/asomiyapratidin/media/media_files/2026/02/28/bisessss-2026-02-28-15-44-19.jpeg)
মৃদুল কুমাৰ সন্দিকৈ
আশীৰ্বাদ লাগে! ভোট লাগে। পৰিৱৰ্তন লাগে, তেওঁলোককো একেই ভোটেই লাগে। ৰাজ্যত এতিয়া চলিছে ভোট ভিক্ষাৰ অভিযান। মূলত কংগ্ৰেছ আৰু বিজেপিয়ে এই অভিযান তীব্ৰতৰ কৰি তুলিছে। শেহতীয়াকৈ বিজেপিয়ে আৰম্ভ কৰিছে জন আশীৰ্বাদ যাত্ৰা।
২৮ ফেব্ৰুৱাৰী, ২০২৬ৰ পৰা অসম বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ঢেকিয়াজুলীৰ পৰা আৰম্ভ কৰিছে বিজেপিৰ এই আশীৰ্বাদ যাত্ৰা। ঢেকিয়াজুলী সমষ্টিত থকা গুপ্তেশ্বৰ মন্দিৰত পূজা-পাতল কৰি আৰম্ভ কৰা এই আশীৰ্বাদ যাত্ৰাই প্ৰথম দিনটোতেই সামৰি ল’লে ঢেকিয়াজুলীৰ লগতে বৰচলা, তেজপুৰ, ৰঙাপৰা আৰু নদুৱাৰ সমষ্টি।
১ মাৰ্চত বিজেপিৰ জন আশীৰ্বাদ যাত্ৰা আৰম্ভ হব জাগীৰোডৰ পৰা। দ্বিতীয় দিনটোত বিজেপিৰ নেতৃত্বই জনতা জনাৰ্দনৰ পৰা আশীৰ্বাদ বিচাৰি যাব জাগীৰোডৰ লগতে লাহৰিঘাট, মৰিগাঁও, ৰহা, পুৰণিগুদাম আৰু বঢ়মপুৰ সমষ্টিলৈ।
২মাৰ্চত সেই যাত্ৰা আৰম্ভ হব গহপুৰৰ কল্যানী মন্দিৰৰ পৰা। তাৰপাছত বিহপুৰীয়া নাৰায়ণপুৰ, ঢলপুৰ, ৰঙানদী পাবগৈ বিজেপিৰ নেতৃত্ব। ৯ মাৰ্চলৈকে চলিব এই যাত্ৰা। মানুহৰ মাজে মাজে এতিয়া ঘূৰিছে নেতা। সমান্তৰালভাৱে সময়ৰ পৰিৱৰ্তনৰ যাত্ৰা কৰি উজনি অসমত ইয়াক তীব্ৰতৰ কৰি তুলিছে গৌৰৱ বাহিনীয়ে।
এই জন জাগৰণ আৰু পৰিৱৰ্তনকামী যাত্ৰাই কংগ্ৰেছ-বিজেপিক হয়তো মানুহৰ মাজলৈ লৈ যোৱাত সহায় কৰিব। শেহতীয়াকৈ এনে জনসম্পৰ্ক ৰক্ষাৰে নিৰ্বাচনী যুঁজখন দুয়ো পক্ষই আকৰ্ষণীয় কৰি তুলিছে। সমান্তৰালভাৱে চলিছে ইখনৰ পাছত সিখন আঁচনি , হিতাধিকাৰীৰ মাজত ধন বিতৰণৰ কাৰ্যসূচী।
নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজৰি নোলোৱাকৈ ৰাজ্যৰ প্ৰায়বোৰ সমষ্টি ঘূৰিছে। হিতাধিকাৰীসকলৰ মাজত ধন বিলাইছে। ২ মাৰ্চত আকৌ ৰাজ্য চৰকাৰে লব ধাৰ। সেই ধাৰৰ পৰিমান ১ হাজাৰ কোটি। এতিয়া ঋণ নিৰ্ভৰ ৰাজ্য হৈ পৰিছে অসম। ভৱিষ্যতলৈ কি ভয়াৱহ আৰ্থিক সংকট আহিব পাৰে সেই কথা ভাৰতৰ নিয়ন্ত্ৰক আৰু মহাহিচাপ পৰীক্ষকে সুঁৱৰাই দিয়াৰ পাছতো ৰাজ্য চৰকাৰৰ সেইবোৰলৈ ভ্ৰূক্ষেপ নাই।
মুঠতে পানীৰ দৰে ধন ব্যয় কৰিছে ৰাজ্য চৰকাৰে। শেহতীয়াকৈ লব লগা এই ঋণৰ ধন ৰাজ্য চৰকাৰে ব্যয় কৰিব মুলতঃ অৰুণোদয় আঁচনিৰ নামত ৩৯.৭০ লাখ হিতাধিকাৰীৰ মাজত বিলাবলগীয়া ধনৰ বাবে। কিয়নো ১০ মাৰ্চত এই সকল হিতাধিকাৰীক বিহুৰ উপহাৰ দিব চৰকাৰে।
প্ৰতিগৰাকী হিতাধিকাৰীক ৯ হাজাৰ টকাকৈ নগদ ধন দিব দিছপুৰে। ইয়াৰ বাবে চৰকাৰক প্ৰয়োজন হব ৩,৬০০ কোটি টকা। ইফালে, মহিলা উদ্যমিতা আঁচনি, আত্মনিৰ্ভৰ আঁচনিৰ ধনৰ বাবদো ৪০০ কোটি টকাৰ প্ৰয়োজন হব। কেবিনেটত লোৱা সিদ্ধান্ত অনুসৰি আশা কৰ্মী আৰু আশা ছুইপাৰ সকলক স্কুটী দিয়াৰো প্ৰস্তাৱ লোৱা হৈছে। তাৰবাবেও লাগিব ২৭০ কোটি টকা।
বাবু আঁচনি ঘোষণা কৰি যুৱকসকলকো ধন দিয়াৰ ব্যৱস্থা কৰিছে মুখ্যমন্ত্ৰীয়ে। এই আঁচনিখনৰ বাবদো কেইবাশ কোটি টকা প্ৰয়োজন হৈছে ৰাজ্য চৰকাৰক। এনেকৈয়ে চলিছে এতিয়া নিৰ্বাচনী ৰাজনীতি।
মুকলি কৰা হৈছে নিৰ্বাচনী গীত। কোনো সুযোগ এৰি দিব খোজা নাই কোনো এটা ৰাজনৈতিক দলে। কংগ্ৰেছে যদি পৰিৱৰ্তন বিচাৰিছে গীতৰ জৰিয়তে, বিজেপিয়ে সেই গীতৰ মাধ্যমেৰেই বিকাশ আৰু উন্নয়নৰ প্ৰতিচ্ছবি দাঙি ধৰিছে। এতিয়া ৰাইজৰ সিদ্ধান্ত- কাক দিব আশীৰ্বাদ, কাক দিব অভিশাপ।
অৰবিন্দ কেজৰিৱালক ন্যায়ালয়ে দোষমুক্ত ঘোষণা কৰা ঘটনাই বিজেপিৰ ৰাজনীতিত প্ৰভাৱ পেলাইছে। অসমতো ইয়াৰ চৰ্চা চলিছে। সুৰা কেলেংকাৰীৰ অভিযুক্ত কৰি জেলত ভৰাই থোৱা কেজৰিৱাল আৰু তেওঁৰ সংগীসকল নিৰ্দোষী বুলি বিচাৰকে দিয়া সাহসী ৰায়দানে বিজেপিৰ স্বৰূপো উদঙাই দিছে।
পৰিৱৰ্তনৰ যাত্ৰা সময়ৰ সৈতে কৰি গৌৰৱ গগৈয়ে ৰাজ্যত কংগ্ৰেছৰ পক্ষত নিৰ্বাচনৰ এক পৰিৱেশ গঢ়ি তোলাৰ চেষ্টা কৰোতেই ভূপেন বৰাৰ বিজেপিৰ গমন দলটোৰ বাবে ক্ষতিকাৰক হব বুলি ভবা হৈছিল। কিন্তু তেনে ক্ষতি ভূপেন বৰাৰ প্ৰস্থানে কংগ্ৰেছক কৰিব নোৱাৰিলে। বৰঞ্চ এজন প্ৰতাৰক দলটোৰ পৰা আঁতৰি গল বুলিহে চৰ্চা চলিল।
পৰিৱৰ্তনৰ যাত্ৰাত কেৱল হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালক লক্ষ্য কৰি লৈ দেশতকৈ মামী ডাঙৰ নহয় বুলি কংগ্ৰেছে যি শ্লোগান দিছিল, সেই শ্লোগানে প্ৰথমে মানুহক আকৰ্ষিত কৰিছিল। যাত্ৰাৰ পথত হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ স্থাৱৰ-অস্থাৱৰ সম্পত্তিৰ হিচাপ আৰু সেইবোৰ চিনাক্ত কৰিবলৈ চেষ্টা চলাইছিল। কিন্তু সেয়া বিকাশমুখী ৰাজনীতি আৰু পৰিৱৰ্তনকামী ৰাজনীতিৰ এক আস্থাযুক্ত বিশ্বাসলৈ সলনি নহল।
অভিযোগনামা প্ৰস্তুত কৰিছিল কংগ্ৰেছে। সেই অভিযোগনামা মানুহৰ মাজলৈ লৈ যোৱাত দলটো বিফল হল। নিৰ্বাচনী মিত্ৰতাৰ পৰা অখিল গগৈক নিলগাই ৰখাবলগা পৰিস্থিতি দলটোৰ বাবে অভিশাপ নে আশীৰ্বাদ হব সেয়া সময়ে কব।
কংগ্ৰেছৰ ভিতৰচৰাতেই প্ৰাৰ্থিত্ব কেন্দ্ৰিক প্ৰতিযোগিতা চলিছে। একেদৰে সমষ্টি ভাগবতৰাক লৈ বিজেপি, অগপ আৰু বিপিএফৰ মাজত বুজাবুজি হবলৈ এতিয়াও বাকী। অগপই বিচৰা ধৰণে বিজেপিয়ে যে সকলো সমষ্টি এৰি দিব সেয়া কেতিয়াও নহয়।
অগপৰ নেতৃত্বত থকা নেতাৰ ভাতৃয়ে নিৰ্দিষ্ট সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিম বুলি ৰাজহুৱাকৈ ঘোষণা কৰিছে। প্ৰয়োজনত পদুমৰ পৰা আঁতৰি হাতীকো আওকাণ কৰি হাতত ৰঙা গোলাপ লৈ ৰাইজৰ কাষলৈ যোৱাৰ ভাবুকি দিছে ।
এইবোৰো বিজেপিৰ বাবে শুভকাৰক হৈ থকা নাই। সৰু সৰু আঞ্চলিক দলবোৰক সময়ত ব্যৱহাৰ কৰি তাৰ পৰা সুবিধা লৈ পাছত প্ৰয়োজনহীন বুলি ভাবিলে অথাই সাগৰত এৰি দিয়াতো বিজেপিৰ পুৰণি বেমাৰ। সেই বেমাৰত ভূগিছে এতিয়া ইউপিপিএল।
কিয়নো বিজেপিৰ বাবে এতিয়া প্ৰমোদতকৈ আদৰৰ হাগ্ৰামা। এনেকৈ চলি গৈছে ৰাজ্যৰ ৰাজনীতি। সমষ্টি পুনঃনিৰ্ধাৰণৰ পাছত অনুষ্ঠিত হবলগা প্ৰথমটো বিধানসভা নিৰ্বাচনত কোনে কিমান আশীৰ্বাদ বা অভিশাপ পাই সেয়া ৰাইজে নিৰ্ধাৰণ কৰিব। কিন্তু এটা কথা ঠিক যে আশীৰ্বাদ বিচৰা বহুজনক ভিতৰি ৰাইজে দৈনিক দি আছে অভিশাপ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us