/asomiyapratidin/media/media_files/2025/10/07/ap-for-web-new-bikhekh-lekha-1-2025-10-07-16-56-11.jpg)
মৃদুল কুমাৰ সন্দিকৈ
জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে নাম সাঙুৰ খোৱাৰ পূৰ্বলৈকে বহু ক্ষমতাশালী লোকে আছিল শ্যামকানু মহন্ত। তেওঁৰ সান্নিধ্য লাভ কৰি ধন্য হোৱা লোক সকলো আছিল বিভিন্ন ক্ষেত্ৰৰ প্ৰতিষ্ঠিত লোক। ৰাজহুৱা হোৱা আলোকচিত্ৰবোৰে তাৰ প্ৰমাণ।
উদ্যোগী হিচাপে পৰিচয় দিলেও শ্যামকানু মহন্তই উদ্যোগী হৈয়ে থাকিব বিচৰা নাছিল। আজিৰ পৰা ৪ বছৰ আগৰ কথা। ৰাজনীতিত ভৰি থ'ব খুজিছিল শ্যামকানু মহন্তই। তেনে এক পৰিৱেশ ৰচনা কৰিবলৈ শ্যামকানু মহন্তই প্ৰায়ে ঘৰত আয়োজন কৰিছিল সুৰাৰ পাৰ্টী।
সেই পাৰ্টীত অংশ লৈছিল অসমৰ কেবাজনো প্ৰতিষ্ঠিত সাংবাদিক,বিশিষ্ট ব্যক্তি তথা ৰাজনীতিবিদে। তেনে এক পাৰ্টীতে শ্যামকানু মহন্তই বেকত কৰিছিল নিজৰ এক ইচ্ছাৰ কথা। ২০২১ চনৰ অসম বিধানসভাৰ নিৰ্বাচন তেতিয়া সন্মুখত।
সেইবাৰ অসম বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ কথা ভাৱিছিল শ্যামকানু মহন্তই। বিজেপিৰ সৈতে মিত্ৰতাত থকা অসম গণ পৰিষদৰ নেতৃত্বৰ সৈতে সু-সম্পৰ্ক গঢ়িবলৈ চেষ্টা কৰিছিল চতুৰ মহন্তই। অগপৰ সভাপতি অতুল বৰাৰ সৈতে ইতিমধ্যে এক ভাল সম্পৰ্ক গঢ়ি তুলিছিল শ্যামকানুৱে।
তাৰ পাছত টীয়ক সমষ্টিৰ পৰা অগপৰ প্ৰাৰ্থিত্ব বিচাৰিছিল শ্যামকানু মহন্তই। দলটোৰ প্ৰায়বোৰ শীৰ্ষ নেতৃত্বই শ্যামকানুক দিছিল সেউজ সংকেত। এই সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰা অগপৰ বিধায়িকা ৰেণুপমা ৰাজখোৱাৰ স্থানত শ্যামকানু মহন্তই টিকট লাভ কৰাতো প্ৰায় নিশ্চিতই হৈছিল।
কিন্তু সেই ৰাজনৈতিক ইচ্ছা পূৰণত বাধা হৈ ঠিয় দিছিল অগপৰে দুজন নেতাই। তাৰে এজন আছিল নুৰুল চুলতান আৰু আনজন আছিল সৌৰভপ্ৰাণ বৰা। বৰা আছিল যোৰহাট জিলা অগপৰ সভাপতি আৰু নুৰুল চুলতান আছিল অগপৰ কেন্দ্ৰীয় কমিটীৰ সাধাৰণ সম্পাদক তথা টীয়ক সমষ্টিৰ দলটোৰ পৰ্যবেক্ষক।
শ্যামকানু মহন্তই যথেষ্ট হেঁচা দিছিল সেই সময়ত। বিধায়ক হৈ জয়লাভ কৰিয়ে সমষ্টিটোত কি কি কৰিব তাৰ এক ধাৰণা অগপৰ স্থানীয় নেতাকো দিছিল। সমষ্টিটোৰ উদ্যোগ আৰু আন প্ৰতিষ্ঠানেৰে ভৰাই দিয়াৰ আশ্বাস দিছিল তেওঁ। লগতে বহু লোভনীয় টোপো আগবঢ়াইছিল শ্যামকানুই।
নুৰুল চুলতানে শ্যামকানু মহন্তৰ বিৰুদ্ধে অগপৰ নেতৃত্বক তৃণমূল কৰ্মী সকলৰ সৈতে আলোচনা কৰি প্ৰতিবেদন দিছিল। অগপৰ সদস্য নোহোৱাকৈয়ে কেনেকৈ তেওঁৰ দৰে এজন লোকক টীয়কত অগপই টিকট দিব বুলি বিৰোধ কৰিছিল।
তেওঁক সমৰ্থন কৰিছিল সৌৰভপ্ৰাণ বৰাই। এক মুহূৰ্তলৈকে যুঁজিও এই দুজন ব্যক্তিৰ বাবে ২০২১ ত টীয়ক সমষ্টিৰ পৰা অগপৰ টিকটত নিৰ্বাচন খেলাৰ সপোন পূৰণ হোৱা নাছিল শ্যামকানু মহন্তৰ। এই নিৰ্বাচনত কাণে কাণ মাৰি ৰেণুপমা ৰাজখোৱা জয়ী হৈছিল।
মাত্ৰ ১৩৫০ টা ভোটৰ ব্যৱধানত জয়ী হৈছিল ৰাজখোৱা। কিয়নো অগপৰ ভিতৰত বিভাজন ঘটাবলৈ সকলো চেষ্টাই চলাইছিল শ্যামকানু মহন্তই। নুৰুল চুলতানে ইয়েছ কোৱা হ'লেই শ্যামকানু মহন্ত আজি হৈ থাকিল হেতেন টীয়ক সমষ্টিৰ বিধায়ক।
আনহাতে, জুবিন গাৰ্গৰ মৃত্যুৰ কাণ্ডৰে শ্যামকানু মহন্তৰ লগতে ছিংগাপুৰৰ কেবাজনো প্ৰৱাসী অসমীয়াৰ নাম উচ্চাৰিত হৈ আছে। ৰূপকমল কলিতা নামৰ ছিংগাপুৰৰ প্ৰৱাসী অসমীয়াজন আহি ৭ অক্টোবৰ ২০২৫ ত বিশেষ তদন্তকাৰী দলৰ সন্মুখত হাজিৰ হ'ল যদিও বাকী সকল এতিয়াও অহা নাই।
বিশেষকৈ ছিংগাপুৰ আছাম এছ'চিয়েচনৰ সভাপতি অভিমন্যু তালুকদাৰে এই ক্ষেত্ৰত সহযোগ কৰাৰ বাবে অসম সাহিত্য সভাৰ নেতৃত্বয়ো উদ্যোগ লোৱাৰ প্ৰয়োজন আছে। কিয়নো তালুকদাৰ অসম সাহিত্য সভাৰ এজন কৰ্ম-কৰ্তা। দক্ষিণ-পূব এছিয়' অসম সাহিত্য সভাৰ ভাষাৰ সভাপতি তালুকদাৰ।
এই তদন্তই কি গতি লাভ কৰিছে তাক লৈ মানুহ বিভ্ৰান্ত। ৰাজনীতি নকৰিবলৈ কৈয়ে ৰাজনীতি কৰি থকা হৈছে জুবিনক লৈ। সাঙুৰ খাইছে বহু নতুন নুতুন মুখ। চৰ্চালৈ আহিছে নতুন নতুন বিষয়। যিবোৰে জুবিন গাৰ্গ নামৰ সত্বাটোক মৃত্যুৰ পাছত বদনামৰ বিতৰ্কলৈ ঠেলি দিছে।
আনক ৰাজনীতি নকৰিবা বন্ধু বুলি সতৰ্ক কৰি দিয়া জুবিন গাৰ্গৰ মৃত্যু কাণ্ডই এতিয়া পৰোক্ষ-প্ৰত্যক্ষ ৰাজনীতিৰ পাশত বন্দী। ইয়াৰ পাছত বা কি ওলাই, কি কথা চৰ্চা হয় তাৰ কোনো গেৰেন্টি নাইকীয়া হৈছে। পোহৰলৈ বা চৰ্চালৈ অহা বহুবোৰ খবৰ অপ্ৰাসংগিক।
এই অপ্ৰাসংগিকতাই প্ৰাসংগিক কথাবোৰ বনৰীয়া লতাৰ দৰে ছানি ধৰিছে। মুখাবোৰ খোল খাইছে ঠিকেই , সেই মুখা পিন্ধা মানুহবোৰে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ নামত আন কিছু উপপথৰ সৃষ্টি কৰিছে। এই পথবোৰে গ'লে জুবিন গাৰ্গৰ মৃত্যুৰ সত্যতাৰ সলনি এনে কিছু জটিলতাৰ সৃষ্টি কৰিব য'ত মানুহ কেৱল বিপথগামী হে হ'ব।সত্যৰ সন্ধান কোনো কালেই নেপাব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us