ৰুম্পাৰ লগত আছেনে কোনোবা ?

এক প্ৰকাৰৰ দাস প্ৰঠা চলি আছে মুকলিলৈ তাত। ৫০ বছৰো অধিক কাল এই কাম চলি আছে যদিও ইয়াক বাধা কোনেও দিব পৰা নাই। কাৰণ সেই শিশু সকলক তাৰ পৰা ক্ৰয় কৰি নিয়ে ইটানগৰ,পাচিঘাট আদি ঠাইলৈ।

author-image
Asomiya Pratidin
New Update
ap BIKHEKH LEKHA (24)

মৃদুল কুমাৰ সন্দিকৈ

এমাহ মানৰ পূৰ্বে এগৰাকী ভদ্ৰ মহিলাই মোবাইলত আবেলি সময়ত যোগাযোগ কৰিছিল। এটা বিশেষ সহায়ৰ বাবে তেখেতে ফোন কৰা বুলি জনাই বিশ্বাসযোগ্য লোক হিচাপে এটা প্ৰসংগৰ বিষয়ত কিছু কথা আৰু তথ্য দিব বিচাৰিলে।

Advertisment

সাধ্য অনুসৰি ভদ্ৰ মহিলা গৰাকীক সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়াত তেওঁ জনালে যে অৰুণাচলৰ পৰা তেখেতে ফোন কৰিছে। দীৰ্ঘদিন ধৰি এক জটিল সামাজিক সমস্যাৰ বিৰুদ্ধে তেওঁ যুঁজ দি আহিছে যদিও শক্তিশালী পক্ষৰ বিপৰীতে এই যুঁজখন কৰোতে সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ কথা তেওঁ জনালে।

প্ৰায় আধাঘন্টাৰ এই বাৰ্তালাপত ভদ্ৰ মহিলাগৰাকীয়ে যিবোৰ কথা ক'লে সেইবোৰ সঁচা অৰ্থত যদি সংঘটিত হৈছে তেন্তে ই এক অতি জটিল বিষয়। মানৱ সৰবৰাহ আৰু শিশু শ্ৰমিকক লৈ ভদ্ৰ মহিলাগৰাকীয়ে কোৱা উদ্বেগপূৰ্ণ বিষয়বোৰৰ বিপৰীতে তেওঁৰ হাতত তথ্য যদি আছে সেইবোৰ দিবলৈ তেখেতক অনুৰোধ কৰি এই বাৰ্তালাপ সেইদিনা সামৰা হৈছিল।

ফোনটো ৰখাৰ পাছতে মহিলা গৰাকীয়ে ৱাটচআপত কিছু তথ্য আৰু দুখনমান এজাহাৰৰ কপি প্ৰেৰণ কৰিলে। মহিলা গৰাকীয়ে প্ৰেৰণ কৰা এখন এজাহাৰৰ বিষয় আছিল- এগৰাকী আদিবাসী যুৱতীক উদ্ধাৰ কৰিবলৈ অৰুণাচলৰ দিয়ান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়ালৈ লিখা এজাহাৰ।

মহিলাগৰাকীয়ে এটা এনজিঅ'ৰ জৰিয়তে তেওঁ বাস কৰা অৰুণাচলৰ চাংলাং জিলাৰ দিয়ানৰ এনে সন্ধানহীন যুৱতী,যুৱক আৰু  শিশু শ্ৰমিক উদ্ধাৰৰ হ'কে কাম কৰি আছে। এই অঞ্চলটোৰ পৰা বহু শিশু জন্মৰ পাছতে বা অলপ ডাঙৰ হোৱাৰ পাছত দালালৰ জৰিয়তে অৰুণাচলৰ বিভিন্ন প্ৰান্তলৈ চালান দিয়া হয়।

দ্বিতীয় দিনাও মহিলা গৰাকীয়ে অনুৰূপ আৰু তথ্য প্ৰেৰণ কৰিলে। দিয়ানত তেনে কোনো চিনাকী মানুহ নথকাত নামচাইৰ এজন ব্যক্তিৰ জৰিয়তে এই ঘটনাবোৰৰ কথা জানিব বিচৰাত তেখেতে জনালে- দিয়ান বস্তিৰ পৰাই নহয়, সেই ঠাইৰ আন বস্তিৰ পৰাও মানৱ সৰবৰাহ কৰাতো সাধাৰণ ঘটনা হৈ পৰিছে।

মূলতঃ চাকমা,হাজং আৰু আদিবাসী লোকৰ দৰিদ্ৰ সন্তানক অৰুণাচলৰ বিভিন্ন প্ৰান্তৰ ধনী লোক সকলে কিনি লৈ যায়। সৰুতে লৈ যোৱা সেই শিশু সকলৰ একাংশক ডাঙৰ হোৱা পাছত বহুতে যৌন কৰ্মী হিচাপেও ব্যৱহাৰ কৰা অভিযোগ আছে।

এক প্ৰকাৰৰ দাস প্ৰঠা চলি আছে মুকলিলৈ তাত। ৫০ বছৰো অধিক কাল এই কাম চলি আছে যদিও ইয়াক বাধা কোনেও দিব পৰা নাই। কাৰণ সেই শিশু সকলক তাৰ পৰা ক্ৰয় কৰি নিয়ে ইটানগৰ,পাচিঘাট আদি ঠাইলৈ।

কেইটামান সামান্য টকাৰ বিনিময়ত লৈ যোৱা শিশু,কিশোৰ-কিশোৰী সকলক বছৰ বছৰ ধৰি ঘৰলৈ আহিব নিদিয়ে। কোনো কোনো মালিকে ক্ৰয় কৰা শিশু সকলৰ নামত আদাৰ কাৰ্ডকে ধৰি চৰকাৰী নথি প্ৰস্তুত কৰি লৈছে। য'ত পিতৃ-মাতৃৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে মালিক-মালিকনীৰ নামেৰে।

ভদ্ৰ মহিলা গৰাকীয়ে ৱাটচআপযোগে তেনে কিছু নথি-পত্ৰও প্ৰেৰণ কৰি জনালে যে তেওঁ থকা দিয়ান বস্তিত দুশৰো অধিক কিশোৰ-কিশোৰী তথা শিশু নিৰুদ্দেশ হৈ আছে। পিতৃ-মাতৃক লগ ধৰি সেই শিশু সকলৰ নামৰ এখন তালিকাও তেওঁ প্ৰস্তুত কৰাৰ কথাও জানিবলৈ দিয়ে।

মহিলা গৰাকীয়ে বাৰে বাৰে যোগাযোগ কৰি জানিবলৈ দিয়া অন্যতম গুৰুত্বপূৰ্ণ কথা কেইটা আছিল- এই শিশু সকলক লৈ তেওঁ কাম কৰাৰ আগ্ৰহ বা পিতৃ-মাতৃৰ পৰা বছৰ বছৰ ধৰি আঁতৰত থকা  কিশোৰ সকলক উদ্ধাৰ কৰাৰ সপোন নেদেখিবলৈ কৈছে আৰক্ষীয়ে।

থানাক ভাৰপ্ৰাপ্ত বিষয়াজনে মাতি নি এইবোৰ কাম বন্ধ কৰিবলৈ তেওঁক ভাবুকি দিছে। লগতে জনাইছে সেই ক্ষমতাশালী লোক সকলৰ লগত যুঁজ দি লাভ নাই। ভয় খাই মহিলাগৰাকীয়ে। ঘটনাৰ সবিশেষ জনাবলৈ ফোন কৰাৰ লগতে কেনেকৈ এই সকলক উদ্ধাৰ কৰিব পাৰি তাৰ উপাই বিচাৰলে।

অসমৰ এজন জ্যেষ্ঠ অধিৱক্তাক মহিলা গৰাকীয়ে কোৱা কথাবোৰ আৰু তথ্যবোৰৰ বিষয়ে জনাই এই পৰিস্থিতিত তেওঁ কি কৰিব পাৰে তাৰ উপদেশ বিচৰা হ'ল। অধিৱক্তা জনে আইনী সহায় আৰু স্থানীয় নাৰী সংগঠনৰসহযোগ ল'বলৈ পৰামৰ্শ দিলে।

প্ৰয়োজনত তেওঁ ৰাষ্ট্ৰীয় মহিলা আয়োগলৈ সকলো তথ্য দি এখন পত্ৰ মহিলা গৰাকীৰ জৰিয়তে প্ৰেৰণ কৰিবলৈ ক'লে। যিখন পত্ৰৰ প্ৰত্যালিপি দিবলৈ ক'লে অৰুণাচলৰ আৰক্ষী সঞ্চালক প্ৰধান আৰু ৰাজ্যখনৰ মহিলা আয়োগলৈ।

সেই মতে ভদ্ৰ মহিলা গৰাকীক কথাবোৰ কোৱা হ'ল। মহিলা গৰাকীয়ে তেনে কৰিব বুলি ক'লে যদিও তেওঁৰ ওপৰত এনেদৰে হেঁচা পৰিল যে বিষয়টো সংবাদ মাধ্যমত চৰ্চা হ'লে সেই ঠাইত তেওঁ থকাতো অসম্ভৱ হৈ পৰিব বুলি জনালে।

ধৰম মাধুৰি ফাউণ্ডেচন নামৰ এনজিঅ'টোৰ জৰিয়তে তেওঁ এই অভিযান আৰম্ভ কৰিছিল। মহিলা গৰাকীৰ স্বামী বৃত্তিত এজন অৰুণাচল প্ৰদেশ চৰকাৰৰ কৰ্মচাৰী। সেই সূত্ৰে তেওঁ অৰুণাচলত থাকে। মহিলাগৰাকীক উক্ত স্থানৰ পৰা শিশু শ্ৰমিকৰূপে আৰু অন্যান্য কাৰণত বিভিন্ন স্থানলৈ লৈ যোৱা সকলৰ এখন তালিকা প্ৰস্তুত কৰি দিবলৈ কোৱা হৈছিল।

অনুৰূপ ধৰণে নামচাইত থকা বিশেষ ব্যক্তিজনৰ জৰিয়তে দিয়ানৰ এজন স্থানীয় দায়িত্বশীল লোকক সন্ধানহীন হোৱা বা বিভিন্ন স্থানত বিক্ৰী কৰা কিছু নাম সংগ্ৰহ কৰি দিবলৈ অনুৰোধ কৰা হ'ল। সেই অনুসৰি দিয়ানৰ ভদ্ৰ লোকজনে তেওঁ জনা কেইটামান নাম জানিবলৈ দিয়ে। 

তাৰ এদিনৰ পাছতে ধৰম মাধুৰি ফাউণ্ডেচনৰ সৈতে জড়িত আৰু প্ৰথমে যোগাযোগ কৰা ভদ্ৰ মহিলাগৰাকীয়ে এখন দীঘল তালিকা প্ৰেৰণ কৰিলে। যিখন তালিকাত কোন এজেন্টৰ জৰিয়তে ক'লৈ সেই দিয়ান বস্তিৰ  পৰা শিশু চালান দিয়া হৈছিল তাৰ সবিশেষ আছে।

উদাহৰণস্বৰূপে বিকাশ চাকমা নামৰ শিশুটি আছে নাহৰলগুনত। সোণাকী চাকমা আছেগৈ অৰুণাচলৰ এক অজ্ঞাত স্থানত। ৰবিনা চাকমা, সাধনা চাকমাক লৈ যোৱা হৈছিল পাচিঘাটলৈ। জীনা চাকমা, কয়েল চাকমাক নিয়া হয় ইটানগৰলৈ।

চমেৱুল চুতি আছেগৈ তেজুত। বাচকো চাকমাক পাচিঘাট,মলালো চাকমাক জিৰোত,মনোকা চাকমাক ৰয়িং আদিলৈ নিয়া হৈছে। দুয়োখন তালিকাত দুটা পৃথক উৎসৱৰ পৰা অহা। কিন্তু নামবোৰ প্ৰায় একেই। তাৰ পৰা অনুমান কৰিব পাৰিএই অভিযোগৰ সত্যতা আছে।

তালিকা সমূহৰ লগতে কোন দালালে কেতিয়া তেওঁলোকক পিতৃ-মাতৃৰ পৰা ধনৰ বিনিময়ত লৈ গৈছিল তাৰো কিছু তথ্য ধৰম মাধুৰি ফাউণ্ডেচনে সংগ্ৰহ কৰি প্ৰেৰণ কৰিছে। তেওঁলোকৰ মতে অকল সেই বস্তিটোতে ২০০ ৰো অধিক শিশু শ্ৰমিক,যুৱক-যুৱতী নিৰুদ্দেশ হৈ আছে। 

ৰাষ্ট্ৰীয় মহিলা আয়োগে বিষয়টোত হস্তক্ষেপ নকৰিলে বা কেন্দ্ৰীয় চৰকাৰক সংশ্লিষ্ট বিভাগে এই ঘটনাৰ উপযুক্ত অনুসন্ধান নকৰিলে এই সমস্যাৰ সমাধানৰ পথ হয়তো নোলাব। মানৱ সৰবৰাহ আৰু শিশু শ্ৰমিকৰ বিৰুদ্ধে দিয়ান বস্তিত অকলেই যুঁজ দিয়া ভদ্ৰ মহিলা গৰাকীক জীৱন এতিয়া সংকটত সোমাই পৰিছে।

প্ৰতিদিনে তেওঁলৈ আহিছে ভাবুকি। হেণ্ডকাপ দি জেইলত ভৰাই থোৱাৰ পৰা আৰম্ভ কৰি প্ৰাণে মৰা ভাবুকিৰ সন্মুখীন হৈ এনেদৰে যুঁজ দিয়া মহিলা গৰাকীৰ নাম ৰুম্পা শইকীয়া দাস। ৰুম্পাক এতিয়া সহায়ৰ প্ৰয়োজন। ৰুম্পাৰ সৈতে এক শক্তিশালী জনমত থাকিলে নিশ্চয় এই কৰুণ অধ্যায়ৰ অন্ত পৰিব।

বিজ্ঞজনে,অৰুণাচল চৰকাৰে এনে উদ্যোগৰ বিৰুদ্ধে এতিয়া সহযোগ আৰু ব্যৱস্থা লোৱাৰ সময়। দুখীয়া পৰিয়ালৰ সতি-সন্তত্তিক কৌশলেৰে ক্ৰয় কৰি আনি নিজৰ দাস-দাসী সজোৱা ক্ষমতাবান আৰু তথাকথিত অভিজাত লোক সকলক শিক্ষা দিয়াৰ সময় এয়া।

অৰুণাচল প্ৰদেশ মানৱ সৰবৰাহকাৰী মানৱ অধিকাৰ আয়োগ