য বিচাৰি জুবিন অনুৰাগীসকল সৰৱ হৈ আছে। আজি চি আই ডিয়ে নিশিতা গোস্বামী, শেখৰ জ্যোতি গোস্বামী আৰু অমৃত প্ৰভা মহন্তক ঘটনাৰ সন্দৰ্ভত সোধ-পোচ কৰিছে।
দেখা পোৱা গৈছে আৰক্ষীয়ে বা তদন্তকাৰী গোটে শ্যামকানু মহন্ত বা সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰা নাই। আইন শৃংখলাজনিত পৰিস্থিতিৰ বাবে পৰিকল্পিতভাৱে আৰক্ষী, প্ৰশাসনে নিশ্চয় কিবা এক পৰিকল্পনা কৰি থৈছে।
সেই কথা বুজিও আন কিছু ঘটনা প্ৰবাহে জুবিন অনুৰাগীসকলক কিন্তু অধিক ক্ষোভিত কৰাই নহয়, সাধাৰণ লোকেও কিছু কৰ্ম-কাণ্ডক গৰিহণা দিছে। বিশেষকৈ আৰক্ষীয়ে এই পৰিস্থিতি লাঠিৰ কোব আৰু কাৰোবাক জেলত ভৰাই নিয়ন্ত্ৰণ কৰিব পাৰিম বুলি ভাবিছে যদিও অনাগত দিনত বিপদজনক হৈ পৰাৰ সম্ভাৱনা আছে।
জুবিনৰ মৃত্যুৰ নামত উদ্ভণ্ডালী কোনেও কৰিব নালাগে। একেদৰে জুবিনৰ মৃত্যুৰ ন্যায় বিচাৰি কোনোবাই প্ৰতিবাদ সাব্যস্ত কৰিলে লাঠিৰ কোব দি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব বিচৰাতো আৰু তেনে প্ৰতিবাদ কৰিব নোৱাৰিব বুলি দিয়া বাধাই জুবিন অনুৰাগীসকলক ব্যথিত কৰি তুলিছে।
হয়তো সময়ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক তদন্তকাৰী গোটে গ্ৰেপ্তাৰ কৰিব আৰু তেওঁলোকক সুৰক্ষিত স্থানত ৰখাই থ’ব। জুবিনৰ মৃত্যুৰ আজি ৯ দিন হ’ল।
প্ৰথম দিনৰ পৰাই জনতাই এই মৃত্যুৰ বাবে দায়ী বুলি যিসকললৈ অভিযোগৰ আঙুলি উঠাইছে তেওঁলোকক মাতি জেৰা বা আটক কৰিব নোৱাৰাতো সময় অতিবাহিত হোৱাৰ লগে লগে এক ব্যৰ্থতালৈ পৰিণত হৈছে।
সেই বোৰৰ মাজতেই এচামে এনে অপৰাধীসকলৰ আন কিছু কৰ্মকাণ্ড ফাদিল কৰি দিছে। তেনেদৰেই ফাদিল হৈছিল শ্যামাকানু মহন্তৰ কিছু আপত্তিজনক ফটো। অসমৰ এগৰাকী মডেলৰ সৈতে হোৱা সেয়া দুৰ্ভাগ্যজনক ঘটনা আছিল।
তথ্য অনুসৰি শ্যামকানু মহন্তক সেই মডেলগৰাকীয়ে এনে আচৰণ কৰাৰ কথা এজন গায়কক জনাইছিল। সেই গায়কজনৰ সৈতে পতা কথা-বতৰাত মডেলগৰাকীয়ে এই কথাবোৰ ৰাজহুৱা হোৱাতো বিচৰা নাছিল।
ছমাহৰ পূৰ্বেই এই সংক্ৰান্তত এক গোচৰ দিয়াৰ বাবে গুণাগথা চলিছিল। উদ্যোগ লৈছিল সেই গায়কজনে। জুবিনৰ মৃত্যুৰ পাছত শ্যামকানু মহন্তক আৰু উদঙাই দিয়াৰ সুযোগ লৈ এই গায়কগৰাকীয়ে সমস্ত তথ্য সংবাদ মাধ্যমৰ হাতত তুলি দিয়া বুলি এক সুত্ৰত প্ৰকাশ।
এইবোৰ উপ-কাহিনীৰ বাবে নিস্তেজ হৈ পৰিব নেকি জুবিন গাৰ্গ হত্যাৰ প্ৰকৃত সত্য উন্মোচনৰ বাবে আৰম্ভ কৰা তদন্ত বা অনুসন্ধান? আৰক্ষীয়ে ঢুকি পাবগৈ নে ছিংগাপুৰৰ সেই সকল প্ৰবাসী অসমীয়াক? যিসকল এই ঘটনাৰ জীয়া সাক্ষী হৈ আছে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো ৰাইজ আস্বস্ত হ’ব পৰাকৈ এই তদন্ত প্ৰক্ৰিয়াক আগুৱাই নিয়াৰ ক্ষেত্ৰত সজাগ সচেতন হোৱাতো প্ৰয়োজন। কেৱল জুবিন গাৰ্গৰ অনুৰাগীৰ ওপৰত লাঠি চলাই, কাৰোবাক জেলত ভৰাই জুবিন গাৰ্গক আৰু তেওঁৰ লাখ লাখ অনুৰাগীক ন্যায় দিব নোৱাৰে। যিটো হ’ব জুবিনৰ মৃত্যুৰ পাছতো জুবিনৰ প্ৰতি চৰম অন্যায়।