/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/b803ff9b-7636-4b23-b208-2bf7738c87d5/AP_FOR_WEB_NEW____bikhekh_lekha_1.jpg)
BIKHEKH LEKHA
মৃদুল কুমাৰ সন্দিকৈ
এটা জাতিক বৌদ্ধিক ভাৱে সু-নেতৃত্ব দিয়াটো অতিকৈ প্ৰয়োজনীয়। সেই নেতৃত্বই জাতিটোৰ সৰ্বাংগীন উন্নয়নক প্ৰভাৱ পেলাই। এনেদৰে বৌদ্ধিক ভাৱে আগবঢ়া জাতিটোৱে নিজৰ শ্ৰেষ্ঠত্ব প্ৰমাণ কৰিবলৈ সুযোগ- সুবিধা আৰু পৰিশিলিত এক পৰিৱেশৰ প্ৰয়োজন হয়।
বহুতে এই বৌদ্ধিক অনুশীলনক তুচ্ছ তাচ্ছিল্য কৰিলেও ৰুচীসন্মত চিন্তা, চেতনাই মানুহক সুশৃংখলিত জীৱন এটাৰ গৰাকী কৰে। সেই পৰিৱেশ এতিয়া প্ৰদূশিত হৈছে। নিজস্ব ধ্যান ধাৰণাৰে ভুলক শুদ্ধ বুলি, শুদ্ধক ভুল বুলি প্ৰতিষ্ঠা কৰাৰ যুঁজ এতিয়া বিশ্বজুৰি চলিছে।
বিভিন্ন সময়ত বৌদ্ধিক ভণ্ডামিৰ অভিযোগ উঠিছে। সেই অভিযোগৰ বিপৰীতে অতি কম সংখ্যক লোকে নিজৰ স্থিতিত অটুট থকি সকলো স্বাৰ্থ পৰিহাৰ কৰি মানৱতাৰ হকে মাত মাতি গৈছে।
সেই বৌদ্ধিক নেতৃত্ব এদিন নতুন প্ৰজন্ময়ো ল'ব লাগিব। কিন্তু আজি সাহিত্য, সংস্কৃতি, ৰাজনীতি, ক'তোৱেই এনে শুদ্ধ ৰূপত আৰু নিস্বাৰ্থ ভাৱে সমাজৰ হকে ভাবিব পৰা লোকৰ অভাৱ হৈছে।
অভিযোগবোৰ মানুহে উত্থাপন কৰোতে চিন্তাৰ তৰলতা আৰু স্বাৰ্থৰ সুৰক্ষাৰ কথা যেন বেছি গুৰুত্ব দি নৈতিকতাহীন আচৰণ কৰে। মানুহ বোৰ যান্ত্ৰিক হৈ পৰিছে। নিজস্ব কেন্দ্ৰিক কথা বতৰা বোৰৰ মাজতেই পৰিভ্ৰমণ কৰি থাকোতেই সঁচা অৰ্থত সামাজিক দায়বদ্ধতা আৰু মূল্যবোধ ক'ৰবাত হেৰাই গৈছে।
এনে পৰিৱেশে মানুহক আৰু কিমান দিনলৈ মানুহ কৰি ৰাখিব তাত সন্দেহ আছে। এই সংকট কেৱল অসমত নহয়। বিভিন্ন দেশত নতুন প্ৰজন্মই নতুনত্বৰ সন্ধান দিব পাৰিছে। সেই নতুনত্বৰ মাজত প্ৰচুৰ সম্ভাৱনা লোকাই আছে।
কিন্তু আজিৰ বাস্তৱে কেতিয়াবা আমাক ভাবিবলৈ বাধ্য কৰাই, আমি আৰু বেছিদিনলৈ মানুহ হৈ থাকিব পৰা পৰিৱেশ নাথাকিব ! মানুহ মানুহৰ প্ৰিয় আছিল। এজনে আনজনৰ খবৰ ৰাখিছিল।
মানুহৰ মাজৰ সেই আত্মিয়তাক এক প্ৰকাৰৰ স্নেহ বুলি ক'ব পাৰি। ইয়াত থাকে দায়িত্ববোধ। কিন্তু এতিয়া প্ৰতিজন মানুহে নিজক লৈ এনেদৰে ব্যস্ত হৈ পৰে যে, হাতত অফুৰন্ত সময় থকাৰ পাছতো, কৃত্ৰিম ব্যস্ততাৰে আমি নিজকে নিজেই ব্যস্ত কৰি ৰাখো।
জ্ঞান আৰু অধ্যয়নৰ চৰ্চা আৰু অন্বেষণ কিতাপ বা আন মাধ্যমবোৰৰ সলনি গুগল সৰ্বস্ব হৈ পৰিছে। কোৱা হয় এতিয়া টকাই সকলো। মৰমক মানুহে টকাৰে কিনাৰ প্ৰয়াস কৰে। ৪/৫ জন মানুহ একেলগে বহি থাকিলেও ইজনে সিজনৰ সৈতে সৌজন্যতা মূলক কথাৰ বাদে বেছিভাগ সময় মোবাইল ফোনতে ব্যস্ত থাকে।
এতিয়া মানুহে সেই ব্যস্ততাত বুৰ গৈ থাকিলেও নিসংগতাই অনবৰতে আমাৰ মাজত বিচৰণ কৰি থাকে। সন্মান, পদবী, ধন-সম্পত্তি সৰ্বস্ব এই জীৱনৰ মাদকতা ক'ৰবাত হেৰাই গৈছে নেকি?
বিভিন্ন সময়ত বিভিন্ন খবৰ প্ৰকাশ হয় বা প্ৰচাৰ হয়। কিছু খবৰ হ'ব নলগীয়া খবৰ। সেই কথাবোৰ মানুহে নাজানিলেও একো লাভ- লোকচান নহয়। সৃষ্টিশীল আৰু প্ৰেৰণাদায়ক খবৰবোৰৰ বিপৰীতে নেতিবাচক খবৰবোৰৰহে গুৰুত্ব বেছি।
এই দিশতো ক'ব পাৰি- মানুহৰ ৰুচী এতিয়া নিম্ন হৈ পৰিছে। খেতিয়ক এজনে খেতি কৰাৰ খবৰটোতকৈ কাৰোবাৰ শুৱনি কোঠাত কি হ'ল, কোনে কাৰ লগত সম্পৰ্ক গঢ়িছে সেই কথাবোৰৰ গুৰুত্ব বেছি হোৱাটোৱে কি সূচায়?
সময় গতিশীল। সেই গতিশীলতাৰ সৈতে খাপ খোৱাই আমি খোজ কাঢ়িব নিশ্চয় লাগিব। সমান্তৰালভাৱে আমাৰ ৰুচীবোৰো উন্নত কৰি আমাৰ উৎকৰ্ষৰ পথ গঢ়ি যাব লাগিব।
সকলো দিশতে এনে স্খলন মন কৰিবলগীয়া। আনকি আদৰ্শ হৈ পৰা মানুহবোৰেও এতিয়া আপোচ কৰি নাম আৰু প্ৰতিষ্ঠাৰ দৌৰত অংশ লয়। সেই প্ৰতিষ্ঠা লাগে বেঁকা বাটেৰেই আহক। আমি অসহায় হৈ পৰা যেন বোধ হয়।
দেখাত সকলো ঠিকেই চলি থাকিলেও এই পৰিৱৰ্তনৰ ধামখুমিয়াত আমাৰ মূল্যবোধৰ ভেঁটি থৰকবৰক হৈ পৰিছে। এইবোৰ কথা কোনে কাক ক'ব? আজি এনেবোৰ কথা আমি নিজেই নিজৰ সৈতে পৰ্যালোচনা কৰাৰ সময় আহি পৰিছে।
দেখাত এখন চৌদিশে ভৰপূৰ আৰু প্ৰাচুৰ্যতাৰে ভৰা পৃথিৱীত আমি বাস কৰিছো। আমাৰ সকলো আছে। তাৰ মাজতে স্থায়িত্ব আৰু বাস্তৱতাবিহীন জীৱনৰ সঠিক পৰিকাথামো গঢ়াত আমি বিফল হৈছো নেকি? কথাবোৰ আজি ন'হলেও এদিন মানুহে চিন্তা কৰিবই লাগিব।