/asomiyapratidin/media/media_files/2025/08/15/bikhekh-lekha-15-august-2025-08-15-13-29-11.jpg)
মৃদুল কুমাৰ সন্দিকৈ
এটা অধ্যয়নযোগ্য প্ৰয়োজনীয় বিষয়। যিটো বিষয়ক লৈ খুব কম চৰ্চা হয়, কিন্তু বিষয়টো গুৰুত্বপূৰ্ণ। ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰত স্বাধীন হৈছিল। দীৰ্ঘকাল ধৰি দেশজুৰি চলিছিল স্বাধীনতা সংগ্ৰাম।
সেই সময়ত অসমতো পূৰ্ণোদ্যমে স্বাধীনতা সংগ্ৰামৰ বতাহ বলিছিল। সেই খবৰবোৰ অসমৰ সংবাদ মাধ্যমত বাৰু তেতিয়া কেনেদৰে প্ৰকাশ হৈছিল? যদিও অসমৰ সংবাদ মাধ্যম তেতিয়া অতি চালুকীয়া আছিল, তথাপিও স্বধীনতাৰ এই যুদ্ধৰ খবৰে সংবাদ মাধ্যম আৰু সাহিত্যত স্থান পাইছিল।
অসমত দৰিদ্ৰ কৃষক তথা শ্ৰমিক ৰাইজৰ ওপৰত ব্ৰিটিছ শাসকৰ দমন উৎপীড়ন আৰু শোষণ চলিছিল। ইয়াৰ বিৰুদ্ধে অংকুৰিত হোৱা ক্ষোভ প্ৰতিবাদক উজ্জিৱীত কৰা অথবা সংগঠিত কৰাৰ কোনো প্ৰয়াস অসমীয়া সংবাদ পত্ৰৰ জৰিয়তে প্ৰত্যক্ষভাৱে চলোৱাৰ পৰিৱেশ তেতিয়া নাছিল।
১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ বহু আগেয়ে অসমত গমধৰ কোঁৱৰ, জিউৰাম দুলীয়া বৰুৱা, ধৰ্মধৰ ৰাজগুৰু, কন্দুৱা ডেকা ফুকন আদিৰ জৰিয়তে চিপাহী বিদ্ৰোহৰ অংকুৰন ঘটিছিল। তেওঁলোকৰ এই প্ৰচেষ্টাক ব্ৰিটিছে কলিতে মোহৰি পেলালেও আহোম ৰাজপৰিয়ালৰ মনতো ব্ৰিটিছৰ অৱদমনৰ মুক্তিৰ এক প্ৰৱণতা এওঁলোকৰ বিদ্ৰোহে জগাই তুলিবলৈ সক্ষম হৈছিল।
খ্ৰিষ্টান মিছনেৰীসকলে অসমলৈ ছপাশাল আনি প্ৰথম অসমীয়া কাকত অৰুণোদয় প্ৰকাশৰ মাজেৰে অসমত সংবাদ পত্ৰ, আলোচনী অথবা অন্যান্য পুস্তিকা প্ৰকাশৰ এক বাতাবৰণ তৈয়াৰ কৰিছিল। এইবোৰৰ ক্ষেত্ৰত ব্ৰিটিছৰ আছিল শেন চকু।
তেওঁলোকৰ চৰ্ত আছিল ধৰ্ম কথা, সাহিত্য চৰ্চা, সমাজ সংস্কাৰমূলত বিষয় সামৰি যি কৰে কৰি থাকক, কিন্তু ব্ৰিটিছ শাসকৰ বিৰুদ্ধে ৰাইজে সংগঠিত কৰাৰ কোনো প্ৰয়াস সহ্য কৰা নহ’ব।
এনে প্ৰেক্ষাপটতে কলকাতাৰ পৰা মণিৰাম দেৱানে কন্দৰ্পেশ্বৰ সিংহলৈ গোপনে পত্ৰ প্ৰেৰণ কৰি বিদ্ৰোহৰ প্ৰস্তুতি চলোৱাৰ বাবে দিয়া পৰামৰ্শ ধৰা পেলাই যি কঠোৰ দণ্ড বিহিলে তাৰ খবৰ বহু পিছতহে সংবাদ মাধ্যমত চৰ্চালৈ আহিছিল। তাতোকৈ ডাঙৰ কথা ১৮৬১ চনৰ ফুলগুৰি ধেৱাৰ দৰে ভাৰতৰ ভিতৰতে শক্তিশালী কৃষক বিদ্ৰোহৰ খবৰবোৰ অসমৰ সংবাদ পত্ৰত প্ৰচাৰেই নহ’ল।
এই খবৰ কলকাতা, ঢাকাৰ পৰা প্ৰকাশিত কাকততহে প্ৰকাশ হৈছিল যদিও অসমৰ পৰাই প্ৰকাশিত অৰুণোদয়ত ইয়াৰ বিস্তাৰিত বিৱৰণ বহু পলমকৈহে প্ৰকাশ পাইছিল। একেদৰে ১৮৯২ চনত খাজনা বৃদ্ধিৰ বিৰুদ্ধে পাটি দৰং, নলবাৰীৰ লাচিমা, ৰঙীয়া, দৰং আদিত হোৱা ৰাইজ মেল অথবা ১৮৯৪ চনত পঠৰুঘাটত হোৱা বৃহৎ কৃষক বিদ্ৰোহৰ খবৰো বিস্তাৰিতভাৱে প্ৰকাশ পাইছিল কলকাতাৰ পৰা প্ৰকাশিত কাকততহে।
ৰাইজমেল বা কৃষক বিদ্ৰোহে ব্ৰিটিছৰ গা লৰাব নোৱাৰিলেও ইয়াৰ জৰিয়তে স্বাধীনতাকামী ৰাজনৈতিক চেতনাৰ বিকাশ ঘটিছিল। সেই চেতনাই পৰৱৰ্তী সময়ত মহাত্মা গান্ধীৰ নেতৃত্বৰ স্বাধীনতা আন্দোলনৰ বাবে অসমৰ ৰাইজক সাজু কৰি তুলিছিল।
১৯ শতিকাত বংগত গঢ় লৈ উঠা বঙালী জাতীয়তাবাদে শিক্ষিত ভাৰতীয়সকলৰ মনত এখন দেশ, এক জাতিৰ ধাৰণা সৃষ্টি কৰিবলৈ সক্ষম হৈছিল। ব্ৰিটিছৰ সেই শাসনকালত বিভিন্ন বাতৰি কাকত, আলোচনীত প্ৰকাশিত জাতীয় চেতনা সম্বলিত লেখাই দেশবাসীৰ মনত স্বদেশৰ প্ৰতি আকৰ্ষিত হ’ব পৰা পৰিৱেশ ৰচনা কৰিছিল।
অসমত ১৮৪৬ চনত প্ৰকাশিত ‘অৰুণোদয়’ৰ পৰা পৰৱৰ্তী সময়ৰ ১৮৭১ চনৰ ‘অসম বিলাসিনী’, ১৮৮২ চনৰ ‘আসাম নিউজ’ বাতৰি কাকতৰ লগতে ১৮৮১ চনৰ ‘জোনাকী’, ১৮৯০ চনত ‘বিজুলী’, ১৯০৯ চনত ‘বাঁহী’, ১৯১০ চনত ‘আলোচনী’, ১৯১৯ চনত ‘চেতনা’, ১৯২৯ চনত ‘আবাহন’ আদি আলোচনীয়ে দেশপ্ৰেমক ঘনীভূত কৰাত সাহিত্যৰ মাধ্যমেৰে দায়িত্ব পালন কৰিছিল।
অৰুণোদয়ৰ লক্ষ্য যদিও ধৰ্ম প্ৰচাৰ কৰা আছিল কিন্তু অসমীয়া ভাষা প্ৰতিষ্ঠাৰ ক্ষেত্ৰত কাকতখনে এক বৌদ্ধিক জাগৰণৰ সৃষ্টি কৰিছিল। প্ৰত্যক্ষভাৱে কাকতখন ৰাজনৈতিক চিন্তা-চৰ্চাৰ মাধ্যম নাছিল যদিও অসমীয়াৰ মাজত বৌদ্ধিক জাগৰণৰ সমান্তৰালভাৱে যি ৰাজনৈতিক চিন্তাৰ উত্তৰণ ঘটাইছিল, সেই চিন্তাই এফালে অসমীয়া মানুহৰ মাজত জ্ঞানৰ বিস্তাৰ আনফালে জাতীয় চেতনাৰ প্ৰাথমিক আধাৰ তৈয়াৰ কৰিছিল।
স্বাধীনতা আন্দোলনত অসমৰ পৰা প্ৰকাশিত বাতৰি কাকত বা আলোচনীৰ ভূমিকা বিষয়টো আলোচনা কৰিবলৈ গলে আমি বিশেষভাৱে উল্লেখ কৰিব লাগিব ‘অসম বিলাসিনী’ৰ কথা। এই কাকতখন প্ৰথম প্ৰকাশ পাইছিল ১৮৭১ চনত।
মাজুলী আউনীআটী সত্ৰৰ পৰা প্ৰভু দত্তদেৱ সত্ৰাধিকাৰ গোস্বামীয়ে অৰুণোদয়ৰ দৰে ধৰ্ম বিষয়ক অসম বিলাসিনী প্ৰকাশ কৰিছিল। সেই দিনত বাতৰি কাকতৰ ব্যৱসায় সহজ কথা নাছিল।
কিন্তু গোস্বামীয়ে ধাৰ লগাই খৰছৰ খাল খান্দিও ১২ বছৰ এই কাকতখন চলাইছিল। কাকতখনত স্থানীয় অভাৱ-অভিযোগ চৰকাৰৰ দৃষ্টি গোচৰলৈ অনাৰ বাবে পদক্ষেপ লোৱা হৈছিল। ১৮৮৩ চনলৈ এই কাকতখন প্ৰথম পৰ্যায়ত প্ৰকাশ হৈছিল।
আসাম দৰ্পন নামৰ এখন মাহেকীয়াও প্ৰকাশ হৈছিল অসমৰ পৰা ১৮৭১ চনত। তাৰপাছতেই ১৮৮২ চনৰ পৰা ১৮৮৫ চনলৈ আসাম নিউজ প্ৰকাশ কৰিছিল ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাই।
ইংৰাজী আৰু অসমীয়া দুয়োটা ভাষাত প্ৰকাশ কৰা ৮ পৃষ্ঠাৰ এই কাকতখনত স্থানীয় অভাৱ অভিযোগৰ লগতে সম্পাদকীয় পৃষ্ঠাৰ প্ৰৱন্ধত জাতীয় চেতনাৰ উদ্বেগপূৰ্ণ লেখা প্ৰকাশ কৰা হৈছিল। তেতিয়াৰ ৰাজনীতিবিদ মাণিক চন্দ্ৰ বৰুৱাই এই কাকতখনত ইংৰাজী স্তম্ভত প্ৰায় প্ৰৱন্ধ লিখিছিল।
এই কাকতখনত আনন্দ ৰাম ঢেকীয়ালফুকন, গুণাভিৰাম বৰুৱাই নিয়মীয়াভাৱে সম্পাদকীয় পৃষ্ঠাত চৰকাৰৰ দুষ্কাৰ্য বিৰোধী প্ৰবন্ধও কৌশলপূৰ্ণ ভাৱে লিখিছিল। আসাম নিউজৰ সম্পাদক হেমচন্দ্ৰ বৰুৱাই চৰকাৰৰ ৰাজনীতি, অসমীয়া ভাষানীতি, ব্ৰিটিছ কৰ্মচাৰীসকলৰ অসৎ আচৰণ আদি বিষয়ে চোকা ভাষাৰে সমালোচনা কৰিছিল।
দ্বি-ভাষীক এই কাকতখনৰ ভাষা আছিল গহীন, শব্দ আছিল বিশুদ্ধ। পৰাধীন ভাৰতত ইংৰাজৰ হাতত লাঞ্চিত জনতাৰ পক্ষত সম্পাদক বৰুৱাই ব্ৰটিছে বুজিব পৰাকৈ ইংৰাজী প্ৰবন্ধও প্ৰকাশ কৰিছিল। সেয়াই আছিল সেই সময়ত ইংৰাজৰ বিৰুদ্ধে এক কথাত স্বাধীন সমালোচনা।
১৮৯৪ চনত গুৱাহাটীৰ পৰা প্ৰকাশ পোৱা দ্বিতীয়খন সাপ্তাহিক বাতৰিকাকত আছিল আসাম। অসমীয়া ভাষাত মূলত প্ৰকাশিত হ’লেও কাকতখনে মাজে মধ্যে ব্ৰিটিছ চৰকাৰৰ দৃষ্টিগোচৰ কৰিবলৈ ইংৰাজীতো চিঠি আৰু নিৱন্ধ প্ৰকাশ কৰিছিল। কাকতখনত প্ৰকাশিত এই খবৰবোৰে পৰাধীন ভাৰতীয়ৰ প্ৰতি ব্ৰিটিছ চৰকাৰৰ অৱহেলাৰ দিশবোৰ উন্মোচন কৰিছিল।
১৯০০ চনত অসম বন্তি প্ৰকাশ পাইছিল। সেই বছৰৰ ১৪ জানুৱাৰীৰ পৰা ১৯৪৪ লৈকে প্ৰকাশ কৰা অসম বন্তিৰ সৈতে জড়িত হৈ আছিল অগ্নিকবি কমলাকান্ত ভট্টাচাৰ্যকে ধৰি সেই কালৰ তেজপুৰৰে স্বাধীনতাকামী ডেকাসকল।
‘অগ্নি কবি’ কমলাকান্তৰ কবিতাত ব্ৰিটিছৰ অপশাসনৰ সমৰ্থনকাৰীক সমালোচনা কৰিছিল। অসমীয়া অঢ্যৱন্ত তথা উচ্চ শিক্ষাৰ অহংকাৰ আৰু গোলামীক সমৰ্থন কৰাসকলক সতৰ্ক কৰি দি তেওঁ কবিতা লিখিছিল।
১৮৯০ চনত ‘চিন্তানল’ নামৰ অগ্নিময় কবিতা লিখিছিল ‘অগ্নি কবি’ কমলাকান্ত ভট্টাচাৰ্যই। কবিটাটোৰ শেষৰ অংশত তেওঁ কৈছিল ‘’...বাপেকৰ নাম নজনা সন্তান/কালে হ’ল আহি এই মাটিখান/ পঢ়িছে মিল্টন, পঢ়ে বাইৰন/ দখো সৌ দলে শলাগ লয়/ স্বজাতি অসভ্য/ঘিণি হয় সভ্য/পিতা পুত্ৰৰ নাই পৰিচয়/ ই ৰূপ বচেৰা সন্তান জ্ঞান/ দিলাহে বিধাতা এই মাটিখান/ ঠিক অসমীয়া মানুহ নহয়/ অসম স্মশান নহয় কোনে কয়/…।‘’
এনেবোৰ কবিতাৰ মাজেৰেই সমকালীন বহুজনে ব্ৰিটিছ শাসনৰ সমৰ্থক অসমীয়া মধ্যবিত্তক সমালোচনাৰ আচিলাৰে আওপকিয়াকৈ ব্ৰিটিছকো তুলাধুনা দিছিল।
‘আসাম বন্তি’ৰ প্ৰথম সম্পাদক আছিল মধুৰা মোহন বৰুৱা।আলোচনীখনৰ মূল নীতি আছিল ইংৰাজৰ ভৱ্য গৱ্য বিষয়াসকলৰ ৰাজনৈতিক কৌশল বা মতলব সাধাৰণ মানুহৰ মাজলৈ লৈ যোৱা।
পিছলৈ পদ্মনাথ গোহাঞিবৰুৱাই এই আলোচনীখনৰ সম্পাদক হৈছিল। সম্পাদক হিচাপে গোহাঞি বৰুৱাই বিদেশী চৰকাৰৰ পেন্দুৱা চকুৰ মাজতেই অভিযোগ অসন্তোষক জাতীয় স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি তুলি ধৰিছিল।
‘আসাম বন্তি’ নাম লৈ জন্ম হ’লেও শেষলৈ বন্তি হৈ পৰিছিল এই আলোচনীখন। ১৯১৪ চনত অসম বিলাসিনী দ্বিতীয়বাৰৰ বাবে প্ৰকাশ পায়। সেইবাৰ আউনীআটী সত্ৰৰ ধৰ্মপ্ৰকাশ প্ৰেছটো এনেই পৰি থকাত যোৰহাটৰ কৃষ্ণকান্ত ভট্টাচাৰ্যই প্ৰেছটো যোৰহাটলৈ লৈ আনে। তাৰ পৰাই ১৯১৪ চনত প্ৰকাশ কৰে সাদিনীয়া কাকত আসাম বিলাসিনী।
প্ৰথমে ইয়াৰ সম্পাদক আছিল ঘনকান্ত ভট্টাচাৰ্য। তেওঁক সহায় কৰিছিল বিদ্যাধৰ শৰ্মাই। স্বাধীনতা আন্দোলনৰ সেই সময়চোৱাত কৃষ্ণকান্ত ভট্টাচাৰ্যই সেই কাকতখনক স্বাধীনতা আন্দোলনৰ মুখপত্ৰ ৰূপত তুলি ধৰিছল।
এই কাকতখন আছিল জাতীয়তাবাদী চিন্তাৰে ব্ৰিটিছৰ আমোলাতন্ত্ৰৰ বিৰুদ্ধে গৰ্জি উঠা এক মাধ্যম। যাৰ পৰিণতিত উক্ত কাকতৰ প্ৰকাশ বন্ধ কৰাই নহয়, ছপাশালটোও এৰি দিবলৈ বাধ্য হৈছিল কৃষ্ণকান্ত ভট্টাচাৰ্যই।
যি সময়ত ব্ৰিটিছ দেখিলেই চাহাব বুলি মানুহে ভয় খাইছিল, সেই সময়ত নিৰ্ভীকভাৱে ইংৰাজ বিষয়াসকলক সমালোচনা কৰিছিল অসম বিলাসিনীয়ে। ৰাইজে সেয়ে এই কাকতখনত আগ্ৰহেৰে লৈছিল।
কাকতখনত কংগ্ৰেছৰ নীতিক সমৰ্থন কৰা হৈছিল। ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে মুকলিকৈ নিৱন্ধ প্ৰকাশ কৰিছিল। সেই দোষতে কাকতখনৰ ধৰ্ম প্ৰকাশ প্ৰেছটো বাজেয়াপ্ত কৰিছিল ব্ৰিটিছে। জৰিমণাৰ ধন ভৰিবলৈ মাটি-বাৰী বিক্ৰী কৰি সম্পাদকজনৰ অৱস্থাও পানীত হাঁহ নচৰা হৈছিল।
তাৰ পাছত নাম ল’ব পাৰি ‘দিপ্তী’ নামৰ মাহেকীয়া বাতৰি কাকতখনৰ। ইয়াত অৱশ্যে স্বাধীনতা আন্দোলনৰ প্ৰভাৱ পৰিবলৈ দিয়া নাছিল। ১৯১৮ চনত ডিব্ৰুগড়ৰ পৰা প্ৰকাশ পাইছিল ‘অসমীয়া’ নামৰ কাকতখন।
পিছলৈ এই কাকতখনৰ ছপাশাল গুৱাহাটীলৈ তুলি অনা হয়। ‘অসমীয়া’ আছিল জাতীয়তাবাদী কাকত। স্বাধীনতা আন্দোলনৰ খবৰবোৰ গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছিল এই কাকতখনত।
১৯২৮ চনত ‘সত্যবাদী’ প্ৰকাশ পাইছিল তোষেশ্বৰ ঢেকিয়ালফুকনৰ সম্পাদনাত। ১৯২৮ চনতে অসমীয়া জাতীক জাতীয় আদৰ্শৰে অনুপ্ৰাণিত কৰাৰ লক্ষ্যৰে অম্বিকাগীৰী ৰায় চৌধুৰীয়ে প্ৰকাশ কৰিছিল ‘ডেকা অসম’।
জ্বলাময়ী আছিল এই সাদিনীয়া কাকতখন। অসমীয়াৰ অস্তিত্বৰ কথা স্পষ্ট আৰু দূৰদৰ্শিতাৰে কাকতখনে তুলি ধৰিছিল। ৰাজনৈতিকভাৱে সচেতন আছিল এই কাকতখন। কাকতখন নাছিল চৰকাৰৰ দোলাভাৰী। স্বাধীনতা প্ৰত্যাশী বুকুত উমি উমি জ্বলা জুই জ্বলিছিল এই কাকতখনত।
১৯৩০ চনত যোৰহাটৰ পৰা প্ৰকাশ পাইছিল ‘সাদিনীয়া বাতৰি’। শিৱপ্ৰসাদ বৰুৱা আছিল এই কাকতখনৰ মালিক। ককা নীলমণি ফুকন এই কাকতখনৰ সম্পাদক হৈছিল।
তেনেকৈয়ে ১৯৩৫ চনত শিৱপ্ৰসাদ বৰুৱাই জন্ম দিছিল ‘দৈনিক বাতৰি’। ককা নীলমণি ফুকনৰ সম্পাদনাত প্ৰকাশিত কাকতখনে অসমীয়া জাতীয় স্বাভিমানক বুজি উঠিছিল।
অসমীয়া বাতৰি কাকত আৰু মাহেকীয়া আলোচনী স্বাধীনতামুখী অসমবাসীৰ মাজত ৰাজনৈতিক সচেতনতা গঢ়ি তুলিছিল। বাতৰি কাকত আৰু ছপাশালৰ প্ৰসাৰে অসমতো ৰাজা ৰামমোহন ৰায়ৰ ‘সংবাদ কৌমুদী’, ইশ্বৰ চন্দ্ৰ গুপ্তৰ ‘প্ৰভাকৰ’, শিশিৰ কুমাৰ ঘোষৰ ‘হিন্দু পেট্ৰিয়ট’ৰ আৰ্হিত ভালেমান কাকতে ভুমুকি মাৰিছিল।
‘সমাচাৰ দৰ্পন’, ‘সমাচাৰ চন্দ্ৰিকা’, ‘সঞ্জীৱণী’ আদি বাংলা কাকতে অসমৰ বাতৰি পৰিৱেশন কৰিছিল। সেই সময়ত এই বাংলা কাকতসমূহৰ জৰিয়তে এক বৌদ্ধিক চৰ্চাৰ পৰিৱেশ গঢ় লৈ উঠিছিল আৰু ৰাজ্যত কাকত-আলোচনীৰ প্ৰকাশৰ এক পৰিৱেশ তৈয়াৰ হৈছিল।
যাৰ ফলত পূৰ্বত উল্লেখ কৰা ‘অসম বিলাসিনী’ (১৮৭১), ‘আসাম মিহিৰ’(১৮৭২), ‘অসম দৰ্পন’(১৮৭৭), গোৱালপাৰা ‘হিতসাধিনী’(১৮৭৬), ‘আসাম নিউজ’(১৮৮২),’আসাম বন্ধু’ আৰু ‘আসাম টাইমছ’ (১৮৮৫) আদি প্ৰকাশ পাইছিল।
অসমৰ জলন্ত সমস্যাসমূহৰ প্ৰতি এই কাকতসমূহত জনমত গঠন হৈছিল। হৰিনাৰায়ন বৰুৱাৰ ‘মৌ’ নামৰ আলোচনীখনে স্থানীয় নিকায়সমূহৰ ক্ষেত্ৰত থকা আসোৱাহবোৰৰ বিষয়ে আলোচনা কৰাৰ ৰাজনৈতিক পৰিৱেশ গঢ়ি তুলিছিল।
গুণাভিৰাম বৰুৱাৰ ‘আসাম বন্ধু’-এ এচাম সাহিত্যিক সৃষ্টি কৰি অসমীয়াৰ বৌদ্ধিক আৰু মানসিক বিকাশত অৰিহনা আগবঢ়াইছিল। চন্দ্ৰ কুমাৰ আগৰৱালাৰ ‘জোনাকী’ নামৰ কাকতখন আছিল সাহিত্যৰ চেতনাৰে পুষ্ট।
কিন্তু তাত সাহিত্যৰ মাজেৰে ৰাজনৈতিক চেতনাৰ বিকাশ ঘটিছিল। ‘এডভোকেট আসাম’-এ স্বদেশ, স্বজাতিৰ বাতৰি প্ৰচাৰ কৰি স্বাধীনতাৰ প্ৰতি মানুহক আকৰ্ষিত কৰিছিল।
ব্ৰহ্মপুত্ৰ উপকত্যকাৰ নিচিনাকৈ বৰাকত ‘দেশবাৰ্তা’, ‘জনশক্তি’ কাকতদুখনে জাতীয় ঐক্যত গুৰুত্ব দি জাতীয় আন্দোলনৰ পৰিৱেশ ৰচনা কৰিছিল। অৱশ্যে ব্ৰিটিছ চৰকাৰে দমন নীতিৰে বাতৰি কাকতসমূহৰ আয়ুস কমাই আনিছিল।
তাৰ প্ৰমাণ আন্দোলনৰ সমৰ্থনত প্ৰৱন্ধ বাতৰি প্ৰকাশ কৰাৰ বাবে সেই সময়ত বৰাক উপত্যকাৰ ‘জনশক্তি’ নামৰ কাকতখনৰ সম্পাদকক ৫০ টকা জৰিমণা বিহি কেইদিনমানৰ বাবে জে’লতো ভৰাই থৈছিল।
স্বদেশ প্ৰেমক সাৰ-পানী যগোৱা সংবাদ মাধ্যম বা আলোচনীসমূহৰ উপৰিও সেই সময়ত বিভিন্ন প্ৰচাৰ পত্ৰিকা প্ৰকাশ কৰা হৈছিল। যিবোৰৰ ভূমিকা সংবাদপত্ৰ সদৃশ বুলিয়েই ক’ব পাৰি।
সংবাদ মাধ্যমত কেৱল খবৰেৰে নহয়, কবিতাৰ জৰিয়তেও স্বদেশ প্ৰেমক জগাই তোলা হৈছিল। ফৰাচী বিপ্লৱৰ প্ৰভাৱত ইংলেণ্ড, ইটালী, স্পেইন আৰু জাৰ্মানীত স্বদেশ প্ৰেমৰ কবিতাৰ সৃষ্টি হৈছিল।
সেই ধাৰাই বংগৰ নৱজাগৰণৰ মুকলি বাটেৰে আহি অসমীয়া কবিৰ কবিতাকো চুইছিল। এই ক্ষেত্ৰত ‘জোনাকী যুগ’ৰ কথা বিশেষভাৱে উল্লেখ কৰিব পাৰি। স্বাধীনতা আন্দোলনৰ সেই ভাৱৰ পৰিপুষ্টি কবিতাৰ মাধ্যমেৰে অসমীয়া সংবাদ মাধ্যমত ভুমুকি মাৰিছিল।
লক্ষ্মীনাথ বেজবৰুৱা, অম্বিকাগিৰি ৰায়চৌধুৰী, শৈলধৰ ৰাজখোৱা, পদ্মধৰ চলিহা, নলিনীৱালা দেৱী, মিত্ৰদেৱ মহন্ত, উমেশ চন্দ্ৰ চৌধুৰী, জ্যোতি প্ৰসাদ আগৰৱালা এইসকলৰ অন্যতম। বেজবৰুৱাই ‘বীন বৈৰাগী’ কবিতাত অসমৰ যাতনা ফুটাই তুলিছিল।
একেদৰে ‘অসম সংগীত’ কবিতাত ‘’বাজক ডবা, বাজক শংখ, বাজক মৃদং খোল’’ বুলি জয় আই অসমৰ শ্লোগান দিব পাহৰা নাছিল বেজবৰুৱাই। ‘চেতনা’ আলোচনীত অম্বিকাগিৰি ৰায়চৌধুৰীয়ে স্বদেশ প্ৰেমৰ শিখা কঢ়িয়াই লৈ ফুৰিছিল। মুক্তিকামী ডেকাৰ শক্তিক লৈ কবিয়ে লিখিছিল ‘’জাগ ডেকা তেজ, জাগ আজি জাগ’’।
‘জোনাকী’ৰ পাতত কমলাকান্ত ভট্টাচাৰ্যৰ কবিতাত আছিল কেৱল স্বদেশৰ প্ৰীতি আৰু জাতীয় গৌৰৱৰ অগ্নি। ‘জনমভূমি’ত নলিনীৱালা দেৱীয়ে স্বদেশ প্ৰেমক কি মাত্ৰাত তুলি ধৰিছিল সেয়া আজিও সকলোৱে অনুভৱ কৰে। ই এক স্বদেশ প্ৰেমৰ এক সুৰ হৈ পৰিছিল।
তৰুণৰাম ফুকনৰ ‘আই মোৰ আসাম’, নলিনীৱালা দেৱীৰ ‘জাগা বীৰ পিতা বীৰৰ জননী’, অম্বিকাগিৰি ৰায়চৌধুৰীৰ ‘আজি বন্দো কি ছন্দেৰে’, বিষ্ণু ৰাভাৰ ‘অ’ অসমীয়া ডেকা দল’, জ্যোতি প্ৰসাদৰ ‘লুইতৰ পাৰৰে আমি ডেকা ল’ৰা’, ‘বিশ্ব বিজয় নৱজোৱান’ আদি গীতসমূহতো স্বাধীনতাকামী চেতনাৰ বৰ্হিপ্ৰকাশ ঘটে। অসমৰ সংবাদ পত্ৰ, আলোচনীসমূহত প্ৰাক স্বাধীনতা কালৰ সেই সাহিত্য চৰ্চা মাধ্যমেৰে জাতীয় ঐক্য উন্বেষ ঘটিছিল।
কেৱল বাতৰিৰ মাধ্যমেৰে ১৯ শতিকাত থন ধৰি উঠা অসমৰ সংবাদ মাধ্যমত স্বাধীনতাৰ অলেখ লেখ বিচৰাতো সম্ভৱ নহ’ব।পৰোক্ষ, প্ৰত্যক্ষভাৱে সেই সংবাদ মাধ্যম আৰু আলোচনীত প্ৰকাশিত লিখা, প্ৰৱন্ধ, কবিতা, ব্যংগাত্মক ৰচনাৰ মাধ্যমেৰে স্বাধীনতাৰ সংগ্ৰামলৈ যি বৰঙণি আগবঢ়াইছিল তাৰ মূল্যায়নৰ বাবে সঠিক গৱেষণাৰ প্ৰয়োজন।
কিয়নো ব্ৰিটিছ বিৰোধী সংগ্ৰামে ভাৰতত তীব্ৰ ৰূপ ধাৰণ কৰাৰ সকলো তথ্য লিপিবদ্ধ তথা এই বিষয়ক গৱেষণা পৰ্যাপ্ত ভাৱে হৈছে। কিন্তু ১৯ শতিকাৰ প্ৰাৰম্ভতে খাটিখোৱা অসমীয়াই অসমত আৰম্ভ কৰা ব্ৰিটিছ বিৰোধী সংগ্ৰাম আৰু গীত-মাত-নাট, ৰাইজ মেলেৰে কেনেদৰে এই সংগ্ৰাম তীব্ৰতৰ কৰি তুলিছিল তাৰ বিস্তৃত আলোচনা আৰু গৱেষণাৰ প্ৰয়োজন আছে।