/asomiyapratidin/media/media_files/2025/09/10/ap-for-web-new-bikhekh-lekha-new-2024-13-2025-09-10-12-17-51.jpg)
মৃদুল কুমাৰ সন্দিকৈ
আজি কি তাৰিখ? ১০ ছেপ্তেম্বৰ, ২০২৫। নিৰ্দিষ্ট কিছুমান তাৰিখ মানুহে মনত ৰাখে। যেনে প্ৰিয়জনৰ জন্মদিন, আপোনজনৰ বিবাহ বাৰ্ষিকী, বিশেষ ব্যক্তিৰ জন্ম বা মৃত্যুৰ তাৰিখ ইত্যাদি।
সেই নিৰ্দিষ্ট তাৰিখবোৰ মনত ৰখোৱাৰ কাৰণবোৰ বেলেগ বেলেগ হয়। কিছুমান তাৰিখত উদযাপন হয়, আন কিছুমান তাৰিখত স্মৃতি ৰোমন্থন হয় আৰু কিছু কিছু তাৰিখৰ সৈতে বিশেষ কিছু ঘটনা প্ৰবাহৰ সম্পৰ্ক থাকে।
অসমৰ ৰাইজে এটা তাৰিখৰ বাবে অপেক্ষা কৰিছিল কেইটামান মাহ। কিয়নো সেই তাৰিখটোক বিশেষ তাৰিখ ৰূপে ঘোষণা কৰিছিল অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।এজন ৰাজনীতিবিদে আন এজন ৰাজনীতিবিদৰ বিৰুদ্ধে গুৰুতৰ এক অভিযোগ উত্থাপন কৰি দীৰ্ঘদিন ইয়াক এক ৰাজনৈতিক ইছ্যুলৈ সলনি কৰিছিল।
যদিও সেয়া ৰাষ্ট্ৰীয় নিৰাপত্তাৰ সৈতে জড়িত বিষয় আছিল কিন্তু দুয়োজন ৰাজনীতিবিদৰ মূলতঃ ৰাজনৈতিক ক্ষেত্ৰ অসম হোৱাৰ বাবেই ইয়াৰ প্ৰাসংগিকতা অসমত যথেষ্ট বৃদ্ধি পাইছিল। বৈৰী ৰাষ্ট্ৰ পাকিস্তানৰ সৈতে কংগ্ৰেছ নেতা তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ সম্পৰ্কক লৈ মুখ্যমন্ত্ৰীয়ে কৰা অভিযোগ সাধাৰণভাৱে লোৱা নাছিল অসমৰ সচেতন ৰাইজেও।
কেইবাখনো সংবাদ মেল, এক্স হেণ্ডেলত বহুবোৰ মন্তব্য, সংবাদ মাধ্যমত এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈয়ে দিয়া প্ৰতিক্ৰিয়াই বিষয়টোক আৰু অধিক চৰ্চিত কৰি তুলিছিল। তাৰ মাজতেই গৌৰৱ গগৈৰ পত্নীয়ে পাকিস্তানৰ এন জি অ’ত কাম কৰা, তেওঁৰ সন্তানৰ নাগৰিকত্ব আৰু পাকিস্তানৰ আভ্যন্তৰিণ মন্ত্ৰীৰ নিমন্ত্ৰণত গৌৰৱ গগৈয়ে পাকিস্তানলৈ যোৱাৰ অভিযোগ উত্থাপন হৈছিল।
লোকসভাৰ বিৰোধী দলৰ উপ-দলপতিগৰাকীৰ সৈতে পাকিস্তানৰ এনে সংযোগ, লোকসভাত তেওঁ উত্থাপন কৰা প্ৰশ্ন আদিক লৈ সৰৱ হৈছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। তাৰ মাজতেই ৰাজ্য চৰকাৰে এই সমগ্ৰ কাণ্ড তদন্তৰ বাবে বিশেষ তদন্তকাৰী গোট গঠন কৰি দিছিল।
এইবোৰৰ মাজতে মুখ্যমন্ত্ৰীয়ে সংবাদ মেল পাতি ঘোষণা কৰিছিল এছ আই টিয়ে এই পাকিস্তান কেন্দ্ৰিক সংযোগৰ সন্দৰ্ভত সকলো নথি-পত্ৰ আৰু অভিযোগ উত্থাপিত হোৱা লোকসকলৰ ভাষ্য গ্ৰহণ কৰি প্ৰতিবেদন দাখিল কৰিব চৰকাৰৰ হাতত। তাৰ পাছতেই ১০ ছেপ্তেম্বৰ, ২০২৫ ত মুখ্যমন্ত্ৰীয়ে ইয়াতকৈ ডাঙৰ তথ্য ৰাজহুৱা কৰি ৰাজনৈতিক ভূমিকম্প সৃষ্টি কৰিব বুলি ঘোষণা কৰিছিল।
সেয়েহে অসমৰ ৰাজনীতিৰ বাবে ১০ ছেপ্তেম্বৰ ২০২৫ হৈ পৰিছিল এটা বিশেষ দিন। সময় বাগৰিল ১০ ছেপ্তেম্বৰ, ২০২৫ আহিল। ২৪ এপ্ৰিল ২০২৫ ত দিছপুৰত এক সংবাদ মেল দি মুখ্যমন্ত্ৰীয়ে দেশৰ এজন বিৰোধী সাংসদৰ সন্দেহজনক ভূমিকাক লৈ সকলো কথা ৰাজহুৱা কৰাৰ বাবে এই দিনটো নিৰ্ধাৰণ কৰিছিল নিজেই।
তাৰ মাজতে মুখ্যমন্ত্ৰীৰ এনে অভিযোগক নস্যাৎ কৰি ইয়াক ফ্লপ চিনেমা আখ্যা দিছিল গৌৰৱ গগৈয়ে। দেশৰ খোদ গৃহমন্ত্ৰীয়েও অসম ভ্ৰমণৰ সময়ছোৱাত গৌৰৱ গগৈক পৰোক্ষভাৱে পাকিস্তানৰ সৈতে সম্পৰ্ক থকা নেতা আখ্যা দি তেনে নেতাক অসমৰ জনসাধাৰণৰ শাসকৰ ৰূপত নিবিচাৰে বুলিও মন্তব্য কৰিছিল।
১০ ছেপ্তেম্বৰ, ২০২৫ ৰ আগদিনা মুখ্যমন্ত্ৰীৰ ভাষ্য পূৰ্বৰ স্থিতিত নাথাকিল। এছ আই টিৰ প্ৰতিবেদনত কি থাকিব তাৰ ওপৰতে চৰকাৰে ব্যৱস্থা ল’ব বা একো নাথাকিলে বিষয়টো এৰাই চলাৰ ইংগিত দিলে ড০ হিমন্ত বিশ্ব শৰ্মাই।
মুখ্যমন্ত্ৰীৰ হাতত এই তদন্তৰ প্ৰতিবেদন নিশ্চয় পৰিছে। আনুষ্ঠানিকভাৱে জমা নিদিলেও তাত কি আছে তদন্তকাৰী বিষয়াৰ পৰা মুখ্যমন্ত্ৰীয়ে নিশ্চয় গম লৈছে। অসমৰ ৰাইজে এতিয়া আগ্ৰহেৰে ৰৈ আছে মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰেই ১০ ছেপ্তেম্বৰত তেওঁ গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণ সন্দৰ্ভত কৰা তথ্যবোৰ ফাদিললৈ।
মুখ্যমন্ত্ৰীয়ে ‘কেজুৱেল’ কথা নকয়, ১০ ছেপ্তেম্বৰত ইয়াতকৈ বেছি দেখা পাব আদি টিপ্পনী দিয়া ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজনৈতিক দৃষ্টিৰে যেন বিষয়টো অধিক চৰ্চাৰ মাজলৈ ঠেলি দিছিল। তেনে এক ধাৰণা ইতিমধ্যে অসমৰ সাধাৰণ লোকৰ মনত জাগ্ৰত হৈছে।
গৌৰৱ গগৈ জে’ললৈ যাব বুলিয়েই বহুতে ভাবিছিল ১০ ছেপ্তেম্বৰৰ পাছত। তেওঁৰ সৈতে পাকিস্তানৰ সম্পৰ্কক স্থাপন কৰিব নোৱাৰিলে মুখ্যমন্ত্ৰীৰ পদ এৰিব বুলি বা ঘৰলৈকে কোনো দিনে নাযাও বুলিও কৈছিল হিমন্ত বিশ্ব শৰ্মাই।
এতিয়া অপেক্ষা আৰু কেইটামান ঘণ্টা। গৌৰৱ গগৈ জে’ললৈ যাব নে কথা দিয়া মতে মুখ্যমন্ত্ৰীয়ে ৰাজনৈতিক সন্যাস ল’ব সেয়া এতিয়াও স্পষ্ট হোৱা নাই। এইবোৰ ৰাজনৈতিক হৈ-চৈ হৈয়ে হয়তো হেৰাই যাব। ১০ ছেপ্তেম্বৰৰ পাছত ১১ ছেপ্তেম্বৰ, ১২ ছেপ্তেম্বৰ আদি তাৰিখবোৰ আহিব।
আহিব ২০২৬ চনত অসম বিধানসভাৰ নিৰ্বাচনো। তাতো কিছুদিন এইখন কেছেটৰে কিছু অংশ বাজিব। কোনে জানে মুখ্যমন্ত্ৰীয়ে কোৱা সেই ৰাজনৈতিক ভূমিকম্প হ’বলগীয়া ১০ ছেপ্তেম্বৰতো কিজানি কেতিয়াও নাহিব!