/asomiyapratidin/media/media_files/2025/10/02/ap-for-web-new-bikhekh-lekha-4-2025-10-02-13-48-00.jpg)
মৃদুল কুমাৰ সন্দিকৈ
মু্ম্বাইত এখন ৰেষ্টুৰেণ্ট। মূলতঃ উত্তৰ পূবৰ খাদ্য ভাণ্ডাৰেই পোৱা যায় এই ৰেষ্টুৰেণ্টত। মুম্বাইৰ দৰে এখন বিলাসী মহানগৰত উত্তৰ পূৰ্বাঞ্চলৰ খাদ্য ভাণ্ডাৰেৰে ব্যৱসায় কৰাতো এটা ভাল খবৰ।
ৰেষ্টুৰেণ্টখনৰ নাম ‘ছিংঞ্জু’ (SINGJU)।মুম্বাইৰ অন্যতম ব্যস্ত আৰু খৰচী ঠাই জুহুত আছে এই ৰেষ্টুৰেণ্টখন। দোকান নম্বৰ-১২, জুহু ঋুতুৰাজ কো-অপাৰেটিভ হাউচ ছ’চাইটিৰ অন্তৰ্গত এই ৰেষ্টুৰেণ্টখনলৈ উত্তৰ পূৰ্বাঞ্চলৰ বহু গ্ৰাহক যায়।
১৩ জুন ২০২৫ ত জুহুৰ তাৰা ৰোডত থকা ৰেষ্টুৰেণ্টখনে ছমাহ সম্পূৰ্ণ কৰিছিল। ৰেষ্টুৰেণ্টখনৰ মালিক এজন অসমীয়া যুৱক। যুৱকজনৰ নাম ৰক্তিম ৰয়। যুৱকজনে কিছুদিনৰ আগলৈকে এটা প্ৰাইভেট কোম্পানীত কাম কৰিছিল।
মহানগৰীৰ লাখটকীয়া টিপটপ গলিত তেওঁৰ ঘৰ যদিও তেওঁ বৰ্তমান দেশ-বিদেশেই ঘূৰি ফুৰে শ্যামকানু মহন্তৰ লগত। শ্যামকানু মহন্তৰ অত্যন্ত ঘনিষ্ঠ আৰু বিশ্বাসী ব্যক্তি এই ৰক্তিম।
তেওঁৰ এই উত্তৰণত কাৰো সন্দেহ ওপজাৰ কাৰণ নাথাকিল হেতেন যদিহে ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ পাছত তেওঁ সামাজিক মাধ্যম ফেচবুক, ইণষ্টাগ্ৰামকে ধৰি আন একাউণ্টবোৰ নিষ্ক্ৰিয় নকৰিলেহেতন। শ্যামকানু মহন্তৰ তেওঁ ইমানেই ঘনিষ্ঠ যে, ছিংগাপুৰলৈয়ো এইবাৰ মহন্তৰ সোঁহাত হৈ তেঁৱেই গৈছিল।
কেৱল ছিংগাপুৰলৈয়ে নহয়, আন ঠাইত শ্যামকানুৰ কোম্পানীয়ে অনুষ্ঠিত কৰা বিভিন্ন ইভেণ্টৰ মূল দায়িত্ব ৰক্তিমৰ ওপৰতেই থাকে। সকলোবোৰ আৰ্থিক লেনদেন হেনো এই ৰক্তিমৰ জৰিয়তেই হয়।
ছিংগাপুৰৰ নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ সময়তো ইভেণ্টৰ আন কামবোৰৰ লগতে আৰ্থিক লেনদেনো ৰক্তিমেই কৰিছিল বুলি জানিব পৰা গৈছে। শ্যামকানুৰ সৈতে ৰক্তিমৰ এই সু-সম্পৰ্ক কেৱল পেছাগতই নহয়।
কাৰোবাক কিবা টকা দিব লগা থাকিলে শ্যামকানুৱে ৰক্তিমৰ লগতেই যোগাযোগ কৰিবলৈ কয়। সেই শ্যামকানুৰ কৰ্মচাৰী এজনে মুম্বাইত এখন ৰেষ্টুৰেণ্ট খোলাতো সৰু কথা নহয়।
ইয়াত বিভিন্ন দৃষ্টিকোণ লুকাই আছে। এনে কথাও বহুতে ক’ব খোজে যে, মুম্বাইত শ্যামকানুৱে ৰক্তিমৰ জৰিয়তে এই ৰেষ্টুৰেণ্টখন মুকলি কৰিছে। ৰেষ্টুৰেণ্টখনৰ মাৰ্কেটিঙৰ ক্ষেত্ৰতো শ্যামকানুৱে তেওঁক সহায় কৰি গৈছে।
ব্যক্তিগত সামাজিক মাধ্যমক একাউণ্টসমূহ বন্ধ কৰি থলেও মুম্বাইৰ সেই ৰেষ্টুৰেণ্ট আজিও চলি আছে। ৰেষ্টুৰেণ্টখনৰ যোগাযোগ নম্বৰ ৯১৩৬৪ ৭৯০৭৭ মোবাইল নম্বৰত আমি যোগাযোগ কৰোতে তাৰ কৰ্মচাৰীয়ে ফোন ধৰি সেই কথা জনালে।
অৱশ্যে তেওঁ ৰক্তিমৰ সন্দৰ্ভত কোনো কথা কোৱাৰ পৰা বিৰত থাকিল। শ্যামকানু মহন্তৰ বহু আৰ্থিক লেনদেনৰ তথ্য পোহৰলৈ আহিছে। অতি চতুৰ শ্যামকানু মহন্তই ৰক্তিমৰ জৰিয়তে মুম্বাইত ধন বিনিয়োগ কৰি ৰেষ্টুৰেণ্ট খুলি থোৱাৰ কথাটো অস্বীকাৰ কৰিব নোৱাৰি।
তদন্তকাৰী আৰক্ষী বিষয়াই যিহেতু শ্যামকানুৰ অনীতিগত ধনৰ লেনদেনৰ সন্দৰ্ভত বহু তথ্য লাভ কৰিছে, সেয়ে এই বিষয়টো তদন্তৰ আওঁতালৈ অনাৰ ব্যৱস্থা কৰিব লাগে। আৰক্ষীয়ে জানি থোৱা ভাল যে, ৰক্তিম নামৰ এই যুৱকজন শ্যামকানুৰ মূল মেৰুদণ্ড স্বৰূপ।
ইতিমধ্যে আৰক্ষীয়ে শ্যামকানু মহন্তৰ বেংক একাউণ্টসমূহ ফ্ৰীজ কৰি দিছে। সাংস্কৃতিক আৰু উদ্যমী ক্ষেত্ৰত নিজকে অতি চতুৰ বুলি ভবা শ্যামকানুৱে কিন্তু প্ৰায়ভাগ লেনদেন এই ৰক্তিমৰ জৰিয়তে কৰে।
গতিকে তেওঁৰ সৈতে শ্যামকানুৰ এক আৰ্থিক সম্পৰ্ক থকাতো নুই কৰিব নোৱাৰি। তদন্ত কৰিলে নিশ্চয় সঠিক তথ্য পোহৰলৈ আহিব। ইফালে গ্ৰেপ্তাৰ কৰাৰ পাছত শ্যামকানু আৰু সিদ্ধাৰ্থক ১ অক্টোবৰৰ নিশা দীৰ্ঘ সময় ধৰি জেৰা কৰে বিশেষ তদন্তকাৰী গোটে।
সেই জেৰাৰ অন্তত চি আই ডি থানাত ৰুজু কৰা ১৮/২০২৫ নম্বৰৰ গোচৰৰ সৈতে ভাৰতীয় ন্যায় সংহিতাৰ ১০৩ নং ধাৰা সংযোগ কৰিছে। যিটো ধাৰা কোনো হত্যাকাণ্ড সংঘটিত হ’লে আৰোপ কৰা যায়।
অসমৰ ৰাইজে বিচাৰিছে পানী নসৰকা তদন্ত। সেয়েহে আৰক্ষীয়ে এইসকল অপৰাধীৰ ক্ষেত্ৰত থাকিব পৰা আন নেক্সাছ সমূহো এই তদন্তৰ সৈতে সামৰি লোৱাতো বিচাৰে। কোনে জানে শ্যামকানু মহন্ত হ’ব পাৰে ৰক্তিমৰ নামত থকা মুম্বাইৰ সেই বিলাসী ৰেষ্টুৰেণ্টৰো অন্যতম বিনিয়োগকাৰী! এই বিষয়টো তদন্ত কৰক আৰক্ষীয়ে।