/asomiyapratidin/media/media_files/2026/02/23/poltical-bikhekh-lekha-2026-02-23-17-03-11.jpeg)
ৰাজৰ্ষি চহৰীয়া
সমুখত অসমৰ বিধানসভা নিৰ্বাচন। এই নিৰ্বাচনৰ বাবে শাসক পক্ষৰ লগতে বিৰোধী দলসমূহেও নিৰ্বাচনৰ ৰণনীতি প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে। এফালে বিজেপিয়ে আগবাঢ়িছে ভোটাৰ ৰাইজৰ মন জয় কৰিবলৈ, আনফালে বিৰোধী দলসমূহে ঐক্যবদ্ধভাৱে নিৰ্বাচন খেলাৰ বাবে বহিছে ৰুদ্ধধাৰ বৈঠকত।
ৰাজ্যৰ বিৰোধী ঐক্যমঞ্চৰ সমষ্টি বিতৰণৰ ক্ষেত্ৰত সোমবাৰে দিল্লীত কংগ্ৰেছৰ স্ক্ৰীনিং কমিটীৰ বৈঠক অনুষ্ঠিত হয়। কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ উপস্থিতিত মিত্ৰতাক লৈ এই বৈঠকত অংশ লয় গৌৰৱ গগৈ আৰু দেৱব্ৰত শইকীয়াই। এই বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহ আনুষ্ঠানিকভাৱে মঙলবাৰে ঘোষণা কৰাৰ সম্ভাৱনা আছে যদিও বৰ্তমানলৈ লাভ কৰা খবৰ অনুসৰি, অসমৰ ১২৬টা সমষ্টিৰ ভিতৰত ১০০টা সমষ্টিতেই নিৰ্বাচন খেলিব কংগ্ৰেছৰ প্ৰাৰ্থীয়ে। বাকী থকা ২৬টা সমষ্টিতহে বিৰোধী ঐক্যমঞ্চৰ আনসমূহ দলৰ প্ৰাৰ্থীয়ে কৰিব প্ৰতিদ্বন্দ্বিতা।
আনুষ্ঠানিক ঘোষণা নকৰিলেও কংগ্ৰেছে বিধানসভা নিৰ্বাচনত অসম জাতীয় পৰিষদক প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ১২টা সমষ্টি এৰি দিছে। খোৱাং, মধ্য গুৱাহাটী, বিন্নাকান্দি, শদিয়া, বঢ়মপুৰ, ডিব্ৰুগড়, বজালী, সৰুপথাৰ সমষ্টিৰ লগতে ধেমাজি আৰু বৰাকৰ এটাকৈ সমষ্টি এৰি দিব AJPক। অৱশ্যে এতিয়াও অসম জাতীয় পৰিষদক এৰি দিবলগীয়া দুটা সমষ্টিৰ নাম ঘোষণা কৰা হোৱা নাই।
ইফালে, CPMক ৰঙিয়া, সৰভোগ-ভৱানীপুৰ সমষ্টি, CPI(ML)ক বিহালী সমষ্টি, CPIক ডিমৌ সমষ্টি এৰি দিব কংগ্ৰেছে। লগতে জন ইংতি কাথাৰৰ APHLCক কাৰ্বি আংলঙৰ দুটা সমষ্টি কংগ্ৰেছে এৰি দিয়া গুণাগঁথা চলিছে।
সন্দেহ কৰা হৈছে যে বৰ্তমানলৈ ৰাইজৰ দলৰ সৈতে কংগ্ৰেছে বুজাবুজিত উপনীত হ’ব পৰা নাই। কিয়নো ৰাইজৰ দলে বিধানসভা নিৰ্বাচনত ১৫টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ ইচ্ছা প্ৰকাশ কৰি আহিছে। কিন্তু মন কৰিবলগীয়া যে, কংগ্ৰেছৰ প্ৰাৰ্থীয়েই ১০০খন আসনত নিৰ্বাচনত যদি খেলে আৰু এজেপি, চিপিএম, চিপিআই(এমএল), চিপিআই আৰু এপিএইচএলচিক ১৮খন আসনৰ এৰি দিয়ে, তেন্তে বাকী থাকিব কেৱল ৮খন আসন। যদি এই অংক সত্য হয় তেন্তে ইয়াৰ অৰ্থ এইটো হ’ব যে ৰাইজৰ দলে ১৫খনৰ পৰিৱৰ্তে মাত্ৰ ৮টা সমষ্টিতহে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সুযোগ লাভ কৰিব।
ৰাইজৰ দলত ইতিমধ্যে তিনিগৰাকী বিধায়ক আছে। দলটোৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ, বিধায়ক আব্দুৰ ৰছিদ মণ্ডল আৰু বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদ। এই তিনিগৰাকী বৰ্তমানৰ বিধায়কে নিজ নিজ সমষ্টিত নিৰ্বাচন খেলিব। তদুপৰি অখিল গগৈয়ে ইতিমধ্যে জনাইছে যে- ৰাইজৰ দলৰ পৰা নিৰ্বাচন খেলিবৰ বাবে ৰাজ্যৰ ৬৬টা সমষ্টিত ১৬৫গৰাকী লোকে টিকটৰ বাবে আবেদন কৰিছে।
কিন্তু অখিল গগৈয়ে ৬৬টাৰ পৰিৱৰ্তে কংগ্ৰেছৰ পৰা বিচাৰিছিল ১৫টা সমষ্টি। কংগ্ৰেছে বিৰোধী ঐক্যমঞ্চৰ কোন দলক কিমান আসন এৰি দিব সেই সন্দৰ্ভত ২৪ ফেব্ৰুৱাৰীতহে সকলো স্পষ্ট হোৱাৰ সম্ভাৱনা আছে।
ইফালে, বিৰোধী ঐক্যমঞ্চৰ আসন ভাগ-বতৰা কৰা সন্দৰ্ভত ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কয় যে- ‘দেওবাৰে মোক বিৰোধী ঐক্যমঞ্চৰ এগৰাকী নেতাই ফোন কৰিছিল। তেওঁ ফোন কৰি মোক জনাইছিল যে তেখেতক কংগ্ৰেছৰ তৰফৰ পৰা ২৪ ফেব্ৰুৱাৰীত বিৰোধী দলসমূহৰ সমষ্টিৰ তালিকা সংবাদমাধ্যমৰ আগত ঘোষণা কৰিবলৈ নিমন্ত্ৰণ কৰা হৈছে। লগতে মোক খবৰ দিছিল যে ৰাইজৰ দলক আসন এৰি দিয়া নহ’ব। আমাৰ সৈতে বুজাবুজি নহ’ব। সেয়েহে কংগ্ৰেছে বাকী বিৰোধী দলসমূহৰ সৈতে ২৪ ফেব্ৰুৱাৰীত আসন ভাগ-বতৰা কৰিব। এনেদৰে ফোন কৰি মোক নেতাগৰাকীয়ে জনাইছিল। তেতিয়া মই কৈছিলো যে এয়া কি ধৰণৰ কথা। আমি সকলোৱে মিলি নিৰ্বাচন খেলিম। কিন্তু তাৰপাছত এনেকুৱা কোনো খবৰ অহা নাই। এই কথা গম পোৱাৰ পাছত বিৰোধী ঐক্যমঞ্চৰ বাকী দলসমূহে ইয়াৰ বিৰোধিতা কৰিছে আৰু কৈছে যে আমি সকলোৱে একেলগে নিৰ্বাচন খেলিম। গতিকে কথা পাতি ল’বলৈ কংগ্ৰেছক অনুৰোধ কৰিছে।’
কংগ্ৰেছৰ আজিৰ গুৰুত্বপূৰ্ণ বৈঠকখনত কি কি আলোচনা হৈছে সেই সন্দৰ্ভত আনুষ্ঠানিক ঘোষণা নকৰা পৰ্যন্ত কোনো প্ৰতিক্ৰিয়া দিয়াৰ পৰা বিৰত থাকিব বুলি উল্লেখ কৰি তেওঁ কয় যে- ‘কংগ্ৰেছে নিশ্চয় আমাৰ সৈতে বিশ্বাসঘাতকতা নকৰে। কাৰণ আমাৰ সৈতে আলোচনা চলিয়েই আছে। এতিয়া কেৱল এটাই বুজাবুজি হোৱা নাই যে- নাওবৈচা সমষ্টি আমাক লাগে। ডাঃ হৰিকান্ত দাস আছে তাত। লগতে বৰচলাত আমাৰ সাধাৰণ সম্পাদক অলোক নাথ আছে। অলোক নাথৰ কাৰণে তেজপুৰ দিছে। সেই সন্দৰ্ভতো আলোচনা চলি আছে। কাৰণ অলোক নাথে দীৰ্ঘদিন ধৰি বৰচলাত কাম-কাজ কৰি আহিছে। অলোক নাথ হৈছে অসমৰ জাতীয়তাবাদী আন্দোলনৰ এগৰাকী তেওঁ গুৰুত্বপূৰ্ণ মানুহ। ৮৫৫গৰাকী শ্বহীদৰ ভিতৰত এগৰাকী অলোক নাথৰ ঘৰৰ। শ্বহীদ পৰিয়ালৰ ব্যক্তি অলোক নাথ। গতিকে তেওঁৰ বাবে আমি বৰচলা বিচাৰিছো, কিন্তু কংগ্ৰেছে আমাক তেজপুৰ সমষ্টি দিছে। ইফালে, ধিং সমষ্টিটো কংগ্ৰেছে প্ৰথমে আমাক দিম বুলি নিশ্চিত কৰিছিল। তাৰপাছত ধিং সমষ্টিটো আমাক দিব খোজা নাই। আমাৰ কাৰ্যকৰী সভাপতি ৰমেন বৰঠাকুৰৰ কথাটোক লৈও লাগি আছে। আমি মাহমৰা, ৰঙিয়া, শদিয়া বিচাৰিছিলো। সেইবোৰ সকলো অস্বীকাৰ কৰিছে। কিন্তু আমি অলোক নাথক টিকট নিদিয়াকৈ নিৰ্বাচন খেলিব নোৱাৰো। কাৰণ আমাৰ বিপদৰ সময়ত অলোক নাথ আমাৰ সৈতে আছিল। ডাঃ হৰিকান্ত দাসৰ কাৰণে এতিয়া ৰঙানদী এৰি দিছে। কিন্তু ডাঃ হৰিকান্ত দাস SCৰ সদৌ অনুসূচীত জাতিৰ ছাত্ৰ সন্থাৰ সভাপতি আছিল। তেওঁ অনুসূচীত জাতিৰ মানুহৰ কাৰণে দীৰ্ঘদিন ধৰি মাত মাতি অহা মানুহ। সকলোৱে জানে যে তেও নাওবৈচাত খেলিব আৰু জিকিব। ধুবুৰী জিলাত আমাক এটাও সমষ্টি দিব খোজা নাই। অথচ তাত আমাৰ যথেষ্ট সংগঠন আছে।’
মাত্ৰ কেইটামান আসনক কংগ্ৰেছৰ সৈতে বুজাবুজি চূড়ান্ত হোৱা নাই বুলি উল্লেখ কৰি অখিল গগৈয়ে আৰু কয়- তিনিখন মান আসনৰ বুজাবুজি হ’লেই আমাৰ মাজত বুজাবুজি চূড়ান্ত হব। কিন্তু তেনেস্থলত যদি কংগ্ৰেছে ৰাইজৰ দলক বিশ্বাসঘাতকতা কৰে, তেন্তে সেয়া কেৱল আমাৰ প্ৰতি বিশ্বাসঘাতকতা নহ’ব, সেয়া অসমীয়া জাতিৰ প্ৰতি বিশ্বাসঘাতকতা হ’ব। কিন্তু মই নাভাবো যে কংগ্ৰেছে বিশ্বাসঘাতকতা কৰিব আমাৰ সৈতে। মই নাভাবো যে কংগ্ৰেছক অসমৰ ৰাইজে এই কাম কৰিবলৈ দিব। সকলোৱে জানে যে কংগ্ৰেছে ৰাইজৰ দলক এৰিলে উজনি অসমত এটাও সমষ্টিত জয়ী হোৱাটো সম্ভৱ নহ’ব। কংগ্ৰেছে আমাক এনেদৰে বিশ্বাসঘাতকতা কৰিলে আমিও নিৰ্বাচন খেলিব লাগিব।’
বিৰোধী ঐক্যমঞ্চই ঘোষণা কৰি আহিছে যে- বিজেপিক গাদীচ্যুত কৰাই তেওঁলোকৰ একমাত্ৰ উদ্দেশ্য। কিন্তু আসন বিতৰণক লৈ যদি পুনৰ ঐক্যমঞ্চৰ মাজত বুজাবুজি নহয় আৰু এই ঐক্যমঞ্চত যদি ফাঁট মেলে তেন্তে তাৰ লাভ নিশ্চিতভাৱে শাসকপক্ষই পাব।
আনহাতে, বিৰোধী ঐক্যমঞ্চৰ আসন বিতৰণ সন্দৰ্ভত মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে- ‘বৰ্তমানলৈ ৰাইজৰ দলৰ সৈতে বুজাবুজিত উপনীত হ’ব পৰা নাই। কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদৰ মিত্ৰতা প্ৰায় সম্পূৰ্ণ হৈছে। এপিএইচএলচিক কাৰ্বি আংলং জিলাত দুখন আসন, চিপিএমক দুখন আৰু চিপিআই, চিপিআই(এমএল)কো এখনকৈ আসন এৰি দিয়াৰ সিদ্ধান্ত লৈছে।’ লগতে বিজেপিৰ প্ৰাৰ্থীৰ বাচনি প্ৰক্ৰিয়া প্ৰায় চূড়ান্ত হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে- ‘বিজেপিৰ ৮০টা সমষ্টিত প্ৰাৰ্থীৰ নাম চূড়ান্ত হৈ আছে। এবাৰ কেৱল দিল্লীলৈ যাব লাগিব।’
ইফালে, বৈঠকৰ পাছত গৌৰৱ গগৈ আৰু দেৱব্ৰত শইকীয়াই মন্তব্য প্ৰকাশ কৰে। কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে কয় যে- 'আজিৰ বৈঠকত ইতিবাচক চৰ্চা হৈছে। অসমৰ জিলাসমূহৰ পৰিস্থিতি সম্পৰ্কত আলোচনা কৰা হয়। আমি আশা কৰো যে কম সময়ৰ ভিতৰত আমাৰ দলৰ কেন্দ্ৰীয় নেতৃত্বত মাল্লিকাৰ্জুন খাৰ্গে, ছোনিয়া গান্ধী, ৰাহুল গান্ধীৰ সৈতে আজি কৰা আলোচনাখিনি পৰৱৰ্তী পৰ্যায়ত আকৌ আলোচনা কৰিম। '
বিৰোধী ঐক্যমঞ্চৰ সন্দৰ্ভত তেওঁ কয়- 'মিত্ৰতা সন্দৰ্ভত আজি বৈঠকত অৱগত কৰোৱা হৈছে। বিভিন্ন দলৰ সৈতে আমাৰ স্থিতি কি সেইখিনি কথা জনালো। আমাক মিত্ৰতা সন্দৰ্ভত আগবাঢ়িবলৈ আৰু সিদ্ধান্তবোৰ ল'বলৈ কৈছে। যদি প্ৰয়োজন হয় তেতিয়া কেন্দ্ৰীয় নেতৃত্বক জনাবলৈও আহ্বান জনাইছে।'
আনহাতে, ৰাইজৰ দলৰ সৈতে মিত্ৰতা সন্দৰ্ভত গৌৰৱ গগৈয়ে কয় যে- 'মিত্ৰতাৰ ক্ষেত্ৰত কংগ্ৰেছে যিধৰণে চেষ্টা কৰি গৈছে, আনবোৰ দলৰ পৰাও তেনেধৰণৰ চেষ্টা কামনা কৰিছো।' বিৰোধী ঐক্যমঞ্চৰ অংশ হিচাপে ৰাইজৰ দল থাকিব বুলিও কয় গৌৰৱ গগৈয়ে।
দিল্লীত অনুষ্ঠিত স্ক্ৰীনিং কমিটীৰ বৈঠকৰ পাছত দেৱব্ৰত শইকীয়াই কয় যে- 'অসমত অপপ্ৰচাৰ চলোৱা হৈছে ৰাইজৰ দলৰ সৈতে কংগ্ৰেছৰ আলোচনা শেষ হোৱা বুলি। সকলোকে মই এনেধৰণৰ অপপ্ৰচাৰত মন নিদিবলৈ অনুৰোধ জনাইছো। এতিয়াও আলোচনা অব্যাহত আছে। বহু কেইটা আসনক লৈ অখিল গগৈৰ সৈতে যোগাযোগ কৰি থকা হৈছে।'
উল্লেখ্য যে, বৰ্তমানলৈ আনুষ্ঠানিকভাৱে বিৰোধী ঐক্যমঞ্চৰ আসন বিতৰণৰ চূড়ান্ত তালিকা ঘোষণা কৰা হোৱা নাই। চূড়ান্ত হোৱা নাই নিৰ্বাচনৰ আসনৰ অংক। তাৰমাজতে সন্দেহ কৰা হৈছে যে- ৰাজনীতিৰ সঠিক সূত্ৰ মতে আগবাঢ়িলেহে মিলিব বিৰোধী ঐক্যমঞ্চৰ নিৰ্বাচনী অংক। নহলে হ’বগৈ সকলো জংক-পংক।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us