জুবিন হৈ ৰ’ল কেৱল মনোৰঞ্জনৰ এক মাধ্যমঃ নহ'ল সৃষ্টিৰাজিৰ বিশ্লেষণ...

জুবিন ৰূপান্তৰৰ শিল্পী। এই কথা সহজে ল’ব পৰা নাছিল বহুতেই। সেয়ে তেওঁৰ সৃষ্টিক সমালোচকে উপেক্ষা কৰিছিল। কেৱল বিতৰ্কৰ সময়ত জুবিনক সমালোচনা কৰাই যেন সমালোচকৰ মূল কাম আছিল।

author-image
Asomiya Pratidin
New Update
zubeen 29

তুষাৰ প্ৰতিম

জুবিনৰ মৃত্যুৰ পাছত জুবিন নামৰ সেই সত্ত্বাটোৰ ওপৰত স্বাভাৱিকভাৱেই সৰ্বত্ৰে আলোচনা হৈছে। ১৯ ছেপ্তেম্বৰত ছিংগাপুৰত মৃত্যু হোৱাৰ পাছত ২০ ছেপ্তেম্বৰলৈকে অসমৰ পৰা প্ৰকাশিত প্ৰতিখন কাকততে দৈনিক জুবিন সম্পৰ্কীয় নিবন্ধ, প্ৰবন্ধ আদি প্ৰকাশ পাইছে। 

নকলেও হয়, এই সকলো নিবন্ধ প্ৰবন্ধ আদিত জুবিনৰ সৈতে থকা সম্পৰ্ক, জুবিনৰ সামাজিক, ৰাজনৈতিক স্থিতি, তেওঁৰ জনপ্ৰিয়তাৰ কাৰণ, জুবিনৰ সৃষ্টি, সৰলমনা স্বভাৱ, প্ৰকৃতি, জীৱৰ প্ৰতি থকা টান আদিৰ সন্দৰ্ভতেই অধিক লেখা প্ৰকাশ পাইছে। তাৰ মাজতেই আক্ষেপেৰে একাংশই জুবিনক বৌদ্ধিক মহলে কিদৰে একাষৰীয়া কৰিছিল বা জুবিনক স্বীকাৰ কৰিবলৈ আগ্ৰহ কৰা নাছিল সেই সন্দৰ্ভতো লেখা প্ৰকাশ পাইছে। 

জুবিনৰ মৃত্যুৰ পাছতহে সাহিত্যিক, সম্পাদক ৰীতা চৌধুৰীৰ পডকাষ্টত অসহায়,  ভাগৰুৱা, দাৰ্শনিক জুবিনক আৱিষ্কাৰ কৰিলে। এই পডকাষ্টে জুবিন সন্দৰ্ভত মানুহৰ ধাৰণা সলনি কৰাই নহয়, জুবিনক যন্ত্ৰণলৈ ৰূপান্তৰ কৰাত সাধাৰণ অনুৰাগীৰো কোনোবাখিনিত অৰিহণা থাকিল বুলি অনুভৱ কৰি দুখত ম্ৰিয়মান হৈ পৰাও দেখিবলৈ পোৱা গৈছে। 

কিন্তু এনে বহু লেখাৰ মাজত এতিয়াও জুবিনৰ গীতৰ কথা, সুৰ আৰু তাত ব্যৱহৃহত বাদ্য-যন্ত্ৰৰ বিশ্লেষণাত্মক লেখাৰ অভাৱ অনুভৱ কৰিছে বহুতেই।টেলিভিছন চেনেলতেই হওঁক বা ইউটিউব বা আন সামাজিক প্লেটফৰ্মতেই হওঁক জুবিনৰ সৈতে যিসমূহ ইণ্টাৰভিউ আছে সেই ইণ্টাৰভিউত জুবিনৰ সৈতে গানৰ কথা, সুৰ  আদিৰ বিষয়ে কোনেও সঠিক ভাৱে একো কথাই নাপাতিলে।

পাতিলে কেৱল সমসাময়িক ঘটনাপ্ৰবাহৰ কথাহে। ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক, অৰ্থনৈতিক, ভাষিক আদি সকলো বিষয়ৰ ওপৰত জুবিনৰ পৰা সাংবাদিকে প্ৰশ্নৰ উত্তৰ বিচাৰিলে কিন্তু জুবিনৰ গীতৰ বিষয়ে কোনো কথাই নাপাতিলে।

৯০ ৰ দশকৰ আৰম্ভণিতে পপষ্টাৰ হিচাপে আত্মপ্ৰকাশ কৰা জুবিনৰ ৰকষ্টাৰলৈ হোৱা যাত্ৰা, সংগীতৰ সৈতে চলোৱা সম্পৰীক্ষা, মানুহে এলাগী কৰা লোকসংগীতক নতুন মাত্ৰা প্ৰদানত চলোৱা সম্পৰীক্ষা আদিৰ কথা তেওঁৰ সৈতে কোনেও পাতিবলৈ আহৰিয়েই নাপালে। তেওঁক কেমেৰাৰ সন্মুখত ৰাখি সংগীতৰ বাহিৰে বাকী সকলো কথাই পাতি থাকিলে। এয়া আমাৰ বাবে কম দুৰ্ভাগ্যৰ কথা নহয়। 

আমি সংগীতৰ শ্ৰোতা। সংগীত সম্পৰ্কে আমাৰ জ্ঞান সমীতি। কিন্তু জুবিনৰ গানৰ সকলো দিশৰে বস্তুনিষ্ঠ বিশ্লেষণৰ প্ৰয়োজন আছে সেয়া আমি উপলব্ধি কৰো। 'অনামিকা'ৰ জৰিয়তে অসমৰ সংগীতৰ জগতখনক নতুন ৰূপেৰে সজাই তোলা জুবিনৰ গীতত এনে কি শক্তি আছিল যি শক্তিয়ে তিনিটা দশক ধৰি অসমীয়া শ্ৰোতাক মোহাচ্ছন্ন কৰি ৰাখিছিল তাৰ বিশ্লেষণৰ প্ৰয়োজন আছে। 

জুবিন গাৰ্গৰ নিজৰ সৃষ্টিৰাজিৰ এক সুকীয়া পৰিচয় আছে৷  জুবিনৰ এনে বহু গীত  আছে যি গীতৰ কথা, সুৰ শুনিলেই বুজিবলৈ পাৰি যে সেই গীতটো জুবিন গাৰ্গৰ নিজৰ সৃষ্টি৷ জুবিনৰ গীতত প্ৰেম, বিষাদ, নিংসগতা, বিষন্নতা, প্ৰাপ্তি, প্ৰাপ্তিহীনতা সকলো আছে। তাৰোপৰি জুবিনৰ গানত প্ৰকৃতি, সমাজ, ৰাজনীতি সকলো আছে। সৰ্বহাৰাৰ বাবেও জুবিনে গীতৰ মাধ্যমেৰেই বহু কথা কৈ গৈছে। 

সন্ত্ৰাসবাদৰো বিৰোধিতা, স্বদেশ প্ৰেমৰ কথা জুবিনে গীতৰ মাধ্যমেৰেই কৈ গৈছে। কিন্তু জুবিনক স্বীকাৰ কৰিব নিবিচৰা বৌদ্ধিক মহলে জুবিনৰ সেই গীতৰ কথাৰ প্ৰতি কাহানিও গুৰুত্বই নিদিলে। ‘’শান্তি দিয়া/মুক্তি দিয়/ সোণৰ অসম ৰচিবলে/ সেউজ দিয়া/ শস্য দিয়া/চিৰকাল ফুলিবলে...’’- এইবোৰ গীতৰ সুৰ, কণ্ঠ, সংগীতেই নহয় কথাৰো জুবিনক নিজা সৃষ্টি। 

‘’সোণেৰে সজোৱা পঁজা জহি খহি যায়/ কোনে আজি সাজিবহি পাৰিব দুনাই…’’ এয়া জুবিনৰ নিজা শব্দ। ৯০ ৰ দশকৰ অসমখনক এই গীতৰ মাজেৰেই তুলি ধৰাই নহয়, ক্ষোভো প্ৰকাশ কৰিছিল। “বুঢ়ী আইৰ জুহালতে চকুলো শুকাই/দেউতাৰো একে দশা পদূলিলে’ চাই/বহুদিন হ’ল সৰু বোপাৰ মুখ দেখা নাই/চেনেহীৰ আকাশত আজি জোনতৰা নাই…৷”- ৯০ দশকৰ অসমৰ সমাজ জীৱনক ইয়াতকৈ সুন্দৰকৈ আৰু কেনেকৈ প্ৰকাশ কৰিব পাৰি? 

জুবিনৰ গীতত আশা আছিল। আছিল শূন্যতা, ক্ষোভ, উপলব্ধি। ‘পোহৰৰ চাকি গছি/ জ্বলামেই এদিন জ্বলাম’- এয়া জুবিনৰ আশাবাদৰ গান। ‘’ৰ’দ আজি কেনি পাওঁ/ ৰ’দ আজি কেনি চাওঁ/ খিৰিকি মেলি সমুখত আন্ধাৰহে পাওঁ’’- গীতত আন্ধাৰৰ কথাৰে নিৰাশাৰ কথাকেই কৈছে। নিসংগতাৰ মূৰ্ত প্ৰকাশ ‘ৰ’দ আজি কেনি পাওঁ’ গীতটো। 

জুবিনৰ গীতৰ কথা আৰু শব্দক অধ্যয়ন কৰি তাৰ বিশ্লেষণৰ বাবে সংগীতজ্ঞ হোৱাৰ প্ৰয়োজন নাই যদিও জুবিনৰ গীতৰ সুৰ আৰু তালৰ সন্দৰ্ভত বিশ্লেষণ কৰিবলৈ সংগীত সন্দৰ্ভত লাগিব যথেষ্ট জ্ঞান। জুবিনৰ গীতত শব্দৰ ব্যৱহাৰ যিদৰে চহকী সেইদৰেই অধিক শক্তিশালী গীতৰ সুৰ। এই সন্দৰ্ভত সংগীতৰ জ্ঞান থকাসকলে অধিক আলোচনা কৰাৰ প্ৰয়োজন আছে। 

জুবিনে বহু বাদ্য নিজেই বজাব জানে। তবলাত বিশাৰদ। সেয়ে জুবিনৰ গীতত তেওঁ কিদৰে বাদ্য-যন্ত্ৰৰ ব্যৱহাৰ কৰিছে সেই সন্দৰ্ভতো জানিবলগীয়া বহু কথাই আছে। জুবিনে নিজেই গান গাই, সুৰ কৰে, লিখে, বাদ্য বজাই। জুবিনৰ এনে বহু গান আছে যি গান মুহূৰ্ততে সুৰ কৰি লিখি তাক সংগীতেৰে সজাই তুলিছে। তেওঁ প্ৰথমে সুৰ কৰে তাৰ পাছত সেই মতে শব্দৰে সজাই যায়। 

কিন্তু জুবিনে হীৰেন ভট্টাচাৰ্যৰ পৰা আৰম্ভ কৰি জ্যোতি প্ৰসাদলৈকে এনে বহু কবিৰ কবিতাকো গীতৰ ৰূপ দিছে। এয়া সাধাৰণ কথা নহয়। কবিতাক গীতৰ ৰূপ দিয়াত জুবিন সফল। 'অনামিকা'ৰ দৰে এলবামৰ জৰিয়তে অসমৰ সংগীত জগতখনক সলনি কৰি দিয়া জুবিনক বহুতেই সহজভাৱে ল’ব পৰা নাছিল।

তেওঁৰ গায়ন শৈলীও সমালোচিত হৈছিল। জুবিনৰ মুখেৰে 'অনামিকা' শুনিবলৈ উদ্বাউল হৈ থকা মানুহখিনিয়েই তেওঁৰ মুখৰ পৰা গোৱালপৰীয়া, কামৰূপীয়া লোকগীতো শুনিছিলি। পাৰ্বতী প্ৰসাদ বৰুৱা, আনন্দিৰাম বৰুৱাৰ পৰা জ্যোতি সংগীত, বিষ্ণু সংগীত জুবিনৰ মুখেৰে শুনি ভাল পাইছিল। 

জয়ন্ত হাজৰিকাৰ গান জুবিনে পুনৰ বাণীবদ্ধ কৰাৰ সময়ত তেওঁ সমালোচিত হৈছিল। অথচ জয়ন্ত হাজৰিকাৰ গানো জুবিনৰ কণ্ঠত শুনি মানুহে বেয়া পোৱা নাছিল। এটা নিৰ্দিষ্ট সীমাত বন্দী হৈ থকা বৰগীত জুবিনৰ কণ্ঠত সকলো সময়তে শুনিবলৈ আৰম্ভ কৰিছিল অসমীয়াই। আধুনিক বিহু গীত মানেই জুবিন হৈ পৰিছিল। 

জুবিন ৰূপান্তৰৰ শিল্পী। এই কথা সহজে ল’ব পৰা নাছিল বহুতেই। সেয়ে তেওঁৰ সৃষ্টিক প্ৰায়ে সমালোচকে উপেক্ষা কৰিছিল। কেৱল বিতৰ্কৰ সময়ত জুবিনক সমালোচনা কৰাই যেন এচাম সমালোচকৰ মূল কাম আছিল।

সেয়ে জুবিনৰ পিতৃয়ে তেওঁক লৈ লিখা গ্ৰন্থত জুবিনক প্ৰশংসাৰ সমানে সমালোচনা কৰাৰ বিষয়ত ক’বলৈ গৈ জুবিনে কৈছিল- অসমত ভালকৈ সমালোচনা কৰিবও নাজানে, প্ৰশংসা কৰিবও নাজানে। মই ভালকৈ সমালোচনা কৰিলে ভাল পাওঁ। তিনিটা দশকত জুবিন হৈ ৰ’ল কেৱল মনোৰঞ্জনৰ এক মাধ্যম। জুবিনৰ গীতৰ কথা, সুৰ, তাল, বাদ্যৰ ওপৰত চৰ্চা হোৱা উচিত। জুবিনৰ অবৰ্তমানত তেওঁৰ সৃষ্টিৰ আলোচনাক আগবঢ়াই নিব লাগিব। এই কামৰ বাবে অভিজ্ঞসকলে আগবাঢ়ি আহিব লাগিব।

জুবিন গাৰ্গ