/asomiyapratidin/media/media_files/2025/11/12/new-bikhekh-protibedon-1-6-2025-11-12-12-10-30.jpg)
অশুভ হিচাপে গণ্য কৰা হৈছে ২০২৫ বৰ্ষক। এটাৰ পাছত আনটো দুঃখবৰে ম্ৰিয়মান কৰিছে দেশবাসীক। এইটো বৰ্ষতে অনুৰাগী-গুণমুদ্ধই হেৰুৱাইছে ইজনৰ পাছত আনজন প্ৰিয় শিল্পীক। সাংস্কৃতিক ক্ষেত্ৰত হোৱা ক্ষতিয়ে বৰ্ষটোক সঁচাকৈয়ে এক 'অশুভ' আৰু অনিশ্চয়তাৰ বছৰ হিচাপে চিহ্নিত কৰিছে। সমগ্ৰ বিষয় সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেল এক প্ৰতিবেদন...
জ্যোতিষীৰ কথাই সঁচা হৈছে। দেশৰ সাংস্কৃতিক জগতৰ বাবে ২০২৫ বৰ্ষটো কাল হৈ পৰিছে। কেৱল আহিছে ইটোৰ পাছত সিটো বেয়া খবৰ। অসমৰ ক্ষেত্ৰতো ২০২৫ বৰ্ষই কঢ়িয়াই আনিলে বহু অসহনীয় খবৰ। ছিংগাপুৰত ১৯ ছেপ্তেম্বৰত হেৰাই গ'ল হাৰ্টথ্ৰব জুবিন গাৰ্গ।
তাৰ পাছত ৩ নৱেম্বৰত ২০২৫ ত আন এজন অসমৰ সাংস্কৃতিক জগতৰ নক্ষত্ৰ সদৃশ বিশিষ্ট বাঁহী বাদক দীপক শৰ্মা নোহোৱা হোৱাৰ খবৰ আহিল চেন্নাইৰ পৰা। তাৰ পূৰ্বে অসুস্থ হৈ চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা বিশিষ্ট গীতিকাৰ,সুৰকাৰ ছৈয়দ ছাদুল্লাৰ মৃত্যুৰ খবৰে জোকাৰি গ'ল ৰাজ্যৰ সাংস্কৃতিক মহল।
এই সকলক হেৰুৱাৰ দুখত ৰাজ্যবাসী ডুব গৈ থাকোতে আকস্মিকভাৱে আহিল নাগাৰা নামৰ বিশিষ্ট শিল্পী ৰামচৰণ ভৰালীৰ মৃত্যুৰ খবৰ। ২০২৫ বৰ্ষত হেৰুৱালো আমি তিমথী দাস হান্সেক। চলিত বৰ্ষৰ মে'ত চিৰদিনৰ বাবে আমাৰ মাজৰ পৰা বিদায় লৈছিল সুকন্ঠী গায়িকা গায়ত্ৰী হাজৰিকাই।
অভিনয়ৰে দৰ্শকৰ মাজত সুপৰিচিতি লাভ কৰা অভিনেতা ফাইলাও বসুমতাৰী আঁতৰি গ'ল নিৰৱে ২০২৫ তে। বছৰটোৰ আৰম্ভণিতে, ২০২৫ চনৰ ৮ জানুৱাৰীত অসমীয়া চলচ্চিত্ৰ জগতৰ প্ৰবীণ অভিনেত্ৰী আৰু কণ্ঠশিল্পী জ্ঞানদা কাকতিৰ ৯২ বছৰ বয়সত দেহাৱসান ঘটে। তেওঁ আছিল অসমীয়া চলচ্চিত্ৰৰ প্ৰাৰম্ভিক যুগৰ এগৰাকী সাক্ষী। তেওঁৰ দৰে প্ৰতিষ্ঠাপক ব্যক্তিত্বৰ বিদায়ে সাংস্কৃতিক যাত্ৰাৰ এক সোণালী অধ্যায়ৰ চূড়ান্ত সমাপ্তিৰ ইংগিত দিয়ে।
ৰাজীৱ শদিয়াৰ কথা নক'লোৱেই বা। আৰু কিমান দুখ সহিব ৰাইজে। আহিছিল বলীউডৰ বলিষ্ঠ অভিনেতা ধৰ্মেন্দ্ৰৰো মৃত্যুৰ খবৰ! অৱশ্যে সেই খবৰ আছিল এক উৰা বাতৰি। এই বছৰটোত ৰাষ্ট্ৰীয় পৰ্যায়ৰ বহু কেইগৰাকী শিল্পীক আমি হেৰুৱালো।
তাৰ ভিতৰত কমিক টাইমিঙৰ বাবে পৰিচিতগোবৰ্ধন আছৰানি, সতীশ শ্বাহ, প্ৰবীণ অভিনেতা মনোজ কুমাৰ ,পীয়ুষ পাণ্ডে,মহাভাৰতৰ কৰ্ণ হিচাপে পৰিচিত অভিনেতা পংকজ ধীৰ,অভিনেত্ৰী শ্বেফালী জাৰিৱালাৰ লগতে প্ৰবীণ অভিনেত্ৰী সুলক্ষনা পণ্ডিত।
শেহতীয়াকৈ মঙলবাৰে মাজ নিশা প্ৰায় ১ বজাত নিজ বাসগৃহত অচেতন হৈ পৰে বলীউড অভিনেতা গোবিন্দা। লগে লগে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। গোবিন্দাৰ স্বাস্থ্য সন্দৰ্ভত পোৱা খবৰ অনুসৰি চিকিৎসকে তেওঁৰ ৰক্তচাপ, চেনিৰ মাত্ৰা, স্নায়ু পৰীক্ষাকে ধৰি কেইবাটাও পৰীক্ষা সম্পন্ন কৰিছে। ফলাফল নোপোৱালৈকে তেওঁক পৰ্যবেক্ষণত ৰখা হৈছে।
এই শিল্পী সকলৰ মৃত্যুৰ পাছতে ২০২৫ বৰ্ষটো চলচ্চিত্ৰ আৰু সংগীত উদ্যোগৰ বাবে এক অতি কঠিন বৰ্ষ হিচাপে পৰিগণিত হ'ল। অৱশ্যে অনুৰাগী আৰু গুণমুগ্ধৰ বাবে আহিবলগীয়া দশকবোৰলৈকে মনত ৰাখিব পৰাকৈ তেওঁলোকে নিজ নিজ কৰ্মৰাজীৰ জৰিয়তে চাপ এৰি গৈছে।
যশস্যা আৰু জনপ্ৰিয়তা চিৰস্থায়ী নহয়, কিন্তু এগৰাকী শিল্পীয়ে এৰি থৈ যোৱা তেওঁৰ অমৰ সৃষ্টি চিৰকাল সদায় অনুৰাগীৰ মাজত জীয়াই থাকে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us