/asomiyapratidin/media/media_files/2026/02/25/oppositionbiseslekha-2026-02-25-18-11-50.jpeg)
মৃদুল কুমাৰ সন্দিকৈ
একেখন নাটকৰে যেন পুনৰাবৃত্তি ঘটিল। মঞ্চ একেইখন, অভিনেতাও একেই ৰাজনৈতিক নেতা কেইজন। মিত্ৰতা নামৰ এই নাটকখন ৰাজ্যত নিৰ্বাচন আহিলে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰে। কি হ'ব, কি নহ'ব তাক লৈ ব্যাপক আলোচনা চলে। প্ৰতিবাৰেই এক ইতিবাচক খবৰ আহিব বুলি পৰিৱৰ্তনকামী মানুহবোৰ ৰৈ থাকে।
যোৱা ৩-৪টা নিৰ্বাচনৰ সময়ত দেখা নাটকখনৰ যৌৱনিকা পৰো পৰো হৈছে এইবাৰো। এটা বিয়োগাত্মক খবৰ অহাতো প্ৰায় নিশ্চিত হৈ পৰিছে। অখিল গগৈ আৰু গৌৰৱ গগৈৰ দুটা বিৰোধী ৰাজনৈতিক দলৰ সভাপতি। ৰাইজৰ দল আৰু কংগ্ৰেছৰ সাম্ভাব্য বিজেপি বিৰোধী নিৰ্বাচনী যুঁজৰ অশ্বমেধ ঘোঁৰা নিৰ্বাচনৰ পূৰ্বেই খাম-খেয়ালিৰ বাবে ৰণত পৰিল আকৌ এবাৰ।
মূলতঃ তিনি চাৰিটা সমষ্টিৰ বাবে নিৰ্বাচনৰ সময়ত এটা মেৰুত ঐক্যবদ্ধভাৱে থিয় হ'ব নোৱাৰাৰ পৰিৱেশ এতিয়া দেখিবলৈ পোৱা গৈছে। সেই সমষ্টি কেইটাক লৈ কোনোটো দলেই এৰা ধৰা কৰিব নিবিচৰাৰ বাবেই এই মিত্ৰতা সম্ভৱ হৈ উঠা নাই।
নাওবৈচা সমষ্টিত ৰাইজৰ দলে প্ৰক্ষেপ কৰিব খুজিছিল ডাঃ হৰিকান্ত দাসক। সমষ্টিটোত কংগ্ৰেছৰ শক্তিশালী দাবীদাৰ জয়প্ৰকাশ দাস। কোনোৱে এই সমষ্টিটো এৰিব নোখোজে। আনকৈ বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতাৰ বাবে দল দুটাৰ মাজত মাৰ্ঘেৰিটা, মন্দিয়া বা পূব গোৱালপাৰাৰ দৰে সহমততো উপনীত হ'ব নোৱাৰিলে দল দুটাই।
দুয়োটা দলৰ দাবী- এই সমষ্টিটোত তেওঁলোকৰ নিজৰ প্ৰাৰ্থীজনহে বেছি শক্তিশালী। ২০২১চনত নাওবৈচা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী ভৰত নৰহ জয়ী হৈছিল। এইবাৰ তেওঁ নিৰ্বাচনী দৌৰত নাই। সেয়েহে ৰাইজৰ দলে হৰিকান্ত দাসক প্ৰক্ষেপ কৰাৰ বিপৰীতে সমষ্টিটোত দীৰ্ঘ সময় ধৰি লাগি আছিল কংগ্ৰেছৰ জয় প্ৰকাশ দাস।
দলগাঁও সমষ্টি কংগ্ৰেছে ৰাইজৰ দলক এৰি দিব বিচাৰিছে। কংগ্ৰেছৰ সমৰ্থকসকলে কিন্তু ৰাইজৰ দলক এই সমষ্টি এৰি দিয়াৰ পক্ষপাতী নহয়। কংগ্ৰেছী সমৰ্থকৰ মতে এইটো তেওঁলোকৰ অন্যতম শক্তিশালী ভেটি থকা সমষ্টি। সেয়েহে কোনো কাৰণতে সমষ্টিটো ৰাইজৰ দলক এৰি দিব নালাগে বুলি দলগাঁৱৰ পৰা সমৰ্থক আহি গৌৰৱ গগৈৰ গুৱাহাটীৰ বাসগৃহ পাইছিলহি।
প্ৰাৰ্থিত্বক লৈ সংঘাত হোৱা আন এটা সমষ্টি হল ধিং। সমষ্টিটোত ৰাইজৰ দলৰ এজন শক্তিশালী প্ৰাৰ্থী আছিল। মেহবুব মুক্তাব নামৰ প্ৰাৰ্থীগৰাকী সমষ্টিটোত এটা ভাল ভাবমূৰ্তিও আছে। কিন্তু ৰকিবুল হুছেইনে সংখ্যালঘু ভোটাৰে প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিবলগা এই সমষ্টিটো ৰাইজৰ দলক কোনো কাৰণতে এৰি দিব নোখোজে। ফলত এই সমষ্টিটোক লৈও কংগ্ৰেছ-ৰাইজৰ দলৰ মাজত অংক মিলা নাই।
জ্বলেশ্বৰত ৰাইজৰ দলে এজন ধনবন্ত প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ লক্ষ্যৰে কুচকাৱাজ চলাই গৈছে। কিন্তু সমষ্টিটোত কংগ্ৰেছেও এৰিব নোখোজে। ফলত এই সমষ্টিটোতো অখিল গগৈ-গৌৰৱ গগৈৰ মাজত কোনো মিত্ৰতাৰ সমাধান সূত্ৰ নোলাল। বৰচলা এটা গুৰুত্বপূৰ্ণ সমষ্টি। যথেষ্ট সংখ্যক নাথ সম্প্ৰদায়ৰ ভোটাৰ থকা সমষ্টিটোত এইবাৰ দৃষ্টি আছে ৰিপুন বৰাৰ।
কংগ্ৰেছৰ বাবে ৰিপুন বৰা এটা ডাঙৰ ফেক্টৰ। ৰাইজৰ দলে এই সমষ্টিটোত অলক নাথক প্ৰক্ষেপ কৰিব বিচাৰিছে। ৰিপুন বৰাৰ কথা ভাবি ৰাইজৰ দলে বৰচলা এৰি দিব বিচাৰিলেও তাৰ বিনিময়ত তেজপুৰ সমষ্টি তেওঁলোকক এৰি দিব লাগে বুলি দৰ-দাম কৰিছিল।
বৰচলাত নহ'লেও অলক নাথক তেজপুৰৰ পৰাই টিকট দিব বুলি অখিল গগৈয়ে চিন্তা কৰিছিল। কিন্তু তেজপুৰত চৰ্চা হৈ আছে কংগ্ৰেছৰ আন এগৰাকী শক্তিশালী প্ৰাৰ্থীৰ নাম। পল্লৱী শইকীয়াক কংগ্ৰেছ নেতৃত্বই আওকাণ কৰিব নোৱাৰাৰ বাবেই সেই সমষ্টিটোতো মিত্ৰতাক লৈ দুই দলৰ মাজত কোনো উত্তৰ নোলাল।
দেখা পোৱা গৈছে ডিমৌ সমষ্টিত ধৈৰ্য কোঁৱৰক প্ৰাৰ্থিত্ব প্ৰদান কৰিবলৈ চিন্তা-চৰ্চা কৰা বুলি কিছু খবৰ বিয়পি পৰিছে। কংগ্ৰেছে এই সমষ্টিত নিজাকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰিবলৈ পৰিকল্পনা কৰিছে। অৱশ্যে সমষ্টিটোক লৈ আনবোৰ সমষ্টিৰ দৰে ৰাইজৰ দলৰ বৰ বিশেষ আপত্তি নাই যেন বোধ হয়। কেৱল হেঁচা দিবৰ বাবেই এনেদৰে কিছু সমষ্টিত তেওঁলোকৰ প্ৰাৰ্থীৰ নাম চৰ্চালৈ আনিছে বুলি আলোচনা হৈছে।
মূলতঃ এই কেইটা সমষ্টিৰ বাবেই কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতাৰ ক্ষেত্ৰত এক প্ৰতিবন্ধকতাৰ সৃষ্টি হল। লুৰীণজ্যোতি গগৈক কংগ্ৰেছ নেতৃত্বই যি বুজাপৰাৰে বিশ্বাসত লৈ মিত্ৰতাৰ ক্ষেত্ৰত সহমতত উপনীত হৈছে, ৰাইজৰ দলৰ সৈতে তেনে আস্থাময় পৰিৱেশ যেন বিৰাজ নকৰিলে।
সংখ্যালঘু ভোটাৰৰ নিৰ্ণায়ক ভূমিকা থকা সমষ্টিবোৰত ৰাইজৰ দল আৰু কংগ্ৰেছ দুয়োটাৰে দৃষ্টি এইবাৰ নিবদ্ধ হৈ আছিল। এই সকলোবোৰ মিলি বিজেপিয়ে বিচৰাৰ দৰেই বিৰোধীৰ মিত্ৰতাক এক প্ৰহসনত পৰিণত হোৱাৰ দিশে। গৌৰৱ গগৈয়েও ইংগিতপূৰ্ণভাৱে ৰাইজৰ দলৰ দাবী মানি লোৱাতো সম্ভৱ নহয় বুলি প্ৰায় ঘোষণা কৰিলে।
সেই কথা অখিল গগৈয়ে উপলব্ধি কৰি শেষমুহূৰ্তলৈকে বাট চাই সংবাদমাধ্যমৰ জৰিয়তে কংগ্ৰেছৰ নেতৃত্বক মিত্ৰতাৰ ক্ষেত্ৰত এক চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আহ্বান জনালে। মিত্ৰতা হয় নে নহয় সেই কথা স্পষ্টকৈ অসমৰ ৰাইজক কৈ দিবৰ বাবে অখিল গগৈয়ে জনোৱা আহ্বান কংগ্ৰেছ নেতৃত্বই কিদৰে গ্ৰহণ কৰে সেয়া এতিয়া বোধগম্য হৈ উঠিছে।
তিনি গগৈয়ে বিৰোধী ঐক্যক নেতৃত্ব দিব বুলি যি ধাৰণা ৰাজ্যৰ ৰাজনীতিত সৃষ্টি হৈছিল, সেই ধাৰণা মিছা হোৱাৰ পথত। গৌৰৱ গগৈৰ কাষত লুৰীণজ্যোতি গগৈ থাকি যাব যদিও এই দুই গগৈৰ পৰা ২০২৬ৰ নিৰ্বাচনী যুঁজত যে অখিল গগৈয়ে পৃথক পথেৰে বাট বুলিব যে লাগিব সেয়া আৰু বুজিবলৈ সহজ হৈ পৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us