/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/d933ecbf-e527-4633-b494-6aa9bbf754a4/AP_FOR_WEB_NEW____bikhekh_lekha_majulir_ekhaj.jpg)
rajib bora
মৃদুল কুমাৰ সন্দিকৈ
২০২০ ৰ ৪ মাৰ্চত তেওঁ গৈছিল কলকাতালৈ। চিকিৎসাৰ বাবে যোৱা মানুহজন সুস্থ হৈ উভতিও আহিছিল। হঠাৎ আকৌ স্বাস্থ্যজনিত সমস্যাৰ বাবে কলকাতাৰ ৰবিন্দ্ৰনাথ ঠাকুৰ চিকিৎসালয়লৈ যোৱা মানুহজন উভতি নাহিল।
খবৰ আহিল ২০২২ ৰ ১০ অক্টোবৰত। তেওঁ আৰু নাই। হাঁহিমুখীয়া মানুহজনে জানিছিল আতিথ্য। কাৰোবাক তৃপ্তিৰে এসাঁজ খুৱাই তেওঁ আনন্দ পাইছিল। 'মাজুলীৰ এসাঁজ' নামৰ ব্যতিক্ৰম ৰেস্তোৰাঁখন তেওঁ আৰম্ভ কৰিছিল বিশেষ লক্ষ্যলৈ। থলুৱা অসমীয়া খাদ্যক এইগৰাকী অসমীয়াই লৈ আহিছিল ব্যৱসায়িকভাৱে মানুহৰ মাজলৈ।
বহুতৰ বাবে তেওঁ আছিল ৰাজীৱ দা। মাজুলীৰ এসাঁজত যি এবাৰ সোমাই খাদ্যৰ জুতি লৈছিল, তেওঁ দ্বিতীয়বাৰৰ বাবেও তালৈ আহিছিল। সুস্বাদু খাদ্য আৰু মানুহজনৰ আচাৰ ব্যৱহাৰে মানুহক টানি আনিছিল। অসুস্থ হোৱাৰ আগলৈকে তেওঁ ব্যস্ত আছিল থলুৱা খাদ্যৰ সংগ্ৰহ আৰু সেইবোৰ প্ৰস্তুত কৰাৰ গৱেষণামূলক এক কামত।
অসমীয়া লোক খাদ্যক তেওঁতকৈ আৰু কোনে বেছিকৈ জানে? ৰাজ্যখনৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ লোক খাদ্য সন্দৰ্ভত তেওঁৰ আছিল গভীৰ জ্ঞান। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ঘূৰি লোক খাদ্যৰ সন্ধানেৰে সেইবোৰ বাহিৰলৈ লৈ আনি মানুহক তাৰ সোৱাদ দিবলৈ দীৰ্ঘদিন ধৰি অহৰহ চেষ্টা চলাই গৈছিল।
ব'হাগ বিহুৰ সময়ত এশ এবিধ শাকেৰে মাজুলীৰ এসাঁজত গ্ৰাহকক বিশেষ সোৱাদ দিয়াৰ আঁৰৰ মানুহ আছিল তেওঁ। সেই সময়ৰ মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পৰা আৰম্ভ কৰি ৰাজ্যৰ প্ৰতিষ্ঠিত লোকসকল হৈছিলহি তেওঁৰ ৰেস্তোৰাৰ আলহী। হেৰাই যোৱা পঁইতা ভাতৰ সোৱাদ তেঁৱেই দিছিল গ্ৰাহকক।
ব্যতিক্ৰমী চিন্তা চেতনাৰে শিল্প, সংস্কৃতিৰ ক্ষেত্ৰখনৰে জড়িত হৈ থলুৱা খাদ্য সন্দৰ্ভত নিৰৱিচিন্নভাৱে কেইবা দশকজুৰি কাম কৰি যোৱা এই মানুহজনৰ নাম আছিল ৰাজীৱ বৰা। এক সত্ৰীয়া সংস্কৃতিৰে ভৰা পৰিৱেশত জন্ম হৈছিল তেওঁৰ।
সত্ৰ পীঠ মাজুলীৰ পৰা ওলাই আহি ভিন্ন ধাৰাৰে থলুৱা খাদ্যক জনমুখী কৰাৰ বাবে একাণপতীয়াকৈ লাগি থকা মানুহজনে নিজৰ কথা ভৱাৰ অৱকাশেই নাপালে। থলুৱা খাদ্যৰে ব্যৱসায় কৰাতকৈ তেওঁৰ গুৰুত্ব আছিল সেই খাদ্যবোৰৰ এখন বজাৰ সৃষ্টি কৰাৰ।
তেওঁ লক্ষ্য ৰাখিছিল, গ্ৰাহকে যাতে এইবোৰ খাদ্য গ্ৰহণ কৰি জাতি, জনগোষ্ঠীৰ মাজৰ পৰা হেৰাই যোৱা এনে খাদ্য সম্ভাৰৰ সোৱাদ ল'বলৈ সুযোগ পায়। তেওঁৰ ইচ্ছা আছিল থলুৱা খাদ্যৰ ইতিহাস সম্পৰ্কীয় এখন অনন্য গ্ৰন্থ ৰচনা কৰাৰ। তাৰ বাবে তেওঁ বহুখিনি আগবাঢ়িছিল যদিও সেয়া সম্পূৰ্ণ নহ’ল।
সত্ৰ পীঠ মাজুলীত জন্মগ্ৰহণ কৰা ৰাজীৱ বৰাৰ পিতৃৰ নাম জীৱেশ্বৰ বৰা। প্ৰয়াত জীৱেশ্বৰ বৰা আছিল স্বাধীনতা আন্দোলনৰ মুক্তিযোদ্ধা। তেওঁৰ মাতৃৰ নাম নিৰূপমা বৰা। মাতৃ নিৰূপমা বৰাৰো এক বিশেষ পৰিচয় আছে।যি সময়ত সত্ৰত মহিলাক প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাছিল, তেনে এক সময়তে সত্ৰৰ সত্ৰীয়া শিল্পীৰূপে আত্মপ্ৰকাশ কৰিছিল নিৰূপমা বৰাই।
অসমৰ প্ৰথমগৰাকী মহিলা সত্ৰীয়া শিল্পী তথা মুক্তিযোদ্ধা জীৱেশ্বৰ বৰাৰ পুত্ৰ ৰাজীৱ বৰাই থলুৱা খাদ্যৰ জৰিয়তে 'মাজুলীৰ এসাঁজ'ৰ উদ্যোগত নিজৰ পৰিচয় গঢ়ি তুলিছিল। ইয়াৰোপৰিও তেওঁৰ আছিল অন্য কিছু পৰিচয়।
ঢোলকে ধৰি সকলো ধৰণৰ লোকবাদ্য বজাব পৰা, ভাল বিহুৱা, ভাল ভাওনা শিল্পীৰূপে তেওঁৰ নাম আছিল। জাতীয়তাবাদৰ প্ৰতি গভীৰ আস্থাৰে তেওঁ নিজৰ এক দৰ্শনেৰে স্বাৱলম্বিতাৰ ক্ষেত্ৰত নতুন মাত্ৰাৰে অসমৰ লোক খাদ্যক বজাৰমুখী কৰিছিল।
সংস্থাপন দিছিল তেওঁ 'মাজুলীৰ এসাঁজ'ত কেইবাজনো অসমীয়া যুৱক-যুৱতীক। চৰ অঞ্চললৈ গৈ ভাওনা পাতি, নিজেই ভাওনা কৰি সত্ৰীয়া সংস্কৃতিক মানুহৰ মাজলৈ লৈ যোৱাত আগভাগ লৈছিল। কোনো কথাতেই তেওঁ পিছপৰি থকা নাছিল।
হাতত কলম তুলি লৈ তেওঁ লিখিছিল 'ভকত' নামৰ এখন উপন্যাস। মাজুলীৰ ভকতসকলৰ জীৱন শৈলীক লৈ নতুন বিষয়ক এই উপন্যাসে পাঠকৰো যথেষ্ট সমাদৰ লাভ কৰিছিল। পুৱাই তেওঁ ওলাই গৈছিল বজাৰলৈ। বজাৰত উপলব্ধ হোৱা থলুৱা খাদ্য সম্ভাৰ লৈ আহি সেইবোৰ সযতনে ৰান্ধিছিল।
২ বছৰ মানৰ আগৰ কথা। সকলো ঠিকেই চলি আছিল। হঠাৎ শৰীৰত দেখা দিয়া কিছু উপসৰ্গৰ বাবে কাষ চাপিছিল চিকিৎসকৰ। চিন্তা তেওঁ কৰা নাছিল। মনৰ উদ্যমত চলি গৈছিল। তেওঁৰ আছিল প্ৰৱল মানসিক দৃঢ়তা। কেইবাটাও স্বাস্থ্য পৰীক্ষাৰ অন্তত আহিছিল এটা দুখবৰ।
মানুহজন ভাগৰি নপৰিলেও সমস্যাই দোলা দি গৈছিল। চিকিৎসকে কৈ দিলে, দুয়োটা বৃক্কই তেওঁৰ বিকল হৈ গৈছে। সাংঘাতিক ধৰণে ক্ষতিগ্ৰস্ত হৈছে বৃক্ক। মূৰত যেন আকাশখন ভাগি পৰিছিল। তাৰ পাছত আৰম্ভ হৈছিল চিকিৎসা পৰ্ব।
গুৱাহাটীতেই ইতিমধ্যে কেইবাবাৰো ডায়'লেছিছ কৰিছিল। কিছুদিনৰ আগলৈকে দৌৰি ফুৰা মানুহজন বিচনাত পৰি ৰৈছিল। এফালে স্বাস্থ্যৰ চিন্তা, আনফালে ধনৰ। ভৱা নাছিল কেতিয়াও, এনে এক দুৰ্যোগ নামি আহিব জীৱনলৈ। যি সাঁচতীয়া ধন আছিল, সেইবোৰ অসমীয়া লোক খাদ্যৰ গৱেষণা আৰু 'মাজুলীৰ এসাঁজ'ৰ নামতে ব্যয় কৰি পেলাইছিল।
চিকিৎসকে পৰামৰ্শ দিছিল- অতি কমেও এটা বৃক্ক নতুনকৈ সংৰোপণ কৰিব লাগিব তেওঁ। কিন্তু ইয়াৰ বাবে প্ৰয়োজন হৈছিল প্ৰায় ১৯-২০ লাখ টকা। কিন্তু ক'ত পাব ইমান ধন? আকৌ নতুন চিন্তা!
মানুহজনৰ কাষত থিয় হৈছিলহি তেওঁৰে গুণগ্ৰাহীসকল। তেওঁৰ বাবে সহায় বিচাৰি ছ'চিয়েল মিডিয়াত দিয়া হৈছিল এক আবেদন। 'ৰাজীৱ বৰা অসুস্থ' শীৰ্ষক এই আহ্বানত লিখা আছিল- 'এই কৰ্মঠ তথা কৰ্মদ্যোমী ব্যক্তি ৰাজীৱ বৰা বৰ্তমান অসুস্থ। স্বাস্থ্য পৰীক্ষাত ধৰা পৰিল, বৰাৰ দুয়োটা বৃক্কই সাংঘাতিকধৰণে ক্ষতিগ্ৰস্থ। চিকিৎসকে ইয়াৰ বাবে প্ৰায় ১৯-২০ লাখ টকাৰ প্ৰয়োজন বুলি কৈছে। এক ব্যয়বহুল চিকিৎসা আৰু বৃক্ক সংৰোপণৰ বাবে আহক আমি তেওঁৰ সৈতে একেলগে থিয় হওঁ।'
হোৱাটছএপ যোগে এই কামনা কৰি মানুহজনক সুস্থ কৰি তোলাৰ ক্ষেত্ৰত সহায় সহযোগিতা বিচাৰি তেওঁৰ বেংক একাউণ্ট নম্বৰত ইচ্ছুক সকলে সহায় কৰিব পাৰিব বুলি উল্লেখ কৰা হৈছিল।
সকলোৱে সাহস দিছিল তেওঁক- আৰোগ্য হ'ব সোনকালে। কিন্তু তেওঁৰ সপোনবোৰ সম্পূৰ্ণ নহ’ল। মাজুলীৰ এসাঁজ লকডাউনৰ সময়ত বন্ধ হৈ গ’ল।
তাৰ পাছত বহু ধুমুহাই ৰাজীৱ বৰা আৰু ৰাজীৱ বৰাৰ পৰিয়ালক চুই গ’ল। আৰ্থিক ভাৱে ভাগি পৰা পৰিয়ালটোৰ সহায়ৰ বাবে জুবিন গাৰ্গেও সামাজিক মাধ্যমত এদিনৰ পূৰ্বে আহ্বান জনাইছিল।
এনেবোৰ নীৰৱ ভাৱে কাম কৰা মানুহৰ বাবে চৰকাৰৰ জানো আগ্ৰহ থাকে? সকলো ধন মানুহজনৰ চিকিৎসাতেই গ’ল। কলকাতাৰ পৰা তেওঁৰ নশ্বৰ দেহ অনাৰ বাবেও ধনৰ টনাটনি।
মানুহক খোৱাই ভালপোৱা, সাংস্কৃতিক মনৰ এজন আপোন মানুহ এনেকৈয়ে হেৰাই গ’ল। হেৰাই গ’ল এটা পৰিচিত হাঁহি। এয়াই জীৱন !