/asomiyapratidin/media/media_files/2026/02/14/bbssss-2026-02-14-14-02-14.jpeg)
মৃদুল কুমাৰ সন্দিকৈ
পুৱাই গুৱাহাটী বাসগৃহৰ পৰা গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰলৈ ওলাই গৈছিল প্ৰাক্তন সাংসদ তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা কিৰিপ চলিহা। সময়মতে গৈ বিমানবন্দৰত উপস্থিত হৈছিল তেওঁ।
লক্ষ্য স্থান আছিল তিনিচুকীয়া। তাত এখন বিয়াৰ অভ্যৰ্থনাত উপস্থিত হবৰ বাবে চলিহাৰ এই বিমান যাত্ৰা আছিল। ডিব্ৰুগড়ৰ মোহনবাৰীৰ বিমানবন্দৰত নামি বিয়াৰ অনুষ্ঠানত উপস্থিত হোৱাৰ পৰিকল্পনাৰে সকলোবোৰ ঠিকেই আগবাঢ়িছিল।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এদিনীয়া অসম ভ্ৰমণসূচীৰ বাবে ৰাজ্যৰ বিমানবন্দৰবোৰৰ লগতে আন স্থানবোৰতো কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰা হৈছে। তাৰ প্ৰভাৱ হয়তো বৰঝাৰ বিমানবন্দৰতো পৰিছিল।
ইয়াত আপত্তি কৰিবলগা একো কাৰণ থাকিব নোৱাৰে। প্ৰয়োজনত এবাৰ নহয় কেইবাবাৰো নিৰাপত্তাৰক্ষীয়ে বিমান যাত্ৰীক পৰীক্ষা কৰিব পাৰে। সেয়া এক স্বাভাৱিক নিৰাপত্তাৰ প্ৰক্ৰিয়া।
ডিব্ৰুগড়ৰ চাবুৱাৰ বায়ু সেনাৰ বিমান ঘাটিত প্ৰধানমন্ত্ৰীৰ বিমান অৱতৰণ কৰিলে পুৱা প্ৰায় ১০ বজাত। তাৰপৰা C-130J হাৰ্কিউলিচ বিমানেৰে প্ৰধানমন্ত্ৰী মোডী মৰাণ ৰাজপথত প্ৰস্তুত কৰা ELFলৈ আহিল।
বায়ু সেনাৰ প্ৰায় ১৬খন বিমান মৰাণৰ ৰাজপথত অৱতৰণ কৰিলে। সেই গৌৰৱময় দৃশ্যৰ সাক্ষী হ’ল প্ৰধানমন্ত্ৰী আৰু ৰাজ্যবাসী। এইবোৰৰ মাজতে বৰঝাৰ বিমান বন্দৰত সংঘটিত হ’ল আন এক অনাকাংক্ষিত ঘটনা।
6E 6457 ইণ্ডিগ’ বিমানখন গুৱাহাটীৰ পৰা ডিব্ৰুগড় অভিমুখে উৰাৰ নিৰ্ধাৰিত সময় আছিল পুৱা ১০.২৫ বজাত। পুৱা ১১.১৫ বজাত ডিব্ৰুগড়ত অৱতৰণ কৰিবলগীয়া বিমানখন কিন্তু সময়মতে উৰা নামাৰিলে।
ছিকিউৰিটী চেকিং কৰি বৰ্ডিং পাছ লৈ বিমান যাত্ৰীসকল বিমানখনত বহিছিল। বিমানৰ পৰিচাৰিকাই বিমানখনৰ দুৱাৰ বন্ধ কৰি উৰণৰ বাবে সকলো সাজু কৰিছিল। প্ৰায় ২০ মিনিট সময় এনেদৰে বিমানখন ৰৈ যোৱাৰ পাছত বিমানখনৰ যাত্ৰীসকলে পলম হোৱাৰ কাৰণ জানিব বিচাৰি প্ৰশ্ন কৰিলে।
বিমান কৰ্মীয়ে জানিব দিলে নিৰাপত্তাজনিত কাৰণত বিমানখন উৰাত বিলম্ব হৈছে। আকৌ বিমানখনৰ দুৱাৰ খোলা হল। এইবাৰ বিমানৰ ভিতৰলৈ সোমাই আহিল কেইবাগৰাকী নিৰাপত্তাৰক্ষী। বিমানখনত যাত্ৰীসকলৰ আসনৰ ওপৰত থকা বেগ আৰু সামগ্ৰীসমূহ কাৰ কোনটো চিনাক্ত কৰিলে।
তাৰপাছত বিমানখনৰ সকলো যাত্ৰীকে নমাই অনা হল বিমানবন্দৰৰ ভিতৰলৈ। বৰঝাৰ বিমানবন্দৰৰ সামগ্ৰী আৰু বেগ অহা তিনি নম্বৰ বেল্টৰ সমীপত সমবেত কৰা হল যাত্ৰীসকলক। তাৰপৰা ১০জনীয়া গোট কৰি যাত্ৰীসকলক লৈ যোৱা হল পৰ্যায়ক্ৰমে কোনো এক স্থানলৈ।
এনেদৰে বিমান যাত্ৰীসকলক বিমানবন্দৰত এক প্ৰকাৰৰ হাৰাশাস্তি চলালে যদিও ইয়াৰ সঠিক কাৰণ আৰু ব্যাখ্যা কোনেও নকৰিলে। প্ৰাক্তন সাংসদ কিৰিপ চলিহাই প্ৰতিবাদ কৰিলে। এয়া কিয় কৰি থকা হৈছে বুলি জানিব বিচাৰিলে।
তাৰপাছত দ্বিতীয়বাৰৰ বাবে বিমান যাত্ৰীসকলক পৰীক্ষা কৰা হল। কিৰিপ চলিহায়ো সেই নিৰাপত্তাৰ পৰীক্ষণত সহযোগ কৰিলে। লগতে তেওঁ ইণ্ডিগ’ৰ এগৰাকী বিষয়াক জনালে যে এতিয়া আৰু তেওঁ ডিব্ৰুগড়লৈ এই বিমান যাত্ৰা কৰাৰ প্ৰয়োজন নাই।
দুপৰীয়া ১ বজালৈকে বিমানখন যিহেতু উৰাই নাই তেনেস্থলত ডিব্ৰুগড়লৈ গৈ তিনিচুকীয়াত বিয়া খাবলৈ যোৱাতো তেওঁৰ বাবে সম্ভৱ নহ’ব। সেয়েহে প্ৰাক্তন সাংসদগৰাকীয়ে এই যাত্ৰা বাতিল কৰি দি তেওঁৰ টিকটৰ ধন ঘূৰাই বিচাৰিলে।
অপূৰ্ব নামৰ ইণ্ডিগ’ত কৰ্মৰত এগৰাকী বিষয়াই তেওঁক জনালে- সেয়া সম্ভৱ নহয়। তাৰপাছত জনালে যে, বিমানখন ডিব্ৰুগড়ত অৱতৰণ নকৰা পৰ্যন্ত তেওঁ বিমানবন্দৰতে থাকিব লাগিব। নিৰাপত্তাৰ দিশত সকলো ক্ষেত্ৰতেই সহযোগ কৰা কিৰিপ চলিহাই জানিবলৈ দিয়া মতে, বিমানখনত থকা বৃদ্ধ, মহিলা আৰু সৰু ল’ৰা-ছোৱালীবোৰৰ প্ৰতি সম্পূৰ্ণ উদাস ব্যৱহাৰ কৰা হ’ল। এগিলাচ পানী, বহিবলৈ এখন চকীৰ ব্যৱস্থা নকৰিলে কৰ্তৃপক্ষই। ইণ্ডিগ’ৰ বিষয়া কৰ্মচাৰীসকলে ব্যৱহাৰ তথা যাত্ৰীসকলক অপৰাধীৰ দৰে কৰা আচৰণ তীব্ৰ ভাষাৰে গৰিহণা দিছে প্ৰাক্তন সাংসদগৰাকীয়ে।
কিৰিপ চলিহাই কিছুদিনৰ পূৰ্বে এটা ৰাষ্ট্ৰীয় সংবাদমাধ্যমত গৌৰৱ গগৈৰ প্ৰসংগত এক আলোচনাত অংশ লৈছিল। সেই আলোচনাত অংশ লৈ প্ৰাক্তন সাংসদগৰাকী সৰৱ হৈছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে। আনকি চলিহাই প্ৰসংগক্ৰমে মুখ্যমন্ত্ৰীৰ ইংৰাজীক লৈ টিপ্পনী কৰিছিল। গৌৰৱ গগৈৰ পক্ষ লৈ সবল যুক্তি দাঙি ধৰিছিল।
এইবোৰৰ ছাইড এফেক্ট নেকি এয়া?- প্ৰশ্ন কৰা হৈছিল কিৰিপ চলিহাক। তেওঁ অৱশ্যে তেনে প্ৰত্যক্ষ অভিযোগৰ সন্দৰ্ভত মন্তব্য প্ৰকাশৰ পৰা বিৰত থাকি ক’লে- এই পৰ্যায়ত তেনেবোৰ পাৰ্শ্চক্ৰিয়া হ’ব বুলি মই ভবা নাই। হয়তো এয়া নিৰাপত্তাৰ দৃষ্টিৰেই উদ্ভৱ হোৱা সমস্যা।
সাংসদগৰাকীয়ে ব্যক্ত কৰা প্ৰতিক্ৰিয়া আছিল এয়া। কি পৰিস্থিতিত বিমানখন এনেদৰে ৰখাই কিৰিপ চলিহাসহ বিমান যাত্ৰীসকলক এনে ব্যৱহাৰ কৰা হ’ল সেয়া জনাৰ নিশ্চয় অধিকাৰ আছে যাত্ৰীসকলৰ লগতে কিৰিপ চলিহাৰো।
নিৰাপত্তাৰ প্ৰশ্নত নিশ্চয় আপোচ কৰিব নোৱাৰি। কিন্তু প্ৰথমবাৰ ছিকিউৰিটী চেকিং কৰাৰ পাছত কি কাৰণত আন এবাৰ আকৌ ছিকিউৰিটী চেকিং কৰাৰ প্ৰয়োজন হবলগা পৰিস্থিতিৰ সৃষ্টি হ’ল সেই প্ৰশ্নও এটা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নিৰাপত্তাৰ ক্ষেত্ৰত নিশ্চয় উত্থাপন হ’ব।
৪ ঘন্টাৰ অধিক বিলম্ব হোৱা পাছত সেই ইণ্ডিগ’ বিমানখনৰ উৰণ প্ৰক্ৰিয়া কেতিয়া আৰম্ভ হব তাৰো নিৰ্দিষ্ট উত্তৰ কৰ্তৃপক্ষৰ ওচৰত নাছিল। মাথোঁ উল্লেখ কৰিছিল- আশা কৰা হৈছে ১ ঘন্টা ২৭ মিনিট পাছত বিমানখন উৰা মাৰিব।
এই তথ্য প্ৰায় দিনৰ ২ বজাৰ। যাত্ৰীক নিৰ্দিষ্ট কাৰণো কোৱা নাই কৰ্তৃপক্ষই, পলম হোৱাৰ বাবে যাত্ৰীক খাদ্যকে ধৰি আন ব্যৱস্থাও প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈছে। তাতোকৈ ডাঙৰ প্ৰশ্নটো হৈছে- খোদ প্ৰধানমন্ত্ৰী অহাৰ দিনাই ৰাজ্যৰ মূল বিমানবন্দৰত নিৰাপত্তাৰ ক্ষেত্ৰত ইমান ডাঙৰ আসোৱাহ ৰৈ গৈছিল কিয়?
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us