বন্ধু পবিত্ৰৰ সৈতে জুবিনে পতা কথাবোৰ...

মোৰ বাবে জুবিনৰ জীৱন সলনি হৈ নাযায়। মই মাত্ৰ তেওঁৰ স্বাস্থ্যৰ যতন নিয়মিত লম। যি মগজুৰ পৰা গীতৰ সৃষ্টি হ’ব, সেই মগজু স্বাস্থ্যৰ ভিতৰতে পৰে, ময়ো তেওঁৰ প্ৰতিভাৰ অনুৰাগী। 

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-09-25 at 12.05.46 PM

মৃদুল কুমাৰ সন্দিকৈ


তেতিয়া জুবিন আছিল গভীৰ দুখত। এক মুহূৰ্তৰ আগলৈকে হাঁহি থকা জুবিন গাৰ্গৰ বুকুলৈ খহি আহিছিল দুখৰ পাহাৰ। সেই দৃশ্য বৰ্ণনা কৰিছিল তেওঁৰে এজন সুহৃদে। লিখিছিল- কেনে আছা জুবিন? –এক মুহূৰ্তৰ আগলৈকে হাঁহি মাতি থকা মৰমৰ ভনীয়েক জংকীক দুৰ্ঘটনাগ্ৰস্ত গাড়ীখনৰ পৰা উলিয়াই দুহাতেৰে দাঙি বাউলৰ দৰে চিঞঁৰি আছিল জুবিনে। 

জুবিনৰ কথা সেইদিনা লিখিছিল তেওঁৰে এজন পৰম বন্ধুৱে। সেই লেখাৰ শিৰোনাম আছিল- ‘কেনে আছে জুবিন?’ গৰিমাৰ সান্নিধ্যত নতুন জীৱনৰ পাতনি মেলা জুবিন গাৰ্গৰ বিষয়ে লেখা এটা ২৩ বছৰৰ পুৰণি লেখা।
 
সহায়ৰ বাবে জুবিনে এনেদৰে চিঞৰিছিল সেইদিনা। মুমূৰ্ষ জংকীৰ যন্ত্ৰণাকাতৰ দেহটো লৈ কাষেৰে পাৰ হৈ যোৱা অচিনাকী গাড়ীবোৰৰ আৰোহী নিৰুদ্বেগ মুখবোৰলৈ চাই কাতৰ ভাৱে কৈছিল- ‘আমাক লৈ বলক’।

কেইবাখনো গাড়ীয়ে সহাৰি দিয়া নাছিল। অৱশেষত এখন গাড়ীত উঠাই কোলাত আলফুলে জংকীক লৈ তেওঁ চিকিৎসালয়লৈ বুলি ঢাপলি মেলিছিল। সেই লেখাত এই কথাবোৰেই বৰ্ণনা আছিল- সমস্ত আশাৰে বিচাৰিছিল একো নহওঁক তাইৰ। অন্ততঃ তাই জীয়াই থাকক। 

পিছে ককায়েকক মাত নিদিয়াকৈ, নুসুধাকৈ তাই গুছি গৈছিল। স্তব্ধ হৈ পৰিছিল জুবিন। মৃত্যুক হেনো ইমান কাষৰ পৰা আগেয়ে দেখা নাছিল। অস্থিৰ হৈ পৰিছিল তেওঁ। দুপৰ নিশালৈকে নিশ্চুপ হৈ বহি থাকে নৱগ্ৰহ শ্মশানত। 

অতি ওচৰৰ পৰা জুবিনক পোৱা অন্যতম বন্ধুৰ ভিতৰত আছিল তেৱোঁ আছিল অন্যতম আৰু বিশেষ। তেওঁ সেই দিনবোৰৰ কথা বৰ্ণনা কৰি লিখিছিল- দিনে, নিশাই ডিজি মিউজিকৰ ষ্টুডিঅ’ৰ ৰেকৰ্ডিং ৰুমত সোমাই মাথো কীবৰ্ডত আঙুলি বোলাই। হাঁহি নাই, চকুলো নাই...। 

এনে দুখৰ সময় আছিল জুবিনৰ সেয়া। কিয়নো বহু গানৰ প্ৰথম শ্ৰুতা, প্ৰথম সমালোচক প্ৰতিটো সময়ত ছাঁৰ দৰে থকা জংকী আৰু জয়ন্তৰ অকাল বিয়োগত একেবাৰে মৌন হৈ পৰিছিল  জুবিন। 

গুণগুণাব খুজিলেও ক’ৰবাত সুৰবোৰ ৰৈ যায়। চৌপাশৰ শুভাকাংক্ষীসকলৰ মনত ভয় হৈছিল জুবিনে কিছু সময়ৰ বাবে জিৰণি ল’ব নেকি? পিছে নহয়, ওচৰা ওচৰিকৈ অহা তিনিটা ভয়াৱহ মৃত্যুৱেও গানৰ জগতখনত জুবিনৰ যাত্ৰা ৰোধিব নোৱাৰিলে। 

পুনৰ তেওঁ নিমগ্ন হ’ল সৃষ্টিত। বৰ্তমান তেওঁ ব্যস্ত ‘দেহমন’ আৰু ‘শিশু’ দুটা একক কণ্ঠৰ শ্ৰব্য কেছেট নিৰ্মাণত- এই লেখাটোত এনেদৰে বৰ্ণনা কৰা হৈছিল জুবিন গাৰ্গৰ সেই সময়ৰ কথা। 

মানুহে তেতিয়া জুবিনে জানিব খুজিছিল কুশলে আছেনে জুবিন?  সেয়ে হয়তো তেওঁ এই লেখাটো লিখিছি, জুবিনৰ সৈতে কথা পাতিছিল। অকলশৰীয়া হৈ পৰা জুবিনে কিছুদিনৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল। যাযাবৰী জীৱন কটাই ভাল পোৱা, ব্যাকৰণবিহীন বিহীন নিশাৰ জীৱন কটোৱা জুবিনৰ মনৰ কথা জানিব খুজিছিল তেওঁ। 

জনপ্ৰিয় সপ্তাহিক কাকত সাদিনৰ বাবে এই সাক্ষাতকাৰমূলক লেখা প্ৰস্তুত কৰা হৈছিল। য’ত প্ৰথমটো প্ৰশ্নই জুবিনৰ প্ৰতি আছিল- তোমাক জনা বহুতেই জানে তোমাৰ দিনপঞ্জীখন আৰু তোমাৰ কাম কৰাৰ ধৰণ বৰ আচহুৱা। সেইদিনালৈকে বহেমিয়ানৰ দৰে দিবানিশে গানৰ সৈতে জীৱন উদযাপন কৰি আছিলা। এতিয়া তুমি গৰিমাৰ সৈতে সংসাৰৰ পাকত বন্দী। তুমি মানুহটো সলনি হৈ যাবা নেকি?

এই প্ৰশ্নৰ উত্তৰত জুবিনে কৈছিল- বিবাহৰ পূৰ্বে মোৰ কামৰ উৎপাতত বহু কথাত মনোযোগ দিব পৰা নাছিলো। বহু ভুল কৰিছিলো। ঘৰত সময় দিব পৰা নাছিলো। ৰাতি ৰাতি নুশুৱাকৈ কাম কৰিছিলো, য’তেই ৰাতি হয় তাতেই শুই দিছিলো, গছৰ তলত নিশা কটোৱাৰো উদাহৰণ আছে। মই বৰ অস্থিৰ আছিলো। মানুহৰ প্ৰতি মোৰ গভীৰ ভালপোৱা আছে সেই ভালপোৱাই মোক খেদি লৈ ফুৰিছিল অ’ৰ পৰা ত’লৈ।

প্ৰথম প্ৰশ্নটোৰ উত্তৰ সেইদিনা যথেষ্ট দীঘলীয়াকৈ দিছিল জুবিনে। কৈ গৈছিল তেওঁ- বিভিন্ন মানুহৰ দুখত সমভাগী হৈ মই ভাল পাইছিলো। প্ৰকৃতিৰ এটা উপাদান মোৰ অঘৰী জীৱনত। এতিয়া হয়তো বহুত কথা জুখি-মাখি চলিব লাগিব। মই নিশাৰ জীৱনৰ প্ৰেমিক। ৰাতি কাম কৰি, সৃষ্টি কৰি ভাল পাওঁ। এতিয়াও মই ৰাতি সাৰে থাকিম। কাম কৰি যাম। এতিয়া হয়তো সময়তো অলপ ইফাল-সিফাল কৰিব লাগিব। গোটেই ৰাতি কাম কৰি দিনৰ ৩ বজালৈ শুই থকা অভ্যাসটো সলাব লাগিব। 

সেই সাক্ষাতকাৰতে বন্ধুক কৈছিল মৃত্যু নোহোৱালৈকে তেওঁৰ সৃষ্টিৰ মৃত্যু নহয় বুলি। অসম আৰু অসমৰ মানুহৰ বাবে বহু কাম কৰিবলৈ আছে বুলি জনাইছিল। অতীত তেওঁৰ কাৰণে হেনো দৰকাৰী নহয়। ভৱিষ্যতকো তেওঁ নেদেখে। বৰ্তমানকহে তেওঁ কামত লগাব চেষ্টা কৰে। 

ভগ্নী জংকীৰ কথা সোঁৱৰি তেওঁ আৱেগিক হৈছিল- এতিয়া মোৰ মনত দুটা কথাৰ প্ৰচণ্ড প্ৰভাৱ পৰিছে এক জংকী আৰু জয়ন্তৰ মৃত্যু। সিহঁত মোৰ সোঁহাত আৰু বাওঁহাত আছিল। জীৱনত প্ৰথম ইমান অসহায়বোধ কৰিছো। কিন্তু মই জানো মই ইয়াক পাৰ কৰি যাম। জংকীৰ গাত মোৰ আধাতকৈ বেছি প্ৰতিভা আছিল। এতিয়া তাইৰ সপোন বিলাক মোৰ জীৱনলৈ বহু আশা লৈ আহিছে। মই ভাবো আমাৰ দুয়োৰে মাজেদিয়েই নতুন ইতিহাসে গঢ় ল’ব। 

গৰিমাৰ কথা কৈছিল জুবিনে কৈছিল এইদৰে- গৰিমাৰ সহযোগত মোৰ আকৌ নতুন জন্ম হ’ব। অসমে আৰু দহটা জুবিন মোৰ মাজত দেখিব। গান আৰু সংসাৰৰ কথা ওলাইছিল সেই বাৰ্তালাপত। কেনেকেদৰে চলাই নিব গান আৰু সংসাৰক? সুধিছিল সেইদিনা তেওঁক তেওঁৰ বন্ধুৱে। 

জুবিনে এই প্ৰশ্নৰ উত্তৰ বৰ ছুটিকৈয়ে দিছিল যদিও তাত বিশ্বাস আৰু আস্থা সকলো লুকাই আছিল। উত্তৰত জুবিনে কৈছিল- সংগীত জীৱনত গৰিমাৰ প্ৰভাৱ বহু আগৰে পৰাই আছে। নহলে মই তাইক ভাল পাবই নোৱাৰিলোহেতেন। তাই মোক বুজি পাই, সংগীতক বহুত ভাল পাই (নিজেই গান নাগাই যদিও) ঘৰুৱা কথাত সৰু ভণ্টী মমন, দেউতা সকলোৱে মোক সহায় কৰে। মই ভাবো সকলো সুন্দৰকৈ চলাই যাব পাৰিম। মানুহৰ মৰমতো আছেই। 

সাংসাৰিক জীৱন! স্বামী জুবিন! মানুহজন কেনে হ’ব? এই সাক্ষাতৰাকটোতেই সুধা হৈছিল তেওঁক- সাংসাৰিক জুবিন জন কেনে হ’ব?  জুবিনৰ চিধা উত্তৰ আছিল- বজাৰ-সমাৰ কৰি ৰাতি ১০ টা বজাত ভাত খাই শুই থকা মানুহ মই কেতিয়াও হ’ব নোৱাৰো। তাত একো নতুনত্ব নাই। কেতিয়াবা এদিন হয়তো ভাল লাগিব। ৰাতি ২ টা বজালৈকে মই কাম কৰিবই লাগিব। সংগীত সদায় মোৰ কাৰণে প্ৰথম। মই কৰ্মত বিশ্বাস কৰো। ধৰ্ম, ঈশ্বৰ একোতে বিশ্বাস নকৰো। হয়তো মই অজ্ঞেয়বাদী। 

জুবিন মানেই মানুহ পাগল। জুবিন মানেই বহু যুৱতী হৈ পৰে উত্ৰাৱল। নিজৰ কৰি পাব বিচাৰিছিল জুবিনক বহু যুৱতীয়ে। কিন্তু গৰিমাকে কিয় জুবিনে বাচি ল’লে জীৱন সংগীৰ ৰূপত। কি গুণ আছিল গৰিমাৰ? 

এই প্ৰশ্নৰ উত্তৰত জুবিনে সেইদিনা কোৱা কথা কেইটা আছিল- মই মানুহটো পানীৰ নিচিনা। যিকোনো পাত্ৰত যিকোনো আকাৰ ল’ব পাৰো। মোক ধৰি ৰখাটো বৰ টান। মই সদায় উৰিব বিচাৰো। মই ভাবো গৰিমাৰ মাজত এনে কিছুমান গুণ আছে যাৰ কাৰণে ইমান বছৰে মই তাইৰ ওচৰতেই বান্ধ খাই থাকিলো। 

প্ৰধান কথা হ’ল তাই মোক চাব জানে আৰু মোৰ ভুলটো আঙুলিয়াই দিব পাৰে। তাইৰ বাহিৰে মোৰ সন্মুখত কোনেও মুখ খুলি কথা ক’ব নোৱাৰে। 

বন্ধু মানুহ, মুকলিকৈ পাতিছিল সেইদিনা কথা। সুধিছিল বিয়াৰ পাছত নাৰীৰ মাজত জনপ্ৰিয় জুবিনৰ জনপ্ৰিয়তা আৰু গ্লেমাৰ কমি যাব নেকি? জুবিন চিন্তিত নাছিল ইয়াক লৈ। উত্তৰ দিছিল বন্ধুক এইদৰে- গ্লেমাৰ কি বস্তু মই নাজানো। মানুহে ভাল পাই কাৰণে ভাল লাগে। জংকী, জয়ন্তৰ মৃত্যুৰ পাছত অনুভৱ কৰিছো জীৱনটোত বেছিভাগ কথাই অৰ্থহীন। অকল ভাল কামেহে পৃথিৱীখন সুন্দৰ হোৱাত সহায় কৰে। কাম সদায় থাকি যায়। নাম, টকা সকলো অৰ্থহীন। 

নাৰীৰ মাজত বিশেষভাৱে জুবিন জনপ্ৰিয় হোৱাৰ কথা জুবিনে অনুভৱ কৰিছিল। কেৱল নাৰীয়েই নহয়, সকলোৰে প্ৰিয় আছিল তেওঁ। মৃত্যুৰ পাছতো বহুতে উপলব্ধি কৰিছে কিয় জুবিনৰ ফেন নহ’ল বুলি? জুবিনৰ মতে- নাৰীৰ মাজত মই জনপ্ৰিয় হোৱাৰ কাৰণ হয়তো মোৰ গীত গোৱাৰ ষ্টাইল, গীতৰ কথা আৰু মোৰ গীতৰ অনুভৱৰ গভীৰতা। 

মই প্ৰথম যেতিয়া উলাইছিলো, চেষ্টা কৰিছিলো মোৰ প্ৰজন্মটোৰ চেণ্টিমেনটেক লৈ মোৰ গীতত খেলিবলৈ। কিন্তু সুসংযত ৰূপত। মই তাত সফল হৈছিলো। এতিয়া মোৰ পৰিসৰ বাঢ়িছে। মোৰ গীতৰ পৰিধিয়ে এতিয়া শিশুৰ পৰা আৰম্ভ কৰি বৃদ্ধলৈকে চুইছেগৈ। মই আলচতে এইটোৱেই বিচাৰিছিলো। মাত্ৰ কামটো কৰোঁতে কম সময় লৈছো। মোৰ আৰু বহুত কবলগীয়া আছে মানুহক। মই ভাবো বিবাহৰ পাছতো মোক মানুহে একেদৰেই পাব। 

সপোন দেখেনে জুবিনে? অসমক লৈ তেওঁ কি সপোন দেখে?  অসমৰ কাৰণে হেনো জুবিনৰ চিন্তা। কৈ গৈছিল জুবিনে সেইদিনা- অসমৰ কাৰণে মোৰ সদায় চিন্তা। সেই কাৰণে মুম্বাইত বেছি দিন থাকিব নোৱাৰো। মই সাংস্কৃতিক প্ৰতিনিধি হিচাপে মোৰ কৰ্তব্য সদায় কৰি যাম। সংগীতৰ মহাসভাৰ যোগেদি বৰ অসমখন আকৌ একেলগ কৰাৰ প্ৰচেষ্টা হাতত লৈছো। মোৰ জীৱনটো অসমৰ দান, ই অসমৰ মাজতেই, অসমৰ বাবেই যুদ্ধ কৰি কৰি শেষ হ’ব। 

এয়াই হ’ল। এয়াই কৰি দেখুৱালে জুবিনে। অসমৰ সীংগত জগতক লৈ আৰু নতুন সকলক লৈ তেওঁৰ আছিল এক ইতিবাচক ধাৰণা- মোৰ সংগীত সদায় উৰ্ধ্বমুখী। নতুন ধৰণৰ গায়ক, গায়িকা, সুৰকাৰ মোক লাগে, যাতে আৰু বেলেগ ধৰণৰ কাম মই কৰিব পাৰো। সংগীত পৰিচালক হিচাপে ইয়াৰ প্ৰয়োজনীয়তা মই বোধ কৰিছো। কম হওঁক, কিন্তু ভাল কাম হওঁক। লোক সংগীতৰ জগতখন ভালেই দেখিছো। ই যথেষ্ট ফকাচলৈ আহিছে। অসমৰ বেছিভাগ সংগীতৰ লগত মই জড়িত। কিন্তপ কেতিয়াবা মোৰ অকলশৰীয়া বোধ হয়। মই আশাবাদী, নতুন প্ৰজন্মই আমাক আৰু শিল্পী দিব, জুবিনতকৈ ভাল শিল্পী। 

জুবিনৰ সৈতে সাধাৰণ লোকৰ যোগাযোগৰ একমাত্ৰ মাধ্যম সংগীত আৰু মঞ্চ। কিন্তু বাটেদি যোৱা সাধাৰণ মানুহ এজনক দেখিলে তেওঁ হেনো মনত ভাৱ হয় সেই মানুহজনৰ মাজত তেওঁ আছে- সেই সাধাৰণ মানুহজনৰ মাজত মই নিজকে বিচাৰি পাওঁ। কাৰণ সেই মানুহজন মই কেতিয়াবাই এৰি থৈ আহিছো। সংগীত আৰু গ্লেমাৰৰ মাজত বস্তু দুটাই মোৰ মাজত জন্ম দিছে এটা এলিয়েনৰ। 

জংকীৰ মৃত্যুৱে তেওঁক মৃত্যুৰ সম্পৰ্কে এক ধাৰণা দিছে। সুধিছিল বন্ধুৱে মৃত্যু সম্পৰ্কীয় এটা প্ৰশ্ন। মৃত্যুক তুমি ভয় কৰা নেকি? জুবিনৰ উত্তৰ আছিল- জংকীৰ মৃত্যু মোৰ কোলাতেই হৈছিল। তাইক মই দাঙি আনি চুমু এখন উঠাই লৈ গৈছিলো হাস্পতালৰ ফালে। ৰাস্তাতেই তাই শেষ নিশ্বাস ত্যাগ কৰিলে মোৰ হাতত। আকৌ এবাৰ মই হাৰিবলগা হ’ল। নাজানো কাৰ হাতত? তাইৰ মৃত্যু দেখি জীৱনত প্ৰথম ভয় খাইছিলো, কপিছিলো। বহু কঠিন পৰিস্থিতিতো মই সদায় অটল থকাৰ অভ্যাস আছে। কিন্ত সেইদিনা মই সম্পূৰ্ণৰূপে নিঃসহায় হৈ পৰিছিলো। 

জংকীক লৈ মই বৰ আশাবাদী আছিলো। মোৰ সপোন আৰু তাইৰ সপোন সদায় একাকাৰ হৈ আছিল। মই দেখা ছোৱালীৰ ভিতৰত তাই আছিল এজনী অসাধাৰণ আৰু সুন্দৰ। যাৰ উপমা নাই। মই ভাবো তাইৰ মৃত্যুত মোতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে মোৰ অসমবাসী। 

মৃত্যুৰ মুখৰ পৰা মই কেইবাবাৰো বাচিছো। মৃত্যুৰ ভয় মোৰ নাই। কিন্তু কেতিয়াবা নমৰিব লগীয়া মানুহ বেয়াকৈ মৰিলে মোৰ কণ্ঠ ৰুদ্ধ হয়। নিজকে পুতলা যেন লাগে। জীৱনৰ যাত্ৰাত ঘাট-প্ৰতিঘাত থাকেই, কিন্তু যগি ঈশ্বৰে অন্যায় কৰে মই তাৰ লগতো যুঁজিবলৈ প্ৰস্তুত। এটা কথা বুজিছো জীৱনৰ শেষ পৰিণতি ধূলিৰ বাহিৰে আন একো নহয়। বাকী সকলো অৰ্থহীন। 

কেনে আছে এই জুবিনৰ এই কথাবোৰ সামৰা হৈছিল। জুবিনে কৈছিল সম্পূৰ্ণ সুস্থ তেওঁ- মই সম্পূৰ্ণ সুস্থ, মই আগতেই কৈছো ইউকেলিপটাছ গছৰ দৰে ওখ হ’ব খোজো মই। মোৰ জীৱনটো ৰাইজৰ বাবে। মোৰ ব্যক্তিগত দুখ, ঘাট-প্ৰতিঘাতে মোৰ সৃষ্টিক কেতিয়াও বাধা জন্মাব নোৱাৰে। সংগীতত বহিলেই মই পাহৰি যাওঁ মই কি হেৰুৱাইছো, কি পাইছে। Life is a big lemon with a drop of sweetness inside। 

গৰিমাও আছিল কাষত সুধিছিল গৰিমাকো এটা প্ৰশ্ন। স্বামী নে প্ৰেমিক ৰূপত বিচাৰে গৰিমাই জুবিনক? নবিবাহিতা আছিল গৰিমা। গৰিমাৰ উত্তৰ আছিল সেইদিনা- জুবিনৰ ভাল-বেয়া সকলো মিলি হোৱা স্বভাৱটোৰ বাবেই মই জুবিনৰ প্ৰেমত পৰিছিলো। জুবিনৰ গীতৰ মই শ্ৰোতা। জুবিন কেৱল মোৰ নহয়, তেওঁৰ ওপৰত অধিকাৰ আছে তেওঁৰ শ্ৰোতাৰ। মই মোৰ প্ৰয়োজনত তেওঁক বান্ধি ৰাখিব নোখোজো। যুৱতীসকলৰ মাজত জুবিন জনপ্ৰিয়। বিবাহৰ পাছত সেই জনপ্ৰিয়তা থাকিব নে? 

এই প্ৰশ্নৰ উত্তৰত গৰিমাই কৈছিল, প্ৰতিভা নাথাকিলে কোনো জনপ্ৰিয় হ’ব নোৱাৰে। বহু প্ৰিয় মানুহ সংসাৰি। তেওঁলোকৰ যোগ্যতা আৰু প্ৰতিভা থকালৈকে জনপ্ৰিয় হৈ থাকে। জুবিনৰ ক্ষেত্ৰতো সেয়াই হ’ব। মোৰ বাবে জুবিনৰ জীৱন সলনি হৈ নাযায়। মই মাত্ৰ তেওঁৰ স্বাস্থ্যৰ যতন নিয়মিত লম। কাৰণ যি মগজুৰ পৰা গীতৰ সৃষ্টি হ’ব, সেই মগজু স্বাস্থ্যৰ ভিতৰতে পৰে, ময়ো তেওঁৰ প্ৰতিভাৰ অনুৰাগী। 

জুবিনৰ সৈতে সেইদিনা গভীৰ একাত্মতাৰে এইবোৰ কথা পতা মানুহজন আছিল পবিত্ৰ মাৰ্ঘেৰিটা। বৰ্তমানৰ কেন্দ্ৰীয়  বিদেশ ৰাজ্যিক মন্ত্ৰীগৰাকী। একেখন বিচনাতে ১০ বছৰ শুৱা আৰু শেষযাত্ৰাত জুবিনৰ কাষত ছাঁটোৰ দৰে লাগি থকা বন্ধু পবিত্ৰৰ আগত প্ৰাণখুলি জুবিনে কৈছিল মনৰ কথা। 

জুবিন গাৰ্গ গৰিমা শইকীয়া গাৰ্গ পবিত্ৰ মাৰ্ঘেৰিটা