অসমলৈ কোনে, কেতিয়া আনিছিল ব'ল বম? কিয় হয় বিতৰ্ক?

শাওণ মাহৰ আজি দ্বিতীয়টো সোমবাৰ। প্ৰতিবাৰৰ দৰে এইবাৰো দেওবাৰৰ বিয়লিৰ পৰাই গেৰুৱা বসন পৰিধান কৰি যাত্ৰা কৰা ব'ল বম যাত্ৰীসকলক ৰাজপথত দেখিবলৈ পাইছিলো।

author-image
Asomiya Pratidin
New Update
ব'ল বম

তুষাৰ প্ৰতিম

শাওণ মাহৰ আজি দ্বিতীয়টো সোমবাৰ। প্ৰতিবাৰৰ দৰেই এইবাৰো দেওবাৰৰ বিয়লিৰ পৰাই গেৰুৱা বসন পৰিধান কৰি যাত্ৰা কৰা ব'ল বম যাত্ৰীসকলক ৰাজপথত দেখিবলৈ পাইছিলো। সোমবাৰে পুৱা ঘূৰি অহা সেই যাত্ৰীসকলৰ একাংশক দেখিছিলো।

শাওণ মাহত অসমৰ প্ৰতিটো প্ৰান্তৰে চিনাকী ছবি বল বম যাত্ৰীসকল। এই বল বম যাত্ৰীসকলৰ অধিকাংশই শেহতীয়াকৈ প্ৰদৰ্শন কৰা আচৰণ আৰু তাৰ পিছত হোৱা বিতৰ্কৰ সময়ত উল্লেখিত হোৱা এটা বাক্য হৈছে- বল বম অসম, অসমীয়াৰ সংস্কৃতি কেতিয়াও নাছিল। 

অসম, অসমীয়াৰ সংস্কৃতি নহয় বুলি বহুজনে কৈ আহিলেও দৰাচলতে অসমত কেতিয়াৰ পৰা এই সংস্কৃতিৰ আগমণ, ঘটিল, কোনে এই সংস্কৃতি উত্তৰ ভাৰতৰ পৰা কঢ়িয়াই আনিলে তাৰ সঠিক উত্তৰ কিন্তু কোনেও দিয়া পৰিলক্ষিত হোৱা নাই। 

কিন্তু এই কথা সত্য যে, অসমত বল বমৰ ইতিহাস বহু বেছি পুৰণি নহয়। আজিৰ পৰা মাত্ৰ ৪৫ বছৰ মানৰ পূৰ্বেহে অসমক বল বম সংস্কৃতিৰ আগমণ ঘটিছিল। উত্তৰ ভাৰতীয় হিন্দু বলয়ৰ এই সংস্কৃতি অসমলৈ কঢ়িয়াই আনিছিল ডিব্ৰুগড়ৰ নয়া বজাৰ সেৱা সমিতিয়ে।

]‘অসমত বল বমৰ আৰম্ভণি কেতিয়া’ শীৰ্ষক দিগন্তু ওজাৰ এটা নিবন্ধত উল্লেখ থকা অনুসৰি ডিব্ৰুগড়ৰ নয়া বজাৰ সেৱা সমিতিৰ অধ্যক্ষ ৰাধেশ্যাম ডালমিয়াই বল বম যাত্ৰাৰ সন্দৰ্ভত গোহাৰি-পত্ৰও প্ৰকাশ কৰিছিল৷ 

হিন্দী ভাষাত প্ৰকাশ পোৱা সেই গোহাৰিখনৰ শিৰোনাম আছিল “বল হম- বল হম”৷ আৰু সেই গোহাৰিপত্ৰখন বিলোৱা হৈছিল ১৯৮৩ চনৰ জুলাই মাহৰ ২৪ তাৰিখে৷ তাত উল্লেখ থকা অনুসৰি ডিব্ৰুগড়ৰ কচাৰীঘাটত ব্ৰহ্মপুত্ৰৰ পবিত্ৰ পানী তুলি তিনিচুকীয়াৰ শিৱধামলৈ বিগত বছৰবোৰৰ দৰে ২৪ জুলাইৰ পৰা ২১ আগষ্টলৈ প্ৰতি দেওবাৰে নিয়া হ’ব৷ 

সেৱা সমিতিয়ে ডিব্ৰুগড়- তিনিচুকীয়া পথৰ ডিকম, চাবুৱা, পানীতোলা আৰু হিজুগুৰিত লঘু বিৰতিৰ বাবে শিৱিৰ স্থাপন কৰাৰ কথাও সেই গোহাৰিত উল্লেখ কৰিছিল। লিখিত এই তথ্যৰ বাদেও অগ্ৰজ বহুজনৰ সৈতে এই সন্দৰ্ভত আলোচনা কৰাৰ সময়তো অসমত যে, বল বম যাত্ৰা বৰ বেছি পুৰণি নহয় সেয়া স্পষ্ট হৈছে।

অৱশ্যে উত্তৰ ভাৰতত বল বম যাত্ৰাৰ ইতিহাস আছে। এই সম্পৰ্কীয় বহু কেইটা মতবাদো প্ৰচলিত আছে। শাওণ মাহটোক মহাদেৱ শিৱক সেৱাৰ বাবে শ্ৰেষ্ঠ মাহ বুলি বিবেচনা কৰা হয়। সেই অনুসৰিয়েই শিৱক সেৱা কৰিবলৈ শাওণ মাহত বল বম যাত্ৰা কৰি আহিছিল বিহাৰ, উত্তৰ প্ৰদেশ আদিৰ শিৱ ভক্তসকলে।

গেৰুৱা বসন পৰিধান কৰি বল বম যাত্ৰা কৰা এই যাত্ৰীসকলক তেওঁলোকে কানৱৰীয়া বুলি কয়। তেওঁলোকে পদযাত্ৰাৰে গংগাৰ পবিত্ৰ পানী আনি শিৱ লিংগত ঢালি সেৱা কৰে।

বল বম সন্দৰ্ভত উত্তৰ ভাৰতত কেইবাটাও প্ৰবাদ প্ৰচলিত আছে। এক মতবাদ অনুসৰি পৰশুৰামে প্ৰথমে বল বম যাত্ৰা কৰিছিল। তেওঁ উত্তৰ প্ৰদেশৰ বাঘপাট জিলাৰ সীমপৰ শিৱ মন্দিৰত থকা শিৱ লিংগত গড়মুকতেশ্বৰৰ পৰা গংগাৰ পানী আনি ঢালি মহাদেৱক আৰধনা কৰিছিল।  

আন এক মতবাদ অনুসৰি বল বমৰ সৈতে শ্ৰৱণ কুমাৰৰ কাহিনী জড়িত আছে। এই মতবাদ অনুসৰি ত্ৰেতা যুগত শ্ৰৱণ কুমাৰে বল বম যাত্ৰা আৰম্ভ কৰিছিল। শ্ৰৱণ কুমাৰে অন্ধ পিতৃ-মাতৃৰ তৃথ-যাত্ৰাৰ ইচ্ছা পূৰণ কৰিছিল। দুয়োকে ভাৰ বান্ধি আনি হৰিদ্বাৰত গংগাত স্নান কৰোৱাইছিল। তাৰ পৰা উভতি যাওঁতে গংগা পানীও কঢ়িয়াই লৈ গৈছিল। তেতিয়াৰ পৰাই হেনো এই পৰম্পৰা আৰম্ভ হৈছিল।

অন্য এক মতবাদ অনুসৰি লংকাধিপতি ৰাৱণে হিমালয়ৰ পৰা গংগা পানী আনি শিৱক আৰধনা কৰিছিল। সাগৰ মন্থনৰ সময়ত ওলোৱা বিষ পান কৰা মহাদেৱে সেই গংগাৰ পানী সেৱন কৰিয়েই হেনো সকাহ পাইছিল।

এই মতবাদৰ পৰা এই কথাত কাৰো দ্বিমত নাই যে বল বম যাত্ৰাৰ সৈতে সম্পূৰ্ণ আধ্যাত্মিকতা জড়িত হৈ আছে। কিন্তু আজিৰ অসমত বল বমৰ নামত যি পৰিবেশৰ সূচনা হৈছে সেই পৰিবেশত আধ্যাত্মিকতা আছেনে? 

অসমত শিৱৰ আৰধনা নতুন কথা নহয়। কালিকা পূৰাণ, যোগিনীতন্ত্ৰত শিৱৰ আৰধনাৰ কথা উল্লেখ আছে। কিন্তু অসমৰ শৈব্য ধৰ্মৰ ইতিহাসত বল বম যাত্ৰাৰ কোনো তথ্য উল্লেখ নাই।

নিজস্বতাক বিসৰ্জন দিয়া অসমীয়াই দেখাক দেখি আকোৱালি লোৱা এক সংস্কৃতি সেয়া স্পষ্ট। অসমত বল বম সংস্কৃতিৰ যি পৰিবেশ সেই পৰিবেশ বহুতৰ বাবে সহ্যৰ সীমা অতিক্ৰম কৰিছে।

আধ্যাত্মিকতাৰ নামত একাংশই অশ্লীল ভোজপুৰী সংগীত উচ্চ স্বৰত বজাই যি এক হুলস্থুলীয়া পৰিবেশৰ সূচনা কৰিছে তাত আধ্যাত্মিকতাৰ কোনো উদাহৰণ নাই। সুৰা সেৱন কৰি ৰাজপথত সেই ভোজপুৰী সংগীতৰ তালে তালে জপিয়াই গৈ, মন্দিৰৰ সন্মুখত কৰা উদ্ভণ্ডালিয়ে অসমৰ মন্দিৰসমূহৰ আধ্যাত্মিক পৰিবেশ যে বিনষ্ট কৰি আহিছে সেয়াও নতুনকৈ কোৱাৰ প্ৰয়োজন নাই।

শিৱ মন্দিৰসমূহৰ পৰিবেশ দেওবাৰে পুৱা গৈ প্ৰত্যক্ষ কৰিলেই এইসকলৰ উদ্ভণ্ডালি স্পষ্ট হয়। মন্দিৰৰ চৌহদৰ ভিতৰতো যেতিয়া সুৰাৰ বটল উদ্ধাৰ হয়, চাৰিওফালে আবৰ্জনাৰ ভিৰত ভৰি দিবলৈ ঠাইৰ অভাৱ হয় তেতিয়াই উপলব্ধি হয় কিমান ক্ষতিকাৰক তেওঁলোকৰ আচৰণ।

অৱশ্যে এই কথাও স্বীকাৰ কৰিবই লাগিব এইসকলক অপসংস্কৃতিৰ বাহকৰ মাজতো এনে বহু শিৱ ভক্ত আছে যিয়ে অসমৰ সংস্কৃতি নহলেও শিৱক আৰধনা কৰাৰ সূত্ৰেই অতি পবিত্ৰ মনেৰে বল বম যাত্ৰা কৰি শিৱক আৰধনা কৰে।এইসকল প্ৰকৃত শিৱ ভক্তকো অপসংস্কৃতিৰ বাহকসকলে শান্তিৰে শিৱক আৰধনা কৰাত বাধাৰ সৃষ্টি কৰিছে।

মনত পৰে আজিৰ পৰা কেইবছৰমানৰ পূৰ্বে আমি পদব্ৰজে শিৱৰ নাম লৈ দূৰৰ মন্দিৰলৈ যাত্ৰা কৰা ব'ল বম যাত্ৰীসকলক চাবলৈ আমি সন্ধিয়া ওলাই যোৱা। সেই সময়ত তেওঁলোকৰ মাজত দেখা নাছিলো উদ্ভণ্ডালি। তাত আছিল আধ্যাত্মিকতা। সেইসকলৰ মাজত দেখাও নাছিলো থলুৱা অসমীয়াক। অধিকাংশই আছিল বিহাৰী সম্প্ৰদায়ৰ। 

ৰাজনৈতিক উদ্দেশ্যত সাম্প্ৰদায়িকতাৰে যি উশৃংখল সমাজৰ সৃষ্টি কৰিলে সেই সমাজত এইধৰণৰ কথা কোৱাৰ অৱশ্যে ভয়ো নথকা নহয়। বহুতেই এনেধৰণৰ কথাক সাম্প্ৰদায়িকৰণ কৰাৰো অৱকাশ থাকে।  

সেইসকলক উদ্দেশ্যই আমি এই কথাও স্পষ্ট কৰি দিওঁ হিন্দু ধৰ্মীয় সংস্কৃতি অথবা আধ্যাত্মিকতাৰ আমি বিৰোধী নহয়। কিন্তু উচ্চ স্বৰত অশ্লীল ভোজপুৰী সংগীতেৰে শিৱৰ আৰধনাও কোনো প্ৰকৃত শিৱ ভক্ত অথবা আধ্যাত্মিক চিন্তা চেতনাৰে সমৃদ্ধ ব্যক্তিয়ে সহ্য নকৰে। ইয়াৰ বিৰোধিতা সকলোৱে কৰা উচিত। যি ধৰ্মৰে নহওঁক কিয় ধৰ্মৰ নামত হোৱা সকলো ধৰণৰ উদ্ভণ্ডালি সমাজৰ ক্ষতিকাৰক।

অসমত শিৱক আৰধনা কৰাৰ পদ্ধতি উত্তৰ ভাৰতীয় সংস্কৃতিৰ পৰা বহু পৃথক। অসমৰ মঠ-মন্দিৰৰ আধ্যাত্মিক পৰিবেশ, ঈশ্বৰ আৰধনাৰ পৰিবেশ সম্পূৰ্ণ পৃথক। কিন্তু নিজস্বতাক বিসৰ্জন দিয়া অসমীয়াই বহিঃ ৰাজ্যৰ সংস্কৃতিক লৈ হে গৌৰৱাম্বিত। 

আনকি ঈশ্বৰ আৰধনা কৰাৰ সময়তো একাংশ অসমীয়াই অসমীয়া ভাষাৰ পৰিবৰ্তে হিন্দী ভাষা ব্যৱহাৰ কৰিবলৈ ধৰিছে। একাংশ অসমীয়াই ‘মা কামাখ্যা’ক ‘মাতাজী’ বুলিবলৈ লৈছে। শিৱ আৰধনা কৰাৰ বাবে বাচি লৈছে ভোজপুৰী গান। সেয়ে এইসকলৰ যে নিজৰ ঈশ্বৰৰ ওপৰতে আস্থা নাই সেয়াও প্ৰমাণিত হৈছে।

শিৱ মন্দিৰ শাওণ মাহ