/asomiyapratidin/media/media_files/2026/01/22/bikhekh-lek-2026-01-22-18-22-31.jpeg)
ৰাজৰ্ষি চহৰীয়া
কৃত্ৰিম বুদ্ধিমত্তা বা Artificial Intelligence। আমি সহজতেই ইয়াক AI বুলিও কওঁ। বৰ্তমান সময়ত সকলোৱে AIৰ বিষয়ে জানে বা শুনিছে। এই কৃত্ৰিম বুদ্ধিমত্তাৰ অৰ্থ হৈছে যন্ত্ৰ অথবা কম্পিউটাৰৰ দ্বাৰা পৰিচালিত বা প্ৰদৰ্শিত বুদ্ধিমত্তা। মনুষ্যই প্ৰাকৃতিক বুদ্ধিমত্তাৰে কৰিব পৰা কিছুমান কাম-কাজক ডিজিটেল কম্পিউটাৰ বা কম্পিউটাৰ-নিয়ন্ত্ৰিত যন্ত্ৰমানৱে সম্পন্ন কৰাকেই কৃত্ৰিম বুদ্ধিমত্তা বুলি কোৱা হয়।
বিশ্বৰ আনবোৰ ৰাষ্ট্ৰৰ কথা বাদেই ভাৰততেই বৰ্তমান সময়ত নিজৰ নিজৰ মোবাইল বা কম্পিউটাৰ-লেপটপত মানুহে AIৰ ব্যৱহাৰ কৰে বিভিন্ন কামৰ বাবে। কোনো বিষয়ত তথ্যৰ প্ৰয়োজন হ’লে, কাৰ্যালয়ৰ কাম-কাজৰ ক্ষেত্ৰত ব্যৱহাৰ কৰাৰ উপৰিও নিজৰ বিনোদনৰ বাবেও কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰ কৰা পৰিলক্ষিত হয়।
এই কৃত্ৰিম বুদ্ধিমত্তা বা AIৰ দ্বাৰা মানুহে নিজৰ কাম-কাজৰ ক্ষেত্ৰত বহু সুবিধা লাভ কৰে যদিও ইয়াৰ আকৌ কুপ্ৰভাৱ বা নেতিবাচক দিশো আছে। Artificial Intelligence য়ে আগন্তুক ৪-৫ বছৰৰ ভিতৰত বহু লোকৰ যে চাকৰিৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিব তাৰ উমান বা সকীয়নি দিলে খোদ মাইক্ৰ’ছফ্ট (Microsoft)ৰ সহ-প্ৰতিষ্ঠাপক বিল গেটছে।
উল্লেখ্য যে, ১৯ জানুৱাৰীৰ পৰা ছুইজাৰলেণ্ডৰ ডাভোছত অনুষ্ঠিত হৈছে ৱৰ্ল্ড ইকনমিক ফ’ৰাম। এই ডাভোছতেই মাইক্ৰছফ্ট (Microsoft)ৰ সহ-প্ৰতিষ্ঠাপকগৰাকীয়ে সাংবাদিকৰ সৈতে হোৱা মত-বিনিময়ৰ সময়ত কয় যে- কৃত্ৰিম বুদ্ধিমত্তাই চাকৰিৰ ওপৰত প্ৰভাৱ পেলাব। আমি ভবাতকৈ অধিক দ্ৰুতগতিত চাকৰিৰ ওপৰত প্ৰভাৱ পেলাব AI-য়ে।
বিল গেটছে কয় যে- আমি আশা কৰাতকৈ অধিক কম সময়ৰ ভিতৰত চাকৰিৰ ক্ষেত্ৰখনত কৃত্ৰিম বুদ্ধিমত্তাই প্ৰভাৱ পেলাব। আৰু এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বৰ বিশেষ সময় মানুহৰ হাতত নাই। আগন্তুক ৪-৫ বছৰৰ ভিতৰত হোৱাইট ক’লাৰ আৰু ব্লু ক’লাৰ ছেক্টৰত পৰিব কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱ। সমগ্ৰ বিশ্বৰ ৰাষ্ট্ৰসমূহৰ চৰকাৰে এই বিষয়ত গভীৰতাৰে কাম কৰাৰ প্ৰয়োজন আছে।
আজিৰ তথ্য-প্ৰযুক্তিৰ সময়ত মানুহৰ হাতত থকা যন্ত্ৰটোৱেই হৈছে মোবাইল। ইন্টাৰনেট, কৃত্ৰিম বুদ্ধিমত্তাৰ আদিৰ ব্যৱহাৰ জানিয়েই বা অজানিতেই সকলোৱে প্ৰতিদিনাই ব্যৱহাৰ কৰে। এতিয়া দৈনন্দিন জীৱনৰ এটা গুৰুত্বপূৰ্ণ তথা এৰাব নোৱাৰাৰ অংগ হৈ পৰিছে ইন্টাৰনেট, AI আদি।
কিন্তু মন কৰিবলগীয়া কথা এইটো যে- মাইক্ৰ’ছফ্টৰ দৰে বিশ্বৰ আগশাৰীৰ এটা টেকন’লজী কোম্পানীৰ সহ-প্ৰতিষ্ঠাপকগৰাকীয়েই এনেদৰে কৃত্ৰিম বুদ্ধিমত্তাৰ বাবে পৰিব পৰা প্ৰভাৱৰ বিষয়ে সকীয়াই দিয়াটো অতিকৈ চিন্তনীয়।
বিল গেটছে চাকৰিৰ ক্ষেত্ৰত কোৱা এই হোৱাইট ক’লাৰ আৰু ব্লু ক’লাৰৰ ছেক্টৰৰ চাকৰি মানেনো কি সেই বিষয়ে আগতে জানি লওঁ আহকঃ
হোয়াইট ক’লাৰ চাকৰি সাধাৰণতে কাৰ্যালয়ভিত্তিক, পেছাদাৰী, পৰিচালনা বা প্ৰশাসনিক কাম-কাজক বুজায়, য'ত শাৰীৰিক শ্ৰমতকৈ অধিক জ্ঞান, দক্ষতা আৰু মানসিক শ্ৰমৰ প্ৰয়োজন হয়। যেনেঃ চিকিৎসক, অভিযন্তা আদি।
আনহাতে, ব্লু ক’লাৰ চাকৰি বুলিলে এনে কামবোৰক বুজোৱা হয়, য'ত মূলতঃ শাৰীৰিক শ্ৰম, হাতৰ শ্ৰম আৰু কাৰিকৰী দক্ষতাৰ প্ৰয়োজন হয়। যেনে- নিৰ্মাণ, উৎপাদন, ৰক্ষণাবেক্ষণ বা পৰিবহণ উদ্যোগৰ কৰ্মী, কাৰখানাৰ শ্ৰমিক, ইলেক্ট্ৰিচিয়ান আদি।
উল্লেখ্য যে, ডাভোছত বিল গেটছে কয় যে- AI য়ে কেতবোৰ বৃহৎ সমস্যাৰ সমাধান কৰাত মানৱ জাতিক সহায় কৰিব পাৰে। যেনে- ৰোগৰ চিনাক্তকৰণ, শিক্ষা আৰু গৱেষণা আদি। কিন্তু AIক যদি ভালদৰে মানৱ জাতিয়ে ব্যৱহাৰ কৰিব নোৱাৰে তেন্তে চাকৰিৰ ক্ষেত্ৰত নেতিবাচক প্ৰভাৱ, আৰ্থিক দিশত ভাৰসাম্যতা হ্ৰাস আদিৰ দৰে কুপ্ৰভাৱ পৰিব।
বিল গেটছৰ বাৰ্ষিক সমীক্ষা ‘দ্য ইয়েৰ অহেড’ত তেওঁ উল্লেখ কৰিছে যে AIয়ে পূৰ্বৰ প্ৰযুক্তিৰ তুলনাত বৰ্তমান অধিক গতিত পৰিৱৰ্তন আনিছে। সমাজৰ প্ৰায়বোৰ অংশকেই AIয়ে প্ৰভাৱাম্বিত কৰিছে। কৃত্ৰিম বুদ্ধিমত্তাই ইতিমধ্যে ছফ্টৱেৰ ডেভেলপমেন্টত প্ৰভাৱ পেলাইছে। লগতে কল চেন্টাৰ, লজিষ্টিকছৰ কম কৌশলৰ প্ৰয়োজন হোৱা কামবোৰৰ বাবে কৃত্ৰিম বুদ্ধিমত্তাৰেই ব্যৱহাৰ কৰা হয়।
উল্লেখযোগ্য যে, ২০ জানুৱাৰীত ডাভোছত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত ইনভেষ্টকৰ্প (Investcorp)ৰ মুখ্য কাৰ্যবাহী বিষয়া ঋষি কাপুৰে কয় যে- ভাৰতে AIৰ দৌৰত পিছ পৰা থকা নাই। কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰখনত ভাৰতৰ হাতত এনে সুযোগ বৰ্তমান সময়ত আছে, যাৰ দ্বাৰা সমগ্ৰ বিশ্বৰ বাবে ব্যৱসায়ৰ কেন্দ্ৰলৈ পৰিণত হ’ব পাৰে ভাৰত। তেওঁ লগতে কয়- ব্যৱসায়িক পৰ্যায়ত (B2B) এজেণ্টিক AI ৰূপায়ণ আৰু বিশ্বজুৰি বিয়পাই দিয়াৰ ক্ষেত্ৰত ভাৰতৰ প্ৰতিযোগিতামূলক সুবিধাসমূহ আছে। প্ৰযুক্তিৰ উপৰিও ভাৰতৰ অৰ্থনীতিৰ অন্যান্য দিশৰ প্ৰতি আস্থা প্ৰকাশ কৰে কাপুৰে।
গতিকে কৃত্ৰিম বুদ্ধিমত্তা বা AIৰ ব্যৱহাৰৰ ক্ষেত্ৰত আমি সচেতন হোৱাৰ সময় আহি পালে। ভাৰতৰ দৰে এখন দেশ য’ত নিবনুৱা সমস্যা হৈছে এক প্ৰধান সমস্যা, তেনে দেশত আগন্তুক সময়ত কৃত্ৰিম বুদ্ধিমত্তাৰ বাবেই চাকৰি হেৰুৱাবলগীয়া হ’লে ভয়ংকৰ পৰিস্থিতিৰো সৃষ্টি হ’ব পাৰে। সেয়েহে এতিয়াই ভাৰত চৰকাৰে এই সন্দৰ্ভত চিন্তা-চৰ্চা কৰি পদক্ষেপ গ্ৰহণ কৰাতো অতিকৈ জৰুৰী হৈ পৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us