/asomiyapratidin/media/media_files/2026/02/04/thongseeee-2026-02-04-15-01-15.jpeg)
মৃদুল কুমাৰ সন্দিকৈ
জীৱন এনেকুৱাই। যৌৱনৰ বা অবতৰত লাগিলে জীৱন হৈ পৰে শৃংখলিত নেওতাৰ বাহিৰৰ পাক লগা গণিত। কেতিয়া কি হৈ যায় কোনেও নাজানে। সেই সুখে কাৰোবাক সুখী কৰি লৈ চৌদিশে থকা মানুহবোৰ দুখী হৈ কাতৰ যান্ত্ৰনাৰ মাজত ঈশ্বৰক সোধে- কিয় এনে কৰিলা প্ৰভূ তুমি?
চকুপানীৰে বাট নেদেখা হোৱা ওচৰৰ মানুহবোৰে নিবিচাৰে আপোন মানুহজনক কোনোবাই নিজৰ কৰি লৈ আঁতৰাই লৈ যাওঁক। সামাজিক আৰু ব্যক্তিগত দৃষ্টিৰে সেয়া এক নিজস্ব সিদ্ধান্ত হলেও বিয়লি বেলা চিনাকী মানুহবোৰৰ সেই সিদ্ধান্তই বহুতৰ বুকুত শেলি থৈ যায় এডাল দুঃসময়ৰ শান হৈ।
চৰ্চাত এজন সাহিত্যিক। আগতেও তেওঁ চৰ্চাত থাকে। সেই চৰ্চাই তেওঁক সমৃদ্ধ কৰিছিল। শেহতীয়া এই চৰ্চাই তেওঁক সমৃদ্ধ কৰাৰ সলনি অনিষ্ট কৰিছে সামাজিকভাৱে। ৭৬ বছৰৰ বয়সত কাষ চপাই লৈছে প্ৰিয় নাৰীক।
এনে উদাহৰণ বহু আছে। তেওঁৱেই প্ৰথম নহয় এই কাম কৰা। কিন্তু জোনবাই নামৰ কবিতাৰে সাহিত্য জীৱন আৰম্ভ কৰি অসমীয়া সাহিত্যলৈ অমূল্য বৰঙণী আগবঢ়োৱা এইগৰাকী গল্পকাৰ, ঔপন্যাসিকৰ জীৱনত ভূমুকি মাৰিছে পৰিয়ালটোক অমাবশ্যাৰ মাজলৈ ঠেলি দিয়া ইনুমণি নামৰ জোনে।
ঘনিষ্ঠ সকলে প্ৰায়ে জানিছিল এই কথা। কোৱা নাছিল সামাজিকভাৱে কোনেও তেওঁৰ এই অধ্যায়ৰ বিষয়ে। প্ৰায়ে তেওঁ লৈ ফুৰিছিল তেওঁক কাষত । তাক লৈ সন্দেহ আৰু কন্দলৰ ধুঁৱাই ছানি ধৰিছিল তেওঁৰ ঘৰ।
যিগৰাকী মহিলাই তেওঁৰ জীৱনলৈ ঘনিষ্ঠ হৈ আহিল, সেই মহিলা হেনো তেওঁৰেই প্ৰেমত পৰিছিল। ভাল পাইছিল তেওঁৰ লেখা, উপন্যাস, গল্প। আশা কৰিছিল তেওঁক ঘনিষ্ঠভাৱে পোৱাৰ। সেয়া সম্ভৱ হোৱা নাছিল বাবেই অৰুণাচলত চাকৰি কৰা এজন লোকৰ সৈতে তেওঁ বিবাহপাশত আৱদ্ধ হৈছিল তেওঁক লগ পোৱাৰ সুযোগ পাম বুলি।
সেয়া আমি কোৱা কথা নহয়। এয়া ঘনিষ্ঠৰ আগত মহিলাগৰাকীৰ সৈতে থকা সম্পৰ্কৰ সূত্ৰপাতৰ বৰ্ণনা দিছিল স্বয়ং তেওঁ নিজেই। তাৰপাছত মহিলাগৰাকীৰ স্বামী ইটানগৰলৈ চাকৰিৰ সূত্ৰে বদলি হোৱাৰ বাবদ সেই সপোন মহিলাগৰাকীৰ পূৰণ হৈছিল।
কথাবোৰ কাহিনী, উপ-কাহিনীৰে ভৰা। লাহে লাহে বাঢ়িছিল অন্তৰংগতা। মহিলাগৰাকী স্বামীৰ সৈতে বিবাহ বিচ্ছেদ হ’ল। কাৰণ মহিলাগৰাকীয়ে তেওঁক বিচাৰে। চিকিৎসক পুত্ৰ , অসামৰিক সেৱাৰ বিষয়া কন্যাই এইবোৰ কথা জানি-শুনি তবধ মানিছিল।
মৌন ওঁঠ মুখৰ হৃদয় ভৰি পৰিছিল তেওঁৰ মৰমেৰে। এবাৰ পৰিয়ালৰ লোক আহি মহিলাগৰাকীক বুজাইছিল। এইবোৰ নকৰিবলৈ অনুৰোধ কৰিছিল।
তেওঁৱেই যেতিয়া বুজি নাপালে, মহিলাগৰাকীয়ে বুজে ক’ত! ৰৈ গল তেওঁৰ নিসংগ হৈ। মহিলা আয়োগৰ কাষ পালেগৈ এই প্ৰেমৰ জীয়া কাহিনী। কোনো ফালৰ পৰাই পৰিত্ৰাণ নাপায় আইনী ব্যৱস্থাৰে সেই পথৰুদ্ধ কৰিবলৈ চেষ্টা চলিল।
আইনী মেৰপাকত সেইবোৰ বন্দী হৈ পৰাৰ মাজতেই তেওঁ প্ৰিয় নাৰীৰ বাবে ব্যৱস্থা কৰি দিলে এটা ঘৰ। নতুন ঘৰত নতুন সংসাৰ। প্ৰয়োজনীয় আচবাব কিনিবলৈ ধন ব্যয় কৰিবলৈ কৃপণালী নকৰিলে। ৭-৮ লাখ টকাত আজিকালি ভালেই আচবাব পাই চাগে।
এয়া তেওঁ গল্পৰ কাহিনী নহয়। নহয় তেওঁৰ গল্পসংকলন ‘ধাৰ আৰু অন্যান্য গল্প’ত থকা গল্প। এয়া জীৱনৰ গদ্য। তেওঁ দুখী নে সুখী সেয়া কোনেও নাজানে। অনুভৱে অনুভৱে এতিয়া বিয়পি আছে প্ৰাপ্তি-অপ্ৰাপ্তিৰ মিশ্ৰিত এখন অদৃশ্য নৈ।
তোমাৰ প্ৰেমৰ গুণগুণ শব্দ এতিয়া বিয়পিছে চৌদিশে। সম্ভৱত এয়াই তোমাৰ প্ৰগলভ প্ৰেম। বিয়পি পৰিছে সেই খবৰ। আকৌ বৰমালা পিন্ধিলে তেওঁ। কোনোবাই অভিনন্দন জনাইছে সামাজিক মাধ্যমত। কোনোবাই ঠাট্টা কৰিছে। সেইবোৰৰ পৰা আঁতৰি থাকিবলৈকে তেওঁ বন্ধ কৰি থৈছে মোবাইল।
মোক ছাই কৰি পুৰি নিব ক্ৰমে। তেওঁৰেই ভাষা এয়া। তেওঁৱেই দিয়া তেওঁৰ উপন্যাসৰ নাম এয়া। পুৰিছে সেই প্ৰেমে বহুতক। অৰুণাচলী সমাজ ব্যৱস্থাৰে ইয়াৰ বিচাৰ কৰা হ’ব বুলি প্ৰথমা পত্নীয়ে আৰ্জি দিছে। ক’ৰ্ট-কাছাৰীত চলি আছে আইনী প্ৰক্ৰিয়া।
দিব পাৰি বহু খবৰ। সেইবোৰ আঁৰতেই থকাই ভাল। নেফাৰ কামেং সীমান্তৰ পৰা গৈ চেৰদুকপেন সম্প্ৰদায়ৰ এই মানুহজনে উজ্বল নক্ষত্ৰ হৈ জিলিকি আছিল। জীগাঁও প্ৰাথমিক বিদ্যালয়ৰ পৰা কটনলৈকে তেওঁ জীৱন সংগ্ৰাম পিছলৈ উত্তৰণৰ এক নিদৰ্শন হৈ উজ্বলিছিল।
অসমীয়াত অণাৰ্ছ লৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লৈছিল। পাছলৈ যোগ দিছিল অৰুণাচল অসামৰিক সেৱাত। তাৰপাছত ১৯৯২ত ভাৰতীয় প্ৰশাসনীয় সেৱালৈ পদোন্নতি লৈ অৰুণাচলৰ বহু জিলাৰ উপায়ুক্ত হৈছিল।
উচ্চ পদবীৰ পৰা অৱসৰ লৈ তেওঁ সাহিত্য সাধনাৰে অসমীয়া সাহিত্যক গতি দিছিল। সেই কথা সকলোৱে স্বীকাৰ কৰিয়েই তেওঁৰ দৰে লোকক অসম সাহিত্য সভাৰ সভাপতি কিয় পতা নহ’ব বুলি জনমত সৃষ্টি হৈছিল।
আজি মানুহে তেওঁক কটাক্ষ কৰিছে। অসমীয়া জোৱাই হ’ল বুলি আলোচনা চলিছে। কামেং সীমান্তৰ সাধু কোৱা মানুহজনৰ চনম আৰু লিংঝিক পঢ়া সকলে জানে তেওঁৰ ভাষা কিমান মিঠা। শৱ কটা মানুহৰ স্ৰষ্টা জনে লব খুজে পুনৰ জনম।
পাপৰ পুখুৰী খান্দিছিল তেওঁ গল্পত। এতিয়া সেই পুখুৰীতেই ডুব গৈছে বুলি মানুহে কৈছে। বাঁহ ফুলৰ গোন্ধ ভালপোৱা মানুহজনৰ জীৱন অন্য এখন প্ৰতিযোগিতা হৈ পৰিছে। হাঁহি আৰু চকুলোৰে শৈশৱৰ দিনবোৰ সজোৱা তেওঁ আছিল এজন সৈনিকৰ প্ৰিয় সেনাপতি। সেই আত্মজীৱনীৰ কাহিনীবোৰত সংযোজন হল নতুন এক অধ্যায়।
কি যে হৈ যায়! কেনেকৈ খহি পৰে কোন কেতিয়া কাৰ দৃষ্টিত তাৰ ঠিকনা নাই। যি এই কাহিনীবোৰৰ নায়ক বা খলনায়ক তেওঁলোকে কিয় বাৰু কিমান হেৰুৱাইছে এবাৰো ভাবি নাচায়। ব্যক্তিগত-অতি ব্যক্তিগত কথাবোৰৰ মাজতেইচোন লুকাই থাকে আন বহুতৰ স্বাভিমান, সন্মান। কেনেকৈ মানুহ হৈ পৰে ইমান স্বাৰ্থপৰ। পাহৰি যায় সকলো, পাহৰি যায় নিজক। এইবোৰ কাহিনীৰ পৰিসমাপ্তি সুখকৰ নহয় কেতিয়াও। সেই সাক্ষী ঘৰে ঘৰে আমি।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us