আশীৰ্বাদ নে যোগ্যতা? প্ৰফেছৰ অফ প্ৰেক্টিছো হৈছিল শ্যামকানু...

শ্যামকানু মহন্তৰ প্ৰভাৱ আৰু ক্ষমতা এনে পৰ্যায়ত আছিল যে, দিছপুৰৰ আশীৰ্বাদ লাভ নকৰিলে এজন উদ্যোগী এনে ক্ষমতা আৰু পদ মৰ্যাদাৰ গৰাকী হ’ব নোৱাৰে।

author-image
Asomiya Pratidin
New Update
AP FOR WEB NEW  bikhekh lekha (3)

মৃদুল কুমাৰ সন্দিকৈ

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত কোন দিশে গতি কৰিছে তাক লৈ ১০০ শতাংশই আশ্বস্ত হ’ব পৰা নাই সাধাৰণ জনতা আৰু জুবিন অনুৰাগী। বিশেষ তদন্তকাৰী গোটে সঠিক ভাৱেই তদন্ত কৰিব বুলি বিশ্বাস ৰাখিও এই তদন্তৰ সময়ছোৱাত উন্মোচিত হোৱা বহু উপ-ঘটনাই মানুহক বিভ্ৰান্তিত পেলাইছে। 

এতিয়ালৈকে (৯ অক্টোবৰ, ২০২৫) ৫ জন লোকক চি আই ডিৰ বিশেষ তদন্তকাৰী গোটে গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ কৰা শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী, অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গক জেৰা অব্যাহত ৰাখিছে। 

আৰক্ষীয়ে এনে ধৰণৰ ঘটনা অনুসন্ধান কৰোতে আটাইতকৈ প্ৰয়োজনীয় আৰু জৰুৰী কামটো হ’ল ঘটনাস্থলীৰ 'স্কেছ মেপ' প্ৰস্তুত। ষড়যন্ত্ৰমূলক এই হত্যাকাণ্ডৰ গোচৰ ৰুজু হোৱাৰ পাছত ছিংগাপুৰলৈ গৈ অসম আৰক্ষীৰ তদন্তকাৰী গোটে তেনে কৰাতো প্ৰয়োজন আছিল। কিন্তু এতিয়ালৈকে এই ঘটনা সংক্ৰান্তত কোনো 'স্কেছ মেপ' বা ঘটনাস্থলী পৰিদৰ্শন কৰা নাই এছ আই টিয়ে। 

ছিংগাপুৰত সেই সময়ত উপস্থিত থকা প্ৰবাসী অসমীয়াসকললৈ ৬ অক্টোবৰ ২০২৫ ডেডলাইন দি জাননী প্ৰেৰণ কৰিছিল। অৱশ্যে সেই জাননীলৈ ৰূপকমল কলিতাৰ বাদে আনসকলে যোগ্য সঁহাৰি নজনালে। 

তাৰ পাছত ৯ অক্টোবৰ ২০২৫ত  পুনৰবাৰ ১০ জন ছিংগাপুৰৰ প্ৰবাসী অসমীয়ালৈ চি আই ডিয়ে দ্বিতীয়বাৰ চমন জাৰি কৰিবলগাত পৰে। জেৰাৰ সময়ত গ্ৰেপ্তাৰ কৰাসকলৰ ভাষ্য ৰাজহুৱা হৈ পৰা আৰু সেই ভাষ্যই এজন মৃত ব্যক্তিৰ সন্মানত আঘাত হনাৰ পৰিবেশ সৃষ্টি কৰাতো অত্যন্ত দুৰ্ভাগ্যজনক। 

বহু কথা এতিয়া জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে সাঙুৰ খাই বিয়পি পৰিছে। তাৰে কিছু কথা অত্যন্ত স্পৰ্শকাতৰ আৰু ব্যক্তিগত। তদন্তত সঠিক সত্য অন্বেষণ তদন্তকাৰী গোটৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান। 

তাৰ মাজতে শাসক, বিৰোধী জুবিন গাৰ্গ কেন্দ্ৰিক বাকযুদ্ধ এক মুখ চুপতি হৈ পৰিছে। ৰাজনীতি নকৰিব বুলি কোৱা সকলেও প্ৰত্যক্ষ, পৰোক্ষভাৱে এই আৱেগক ভোটলৈ সলনি কৰাৰ সমীকৰণেৰে নিজৰ সপক্ষে যুক্তি দাঙি ধৰিলেও তেওঁলোকে সতৰ্কভাৱে বিষয়টোক আগুৱাই নিয়াৰ সলনি তৰল কৰি পেলাইছে।

আনহাতে জুবিন গাৰ্গৰ প্ৰতি মানুহৰ মৰম ভালপোৱাক মূলধন ৰূপে ভৱিষ্যতৰ ৰাজনীতিৰ এক আধাৰ গঢ়িবলৈ আন এক পক্ষই নিৰন্তৰ চেষ্টা চলাই গৈছে। তেওঁলোকেও জুবিনৰ নামত ৰাজনীতি কৰাৰ সুযোগ অতি কৌশলেৰে গ্ৰহণ কৰিছে। 

জুবিন গাৰ্গৰ ঘনিষ্ঠসকলৰ যিবোৰ কাণ্ড পোহৰলৈ আহিছে, সেইবোৰ জুবিনৰ মৃত্যুৰ সৈতে প্ৰত্যক্ষ প্ৰভাৱ পেলোৱা কাণ্ড নহলেও জুবিন গাৰ্গৰ এনে মৃত্যু নোহোৱা হ’লে কথাবোৰ চৰ্চা নহ’লহেতেন।   

শ্যামকানু মহন্তৰ প্ৰভাৱ আৰু ক্ষমতা এনে পৰ্যায়ত আছিল যে, দিছপুৰৰ আশীৰ্বাদ লাভ নকৰিলে এজন উদ্যোগী এনে ক্ষমতা আৰু পদ মৰ্যাদাৰ গৰাকী হ’ব নোৱাৰে। গীতানগৰৰ কাৰ্বি পথত থকা নতুন ঘৰটো লওঁতে শ্যামকানু মহন্তৰ বাসগৃহলৈ এই চৰকাৰৰ মন্ত্ৰীৰ লাইন লাগিছিল। 

আধা ডজনতকৈ অধিক মন্ত্ৰী শ্যাকানু মহন্তৰ এই নতুন ঘৰৰ আপ্যায়নৰ পাৰ্টিৰ অতিথি হৈছিলগৈ। তেওঁৰ ঘৰলৈ কোন নাহে ইয়াকে দেখুৱাবলৈ মহন্তই সামাজিক মাধ্যমত সেই আলোকচিত্ৰক সাক্ষী কৰি আপলোড কৰিছিল। আনকি বহু সংবাদ মাধ্যমৰ সম্পাদকসকলো তেওঁৰ এই আতিথ্যত ধন্য হৈ হাস্য বদনেৰে ফটো ছেচন কৰাৰ উদাহৰণ আছিল। 

চৰকাৰৰ পৰা ৰাইজৰ ধন অনুষ্ঠান পতাৰ নামত উলিয়াই নিয়া মহন্তই তেওঁৰ এনে সুসম্পৰ্কৰ বাবেই বহু পদত অধীস্থিত হোৱাৰ সুযোগো লাভ কৰিছিল। সেই সুবিধা শ্যামকানুক কিন্তু দিছপুৰেই কৰি দিছিল। 

উদাহৰণ স্বৰূপে অসম চৰকাৰৰ উচ্চ শিক্ষা সঞ্চালকালয়ে ২৩ ফেব্ৰুৱাৰী ২০২৩ ত প্ৰেৰণ কৰা এখন জাননীৰ কথা উল্লেখ কৰিব পাৰি। সেই জাননীখনৰ নম্বৰ DHE/PA/GB(Autonomous)-3/2021/160। সেই সময়ৰ উচ্চ শিক্ষা সঞ্চালকালয়ৰ সঞ্চালক ধৰ্মকান্ত মিলিয়ে এই জাননী জাৰি কৰিছিল আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ অধ্যক্ষলৈ। 

জাননীখনৰ বিষয় আছিল মহাবিদ্যালয়খনৰ গভৰ্নিং বডীৰ মনোনীত সদস্য নিযুক্তি। ৰেফাৰেন্স নং Govt.ECF No 180895/1 ৰ জৰিয়তে মহাবিদ্যালয়খনৰ গভৰ্নিং বডীত ৰাজ্যচৰকাৰৰ ফালৰ পৰা তিনিজন সদস্য মনোনীত কৰাৰ কথা জনোৱা হৈছিল। 

তাৰে এজন আছিল শ্যামকানু মহন্ত। এই জাননীৰ প্ৰত্যালিপি শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ ব্যক্তিগত সচিবলৈ প্ৰেৰণ কৰিছিল। চৰকাৰে শ্যামকানু মহন্তক এনেদৰেই ৰঙা দলিচা পাৰি বহাইছিল। 

জুবিন গাৰ্গৰ মৃত্যুৰে তেওঁৰ নাম সাঙোৰ খোৱাৰ পাছত আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ অধ্যক্ষই ২৪ ছেপ্তেম্বৰ, ২০২৫ ত শ্যামকানু মহন্ত যে মহাবিদ্যালয়খনৰ গভৰ্নিং বডীৰ চৰকাৰৰ মনোনীত সদস্য হৈ আছে সেই কথা উচ্চ শিক্ষা সঞ্চালকালয়ত অৱগত কৰিছিল। 

সেই সন্দৰ্ভত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ বাবে আৰু এই মহাবিদ্যালয়খনৰ চৰকাৰী মনোনীত সদস্য হিচাপে থকা শ্যামকানুৰ নাম কৰ্তনৰ বাবে এটা ফাইল প্ৰস্তুত হৈছিল ২৪ ছেপ্তেম্বৰ ২০২৫ তে। কিন্তু আজিলৈকে তেওঁক চৰকাৰে এই মনোনীত সদস্যৰ পদৰ পৰা আঁতৰ কৰা নাই। 

৯ অক্টোবৰ ২০২৫ লৈকে আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ গভৰ্নিং বডীৰ মনোনীত সদস্য হিচাপে তেওঁৰ নাম মহাবিদ্যালয়খনৰ ৱেবচাইটত চাৰি নম্বৰ স্থানতে আছে। ইফালে শ্যামকানু মহন্ত আছিল কাজিৰঙা বিশ্ববিদ্যালয়ৰ পৰিচালনা কমিটীৰো অন্যতম সদস্য। 

২০১৩ চনতেই তেওঁক ১০ জনীয়া এই কমিটীখনৰ এজন সদস্য হিচাপে ৰখাইছিল কাজিৰঙা বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। গ্ৰেপ্তাৰ হোৱাৰ পাছতহে শ্যামকানুক উক্ত পদবীৰ পৰা আঁতৰ কৰি ১২ বছৰৰ পাছত আত্মশুদ্ধি কৰিলে খেতান কোম্পানীয়ে। 

শ্যামকানু মহন্ত আছিল প্ৰফেছৰ অফ প্ৰেক্টিছ। নগাওঁ কলেজ (অট’নমাছ)এ তেওঁক এই পদবী দিছিল। শ্যামকানু মহন্তই ২০২৪ চনৰ ৬ ছেপ্তেম্বৰত মহাবিদ্যালয়খনৰ এক অনুষ্ঠানত অংশ লৈ এই বিষয়ে লিখিছিল এইদৰে-

কিছুদিন পূৰ্বে নগাঁও কলেজত আমাক ইউ জি চিৰ প্ৰফেচৰ অৱ প্ৰেকটিছ হিচাপে নিযুক্তি দিয়া হৈছিল। আজি নগাঁও কলেজত ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰি বহু সময় কটালো। চাকৰি বা নিয়োজন আৰু উদ্যোগ বা ব্যৱসায়-বাণিজ্যৰ লগতে পৰ্যটন আদি ক্ষেত্ৰত কেনেদৰে কেৰিয়াৰ গঢ়িব পাৰি সেই সন্দৰ্ভত আলোচনা কৰিলো। লগতে ট্ৰেডিং আৰু পঞ্জী স্কীমৰ বিষয়েও কিছু কথা ক'লো। নগাঁও কলেজৰ উদ্যোগত হস্তশিল্পৰ সৈতে জড়িত কিছু থলুৱা শিপিনীক লৈ এটা অনুষ্ঠান কৰা হৈছে। অনুষ্ঠানটোত বহু উদ্যোগী আৰু শিপিনীক লগ পালো। তেওঁলোকক বজাৰ সৃষ্টি সন্দৰ্ভত কিছু কথা ক'লো। কি দৰে প্ৰদৰ্শনীত অংশ ল'ব পাৰি বা অনলাইন বজাৰৰ জৰিয়তে হস্তশিল্পৰ সামগ্ৰীসমূহ বিশ্ব বজাৰলৈ লৈ যাব পাৰি তাৰ ব্যৱসায়িক দিশ সন্দৰ্ভত আলোচনা কৰিলো। অতি সুন্দৰ এক অনুভৱৰ সাক্ষী হ'লো। নগাঁও কলেজৰ অধ্যক্ষকে ধৰি প্ৰতিজনকে শ্ৰদ্ধা জনাইছো। এনেদৰেই নতুন প্ৰজন্মৰ মাজত যোগাত্মক চিন্তাৰ এটা পৰিৱেশ গঢ়ি তুলিবলৈ চেষ্টা অব্যাহত থাকিব।(অসম্পাদিত)

এয়াই আছিল তেওঁলোকৰ ভাল দিনৰ ভাল খবৰ। এতিয়া চি আই ডিৰ লকআপত সোমোৱাৰ পাছত সেই খবৰ বোৰৰ আঁৰৰ খবৰবোৰ মানুহে বিচাৰিবলৈ আৰম্ভ কৰিছে। 

এনে দুঃসময়ৰ পৰা পৰিত্ৰাণ পাবলৈ শ্যামকানু মহন্তৰ পত্নীয়ে যিপাৰে কৰিছে। লাগে সেয়া বিশ্বাস, অন্ধবিশ্বাস যিয়েই নহওঁক। কেতিয়াবা যদি কিতাপৰ ভিতৰত অনা পত্ৰত মন্ত্ৰ লিখি স্বামীক দিবলৈ আহিছে, দিনটোত কেইবাৰ আওঁৰাব লাগিব তাৰ বিধান দিবলৈ গৈ বিফলো হৈছে।

কেতিয়াবা তুলসী পাত লৈ চি আই ডিৰ কাৰ্যালয়ত প্ৰবেশ কৰিছে পত্নী। ইয়াতেই শেষ হোৱা নাই এই বেয়া দিনৰ পৰা মুক্তি লাভৰ বিধান প্ৰাপ্তিৰ সন্ধানৰ কাহিনী। ঘৰৰ ছাঁদৰ ওপৰৰ পৰা আৰি দিছে ছেণ্ডেল। 

সেই ডাঙৰ, ডাঙৰ ট্ৰাক, বাছত 'বুৰি নজৰ ৱালে তেৰা মোহ কালা’ বুলি আৰি দিয়া ছেণ্ডেল এতিয়া উলমি ৰৈছে শ্যামকানুৰ ঘৰত। কিন্তু লাখ লাখ মানুহৰ মনত সৃষ্টি হোৱা শ্যামকানু কেন্দ্ৰিক ক্ষোভ আৰু অভিশাপ এই ছেণ্ডেলে জানো বিনাশ কৰিব পাৰিব?

সকলোকে লাগে এতিয়া ন্যায়। বিচাৰে জানিবলৈ সঁচাকৈয়ে কি হৈছিল সেইদিনা ছিংগাপুৰত? জুবিন গাৰ্গ নামৰ এই সত্তাক মৃত্যুৰ মুখলৈ ঠেলি দিয়াসকলক চিনি থ’ব খোজে ৰাইজে। ৰাইজৰ আদালতত তেওঁলোক চিৰ দিনৰ বাবে খলনায়ক।

জুবিন গাৰ্গ শ্যামকানু মহন্ত