/asomiyapratidin/media/media_files/2025/09/04/maharaj-prithu-2025-09-04-19-20-02.jpeg)
প্ৰতিনিধিত্বমূলক AI ফটো
তুষাৰ প্ৰতিম
গুৱাহাটীৰ ৰিজাৰ্ভ বেংকৰ পৰা নুনমাটিলৈ নিৰ্মাণ হৈ থকা উৰণ সেতুখনৰ নাম মহাৰাজ পৃথুৰ নামেৰে নামকৰণ কৰাৰ সিদ্ধান্ত অসম চৰকাৰে গ্ৰহণ কৰিছে। নিশ্চিতভাৱে এয়া এক আশাৰ খবৰ।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰাকৰে মহাৰাজ পৃথুৰ নামেৰে এই উৰণ সেতুখনৰ নামকৰণ কৰাৰ সিদ্ধান্তৰ জৰিয়তে কামৰূপৰ নৃপতি পৃথুৰ প্ৰতি যি শ্ৰদ্ধা প্ৰদৰ্শন কৰিছে সেয়া প্ৰশংসনীয়। ড০ শৰ্মাৰ চৰকাৰে অসমৰ ইতিহাসৰ বীৰ-বীৰাংগনাৰ প্ৰতি দেখুওৱা এই শ্ৰদ্ধাই জাতিটোক নিজৰ অতীতৰ গৌৰৱ গাথাক মনত ৰাখিবলৈ দায়বদ্ধ কৰি তুলিছে।
অসমীয়া জাতিৰ পিতৃ পুৰুষ চাওলুং চুকাফা, বীৰ চিলাৰায়, নৰনাৰায়ণ, লাচিত বৰফুকন, বীৰাংগনা সাধনীকে ধৰি জাতিৰ বীৰ, বীৰাংগনাৰ প্ৰতি দেখুওৱা চৰকাৰৰ এই দায়বদ্ধতাই নতুন পুৰুষক অতীত বুৰঞ্জীৰ প্ৰতি আগ্ৰহী কৰি তুলিছে। ইমানৰ পিছতো কিন্তু চৰকাৰৰ দায়িত্ব ইয়াতেই শেষ হৈ যোৱা নাই।
চাওলুং চুকাফা, বীৰ চিলাৰায় অথবা লাচিত বৰফুকনৰ বিষয়ে আজিৰ প্ৰজন্মই বহু কথাই জানে, বা জানিবলৈ আগ্ৰহী হৈ উঠিছে। তেওঁলোকৰ বিষয়ে পাঠ্যক্ৰমতো যথেষ্ট সমল বিচাৰি পাইছে। কিন্তু মহাৰাজ পৃথুৰ গৌৰৱোজ্জ্বল ইতিহাস আজিও অনাদৃত হৈয়ে আছে।
এখন উৰণ সেতুৰ নামাকৰণতেই সেয়ে চৰকাৰৰ দায়িত্ব শেষ হৈ নাযায়। মহাৰাজ পৃথু এনে এগৰাকী পাৰক্ৰমী বীৰ আছিল যাৰ বীৰত্বৰ গাথা সমগ্ৰ দেশে সন্মানেৰে লোৱাৰ অৱকাশ আছিল। কিন্তু তেওঁৰ সেই বীৰত্বক দেশৰ কথা বাদেই অসমীয়াই যে আজিলৈকে শ্ৰদ্ধাৰে সোঁৱৰণ যে কৰিছে তাত সন্দেহ ৰৈ গৈছে।
বিদেশী আক্ৰমণকাৰী বখতিয়াৰ খিলিজি যিসময়ত অপ্ৰতিৰোধ্য হৈ পৰিছিল, তেওঁ এফালৰ পৰা দেশৰ ঐতিহ্যক ধ্বংস কৰি সহজেই আগুৱাই আহিছিল সেই সময়ত তেওঁক পৰাক্ৰমেৰে পৰাভূত কৰি বীৰত্বৰ পৰিচয় দিছিল মহাৰাজ পৃথুৱে। দ্বাদশ শতিকাত খিলিজিয়ে ভাৰতৰ এক বৃহৎ অংশ ধ্বংস কৰি কামৰূপৰ দিশে আগুৱাই আহিছিল।
বিহাৰ, বংগ দখলৰ পিছত খিলিজিৰ পৰৱৰ্তী লক্ষ্য আছিল কামৰূপ আৰু তিব্বত। উদান্তপুৰী, নালান্দা, বিক্ৰমশীলাৰ দৰে প্ৰতিষ্ঠান ধ্বংসৰে আগুৱাই অহা খিলিজিৰ বাবে যে কামৰূপত কোনোবাই তেওঁক বাধা দিব সেয়া হয়তো কল্পনাও কৰা নাছিল। কিন্তু সেয়াই হৈছিল। খেন বংশৰ অন্তিমজন ৰজা পৃথুৱে খিলিজিক বাধা দিছিল অতি পৰাক্ৰমেৰে।
কামৰূপত বখতিয়াৰ খিলিজি উপস্থিত হোৱাৰ সময়তে মুখামুখি হৈছিল পৃথুৰ সৈতে। ব্ৰহ্মপুত্ৰৰ পাৰৰ সেই যুদ্ধক্ষেত্ৰৰ তুৰ্কী সৈন্য তিষ্ঠিব নোৱাৰি যেনিতেনি পলাবলৈ চেষ্টা কৰাই নহয়, স্বয়ং খিলিজিয়েই সৈন্যসহ পিছুৱাই যাবলৈ বাধ্য হৈছিল। এনে এজন পৰাক্ৰমী মহাৰাজৰ বিষয়ে সমগ্ৰ দেশেই জানিব লাগিছিল যদিও দুৰ্ভাগ্যৰ বিষয় যে, কিমান অসমীয়াই তেওঁৰ বিষয়ে জানে সেয়াও এক ডাঙৰ প্ৰশ্ন।
মহাৰাজ পৃথুৱে বখতিয়াৰ খিলিজিক পৰাস্ত কৰাৰ সেই গৌৰৱ গাথা লিপিবদ্ধ হৈ আছে উত্তৰ গুৱাহাটীত থকা কানাই বৰশী বোৱা শিলত কটা লিপিত। এই লিপিয়ে অৱশ্যে আন কেতবোৰ দিশৰো উন্মোচন কৰে। কানাই বৰশী শিলালিপিখন যদিও সংস্কৃতত আছে তাৰ বৰ্ণমালা কিন্তু অসমীয়া।
অসমীয়া বৰ্ণামালাৰ শিলালিপিত আছিল এয়াই প্ৰথম ব্যৱহাৰ। এই শিলালিপিখনত লিখা আছে-
শাকে তুৰগ যুগ্মেশে মধু মাস ত্ৰয়োদশে।
কামৰূপম্ সমাগত্য তুৰস্কাঃ ক্ষয়মাযয়ুঃ।।
এইদৰেই এই শিলালিপিত ১২০৬ খৃষ্টাব্দত কুটুবুদ্দিন আইবাকৰ সেনাধিনায়ক মহম্মদ ইবন বখতিয়াৰ খিলিজিক মহাৰাজ পৃথুৱে কিদৰে পৰাস্ত কৰিছিল সেই কথাৰ উল্লেখ আছে। উত্তৰ গুৱাহাটীৰ এই অঞ্চলটোত মহাৰাজ পৃথুৰ আন বহু সমল অনাদৃত হৈ পৰি থকাৰ সম্ভাৱনাও নথকা নহয়।
কিন্তু দুৰ্ভাগ্যজনকভাৱে সেই সমল উদ্ধাৰ অথবা ক্ষেত্ৰভিত্তিক অধ্যয়ন কি পৰ্যায়ত হৈছে সেয়াও সন্দেহৰ বিষয়। কিয়নো ইতিমধ্যে কানাই বৰশী বোৱা শিলৰ কাষতে তেনে বহু বুৰঞ্জীপ্ৰসিদ্ধ সমল ধ্বংস কৰি পেলোৱা হৈছে।
চৰকাৰে এইবোৰ বিষয়টো গুৰুত্ব দিব লাগিব। মহাৰাজ পৃথু সন্দৰ্ভত বহু গৱেষণাৰ প্ৰয়োজন আছে। এই গৱেষণাৰ মাধ্যমেৰে কামৰূপৰ স্বৰ্ণিল ইতিহাসক আৰু অধিক উজ্জ্বল কৰাৰ অৱকাশ আছে।
পাঠ্যক্ৰমত এই বিষয়বোৰ অন্তৰ্ভুক্তি কৰিব লাগিব। কেৱল অসমতেই নহয়, সমগ্ৰ দেশেই যাতে কামৰূপৰ নৃপতিগৰাকীৰ বীৰত্বৰ বিষয়ে জানিব পাৰে তাৰ বাবে প্ৰচেষ্টা ল’ব লাগিব।
ৰিজাৰ্ভ বেংকৰ পৰা নুনমাটি সংযোগী উৰণ সেতুখনৰ নামকৰণ কৰাৰ সমান্তৰালকৈ গুৱাহাটীৰ মাজমজিয়াতেই হওঁক অথবা দুৱাৰ মুখতেই হওঁক মহাৰাজ পৃথুৰ এক সুউচ্চ প্ৰতিমূৰ্তি নিৰ্মাণ হওঁক। তাৰ লগতেই থাকক তেওঁৰ লগতে প্ৰাচীন কামৰূপ সন্দৰ্ভত অধ্যয়ন কৰিব পৰাকৈ বিশেষ ব্যৱস্থাৰ লগতে এটা সংগ্ৰাহালয়ো।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে ইচ্ছা কৰিলে সেই কাম অতি সহজেই কৰিব পাৰে। তাৰো এঢাপ আগুৱাই ইচ্ছা কৰিলে চৰকাৰে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীক ঐতিহাসিক সমলসমূহৰ উপযুক্ত সংৰক্ষণ আৰু সংবৰ্ধনৰ জৰিয়তে এক পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰো কৰিব পাৰে।
উৰণ সেতুৰ নিৰ্মাণ কৰি তাৰ এখন ফলকত মহাৰাজ পৃথুৰ নাম উল্লেখ কৰিলেই চৰকাৰৰ দায়িত্ব শেষ হৈ নাযায়। তেওঁৰ নামত দেশৰ ইতিহাসৰ পাঠ্যক্ৰমত, দেশৰ নাগৰিকৰ মানসপটত ভাঁহি উঠিব লাগিব সেই স্বৰ্ণোজ্বল ইতিহাস। ইচ্ছা কৰিলে সেয়াও যে সহজেই সম্ভৱ হৈ উঠিব সেয়া মুখ্যমন্ত্ৰীগৰাকীতকৈ ভালকৈ আৰু কোনে জানে?