ইয়াতেই শুইছিল সুধাকণ্ঠ...

দুকোঠাৰ ঘৰটোত এখনেই সৰু কাঠৰ বিচনা আছিল। সেইখনত তেওঁ শুইছিল আৰু লগত বেছি মানুহ গলে ঘৰটোৰ মজিয়াতেই ঢালাই বিচনা পাৰি তেওঁলোকক নিশা কটোৱাৰ ব্যৱস্থা কৰি দিছিল।

author-image
Asomiya Pratidin
New Update
ভূপেনদান শুইছিল ইয়াত...

মৃদুল কুমাৰ সন্দিকৈ


‘’মই ৩ ছেপ্তেম্বৰত সেই ঘৰখনলৈ গৈছিলো। ভিতৰৰ অৱস্থা দেখি বুকুখন মোৰ খুন্দা মাৰি ধৰিছিল। ভূপেনদা জীয়াই থাকোতে এই ঘৰখনলৈ কিমানবাৰ আহিছো হিচাপ নাই। বহু স্মৃতি বিজৰিত ঘৰ এইখন।‘’

কথাবোৰ তেওঁ সাৱলীলভাৱে ক’ব পৰা নাছিল। গভীৰ দুখ এটাই যে তেওঁৰ বুকুত হেঁচা মাৰিছিল সেই কথা তেওঁ মাততো শুনিয়েই উপলব্ধি কৰিছিলো। ভূপেন হাজৰিকা সেই ঘৰলৈ গলে শুব পৰাকৈ সৰু ঘৰটোত এখন কাঠৰ বিচনা আছিল। 

যত্নৰ অভাৱত সেইখন ভাগি পৰিছে। মই সেইবোৰৰ ফটো উঠাব নোৱাৰিলো। তেনে স্মৃতি মই সাঁচি ৰাখিব নিবিচাৰো ভূপেন হাজৰিকাক লৈ। কুঠৰীৰ পৰা এই কথা কৈছিল ভূপেন হাজৰিকাক অতি ওচৰৰ পৰা লগ পোৱা কুঠৰীৰে এজন গুণমুগ্ধই। 

জন্ম শতবৰ্ষ উদযাপনৰ বাবে প্ৰস্তুতি চলিছে। বহু ভাল অনুষ্ঠানৰ পৰিকল্পনা চৰকাৰে কৰিছে। তাৰ মাজতেই ভূপেন হাজৰিকাৰ কুঠৰীৰ সেই ঘৰখনৰ ভিতৰভাগৰ এনে বিধ্বস্ত ৰূপে তেওঁক ভালপোৱা প্ৰতিজন গুণমুগ্ধৰ বুকু গধূৰ কৰি তুলিছে। 

হাফ ৱালৰ বাটাম দিয়া এটা সৰু ঘৰ। ১৯৭৪ চনতে কলিয়াবৰ মহকুমাৰ ন জান গাঁৱত তেওঁ এই ঘৰটো সাজিছিল।শিল্পীপ্ৰাণ চন্দ্ৰ ফুকনৰ আহ্বানৰ প্ৰতি সহাৰি জনাই ভূপেন হাজৰিকাই তাত কিছু মাটি কিনিছিল। 

৭ বিঘাতকৈ বেছি মাটি আছিল সেই চৌহদটোত। কলিয়াবৰ ৰাজহচক্ৰৰ অন্তৰ্গত দ্বাৰবাগৰি মৌজাৰ ন জান গাঁৱত থকা সেই মাটিৰ পট্টা নম্বৰ ১৫ আৰু দাগ নম্বৰ ২৮৮, ২৯০ আৰু ২৯১। 

উজনি অসমলৈ গলেই তেওঁ সেই ঘৰত এভূমুকি মাৰিছিল। কিছু সময় জিৰণি লৈছিল। ঘৰটোৰ চোৱাচিতাৰ দায়িত্বত আছিল সুৰেন নেওগ নামৰ লোকজন। কেতিয়াবা নিৰ্জনতাৰ মাজত শান্তি বিচাৰি কোলাহল পৃথিৱীখনৰ পৰা তেওঁ কুঠৰীৰ সেই ঘৰটোলৈ দৌৰি গৈছিল।

সাধাৰণ গাঁৱলীয়া মানুহৰ দৰেই ঘৰটোত তেওঁ সময় অতিবাহিত কৰিছিল। সৰু পাকঘৰটোত বিধে বিধে ৰান্ধিছিল জুতি লগাকৈ। বহু কালজয়ী গীতৰ সৃষ্টিৰ স্থান আছিল এই ঘৰ।

দুকোঠাৰ ঘৰটোত এখনেই সৰু কাঠৰ বিচনা আছিল। সেইখনত তেওঁ শুইছিল আৰু লগত বেছি মানুহ গলে ঘৰটোৰ মজিয়াতেই ঢালাই বিচনা পাৰি তেওঁলোকক নিশা কটোৱাৰ ব্যৱস্থা কৰি দিছিল। 

মন গলে হাতত বৰশীটো লৈ বহু ঘণ্টা জুৰি তেওঁ বৰশী বাইছিল। ওচৰৰ কোনো লোকৰ ন খোৱাৰ অতিথি হৈয়ো গৈছিল। এবাৰ সেই ঘৰৰ চৌহদতত প্ৰায় ৮ টা মান ৰঙালাও লাগিছিল। সেই ৰঙালাও কেইটা লৈ তেওঁ ওচৰৰে বজাৰত বিক্ৰীও কৰিছিল। 

এয়াই আছিল তেওঁৰ গ্ৰাম্য জীৱনবোধৰ প্ৰতি থকা টান। শান্তিৰ সন্ধানত কুঠৰীৰ সেই ঘৰটোত কটোৱা পুৰণি স্মৃতি কঢ়িয়াই লৈ ফুৰিছে এই ঘৰটোৱে। ভূপেন হাজৰিকাৰ মৃত্যুৰ পিছত এই ঘৰটো প্ৰসংগ আহোতেহে গম পোৱা গৈছিল ঘৰটো হেনো তেওঁ বিক্ৰী কৰিছিল। 

তাৰ পাছত চৰকাৰে এই ভূপেন হাজৰিকাৰ ঘৰটোক এক সাংস্কৃতিক প্ৰকল্প ৰূপে গঢ় দিবলৈ লোৱা আঁচনি ৰূপায়ণৰ বাবে এক আইনী যুঁজৰ মাজত সোমাই পৰিছিল। ফটিক নেওগ নামৰ লোকজনে ক্ৰয় কৰিছিল ঘৰটো। 

সেই আইনী যুঁজৰ বাবে ঘৰটো বন্ধ কৰি ৰাখিবলগীয়া হৈছিল। অৱশেষত আহিছিল শেহতীয়াকৈ এটা ভাল খবৰ। উক্ত ভূপেন হাজৰিকাৰ কুঠৰীৰ ঘৰটো আৰু সেই চৌহদৰ মাটিখিনিৰ গৰাকী হৈছিল চৰকাৰ। 

নগাওঁ জিলা উপায়ুক্ত কাৰ্যালয়ে ২৬ আগষ্ট ২০২৫ ত ঘৰটো আৰু সেই মাটিখিনি চৰকাৰৰ হাতলৈ অহাৰ সন্দৰ্ভত এক জাননী জাৰি কৰিছিল। ঘৰটোৰ সন্মুখত আঁৰি দিয়া হৈছিল এই জাননী। যিখন জাননীৰ নম্বৰ NRK 16/2018/541। 

আণ্ডাৰ ছেকছন ৪ (১) ৰ অধীনত লেণ্ড ৰিকুইজেছন এণ্ড একুইজেছন এক্ট-১৯৬৪ ৰ আধাৰত জাৰি কৰা জাননীত দেৱ এণ্ড হিম ছ’নছ প্ৰাইভেট লিমিটেড জনোৱা হৈছিল যে, উক্ত মাটি ভূপেন হাজৰিকা কালছাৰেল প্ৰজেক্টৰ বাবে নগাওঁ জিলাৰ উপায়ুক্তই  ২ কোটি ৫১ লাখ ৬৪ হাজাৰ ৭৮ টকা মূল্যৰ বিনিময়ত ক্ৰয় কৰিছে।

সেই ধন অনুমোদনৰ অৰ্ডাৰ নম্বৰ NRK 16/2018 (তাং ২৩/০৫/২০২৩)  আৰু NRK 16/2018 (তাং ০১/০৭/২০২৩) ৰ জৰিয়তে এক্সিছ বেংকৰ একাউণ্ট নম্বৰ ৩০০৫০৪৮২৫২৬ ত জমা দিয়া হৈছে। সেই নিৰ্দেশনাত কোৱা হৈছে- এই জাননী অৰাৰ ১০ দিনৰ ভিতৰত নগাঁও জিলা উপায়ুক্তই অধিগ্ৰহণ কৰিব। 

এই সুখবৰৰ মাজতেই ভূপেন হাজৰিকাৰ সেই স্মৃতি বিজড়িত ঘৰটোৰ ভিতৰ ভাগৰ দৃশ্য যেতিয়া পোহৰলৈ আহিছিল তেতিয়াই আন এক দুখে চুই গৈছিল। ঐতিহ্যৰ প্ৰতি আমাৰ অবহেলাৰ আন এক দৃশ্য আছিল সেয়া। কুঠৰীৰ সেই ভূপেন হাজৰিকাৰ ঘৰটো চাবলৈ বহু মানুহ আহে। 

তাত তেওঁলোকে ভূপেন হাজৰিকাই ব্যৱহাৰ কৰা এইবোৰ সামগ্ৰী আৰু তাত থকা পুৰণি ঘৰটোৰ মাজতেই ভূপেন হাজৰিকাক বিচাৰিব খোজে। সেই বিচনাখনেও ভূপেন হাজৰিকাই ব্যৱহাৰ কৰা বিচনা হিচাপে এক ঐতিহাসিক মূল্য বহন কৰি আছিল।

বিচনাখনৰ এনে বিধ্বস্ত ৰূপ কাৰোৰেই কাম্য নাছিল। সাংস্কৃতিক প্ৰকল্প সেই স্থানত হওঁক। ভূপেন হাজৰিকাই এই ঘৰটো কিনোতেই পৰিকল্পনা কৰিছিল তাত তেওঁ এটা লোকসংস্কৃতিৰ সংগ্ৰহালয় পাতিব। এটা ৰাষ্ট্ৰীয় বঁটা লাভ কৰোতে পোৱা ধনেৰেই তাৰ আৰম্ভণি কৰাৰ কথা তেওঁ ভাবিছিল। 

সেই সপোন তেওঁৰ পুৰণ নহ’ল। জন্ম শতবৰ্ষত সকলোৱে আশা কৰিছে কুঠৰীৰ সেই ঘৰটোত ভূপেন হাজৰিকাৰ সপোন বাস্তৱত প্ৰতিফলন কৰাৰ বাবে চৰকাৰে ইতিবাচক ব্যৱস্থা ল’ব। ঘৰটো ভাঙি তাত কেইবামহলীয়া অট্টালিকা নিৰ্মাণ কৰিলেই ভূপেন হাজৰিকাৰ স্মৃতি বিচাৰি নাপাব। পুৰণি ঘৰটো, তেওঁ ব্যৱহাৰ কৰা আঁচবাব বোৰ, প্ৰয়োজনত বিধ্বস্ত হৈ ভাঙি পৰা ভূপেন হাজৰিকাৰ বিচনাখন ঠিকথাক কৰি সংৰক্ষণ কৰিলে তাতেই জীৱন্ত হৈ থাকিব সুধাকণ্ঠ।

ড০ ভূপেন হাজৰিকা