গৰিমা-জুবিন অনুৰাগীয়ে পাবনে উত্তৰ?

ছিংগাপুৰৰ পৰা অহা ফোনত চিপিআৰ শব্দটো শুনিছিলো। মই থতমত খাইছিলো কাৰণ জুবিনৰ হৃদযন্ত্ৰৰ কোনো সমস্যা হোৱা নাছিল। অচেতন হ'লেও তেওঁ কেইমিনিটমানৰ পিছত ঘূৰি আহিছিল। তেনেস্থলত জুবিনক কিয় চিপিআৰ দিয়া হৈছিল?

author-image
Asomiya Pratidin
New Update
new bikhekh protibedon 1 (3)

জুবিনৰ অনুৰাগীৰ দৰেই পত্নী গৰিমা গাৰ্গৰ মনতো উদয় হৈছে বহু প্ৰশ্নৰ। ৰাষ্ট্ৰীয় সংবাদ মাধ্যম,স্থানীয় সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমযোগে গৰিমাই বহু কেইটা প্ৰশ্ন উত্থাপন কৰিছে। যিবোৰ প্ৰশ্নৰ উত্তৰ জুবিনৰ মৃত্যুৰ সত্য উদঘাটনৰ বাবে অতি প্ৰাসংগিক। পাবনে গৰিমা গাৰ্গে সেই প্ৰশ্নবোৰৰ উত্তৰ ? কাৰ প্ৰতি অভিযোগৰ আঙুলি উঠিছে গৰিমা গাৰ্গৰ? অসমীয়া প্ৰতিদিন ডিজিটেল বিশেষ প্ৰতিবেদন...

গৰিমা গাৰ্গকো ন্যায় লাগে। গৰিমা গাৰ্গৰ মনতো অলেখ প্ৰশ্ন। কিয় জুবিনক মৃত্যুমুখলৈ ঠেলি দিলে পৰিয়ালৰ দৰে জুবিনৰ কাষত থকা সিদ্ধাৰ্থ,শ্যামকানু,শেখৰহঁতে? প্ৰশ্ন কেৱল গৰিমা গাৰ্গৰে নহয়। এইবোৰ প্ৰশ্ন এতিয়া জুবিনক ভাল পোৱা লাখ লাখ অনুৰাগীৰ।

এটাই মাথো টেবলেট দিনটোত জুবিনে খাব লাগে নিয়মীয়াকৈ। সেই টেবলেটটো কিয় দিয়া নহ'ল সেইদিনা ছিংগাপুৰত? গৰিমাৰ চিধা প্ৰশ্ন- ছিজাৰ থকাৰ বাবেই জুবিনৰ বহু বাধা আছে।পানী, জুইৰ কাষলৈ যোৱাত চিকিতসকে সতৰ্কতা জাৰি কৰি থৈছে।

সিদ্ধাৰ্থহঁতে সেইবোৰ কথা জানিছিল।তাৰ পাছত কি কৰিলে ছিংগাপুৰত সিদ্ধাৰ্থই? একেলগে পানীত সাঁতুৰি দাদা-দাদা বুলি জুবিনৰ কাষতে থকা শেখৰৰ ভূমিকা লৈও সন্দিহান গৰিমা। গৰিমাকো ন্যায় লাগে এতিয়া। 

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুক লৈ সহধর্মিণী গৰিমা শইকীয়া গার্গে সামাজিক মাধ্যমত ১০ দিনৰ ভিতৰত জুবিনৰ ন্যায়ৰ দাবী তুলিছে ইতিমধ্যে। সোণাপুৰৰ স্বামীৰ সমাধিস্থলীত উপস্থিত হৈ গৰিমাই #JusticeForZubeenGarg লিখি ডিজিটেল প্ৰতিবাদৰো আহ্বান জনাইছে। 

গৰিমাই উল্লেখ কৰে যে, জুবিন য়ট পাৰ্টীৰ বিষয়ে অজ্ঞাত আছিল। তেওঁ গম পোৱা হ'লে উত্তেজিত হৈ মোক জনালেহেঁতেন। টোপনি,খাদ্য,ঔষধৰ অবিহনে জুবিনক এনেদৰে সাগৰলৈ লৈ যোৱাৰ উদ্দেশ্য কি আছিল বুলিও প্ৰশ্ন উত্থাপন কৰিছে গৰিমাই।
গৰিমাই লগতে কয় যে, ছিংগাপুৰৰ পৰা অহা ফোনত চিপিআৰ শব্দটো শুনিছিলো। মই থতমত খাইছিলো কাৰণ জুবিনৰ হৃদযন্ত্ৰৰ কোনো সমস্যা হোৱা নাছিল। অচেতন হ'লেও তেওঁ কেইমিনিটমানৰ পিছত ঘূৰি আহিছিল। তেনেস্থলত জুবিনক কিয় চিপিআৰ দিয়া হৈছিল?কিয় তেওঁক চিকিৎসালয়লৈ লৈ যাবলৈ প্ৰায় এঘণ্টা সময় লাগিছিল? তেওঁৰ ইতিমধ্যেই মৃত্যু হৈছিল নেকি বুলি বহুবোৰ প্ৰশ্ন উত্থাপন কৰিছে গৰিমাই।
গৰিমা শইকীয়া গাৰ্গ