/asomiyapratidin/media/media_files/2025/09/06/gold-2025-09-06-11-17-28.jpeg)
মৃদুল কুমাৰ সন্দিকৈ
মাঘতে ছোৱালীজনী উলিয়াই দিয়াৰ কথা ভাবিছে দেউতাকে। বিয়াৰ অভ্যৰ্থনা, পেণ্ডেল, কাপোৰ-কানি আদিৰ কথা বিশেষ চিন্তা কৰা নাই। চিন্তা কৰিছে ছোৱালীজনীক পৰম্পৰা অনুসৰি লগত দিবলগীয়া সোণৰ আ-অলংকাৰখিনিক লৈ।
অতি কমেও ৫/৬ লাখ টকা প্ৰয়োজন হ’ব এই আ-অলংকাৰৰ বাবে। প্ৰতি দিনাই বাঢ়ে সোণৰ মূল্য। অসমীয়া সমাজত সোণৰ অলংকাৰৰ আদৰ আছে। ভাৰতীয় সভ্যতা আৰু সংস্কৃতিত সোণৰ গুৰুত্ব আৰু আদৰ অতীতৰ পৰাই ধাৰাবাহিকভাৱে অব্যাহত আছে।
এতিয়া বজাৰত ১০ গ্ৰাম সোণৰ মূল্য প্ৰায় লাখ টকা। যিহাৰত সোণৰ মূল্য এতিয়া বাঢ়িছে পূৰ্বতে তেনে হাৰত সোণৰ মূল্য বৃদ্ধি হোৱা নাছিল। সেয়েহে দৰিদ্ৰ আৰু মধ্যবিত্তৰ লোকসকলৰ বাবে সোণ ক্ৰয় কৰাতো সাধাৰণ কথা হৈ থকা নাই।
আমি যদি উভতি চাওঁ দেশে স্বাধীনতা লাভ কৰা বছৰটোলৈ তেতিয়া দেখা পাওঁ প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য ভাৰতত আছিল ৮৮ টকা ৬২ পইচা। তেতিয়াও সেয়া সেই সময়ৰ তুলনাত বেছিয়েই আছিল যদিও আজিৰ দৰে অতি বেছি নাছিল।
তথ্য মতে ১৯৪৮ চনত প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য ৯৫.৮০ টকা হৈছিল। ১৯৪৯ চনত সোণৰ মূল্য হ্ৰাস হৈ ৯৪.১৭ পইচা হৈছিল। ১৯৫০ চনত সোণৰ ১০ গ্ৰামৰ মূল্যই ১০০ টকাৰ ঘৰ অতিক্ৰম কৰাৰ দিশে গৈছিল। সেই বছৰ দেশত সোণৰ মূল্য আছিল ৯৯.১৮ টকা।
১৯৫২ চনত প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য যথেষ্টখিনি হ্ৰাস পাইছিল। এই বছৰটোত ৯৯ টকাৰ টকাৰ পৰা সোণৰ মূল্য হ্ৰাস হৈছিল ৭৬.৮১ টকালৈ। তাৰ পৰবৰ্তী বছৰ অৰ্থাৎ ১৯৫৩ চনত সোণৰ মূল্য আৰু হ্ৰাস পাইছিল। সেই বছৰত প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য আছিল ৭৩.০৬ টকা।
১৯৫৬ চনৰ পৰা সোণৰ মূল্য আকৌ বাঢ়িবলৈ ধৰিলে। ১৯৫৯ চনত প্ৰতি ১০ গ্ৰাম সোণৰ মূল্যই ১০০ ৰ ঘৰ অতিক্ৰম কৰিছিল। সেই বছৰ সোণৰ মূল্য বৃদ্ধি পাইছিল ১০২.৫৬ টকালৈ।
তাৰ পৰৱৰ্তী বছৰ সোণৰ মূল্য বৃদ্ধি হৈ ১০ গ্ৰাম সোণত ১১১.৮৭ টকা আৰু ১৯৬২ চনত ১০ গ্ৰাম সোণৰ মূল্য ১১৯.৭৫ টকা হয়গৈ। ১৯৬৩ চনত ১০ গ্ৰাম সোণৰ মূল্য ৯৭ টকালৈ হ্ৰাস পায়।
১৯৬৪ চনত সোণৰ মূল্য হ্ৰাসে এক অভিলেখ গঢ়ে। উক্ত বছৰত সোণৰ ১০ গ্ৰামৰ মূল্য ৬৩.২৫ টকা হয়। তাৰ পাছত ১৯৭১ চনত ১০ গ্ৰাম সোণৰ মূল্য ১৯৩ টকালৈ বৃদ্ধি পায়।
১৯৭২ চনত ১০ গ্ৰাম সোণৰ মূল্যই ২০০ টকাৰ ঘৰ অতিক্ৰম কৰি ২০২ টকা হয়। ১৯৭৪ চনত ১০ গ্ৰাম সোণৰ মূল্য হয়গৈ ৫০৬ টকা। ১৯৭৯ চনত ১০ গ্ৰাম সোণৰ মূল্যই ৯৩৭ টকাৰ ঘৰ অতিক্ৰম কৰে।
১৯৮০ চনত অভাৱনীয় হাৰত সোণৰ মূল্য ১৩৩০ টকা হয়গৈ। তাৰ পাছত সোণৰ মূল্য হ্ৰাস হোৱা নাই। ১৯৮৫ চনত ১০ গ্ৰাম সোণৰ মূল্য ২১৩০ টকা, ১৯৮৮ চনত ১০ গ্ৰাম সোণৰ মূল্য ৩১৩০ টকা হয়গৈ।
১৯৯১ চনলৈকে ১০ গ্ৰাম সোণৰ মূল্য ৩০০০ ৰ ওচৰে পাজৰে আছিল। ১৯৯৬ চনত ১০ গ্ৰাম সোণৰ মূল্য বৃদ্ধি হয় ৫১৬০ টকালৈ। ২০০৩ চনত ১০ গ্ৰাম সোণৰ মূল্য ৫৬০০ টকা, ২০০৫ চনত ৭০০০ টকা, ২০০৬ চনত ৮৪০০ টকালৈ বৃদ্ধি পাইছিল।
২০০৭ চনত ১০ গ্ৰাম সোণৰ মূল্য বৃদ্ধি হৈ হয়গৈ ১০,৮০০ টকা। ২০১০ ত ১০ গ্ৰাম সোণৰ মূল্য ১৮,৫০০ টকা ২০১১ ত ২৬,৪০০ টকা, ২০১২ ত ৩১,০৫০ টকা হৈছিল।
২০২২ চনত ১০ গ্ৰাম সোণৰ মূল্যই ৫০ হাজাৰৰ ঘৰ অতিক্ৰম কৰি ৫২,৬৭০ টকা হৈছিল। তাৰ পাছত ২০২৩ ত সোণৰ ১০ গ্ৰামৰ মূল্য ৬৫,৩৩০ টকা, ২০২৪ ত ৭৭,৯১৩ টকা ২০২৫ ত ১০ গ্ৰাম সোণৰ মূল্যই ১ লাখ টকাৰ ঘৰ অতিক্ৰম কৰিলে।
এনেদৰেই বাঢ়িছে সোণৰ দাম। এতিয়া কিনো বুলিলেও সাধাৰণ মানুহে সোণ কিনা সপোন সহজতে দেখিব নোৱাৰে। আমি হয়তো তুলনা কৰি চোৱা নাই কি হাৰত বাঢ়িছে সোণৰ মূল্য।
যোৱা পাঁচটা বছৰত সোণ কিনা মানুহে বা সোণ কিনিব লগীয়া হোৱা লোকে বাৰুকৈয়ে উপলব্ধি কৰিছে সোণ দামী হৈ সাধাৰণ লোকৰ পৰা আঁতৰ হৈ গৈয়ে আছে।