/asomiyapratidin/media/media_files/2026/02/06/brahmastra-3-2026-02-06-21-28-59.jpeg)
ৰাজৰ্ষি চহৰীয়া
সমগ্ৰ বিশ্বত প্ৰতিৰক্ষাৰ দিশত তীব্ৰগতিত আগবাঢ়িছে ভাৰত। অৰ্থনৈতিক দিশত চতুৰ্থ স্থান লাভ, তথ্য-প্ৰযুক্তি উন্নত কৰাকে ধৰি বিভিন্ন ক্ষেত্ৰত ভাৰত উৰ্দ্ধগামী হোৱা পৰিলক্ষিত হৈছে। কিন্তু ইয়াকে লৈ যেন বহু চিন্তিত হৈ পৰিছে চিৰবৈৰী পাকিস্তান আৰু চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ।
পূৰ্বৰে পৰা ভাৰতৰ সৈতে শত্ৰুতা কৰি অহা পাকিস্তানে সময়ে সময়ে ভাৰতত আক্ৰমণ চলাই নিৰীহ লোকক হত্যা কৰে। ২০২৫ত পহলগামতো ২৬গৰাকী নিৰীহ লোকক পাকিস্তানী সন্ত্ৰাসবাদীয়ে হত্যা কৰিছিল। ইফালে, উত্তৰ-পূবৰ ৰাজ্যসমূহক নিজৰ দেশৰ সৈতে চামিল কৰি নতুন মানচিত্ৰ মুকলি কৰিছে বাংলাদেশে।
ভাৰতৰ পূব আৰু পশ্চিম দিশত এতিয়া শত্ৰু ৰাষ্ট্ৰই আমাৰ দেশখনক ক্ষতি কৰাৰ বাবে প্ৰতিদিনাই ষড়যন্ত্ৰ চলাই আছে। কিন্তু তাৰমাজতে শুকুৰবাৰে ভাৰতে পুনৰ প্ৰমাণ কৰি দিলে যে, ভাৰতৰ সৈতে যুঁজ দিব নোৱাৰে পাকিস্তান আৰু বাংলাদেশে।
৬ ফেব্ৰুৱাৰীৰ পুৱা ওড়িশাৰ চান্দিপুৰস্থিত ইণ্টিগ্ৰেটেড টেষ্ট ৰেঞ্জৰ পৰা ভাৰতে এনে এক বিস্ফোৰণ কৰে, যি বিস্ফোৰণে কঁপাই তুলিছে শত্ৰু ৰাষ্ট্ৰসমূহক। ভাৰতে অতিকৈ ঘাতক ইন্টাৰমিডিয়েট ৰেঞ্জ বেলিষ্টিক মিছাইল চমুকৈ IRBM ‘অগ্নি-৩’ৰ সফলতাৰে পৰীক্ষণ কৰিলে।
এই সফলতাৰ জৰিয়তে ভাৰতে পাকিস্তান আৰু বাংলাদেশক বুজাই দিলে যে- ভাৰতবৰ্ষৰ ওপৰত বেয়া নজৰ দিলে ঘৰত প্ৰৱেশ কৰি আক্ৰমণ কৰা হ’ব। ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি, মিজাইলৰ পৰীক্ষণৰ সময়ত সকলো অপাৰেশ্যন আৰু টেকনিকেল পেৰামিটাৰ্ছ ১০০ শতাংশ সঠিক লাভ কৰা হৈছে। DRDOৰ দ্বাৰা তৈয়াৰ কৰা এই ব্ৰহ্মাস্ত্ৰই নিজৰ চিকাৰক সম্পূৰ্ণৰূপে ধ্বংস কৰাৰ বাবে সাজু হৈ উঠিছে।
ইফালে, ভাৰতৰ অগ্নি-৩ৰ সফল পৰীক্ষণৰ পাছত কেৱল পাকিস্তান আৰু বাংলাদেশেই নহয়, চীনো পৰিছে চিন্তাত। এই মিছাইলটো ইমানেই শক্তিশালী যে, ই পাকিস্তানৰ প্ৰতিটো চোকে-কোণৰ লগতে চীনৰ ছাংঘাই দৰে গুৰুত্বপূৰ্ণ চহৰসমূহতো ধ্বংসলীলা চলাব পাৰে।
উল্লেখযোগ্য যে, শেহতীয়াকৈ অগ্নি মিছাইলৰ আন দুটা শৃংখলৰ মিছাইলৰো পৰীক্ষণ কৰা হৈছিল। কিন্তু অগ্নি-৩ ভাৰতৰ নিৰাপত্তাৰ ক্ষেত্ৰত অধিক গুৰুত্বপূৰ্ণ, কিয়নো এই মিছাইলটো অধিক শক্তিশালী। এই মিছাইলটো কঠিন ইন্ধনৰ দ্বাৰা চালিত দুটা পৰ্যায়ৰ ব্যৱস্থা হয়। প্ৰথম পৰ্যায়টো জ্বলি যোৱাৰ পাছত দ্বিতীয় পৰ্যায়টোৱে ক্ষেপণাস্ত্ৰটোক লক্ষ্যৰ ফালে আগবাঢ়ি যোৱাৰ পথত আগুৱাই নিবলৈ সহায় কৰে। ইয়াৰ ফলত মিছাইলৰ স্থিৰতা আৰু সঠিকতা নিশ্চিত হৈ উঠে।
মন কৰিবলগীয়া যে, অগ্নি-৩ৰ ১.৫ টন পাৰমানু কঢ়িয়াই নিয়াৰ ক্ষমতা আছে। এই মিছাইলৰ সৰ্বোচ্চ ৰেঞ্জ ৩৫০০ কিলোমিটাৰ। এই মিছাইলটোৰ দৈৰ্ঘ্যতা প্ৰায় ১৭ মিটাৰ, ওজন ৪৮-৫০ টন, ইয়াৰ গতি ধ্বনি গতিতকৈ ৭-৮ গুণ অধিক হয়।
উল্লেখ্য যে, সমগ্ৰ বিশ্বত সংঘটিত প্ৰায়বোৰ সন্ত্ৰাসবাদীৰ আক্ৰমণৰ সৈতে জড়িত সংগঠনসমূহৰ অধিকাংশই পাকিস্তানৰ। যদি চিৰবৈৰী পাকিস্তানৰ সৈতে ভাৰতৰ যুদ্ধ আৰম্ভ হয় তেন্তে ভাৰতে অগ্নি-৩ৰ দ্বাৰা ধ্বংসলীলা চলাব পাৰিব। কিন্তু ইয়াৰ উপৰি ভাৰত নিৰাপত্তাৰ ক্ষেত্ৰত পাকিস্তানৰ তুলনাত কিমান শক্তিশালী সেয়া চাও আহক-
ভাৰতৰ স্থল সেনাত আছে ১৪.৫০ লক্ষাধিক সৈনিক
স্থল সেনাৰ সৈনিকৰ দিশৰ পৰা চাবলৈ গ’লে ভাৰত আগবঢ়া। পাকিস্তানৰ তুলনাত ভাৰতৰ আছে প্ৰায় ৮ লক্ষাধিক সৈনিক । তাতে আকৌ যদি পেৰামিলিটাৰীৰ সংখ্যা চাবলৈ যাও তেন্তে ভাৰতৰ ৩৫ লাখৰো অধিক সৈনিক আছে। আৰু পাকিস্তানৰ এই সংখ্যা মাত্ৰ ৫ লাখ।
ভাৰতীয় সেনা বাহিনীত আছে ৪২০০-৪৬০০ টেংক। ইয়াৰে ভিতৰত আছে T-90 Bhishma, T-72, Arjun Tanks। আনহাতে, পাক সেনা বাহিনীত আছে ২৬০০-৩৭০০ টেংক। ইয়াৰে ভিতৰত আছে Chinese VT-4, Al-Khalid, T-80UD। এই ক্ষেত্ৰত পাকিস্তান ভাৰতৰ তুলনাত বহু পিছ পৰা। অৰ্থাত্ ভূমিৰ যুদ্ধত ভাৰতীয় সেনাই পাকিস্তান সেনাক পৰাস্ত কৰিবলৈ সক্ষম।
উল্লেখ্য যে, ভাৰতীয় বায়ু সেনা বাহিনীত আছে ২২০০ এয়াৰক্ৰাফ্ট। ইয়াৰ ভিতৰত ৯০০খন হেলিকপ্টাৰ, ৫১৩খন ফাইটাৰ জেট (Rafale, Sukhoi-30 MKI, Mirage 2000, Mig 29, Tejas, Apache, Rudra)। ইফালে, পাক বায়ু সেনা বাহিনীত আছে ১৪০০ এয়াৰক্ৰাফ্ট। ইয়াৰে ৩৭০খন হেলিকপ্টাৰ, ৩২৮খন ফাইটাৰ জেট (F-16, JF-17 Thunder, Mirage 3/5)।
এই ক্ষেত্ৰতো ভাৰত আগবঢ়া। আৰু ২০১৯ত ভাৰতীয় সেনা বাহিনীয়ে বালাকোট এয়াৰ ষ্ট্ৰাইক সফল কৰি দেখুৱাইছিল। স্থল আৰু বায়ু সেনাৰ পাছত এইবাৰ জানি লওঁ ভাৰত আৰু পাকিস্তানৰ জল সেনাৰ বিষয়ে-
ভাৰতীয় জল সেনা বাহিনীত আছে ২৯৩খন ৱাৰশ্বিপ। ইয়াৰে ভিতৰত ২খন এয়াৰক্ৰাফ্ট কেৰিয়াৰ আছে ১৮খনকৈ ছাবমেৰীণ। ইয়াৰ ভিতৰত এখন নিউক্লিয়াৰ বেলিষ্টিক মিজাইল ছাবমেৰীণ। পাকিস্তান জল সেনা বাহিনীত নাই এখনো এয়াৰক্ৰাফ্ট কেৰিয়াৰ। মাত্ৰ ৮খন ফ্ৰিগেইটছ আছে আৰু ৮খন ছাবমেৰীণ আছে। জল সেনাৰ দিশৰ পৰাও ভাৰত আৰু পাকিস্তানক তুলনা কৰো তেন্তে ভাৰত পাকিস্তানৰ ক্ষেত্ৰত বহুতেই বেছি আগবঢ়া আৰু শক্তিশালী। ইয়াৰ পৰা বুজিব পাৰি যে সমুদ্ৰৰ যুদ্ধতো ভাৰতে পাকিস্তানক পৰাস্ত কৰিব পাৰিব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us