/asomiyapratidin/media/media_files/2025/10/06/shyamkanu-mahanta-2025-10-06-12-25-10.jpeg)
মৃদুল কুমাৰ সন্দিকৈ
অভিধানৰ মতে চয়তান হৈছে মানুহক লোভ দেখুৱাই পাপলৈ নিয়া এটা ভূত। হেমকোষ অভিধানত এই শব্দৰ অৰ্থ ব্যাখ্যা কৰি লিখা আছে- চৈতান, অসৎ, দুৰ্জন। বাইবেলত এই চয়তানৰ কথা উল্লেখ কৰি লিখি থোৱা কথাখিনি হ’ল- মানুহৰ আদি পিতা-মাতা আদাম আৰু ইভক চয়তানে লোভ দেখুৱাই পাপত প্ৰবৃত্ত কৰিছিল।
সেই তেনে কিছু চয়তানেই আছিল যেন, ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গৰ কাষত। যি কেৱল ক্ষতি কৰিলে আৰু তেওঁলোকৰ লক্ষ্য, উদ্দেশ্যয়েই আছিল যিকোনো প্ৰকাৰে নিজৰ স্বাৰ্থ সিদ্ধি কৰা।
শ্যামকানু মহন্ত নামৰ সাংস্কৃতিক দালালগৰাকীৰ বহু তথ্য, কাহিনী পোহৰলৈ আহিছে। জুবিন গাৰ্গৰ ছিংগাপুৰ ভ্ৰমণৰ ৰূপ-ৰেখা তৈয়াৰ কৰা শ্যামকানু মহন্তৰ পুৰণি অতীতে কয় তেওঁ সেই চয়তানৰ ভূমিকাই এই অধ্যায়ত পালন কৰিছিল।
কি দৰে তেওঁ সাংস্কৃতিক ক্ষেত্ৰখনত, পৰ্যটনৰ ক্ষেত্ৰখনত কাম কৰাৰ নামত চৰকাৰী ধন সংগ্ৰহ আৰু শৰাধ কৰিছিল তাৰ প্ৰমাণ ইতিমধ্যে সকলোৱে পাইছে। আনহে নালাগে এই দুই ক্ষেত্ৰখনৰ সৈতে কোনো সম্পৰ্ক নথকা অসমৰ কৃষি বিভাগৰ পৰাও শ্যামকানু মহন্তই নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল পতাৰ নামত ২০ লাখ টকা উলিয়াই নিছিল।
ছিংগাপুৰৰ সেই নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেললৈ তাৰ বিনিময়ত অতিথি কৰি মতা হৈছিল ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰাক। কিন্তু কেন্দ্ৰীয় চৰকাৰৰ সেউজ সংকেত নোপোৱাৰ বাবে অতুল বৰাৰ ছিংগাপুৰ ভ্ৰমণ সম্ভৱ হোৱা নাছিল। কাৰ্যতঃ বাচি গ’ল অতুল বৰা।
নহ’লে কৃষিমন্ত্ৰী অতুল বৰাও ৰাইজৰ বিচাৰৰ কাঠগড়াত উঠিবলগীয়া হ’লহেতেন। কৃষিমন্ত্ৰী বৰা বাচি গ’লেও তেওঁৰ বিভাগৰ পৰা শ্যামকানু মহন্তক নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ নামত ধন দিয়া হৈছিল কিয় তাৰ এক তদন্তৰ প্ৰয়োজন আছে।
সেই তদন্ত ৰাজ্য চৰকাৰেই নিশ্চয় কৰিব লাগিব। ইফালে নেডফিৰ ১৪.৪২ কোটিৰো ঋণ কেলেংকাৰীৰে কেনেদৰে শ্যামকানু মহন্ত জড়িত আছিল সেই তথ্যও এতিয়া পোহৰলৈ আহিছে।
২৪ বছৰ পূৰ্বতে নেডফিত উপ-প্ৰবন্ধকৰ পদত অধিস্থিত হৈ থকাৰ সময়ত ডি এছ এছ ইকানেক্ট নামৰ প্ৰতিষ্ঠানটোক নেডফিৰ পৰা এই ধন প্ৰদান কৰা হৈছিল। যিটো প্ৰতিষ্ঠানৰ মালিক আছিল সঞ্জীৱ ডালমিয়া।
উক্ত ধন অসমত কল চেণ্টাৰ স্থাপনৰ বাবে ঋণ হিচাপে দিয়া হৈছিল। কিন্তু সেই কল চেণ্টাৰ স্থাপন কৰা নহ’ল। সমগ্ৰ ঘটনাৰ সন্দৰ্ভত নেডফিৰ আভ্যন্তৰীণ তদন্ত হৈছিল। সেই তদন্তত দোষী সাব্যস্ত হৈছিল শ্যামকানু মহন্ত।
কিন্তু ৰহস্যজনকভাৱে ২০০৪ ত তেওঁক অপসাৰণ কৰা হ’ল যদিও কাৰোবাৰ কৃপা আৰু আশীৰ্বাদৰ বাবে আইনী ব্যৱস্থা লোৱা নহ’ল। যিবোৰ কথা এতিয়া চৰ্চা হৈছে।
শ্যামকানু মহন্তই য’তেই সুযোগ পাইছিল তাতেই লুণ্ঠন চলোৱাৰ বহু অভিযোগ আছিল। নেডফিৰ পৰা চাকৰি এৰিবলগা হোৱা পৰিস্থিতিৰ পাছত ৰাজনৈতিক প্ৰভাৱ খটুৱাই তেওঁ ILNFC নামৰ কেন্দ্ৰৰ এটা PSU আৰু অসম চৰকাৰৰ এটা জইণ্ট ভেঞ্চাৰৰ মুৰব্বী হৈছিল।
এই সংস্থাটোৰ কাম আছিল অসম চৰকাৰৰ কিছুমান প্ৰজেক্টত প্ৰজেক্ট মেনেজমেণ্টত পৰামৰ্শ প্ৰদান কৰা। ৰাজ্য চৰকাৰক নিবিদাৰ কামত সহায় কৰা, ইঞ্জিনীয়াৰিং আৰু মেনেজমেণ্টৰ কনচালটেণ্ট নিৰ্বাচনত সহায় কৰাৰ এই সুযোগ লৈয়ে শ্যামকানু মহন্তই পুনৰ দালালিত নামি পৰিছিল।
ILNFS ত থাকোতেই তেওঁৰ পত্নীৰ নামত খুলিছিল এম এম এছ এণ্টাৰপ্ৰাইজ নামৰ এটা কোম্পানী। সেই কোম্পানীৰ জৰিয়তেই আগতীয়া বুজাবুজিৰে কোনো কামৰ বাবে নিৰ্বাচিত হোৱা প্ৰতিষ্ঠান বা ঠিকাদাৰৰ পৰা আগতীয়া কিছু কাম পত্নীৰ মালিকানাধীন কোম্পানীৰ নামত উলিয়াই লৈছিল।
সেই সময়ত ILNFC আৰু অসম চৰকাৰৰ এটা জইণ্ট ভেঞ্চাৰ কোম্পানী আছিল এ পি পি এল। সম্পূৰ্ণকৈ আছাম পাৱাৰ প্ৰজেক্ট লিমিটেড। এই এ পি পি এলৰ শীৰ্ষ পদত আছিল শ্যামকানু মহন্ত। সেই সময়ত এ পি পি এলে নব্বৈতা ক্ষুদ্ৰ জলবিদ্যুৎ প্ৰকল্পৰ জৰিয়তে বিদ্যুৎ উৎপাদনৰ এক প্ৰয়াস কৰিছিল।
ইয়াৰ বাবে ডিটেইল ফিয়েছিবিলিটি ষ্টাডী, ডি পি আৰ প্ৰস্তুত, প্ৰাইভেট ডেভলপাৰ চিলেক্ট আদি কামবোৰ কৰিবলগা হয়। বিটিচিত চম্পাবতী চাৰি মেগাৱট হাইড্ৰ’ পাৱাৰ প্ৰজেক্ট দিয়া হৈছিল নাগাৰজুন কম্পেনীক।
একেদৰে বৰডিকৰাই চাৰি মেগাৱটৰ ক্ষুদ্ৰ জলবিদ্যুৎ প্ৰকল্পৰ দায়িত্ব দিয়া হৈছিল নেকনক। জলবিদ্যুৎ প্ৰকল্পৰ কাম কৰাৰ আগেয়ে এই প্ৰজেক্টবোৰৰ প্ৰজেক্ট মেনেজমেণ্ট কনচালটেণ্ট হিচাপে কোম্পানীবোৰৰ পৰা ঠিকা লৈছিল শ্যামকানুৰ পত্নীৰ মালিকানাধীন এম এম এছ এণ্টাৰপ্ৰাইজে।
ঠিকা প্ৰতিষ্ঠানৰ সৈতে ঠিকা প্ৰদান কৰাৰ বিনিময়ত এইদৰে শ্যামকানু মহন্তই সংঘটিত কৰিছিল দুৰ্নীতি। যাৰ জৰিয়তে তেওঁ কোটি কোটি টকা এম এম এছ এণ্টাৰপ্ৰাইজৰ নামত সংগ্ৰহ কৰিছিল।
কেইবাটাও ঠিকা প্ৰতিষ্ঠানৰ সৈতে এনে কৰাৰ পাছত সেই কথা ধৰা পৰাত শ্যামকানু মহন্তক উক্ত পদৰ পৰা অব্যাহতি ল’বলৈ বাধ্য কৰা হৈছিল। নিজেই ঠিকা দি সেই ঠিকা প্ৰতিষ্ঠানৰ পৰা পত্নীৰ নাম উপ-ঠিকা লোৱাত ওস্তাদ আছিল শ্যামকানু মহন্ত।
দীৰ্ঘদিন ধৰি এইসকল লোকেই আছিল জুবিন গাৰ্গৰ কাষত। অভিধানিক ভাষাত তেওঁলোক চয়তানতকৈ তলৰ শাৰীত বুলি কলেও ভুল নহ’ব। আৰু এই চয়তানৰূপী লোকসকলকে কালিলৈকে তুলি ধৰি আছিল আন এচাম তথাকথিত ভদ্ৰ, অভিজাত আৰু ক্ষমতাশালী লোকে।