/asomiyapratidin/media/media_files/2025/08/28/ap-for-web-new-bikhekh-lekha-new-2024-1-2025-08-28-15-10-24.jpg)
মৃদুল কুমাৰ সন্দিকৈ
গণেশ চতুৰ্থী, ২৭ আগষ্ট, ২০২৫। হুলস্থুল লাগিছিল ৰাজ্যত। হাতী হেৰাল ক’ত? বিভিন্নজনে আচৰিত হৈ প্ৰশ্ন কৰিছিল। গণেশ পূজাৰ দিনা এটা হাতী হেৰাই যোৱাৰ কথাটো অসমৰ আঞ্চলিকতাবাদী ৰাজনীতিৰ বাবেও এক লক্ষ্যণীয় ইংগিত আছিল।
কিয়নো এই হাতীটোক নেতৃত্ব দিয়া দুই নেতাৰ পিঠিত মাৰি দিয়া হৈছিল পদুম ফুলৰ চিন। এনেও সেই হাতীটোৱে প্ৰতিনিধিত্ব কৰা ৰাজ্যৰ অন্যতম আঞ্চলিক দলটোৰ শেহতীয়া স্থিতিক লৈ দলৰ তৃণমূল কৰ্মীসকল নাৰাজ হৈ আছিল।
তেনে সময়তে হেৰাইছিল অগপৰ আমবাৰীৰ হাতী। দলটোৰ প্ৰতীক ৰূপত জিলিকি থকা হাতীটোক আঁতৰাই দলৰ দুই শীৰ্ষ কৰ্মকৰ্তাৰ ছবিৰে প্ৰস্তুত কৰা বেনাৰত বিজেপিৰ প্ৰতীক চিহ্নৰে আঁৰা বেনাৰবোৰে বহুবোৰ কথা কোৱাৰ আৰু ভবাৰ অৱকাশ দিছিল।
সেই প্ৰতিক্ৰিয়াৰ পাছত পদুম চিহ্নযুক্ত অতুল বৰা আৰু কেশৱ মহন্তৰ বেনাৰ কেইখন আঁতৰ হ’ল যদিও অগপৰ প্ৰতি আঞ্চলিকতাবাদত বিশ্বাসী মানুহবোৰৰ শংকা আঁতৰ নহ’ল। কিজানি অতীত কোৱাৰ দৰেই অগপৰ আমবাৰীৰ কাৰ্যালয় বিবাহ ভৱন হোৱাৰ দিশে এয়া এটা ৰাজনৈতিক খোজো হ’ব পাৰে!
অতীতৰ পৰা অগপই আৰু অগপ নেতাই কোনো শিক্ষাই নল’লে। তেওঁলোকে নিজেই সেই অতীত খুচৰি নাচাই যদিও সোঁৱৰাই দিব খুজিছো দলটোৰ কিছু ইতিহাস। এদিন অসম গণ পৰিষদৰ তথাকথিত নেতৃত্বক জাতিদ্ৰোহী বুলি আখ্যা দিছে বহুতে। চৰম বিশ্বাসঘাতকতা কৰা বুলিও কৈছে কিছুৱে।
অগপৰ স্বাৰ্থত নে নিজৰ স্বাৰ্থত তেওঁলোকে দলটোক বন্ধকত দিলে সেয়া ৰাইজে যি বুজিব লাগে বুজি উঠিছে। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি ৮ জানুৱাৰী, ২০১৯ ত সোণোৱাল মন্ত্ৰী সভাৰ পৰা অগপৰ তিনি মন্ত্ৰীৰ পদত্যাগক নাটক কৰিছিল।
সেই নাটকৰ যৱনিকা পৰিছিল ১২ মাৰ্চ, ২০১৯ত। হোটেল ৰেডিশ্যন ব্লুত অগপৰ কফিনৰ শেষৰটো গজাল মাৰিছিল বুলি তেতিয়াই চৰ্চা হৈছিল। তাৰ পাছত বিজেপিৰ লগ লাগি লোকসভা নিৰ্বাচন খেলিবলৈ তেওঁলোক প্ৰস্তুত হৈছিল।
দলটোৰ সভাপতি অতুল বৰাৰ নিশ্চয় মনত আছে, এদিন কি কৈছিল তেওঁ? বিজেপিক বিপদ আখ্যা দিছিল অতুল বৰাই। কংগ্ৰেছকো দিছিল বিপদ আখ্যা। আৰু অগপক সম্পদ আখ্যা দি কৈছিল- এদিন নিজেই উভালি পৰিব বিজেপি নেতা। বিজেপিৰ ওচৰত খিলঞ্জীয়া নহয়, হিন্দু বাংলাদেশীহে নিৰাপদ।
এই কথা অতুল বৰাক মনত পেলাই দিয়াৰ সময় এয়া। অসমবাসীক অন্ধকাৰত ৰাখি নিশা ৰেডিশ্যন ব্লুত ৰাম মাধৱেৰে মিলি মিত্ৰতা চূড়ান্ত কৰিছিল সেইবাৰ। অসমীয়া জাতীয় আৱেগক ভৰিৰে মোহাৰি ৮৫৫জন শ্বহীদৰ চৰম ত্যাগক উপলুঙা কৰি কেৱল ক্ষমতাৰ স্বাৰ্থত কেশৱ মহন্ত, অতুল বৰাৰ দৰে নেতাই এই কাম কৰা নাছিল জানো?
প্ৰফুল্ল মহন্ত স্বৰূপ ইতিমধ্যে ওলাই পৰিছে। কমলা কলিতা, বীৰেন বৈশ্য আদি নেতাসকলে কি ভূমিকা লৈছে পোহৰলৈ আহিছে। অতুল বৰাই অকলে হয়তো দলটোক উদ্ধাৰ কৰিব নোৱাৰে। কিন্তু বিজেপিৰ হাতত অগপক তুলি দিয়া মানেই স্বাভিমানী অসমীয়া জাতিৰ জাতীয়তাবাদক ৰাষ্ট্ৰীয়তাবাদৰ ওচৰত আত্মসমৰ্পণ কৰাৰ দৰে হোৱা নাছিল নে?
তেওঁলোকেতো অসমীয়া জাতিৰ আৱেগ-অনুভূতিক মূল্য দিবই নিবিচাৰিলে বা নাজানিলে। অগপৰ স্বাৰ্থত আৰু জাতিৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি এনে সিদ্ধান্ত লোৱা বুলি অতুল বৰা, কেশৱ মহন্তই কোৱা কথাবোৰ নিজক ৰক্ষাৰ বাবে দিয়া মূল্যহীন এটা যুক্তি।
অসম আন্দোলনৰ পটভূমিত যি আৱেগ-অনুভূতিৰ সৃষ্টি হৈছিল, সেই আৱেগ-অনুভূতিয়েই এটা ৰাজনৈতিক দলৰ মূলধন হ'ব নোৱাৰে। অতুল বৰা, কেশৱ মহন্ত অসমৰ ৰাইজৰ পৰা জবাবদিহি হৈছে ইতিমধ্যে।
অগপৰ সদস্য হ'লেও বা নহ'লেও এই দলটোৰ প্ৰতি ৰাইজৰ আছে এক টান। অসমৰ ৰাইজে বিচাৰিলে এই আঞ্চলিক শক্তিক পুনৰ তুলি ধৰিব পাৰিলে হয়। এই সুযোগ কোনো দিনেই অগপ নেতৃত্বই ৰাইজক নিদিলে। দুবাৰকৈ মুখ্যমন্ত্ৰী হোৱা প্ৰফুল্ল কুমাৰ মহন্তক এতিয়াও বহুতে গণশত্ৰু জ্ঞান কৰে।
মহন্তই অগপৰ প্ৰতি থকা ৰাইজৰ সিংহভাগ আস্থা আৰু বিশ্বাস তেওঁৰ কাম-কাজ আৰু স্বজন-প্ৰীতিৰ জৰিয়তে নষ্ট কৰি গ'ল। তাৰ পৰা দলটোক উলিয়াই আনিবলৈ কোনো নেতাই ব্যৱহাৰিক অৰ্থত সফল চেষ্টা নকৰিলে। বৃন্দাবন গোস্বামী, চন্দ্ৰমোহন পাটোৱাৰী, অতুল বৰা আদিয়ে দলটোক নেতৃত্ব দিছিল যদিও, তেওঁলোকো থমকি ৰ'ল।
অগপ দল কেনেদৰে ধ্বংস হৈছে সেই প্ৰমাণ ৰাইজে দেখিছে। অগপৰ ভিতৰচৰাৰ বহু খবৰ মানুহে নাজানে। এদিন বৰ্তমানৰ অগপ সভাপতি অতুল বৰাই তেতিয়াৰ অগপত থকা জ্যেষ্ঠ নেতা অতুল বৰাক (দিছপুৰ সমষ্টিৰ বিজেপি বিধায়ক) সন্মুখত দলটোৰ ভিতৰ চৰাত সংঘটিত কৰ্মকাণ্ডক লৈ অতিষ্ঠ হৈ উষ্মা প্ৰদৰ্শন কৰা নাছিলনে?
হয়তো অতুল বৰাই পাহৰিছে সেইবোৰ কথা। সেয়া আছিল ১৮ মে', ১৯৯৮ৰ ঘটনা। সেইদিনা পদত্যাগ কৰিছিল অতুল বৰাই। শিক্ষা মন্ত্ৰী যতীন মালিয়েও পদত্যাগ কৰিব বিচাৰিছিল। থানেশ্বৰ বড়োৱেও পদত্যাগ কৰিছিল। আপোনালোকে ৰচিছিল থানেশ্বৰ বড়োক মুখ্যমন্ত্ৰী পতাৰ কৌশল।
ৰাজ্যপালৰ ওচৰলৈ যোৱা কথা আছিল আপোনালোক কেবাজনো নেতা। প্ৰফুল্ল মহন্তৰ বিৰুদ্ধে আপোনালোকৰ আছিল তীব্ৰ ক্ষোভ। কিন্তু ৰাজভৱনলৈ যাবৰ সময়ত বৃন্দাবন গোস্বামীয়ে সংগ নিদিলে। হিতেন গোস্বামী যোৰহাটলৈ গুচি গৈছিল। ময়দুল ইছলামে থানেশ্বৰ বড়োক ৰঙিয়ালৈ মাতি নি সুৰেন মেধিৰ ঘৰত মহন্তক লগ কৰাই দিছিল।
ভৃগু ফুকনৰ ঘৰত এদিন তাৰ পাছত এটা ভোজ পাতিছিল। এই ভোজৰ লক্ষ্য আছিল আপোনালোকৰ বিসম্বাদী নেতা সকলে মহন্তৰ বিৰুদ্ধে কিবা সিদ্ধান্ত লোৱা। কিন্তু বৃন্দাবন গোস্বামী নাহিল। পুলকেশ বৰুৱা, যতীন মালি আহিছিল।
পৰৱৰ্তী সময়ত হেনো বৃন্দাবন গোস্বামীয়ে কৈছিল- 'সেইদিনা মই ৰাজভৱনলৈ যোৱা হ'লে মহন্তৰ চৰকাৰৰ পতন ঘটিলে হেতেন।' তেজপুৰৰ কাৰ্যনিৰ্বাহকতে হেনো এই কথা কৈ যোৰহাটলৈ গৈ হিতেন গোস্বামীয়ে মহন্তক মেনেজ কৰি মন্ত্ৰিত্বও পাইছিল।
দুদিন মানৰ পাছত বৰ্তমানৰ অগপ সভাপতি অতুল বৰা জ্যেষ্ঠ অতুল বৰাৰ (দিছপুৰ সমষ্টিৰ বিধায়ক) ঘৰলৈ আহোতে সুধিছিল- কি কৰিলা এইবোৰ বুলি। তেতিয়া তেওঁ কি উত্তৰ দিছিল সেই কথা অতুল বৰাই (জ্যেষ্ঠ)লিখি থৈছে।
প্ৰথমৰ পৰাই অসম গণ পৰিষদে ৰাইজৰ আস্থা বুটলাত বিফল হ'ল। ১৯৮৫চনৰ অসম চুক্তিৰ পাছত গঠন হোৱা দল আছিল অসম গণ পৰিষদ। যিখন চুক্তি স্বাক্ষৰ কৰিবলৈ যাওঁতে এই চুক্তিৰ বিৰোধিতা কৰি ৰে’লেৰে গুচি আহিছিল দুজনকৈ প্ৰতিনিধি। চুক্তি কৰিবলৈ গৈ চুক্তিৰ বিৰোধিতাৰে দিল্লীৰ পৰা ঘূৰি অহা নেতা দুজন আছিল- প্ৰবীন্দ্ৰ ডেকা আৰু থানেশ্বৰ বড়ো।
অসম আন্দোলনৰ পাছত সেই চুক্তি কৰিবলৈ যাওঁতে চুক্তিৰ নামত যে ভেকোভাওনা হৈছিল তাৰো প্ৰচাৰ চলিছিল। গেছ ক্ৰেকাৰ, শোধানাগাৰ আদি দিয়া বুলি প্ৰচাৰ চলাই অসমত এটা পৰিৱেশ সৃষ্টি কৰিহে ২১ আগষ্টত অসম চুক্তিত স্বাক্ষৰ কৰা নেতাসকল গৃহ ৰাজ্যলৈ ঘূৰি আহিছিল।
ৰাইজে তথাপিও মানি লৈছিল- ২১ আগষ্ট, ১৯৮৫ত বৰঝাৰৰ পৰা জজ খেলপথাৰলৈ অভূতপূৰ্ব জনসমুদ্ৰ হৈছিল। শ শ গাড়ী-মটৰ চাইকেলেৰে ডবা-কাঁহ বজাই চুক্তি স্বাক্ষৰকাৰীসকলক ৰাইজে আদৰিছিল। তাৰ পাছত ১৯৮৬চনৰ নবেম্বৰত অসম কৃষি বিশ্ববিদ্যালয়ত এখন অভিবৰ্তন হৈছিল।
সেই অভিবৰ্তনত বিভিন্ন জনগোষ্ঠী, জনসাধাৰণৰ আৰ্থসামাজিক আৰু সাংস্কৃতিক আশা-আকাংক্ষা প্ৰতিফলিত কৰি অসমবাসীক এক ৰাজনৈতিক সত্তাৰে গঢ় দিয়াৰ মানসেৰে এখন সমিতি গঠন হৈছিল। সেই সমিতিখনৰ আহ্বায়ক আছিল দীনেশ্বৰ তাছা আৰু বৃন্দাবন গোস্বামী।
অগপ নেতৃত্বই এই ইতিহাস পুনৰবাৰ মনত পেলোৱা উচিত। এয়া আছিল অগপৰ জন্মৰ অতীত কাহিনী। অসমবাসীক ৰাজনৈতিক সত্তাৰে সুৰক্ষিত কৰা লক্ষ্যৰে এই দলটোৰ গঠনৰ পটভূমি ৰচনা হৈছিল। প্ৰফুল্ল মহন্তৰ স্বাৰ্থসিদ্ধি, অতুল বৰা-কেশৱ মহন্তৰ ৰাজনৈতিক ক্ষমতা দখল আদিৰ বাবে এই দল গঠন হোৱা নাছিল।
১৯৮৫ চনৰ ১২, ১৩ আৰু ১৪ অক্টোবৰত গোলাঘাটত অনুষ্ঠিত হৈছিল আন এখন ৰাজনৈতিক অভিবৰ্তন। সেই অভিবৰ্তনতেই ৰাজনৈতিক সত্তাক সুসংগত কৰি এক আঞ্চলিক ৰাজনৈতিক দলৰ জন্মৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছিল। তেতিয়াই সেই দলটোৰ সৈতে পি এল পিকে ধৰি আন সংগঠনসমূহ চামিল হৈ গঠন কৰা হৈছিল অসম গণ পৰিষদ।
সেই অভিবৰ্তনতেই এই আঞ্চলিক ৰাজনৈতিক দলৰ এখন সভাপতি মণ্ডলী গঠন কৰা হৈছিল। কিন্তু গোলাঘাটৰ পৰা গুৱাহাটীলৈ অহাৰ পাছত সেই সভাপতি মণ্ডলীৰ ঠাইত প্ৰফুল্ল মহন্ত সভাপতি বুলি ঘোষণা কৰা হ'ল।
অসম গণ পৰিষদ নামৰ ৰাজনৈতিক দল গঠনৰ পাছতেই অনুষ্ঠিত হৈছিল অসম বিধানসভা নিৰ্বাচন। কম সময়ৰ ভিতৰত প্ৰস্তুত কৰিব লগা হৈছিল প্ৰাৰ্থী তালিকা। তাৰ বাবে ১১ জনীয়া এখন নিৰ্বাচনী পাৰ্টী কমিটী গঠন কৰা হৈছিল।
যোগ্যতা থকা প্ৰাৰ্থীৰ অভাৱ হৈছিল তেতিয়াও। কিন্তু প্ৰাৰ্থিত্ব বিচাৰিছিল বহুতে। কিছু খেলিমেলিৰে সেইবাৰ প্ৰস্তুত হৈছিল প্ৰাৰ্থীৰ তালিকা। অৱশেষত নিৰ্বাচন অনুষ্ঠিত হ'ল। নিৰ্বাচনী ফলাফল ঘোষণা হ'ল।
তেতিয়া চানমাৰিত আছিল অসম গণ পৰিষদৰ কাৰ্যালয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ গেষ্ট হাউছত প্ৰফুল্ল, ভৃগুসহ অতুল বৰা (জ্যেষ্ঠ) বহি কোন কোন মন্ত্ৰী হ'ব সেই তালিকা চূড়ান্ত কৰা হৈছিল।নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল প্ৰফুল্ল কুমাৰ মহন্তৰ মন্ত্ৰীসভাৰ শপতগ্ৰহণ।
প্ৰথমবাৰৰ বাবে আঞ্চলিক দলৰ চৰকাৰ গঠন কৰি সাজু কৰি থোৱা গাড়ীৰে দিছপুৰলৈ যাত্ৰা কৰিছিল ছাত্ৰ নেতাসকলে। তেতিয়াও ভৃগু কুমাৰ ফুকনে ইচ্ছা কৰিছিল- তেওঁ উপ-মুখ্যমন্ত্ৰীৰ পদ পাব বুলি।
অগপৰ ভিতৰচৰাত ৰাজনৈতিক শক্তিৰে অসমৰ থলুৱা খিলঞ্জীয়া লোকৰ নিৰাপত্তা নিশ্চিত কৰাৰ বিপৰীতে চলিছিল বেছি ক্ষমতাৰ খোৱা-কামোৰা। সোণৰ অসম গঢ়াৰ প্ৰতিশ্ৰুতি দি চৰকাৰ গঠন কৰা অগপৰ মন্ত্ৰীসকলৰ দুৰ্নীতি আৰু এই অসন্তুষ্টিৰ খবৰ কাকতত প্ৰকাশ পাইছিল।
সেই সময়ৰ আৰক্ষী সঞ্চালক প্ৰধান নিশিনাথ চাংকাকতিক লৈ মহন্ত আৰু ভৃগু ফুকনৰ সংঘাত এনে পৰ্যায় পাইছিল গৈ যে, প্ৰথম ভৃগু ফুকনে আৰু পৰৱৰ্তী সময়ত প্ৰফুল্ল মহন্তই পদত্যাগৰ নাটক কৰিব লগা হৈছিল। ভৃগু ফুকনে ২ আগষ্ট, ১৯৮৮ত লিখা পদত্যাগ পত্ৰত বিভাগীয় মন্ত্ৰী হিচাপে তেওঁ গৃহ বিভাগটো চলোৱাত ব্যৰ্থ হোৱা বুলি কৈ পদত্যাগ পত্ৰ দাখিল কৰিছিল।
ডিজিপিগৰাকীয়ে গৃহমন্ত্ৰী হিচাবে ভৃগু কুমাৰ ফুকনৰ কোনো কথাই নামানে বুলি অভিযোগ তুলি পদত্যাগ পত্ৰ দিছিল ফুকনে। সেই পদত্যাগ পত্ৰৰ পাছতেই প্ৰফুল্ল মহন্তয়ো দললৈ প্ৰেৰণ কৰিছিল পদত্যাগ পত্ৰ। আচলতে এয়া আছিল মহন্তৰ নাটক। সেই সময়ত মহন্তই প্ৰায়বোৰ বিভাগ নিজৰ হাতত ৰাখি স্বেচ্ছাচাৰী শাসন চলাইছিল।
এইবোৰ নাটকৰ মাজেৰেই আৰম্ভ হৈছিল অগপৰ প্ৰথমটো কাৰ্যকাল। তাৰপাছত অগপৰ সংঘাত কি পৰ্যায়লৈ গৈছে সেয়া সকলোৱে দেখিছে। অসম গণ পৰিষদে কোনো দিনেই ৰাইজৰ আৱেগক গুৰুত্ব নিদিলে। কিন্তু ইয়াৰ বিপৰীতে তৃণমূল কৰ্মীসকলে সদায় অসম গণ পৰিষদৰ হকে নিঃস্বাৰ্থভাৱে কাম কৰি আহিছে। বাৰে বাৰে ব্যৰ্থিত হৈছে কেৱল দলটোৰ নেতাসকলে।
১৫ ছেপ্টেম্বৰ, ১৯৯৯ত দলটোৰ এখন তৃণমূল কৰ্মীৰ ৰাজ্যিক অভিবৰ্তন অনুষ্ঠিত কৰাৰ প্ৰস্তুতি চলিছিল। এই সভাত সিদ্ধান্ত হৈছিল- বিপন্ন আঞ্চলিকতাবাদক পুনৰ উদ্ধাৰ আৰু পৰিয়াল কেন্দ্ৰিক ৰাজনীতিৰ পৰা অগপক মুক্ত কৰাৰ।
অসম গণ পৰিষদক অসমৰ ৰাইজে যথেষ্ট ভাল পাইছিল। দলটোৰ স্খলন দেখিলে বহুলোক আজিও উচুপি উঠে। চৰম ত্যাগ আৰু আশাৰ ফচল আছিল অসম গণ পৰিষদ। সেইবোৰ যেন এতিয়া শেষ হৈ গ'ল।
কেইবাৰ দলটো বিভাজন হ’ল ৰাইজে দেখিলে। এতিয়া অগপ এটা কেশৱ মহন্ত আৰু অতুল বৰা তথা আন দুজনমানৰ প্ৰাইভেট লিমিটেড কোম্পানী হৈ পৰিছে। বিজেপিয়ে যি ইছাৰা দিয়ে সেই ইছাৰাতে উঠা বহা কৰা দল হৈছে অগপ।
নাই কোনো নিজা স্থিতি বা দলীয় অৱস্থিতি। যাৰ বাবে এদিনৰ বাবে হলেও অগপৰ হাতী হেৰাই গৈছিল। এনেকৈয়ে ৰাষ্ট্ৰীয় দল বিজেপিৰ কৱলত পৰি তৃণমূল পৰ্যায়তো দলটোৱে ভেঁটি হেৰুৱাইছে। মন্ত্ৰী হৈ থকা লালসাৰ বাদে অগপত যেন এতিয়া এই দুই নেতাৰ কোনো দায়িত্বই নাই।