/asomiyapratidin/media/media_files/2026/02/08/gauravvvv-bikhekh-lekha-2026-02-08-19-43-03.jpeg)
মৃদুল কুমাৰ সন্দিকৈ
এখন অপেক্ষা কৰি থকা সংবাদমেল। যিখন সংবাদমেল ৰাজনীতি, দেশৰ নিৰাপত্তা আৰু অন্যান্য দৃষ্টিৰে অতি গুৰুত্বপূৰ্ণ সংবাদমেল আছিল। নিৰ্দিষ্ট সময়ত দিছপুৰৰ লোকসেৱা ভৱনত সংবাদমেল আৰম্ভ হ'ল। দেশৰ ৰাজনীতিত কোনো এজন নেতাৰ বিৰুদ্ধে এনে ভয়ংকৰ অভিযোগ উত্থাপন কৰি খোদ মুখ্যমন্ত্ৰীয়ে এইধৰণৰ সংবাদমেল অনুষ্ঠিত কৰাৰ নজিৰ নাই।
এই সংবাদমেলৰ পূৰ্বে ৭ ফেব্ৰুৱাৰী, ২০২৬ত অসম চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল। সেই বৈঠকত এই বিষয়টোক লৈ কেবিনেটে এক অনুমোদন জনাইছিল। ডেৰ ঘন্টা ধৰি অনুষ্ঠিত কেবিনেট বৈঠকত লোৱা সিদ্ধান্তৰ কথা মুখ্যমন্ত্ৰীয়ে নিজেই সদৰী কৰিছিল।
কেবিনেটত কি সিদ্ধান্ত লৈছিল সেয়া মুখ্যমন্ত্ৰীৰ জনসম্পৰ্কৰক্ষী কোষে প্ৰেছ বাৰ্তা নং ৬৪/২০২৬ যোগে সদৰী কৰিছিল। এই প্ৰেছবাৰ্তাত মুঠ ৯টা কেবিনেটৰ সিদ্ধান্তৰ কথা প্ৰকাশ কৰা হৈছিল। তাৰেই ৮নম্বৰ সিদ্ধান্তটোৰ সন্দৰ্ভত প্ৰেছ বাৰ্তাটোত লিখা কথাখিনি আছিল- ‘আজিৰ কেবিনেটে আলী তৌকিৰ শ্বেখ আৰু অন্যান্যসকলৰ ভাৰত বিৰোধী কাৰ্যকলাপৰ বিৰুদ্ধে বিশেষ তদন্তকাৰী গোটে কৰা তদন্তৰ প্ৰতিবেদনখন আলোচনা কৰি ইয়াৰ পৰৱৰ্তী তদন্তৰ বাবে গোচৰটো কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়লৈ হস্তান্তৰৰ সিদ্ধান্ত গ্ৰহণ কৰে। আনহাতে, তদন্তৰ প্ৰতিবেদনৰ যিসমূহ বিষয় গোপনীয় নহয়, সেইসমূহ সদৰী কৰিবলৈ মুখ্যমন্ত্ৰীক কেবিনেটে কৰ্তৃত্ব প্ৰদান কৰে।’
গৌৰৱ গগৈৰ নাম নোলোৱাকৈ কেবিনেটত লোৱা সিদ্ধান্তৰ কথা সংবাদমেল আয়োজন কৰাৰ পূৰ্বে এইদৰে সদৰী কৰা হৈছিল চৰকাৰীভাৱে। ৮ ফেব্ৰুৱাৰী, ২০২৬ত পুৱা ৬ বজাৰ পৰা আৰম্ভ কৰা সংবাদমেলত মুখ্যমন্ত্ৰীয়ে উত্থাপন কৰা মূল বিষয়সমূহৰ ভিতৰত আছিল ভাৰতৰ বিৰুদ্ধে আলী তৌকিৰ শ্বেখ নামৰ ব্যক্তিজনে ষড়যন্ত্ৰত নামিছে। যিজন ব্যক্তি লীড পাকিস্তান নামৰ সংস্থা এটাৰ মুৰব্বী, পাকিস্তান সামৰিক বাহিনী, আই এছ আইৰ সৈতে সম্পৰ্কত থকা এজন ব্যক্তি।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মতে এই বিষয়সমূহ তদন্ত কৰিবলৈ গঠন কৰি দিয়া তদন্তকাৰী গোটে আলী তৌকিৰ শ্বেখৰ সৈতে এলিজাবেথ ক’লবাৰ্ণৰ সম্পৰ্কক লৈ কিছু কথা ব্যক্ত কৰিছে। জলবায়ু কেন্দ্ৰিক কাম-কাজৰ আঁৰেৰে ভাৰত বিৰোধী কাৰ্যকলাপত জড়িত হোৱা আৰু এলিজাবেথ ক’লবাৰ্ণক প্ৰশিক্ষণ, পুঁজি, ভ্ৰমণ আদিত সহায় কৰাৰ কথা উন্মোচিত হোৱা বুলি কোৱা হৈছে।
যিখন এছ আই টিৰ প্ৰতিবেদনৰ আঁত ধৰি এই কথাবোৰ কৈছে, তাত থকা গুৰুত্বপূৰ্ণ কেইটামান কথা হ’ল- আলী তৌকিৰ শ্বেখৰ সৈতে লীড পাকিস্তান আৰু চিডিকেএনৰ জৰিয়তে গৌৰৱ গগৈৰ পত্নী এলিজাবেথ ক’লবাৰ্ণৰ পেচাগত আৰু বিত্তীয় সম্পৰ্ক আছে।
প্ৰতিবেদনত আধাৰত মুখ্যমন্ত্ৰীয়ে উন্মোচিত কৰা তথ্য মতে, ভাৰতত থাকি এলিজাবেথ ক’লবাৰ্ণে পাকিস্তানৰ পৰা দৰমহা লাভ কৰিছিল। ২০১১ৰ ১৮ মাৰ্চত লীড পাকিস্তানৰ সৈতে নিযুক্তি চুক্তি আৰম্ভণি ঘটিছিল। তাৰপাছত এমাহ ৭ দিনৰ ভিতৰতে লীড ইণ্ডিয়াৰ সৈতে এলিজাবেথ ক’লবাৰ্ণৰ নিযুক্তি চুক্তিও স্বাক্ষৰ হৈছিল।
বহু অভিযোগৰ ভিতৰত পোহৰলৈ অহা আৰু মুখ্যমন্ত্ৰীয়ে দাবী কৰা মতে, বিদেশী অনুদান আইনৰ অনুমোদনৰ অবিহনে ভাৰতত থকা বিদেশী নাগৰিকে অন্য দেশৰ পৰা অনুদান গ্ৰহণ কৰিব নোৱাৰে। যিটো এলিজাবেথ ক’লবাৰ্ণে কৰা বুলি অভিযোগ তোলা হৈছে।
সেইবোৰ তথ্যৰ উপৰিও লীড ইণ্ডিয়াত চাকৰি হ’লেও গোপনীয় বুলি ভবা বহু তথ্যক পাকিস্তানলৈ প্ৰেৰণ কৰা অভিযোগ তোলা হৈছে। ৬বাৰকৈ পাকিস্তান ভ্ৰমণৰ কাৰণ অজ্ঞাত বুলিও কোৱা হৈছে। শেহতীয়াকৈ অক্সফোৰ্ড পলিটী মেনেজমেন্টত যোগদান কৰাৰ পাছতো তিনিবাৰ পাকিস্তান ভ্ৰমণক লৈ সন্দেহ কৰিছে।
এই ভ্ৰমণৰ সন্দৰ্ভত উত্থাপিত সন্দেহ আৰু এলিজাবেথৰ স্বামী হোৱা সূত্ৰে গৌৰৱ গগৈয়ে সঠিক অনুমতিবিহীন পাকিস্তান ভ্ৰমণৰ কথা কৈছে। ১৪ ডিচেম্বৰ ২০১৩ৰ পৰা ২৪ ডিচেম্বৰ ২০১৩লৈ ১০ দিনৰ এই ভ্ৰমণসূচীক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এছ আই টিৰ প্ৰতিবেদনখন সমুখত ৰাখি সংবাদমেলত যিধৰণৰ ব্যাখ্যা আগবঢ়াইছে, তেওঁৰ কথাবোৰ সঁচা হ’লে গৌৰৱ গগৈ নামৰ ব্যক্তিজনক এতিয়ালৈ কাৰাগাৰলৈ নিক্ষেপ কৰিব লাগে।
বাকী অন্যান্য যিবোৰ কথা সংবাদমেলত উত্থাপন হৈ আহিছে, সেইবোৰ কথা অধিকাংশই ইতিমধ্যে চৰ্চা লাভ কৰিছে। এই সংবাদমেল চলি থকাৰ মাজতেই বিভিন্ন অনুষ্ঠানত ব্যস্ত থকা গৌৰৱ গগৈয়ে টুইটযোগে এই সংবাদমেলক ফ্ল’প শ্ব’ আখ্যা দিয়ে।
মুখ্যমন্ত্ৰীয়ে ১০ ছেপ্টেম্বৰ , ২০২৫ত এই এছআইচিয়ে দাখিল কৰা প্ৰতিবেদন লাভ কৰাৰ পাছত কিয় প্ৰায় ৬মাহ দি গাপ দি থলে বুলিও প্ৰশ্ন উঠিছে। সংবাদমেলতে এই প্ৰশ্ন মুখ্যমন্ত্ৰীক কৰা হৈছিল। জুবিনৰ মৃত্যুৰ কথা দোহাই দি মুখ্যমন্ত্ৰীয়ে ইয়াক ৰাজহুৱা কৰাত পলম হোৱা কাৰণ ব্যাখ্যা কৰিলে।
সংবাদমেলৰ পাছতে গৌৰৱ গগৈৰ পাকিস্তানৰ লিংক সন্দৰ্ভত বিভিন্নজনে বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কোনোবাই ইয়াক মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক নাটক, আন কোনোবাই গৌৰৱ গগৈ পাকিস্তানী এজেন্ট, কোনোবাই ২৪ ঘন্টাৰ ভিতৰত গৌৰৱ গগৈক স্থিতি ৰাজহুৱা কৰিবলৈ আহ্বান জনাইছে।
ৰাজনীতি এতিয়া প্ৰদৰ্শনধৰ্মী এক খেললৈ পৰিৱৰ্তন হৈছে। তাৰেই ছবি প্ৰতিফলিত হৈ আহিছে বিভিন্ন সময়ত। মূল প্ৰশ্নটো হল- মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত পাকিস্তানৰ দৰে এখন শত্ৰুৰাষ্ট্ৰৰ সৈতে যদি গৌৰৱ গগৈয়ে হাত মিলাইছে তেওঁক লৈ এইবোৰ কৰি থকাৰ প্ৰয়োজন ক’ত?
যিখন ৰাজ্যত বিপ্লৱৰ কবিতা লিখিলেও মাহ মাহ ধৰি জেলত কটাব লাগে, যিখন ৰাজ্যত জুবিনৰ হত্যাৰ ন্যায় বিচাৰোতে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত যুৱকক কাৰাগাৰলৈ নিক্ষেপ কৰা হয়, সেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ইমান তথ্য প্ৰমাণ পোৱাৰ পাছত কিয় কাৰাগাৰত ভৰাই থব পৰা নাই গৌৰৱ গগৈক?
যদি এয়া গৃহ মন্ত্ৰণালয়ৰ বিষয়েই আছিল, তেন্তে গৃহ মন্ত্ৰণালয়ক সমগ্ৰ বিষয়টো তদন্ত কৰিবলৈ নিদি মাজতে নিজাকৈ তদন্ত কৰি সেই তদন্তৰ প্ৰতিবেদনো ৰাজহুৱা কৰা আঁৰত তেওঁ যে ৰাজনৈতিক স্বাৰ্থ নিহিত হৈ থকা নাই সেই কথা বাৰু বিবেকবানজনে মানি ল’ব পাৰেনে? পুনৰ কওঁ- দেশৰ বিৰুদ্ধে বহিঃৰাষ্ট্ৰৰ ওচৰত শিৰণত কৰাজন কেতিয়াও আপোন হব নোৱাৰে। কিন্তু বিভিন্ন ঘটনাক্ৰমক শেষ কৰি ৰাজনৈতিক ৰহনেৰে মুনাফা আদায় কৰি সেইসকলক বাহিৰত থাকিবলৈ দিয়া সকলো ৰাষ্ট্ৰৰ মিত্ৰ হ’ব নোৱাৰে। মুখ্যমন্ত্ৰীৰ বিচাৰত পাকিস্তানী ভাইজান হৈ গৈছে গৌৰৱ গগৈ। তেন্তে ৰৈ আছে কিয় ইমান সময় দেশৰ নিৰাপত্তা সংস্থা আৰু চোৰাংচোৱা?
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us