সমষ্টি ১২৬, প্ৰাৰ্থিত্ব লাগে ৭৮২ক

নিৰ্বাচনত জিকক বা হাৰক, নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ আগ্ৰহ সকলোৰে থাকে। এয়া এক নিচা। ৰাজ্যৰ চৌদিশে এতিয়া সেই নিচাত আক্ৰান্ত বহু নেতা। সুযোগ-সুবিধা বুজি সেই নেতাসকলে প্ৰস্তুতি চলাইছে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ।

author-image
Asomiya Pratidin
New Update
AP FOR WEB NEW  bikhekh lekha.jpg

মৃদুল কুমাৰ সন্দিকৈ

নিৰ্বাচনত জিকক বা হাৰক, নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ আগ্ৰহ সকলোৰে থাকে। এয়া এক নিচা। ৰাজ্যৰ চৌদিশে এতিয়া সেই নিচাত আক্ৰান্ত বহু নেতা। সুযোগ-সুবিধা বুজি সেই নেতাসকলে প্ৰস্তুতি চলাইছে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ।

এতিয়াও অৱশ্যে কোনো আনুষ্ঠানিক ঘোষণা অসম বিধানসভাক লৈ হোৱা নাই। ভিতৰি ভিতৰি কিন্তু নিৰ্বাচনৰ বতাহ বাৰুকৈয়ে বলিছে গাঁৱে-ভূঞে। প্ৰাথমিক পৰ্যায়ত নিৰ্বাচনৰ টিকট কোনে পাব তাক লৈ চলা প্ৰতিযোগিতাত অংশ লৈছে নেতাসকলে। 

কিছু কিছু নেতা আছে, যিসকলে নিৰ্বাচন খেলাতো তেওঁলোকৰ এক সপোন আৰু বহুদিনীয়া ইচ্ছা। তেনে ইচ্ছা আৰু সপোন দেখা প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলক ৰাজহুৱাভাৱে কৰা উপলুঙাও মানুহে প্ৰত্যক্ষ কৰিছে। তেনে এক নাম বনমালি শৰ্মা। 

মঙলদৈ এইগৰাকী যুৱনেতাক মুখ্যমন্ত্ৰীয়ে মৰমৰ চলেৰে ভালকৈ এটা চৰ সোধাই বুজাই দিছে যে- এইবোৰ কৰি নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ আশা দেখি লাভ নাই। কিয়নো মুখ্যমন্ত্ৰী ড০ শৰ্মাই তেওঁক কটাক্ষ কৰি কৈছে যে- তোক এইবাৰ আমেৰিকাত বিধায়ক বনাব লাগিব। 

অৱশ্যে এই একেইজন মুখ্যমন্ত্ৰীয়ে আকৌ বহু সমষ্টিত প্ৰাক-নিৰ্বাচনী সভা পাতি ঘোষণা কৰি দিছে যে- প্ৰাৰ্থিত্বৰ দৌৰত কোন কোন আছে। বিজেপিয়ে অতি কৌশলেৰে এই নিৰ্বাচনী জালখন মেলিছে। 

ইফালে, মিত্ৰতাক লৈ কংগ্ৰেছ, ৰাইজৰ দলৰ, এজেপিৰ নেতৃত্বই ৰাজনৈতিক আলোচনা এতিয়াও সামৰণি পেলাব পৰা নাই। বিজেপিৰ দৰে কংগ্ৰেছৰ পৰাও বহু প্ৰাৰ্থীয়ে নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ টিকট বিচাৰিছিল। সুযোগ বুজি ৰাইজৰ দলেও কংগ্ৰেছৰ সৈতে আলোচনাত বহি ২০খন আসনৰ বাবে তেওঁলোকক প্ৰাৰ্থিত্ব লাগে বুলি দলটোৰ নেতৃত্বৰ হাতত তালিকা তুলি দিছে। 

২০টা সমষ্টি বিচাৰিলেও ১৫টা সমষ্টি পালেও ৰাইজৰ দল সন্তুষ্ট হব বুলি অখিল গগৈয়ে ঘোষণা কৰিছে। এই সময়তে দলত যোগদান কৰা , দলত্যাগ কৰা নেতাও দেখা পোৱা গৈছে। ২০২১চনত কংগ্ৰেছ এৰিছিল দুৰ্লভ চমুৱাই।

নগাঁৱৰ কংগ্ৰেছৰ কাৰ্যালয়ত একাংশ সমৰ্থকৰ হতুৱাই লণ্ড-ভণ্ড কৰাই দলটোৰ নেতৃত্বকে সমালোচনাৰে থকা-সৰকা কৰা ডাঃ দুৰ্লভ চমুৱাই পুনৰ কংগ্ৰেছৰ পৰা ২০২৬ত নিৰ্বাচন খেলাৰ লক্ষ্যৰে ৰাজনৈতিক কুচ-কাৱাজ আৰম্ভ কৰিছে। 

সমষ্টিৰ পুনঃনিৰ্ধাৰণৰ পাছত বিজেপিৰ শক্তিশালী প্ৰাৰ্থী থকাৰ বাবে এইদৰে নেতাই স্বৰূপ সলাইছে। ২০২১ত কংগ্ৰেছে দুৰ্লভ চমুৱাক টিকট নিদি এই সমষ্টিৰ পৰা প্ৰাক্তন মন্ত্ৰী মুকুত শৰ্মাৰ পুত্ৰ শান্তনু শৰ্মাক প্ৰক্ষেপ কৰিছিল। 

২০২১ত ৰূপক শৰ্মাই সমষ্টিটোৰ পৰা জয়লাভ কৰিছিল। সেই সময়তে ডাঃ শৰ্মাৰ বৃহত্ সংখ্যক অনুৰাগীয়ে নগাঁৱৰ নেহেৰুবালিত এক সভা অনুষ্ঠিত কৰি বিজেপিত যোগদান কৰিছিল। অৱশ্যে ডাঃ শৰ্মাই পৰৱৰ্তী সময়ত ৰাজনীতিৰ পৰা আঁতৰত থাকি চিকিতসা বৃত্তিত মনোনিবেশ কৰিছিল। 

সেইজনৰ দৰেই বহু নেতাই এতিয়া সুযোগ বুজি সমষ্টিয়ে সমষ্টিয়ে প্ৰাৰ্থিত্বৰ আশাত শিবিৰ সলনি কৰিছে। তাৰবিপৰীতে বহু নেতাই দীৰ্ঘদিনীয়া পৰিকল্পনাৰে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বাবে সমষ্টিসমূহত মনোনিবেশ কৰি আহিছে। 

কংগ্ৰেছৰ পৰা প্ৰায়বোৰ সমষ্টিতেই একাধিক নেতাই প্ৰাৰ্থিত্ব বিচাৰিছে। উদাহৰণস্বৰূপে, সদ্যগঠিত নগাওঁ-বটদ্ৰৱা সমষ্টিতেই মৃণাল কুমাৰ হাজৰিকাকে ধৰি কেইবাজনো প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে। যোৰহাটতো ৯জন কংগ্ৰেছী নেতাই প্ৰাৰ্থিত্ব বিচাৰিছে। 

তাৰভিতৰত প্ৰশান্ত বৰা, কৃষাণু বৰুৱা, দেৱজ্যোতি শ্ৰুতিকৰ, গীতাৰ্থ বৰুৱা, দিব্যজ্যোতি লেখক, অতুল বুঢ়াগোঁহাই অন্যতম। টিয়কতো ৰাণা গোস্বামীকে ধৰি ইশ্বৰ প্ৰশন্ন বৰদলৈ, জিতু হাজৰিকা, শান্তনু পূজাৰী আদি প্ৰাৰ্থিত্বৰ দৌৰত আছে। 

ৰাজীৱ ভৱনে ইতিমধ্যে আৱেদন গ্ৰহণৰ প্ৰক্ৰিয়া সামৰণি পেলাইছে। ২৮ জানুৱাৰীত সামৰণি পৰা এই প্ৰক্ৰিয়াত দেখা পোৱা গৈছে যে- ১২৬টা সমষ্টিৰ বাবে কংগ্ৰেছৰ পৰা ৭৮২জন প্ৰাৰ্থীয়ে আৱেদনপত্ৰ জমা দিছে। 

গড়ে এটা সমষ্টিৰ পৰা ৬জনতকৈ অধিক প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্বৰ আৱেদন কৰিছে কংগ্ৰেছত। যিহেতু আৱেদন পত্ৰ জমা লওঁতে প্ৰাৰ্থিত্বৰ বাবে আৱেদন কৰা প্ৰাৰ্থীৰ পৰা কংগ্ৰেছে ৫০ হাজাৰ টকাকৈ সংগ্ৰহ কৰিছে, সেই হাৰত বিৰোধী দলটোৱে ৩ কোটি ৯১ লাখ টকা আৱেদন প্ৰক্ৰিয়াৰ জৰিয়তেই দলৰ পুঁজিত লাভ কৰিছে।

আৱেদন কৰা প্ৰাৰ্থীসকলৰ আৱেদনপত্ৰৰ পৰীক্ষাৰ অন্তত নিৰ্বাচিত তালিকা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে দিল্লীলৈ প্ৰেৰণ কৰিছে। সেই আৱেদনৰ ভিত্তিতেই আৰু ৰাইজৰ দল তথা অসম জাতীয় পৰিষদৰ সৈতে হোৱা মিত্ৰতাৰ বুজাবুজিৰ অন্তত দলটোৱে প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিব। 

একেদৰে শাসকীয় বিজেপিয়ে বহুবোৰ সমষ্টিত মিত্ৰ দল অগপ আৰু বিপিএফৰ সৈতে ঐক্যমতত উপনীত হোৱাৰ পাছতহে প্ৰতিদ্বন্দ্বিতা কৰিবলগা প্ৰাৰ্থীসকলৰ এখন স্পষ্ট ছবি পোহৰলৈ আহিব।

নিৰ্বাচন ৰাজনীতি