/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/trafficking-spcl-00009.jpg)
মৃদুল কুমাৰ সন্দিকৈ
ৰহিম। নাম আছিল তাৰ ৰহিম। বজাৰত ৰহিমক বিক্ৰী কৰিবলৈ আনোতে গ্ৰাহকৰ ভিৰ লাগিছিল। এজনৰ পিছত এজনে দাম মাতিছিল। কোনোবাই যদি ৫০ হাজাৰ, আন কোনোবাই দিছিল ৬০হাজাৰ। নিদিবই বা কিয়? ঈদৰ বতৰত ৰহিমৰ মূল্য আছে। নোদোকা ৰহিম বিক্ৰী হৈ গ'ল। ৭৫হাজাৰ টকাত ৰহিমক কিনিলে এজনে। তাতো হুলস্থূল লাগিছিল। ৮০হাজাৰ টকা দিম বুলি আন এজনে ৰহিমক বিচাৰিছিল। কিন্তু তেতিয়ালৈ ৭৫হাজাৰ টকাতেই ৰহিমৰ দাম ঠিক হৈ গৈছিল।
মুন্নী। ৰে'লেৰে আনি মুন্নীক মানুহজনে লৈ গৈছিল এটা সৰু গলিয়েদি। বিচনাখনত বহি থকা শকত মহিলাগৰাকীক চকুৰে ইংগিত দিছিল। মুন্নীক তলৰ পৰা ওপৰলৈ চাই মহিলাগৰাকীয়ে বৰ আদৰ-সাদৰ কৰি ভিতৰলৈ লৈ গ'ল। ইমান আদৰ-সাদৰ। নক'লে গমেই নাপায় যে প্ৰথমবাৰৰ বাবে দেখা-দেখি হৈছে দুয়ো। ভিতৰত মুন্নীক থৈ মানুহজনী ওলাই আহিল। খুচনীৰ পৰা ২০০০টকীয়া নুৰা এটা উলিয়াই ১০খন নোট মানুহজনক দি দিলে। মানুহজনে নোটখিনি গণি ক'লে- 'আৰে বাই, কম হৈছে। তই জান' মই ক'ৰ পৰা আনিছো? গুৱাহাটীৰ পৰা আনিছো। ইমান কমত কেনেকৈ চলিব?'
মানুহজনীয়ে আৰু ৪খন নোট দিলে মানুহজনক। সি সেই ৪খন নোট আগৰ নোটৰ সৈতে এখন হাতত লৈ ক'লে- 'পুৰা-পুৰি থাৰ্টী কৰি দে…।'
এনেকৈয়ে বিক্ৰী হৈ গ'ল মুন্নী আৰু ৰহিম। ৰহিম বিক্ৰী হ'ল ৭৫হাজাৰত আৰু মুন্নী বিক্ৰী হ'ল ৩০হাজাৰত। ৰহিম নামৰ তেজাল পঠাটোৰ মূল্য ৭৫হাজাৰ! আৰু মুন্নী নামৰ সেই ছোৱালীজনীৰ মূল্য মাত্ৰ ৩০হাজাৰ। এয়াই এতিয়া বাস্তৱ। এনেদৰেই বজাৰত বিক্ৰী হয় যুৱতী-মহিলা।
অসম তথা উত্তৰ-পূবৰ পৰা প্ৰায় মহিলা আৰু শিশুক বিভিন্ন প্ৰলোভন দি দেশৰ বিভিন্ন প্ৰান্তত বিক্ৰী কৰা হয়। বিশ্বৰ ভিতৰত তৃতীয় বৃহৎ 'ক্ৰিমিনেল ইণ্ডাষ্ট্ৰি' হ'ল মানৱ সৰবৰাহ বা মানুহৰ চোৰাং বেপাৰ। এয়া কেৱল এখন দেশৰ বা এখন ৰাজ্যৰ সমস্যা নহয়। ই এক বিশ্বজনীন সমস্যা। চোৰাং অস্ত্ৰ ব্যৱসায়, ড্ৰাগছৰ ব্যৱসায়ৰ পাছতেই মানুহৰ চোৰাং বজাৰ।
ৰাছিয়াতো এদিন এই সমস্যাই ভয়ংকৰ ৰূপ লৈছিল। শিশু আৰু মহিলাক সাধাৰণতে লক্ষ্য কৰি লয় মানৱ সৰবৰাহকাৰীয়ে। ইউক্ৰেইনতো এনে সমস্যাই গভীৰ ৰূপ লৈছিল। ১৯৯৮চনত দেশখনে এই ধৰণৰ অপৰাধ নিৰ্মূলৰ বাবে এক বিশেষ পদক্ষেপ লয়। ইউক্ৰেইন চৰকাৰে এই অপৰাধ প্ৰতিৰোধৰ বাবে বিশেষ আইন প্ৰণয়ন কৰা প্ৰথমখন দেশ। ইউৰোপতে প্ৰথম মানৱ সৰবৰাহ এক অপৰাধ হিচাপে গণ্য কৰা হৈছিল।
আৰ্থিক দুৰৱস্থা বা প্ৰলোভন দি সহজ ধন, অধিক লাভৰ আশাত এই বৃত্তিত কিছু লোক জড়িত হৈ পৰে। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এতিয়া মানৱ সৰবৰাহ এক ডাঙৰ সমস্যা। এই ধৰণৰ অভিযোগত সাধাৰণতে আৰক্ষী বা প্ৰশাসনে গুৰুত্ব নিদিলেও, দিনক-দিনে এনে ঘটনা বৃদ্ধি পাই আছে। কিশোৰী, মহিলা বা শিশুক সহজতে নি বহিঃৰাজ্যত বিক্ৰী কৰা হয়। ভাৰতত প্ৰত্যেক ৮মিনিটৰ মূৰত এটাকৈ শিশু নিৰুদ্দেশ হয়। আৰু এই ঘটনা বেছিকৈ ঘটে পশ্চিম বংগ আৰু উত্তৰপ্ৰদেশত। ঝাৰখণ্ডতো এনে ঘটনা প্ৰায়ে সংঘটিত হয়। অসম বা উত্তৰ-পূবৰ পৰা নিয়া যুৱতী-মহিলাসকলক মূলতঃ বিক্ৰী কৰা হয় দিল্লীত।
ইয়াৰ উপৰিও মুম্বাই বা অন্য কিছু স্থানত তেওঁলোকক বিক্ৰী কৰি বিভিন্ন ধৰণৰ অসামাজিক কাম-কাজৰ সৈতে লিপ্ত হ'বলৈ বাধ্য কৰোৱা হয়। লগতে মানৱ দেহৰ অংগৰ বাবে এই ধৰণৰ মানৱ সৰবৰাহ সংঘটিত হয়। উত্তৰ-পূবৰ ৭খন ৰাজ্য অসম, মেঘালয়, মণিপুৰ, নগালেণ্ড, ত্ৰিপুৰা, অৰুণাচল, মিজোৰাম আৰু ছিকিমৰ মুঠ মাটি-কালিৰ পৰিমাণ ২লাখ ৬২হাজাৰ ১৮৫ বৰ্গ কিঃমিঃ। দেশৰ মুঠ মাটি-কালিৰ ৮ শতাংশ সামৰিছে এই অঞ্চলটোৱে।
অসমৰ চাৰিখন জিলা ক্ৰমে- কোকৰাঝাৰ, চিৰাং, ধুবুৰী আৰু বঙাইগাঁও। এই জিলাকেইখনৰ দুখন এসময়ত অশান্তজৰ্জৰ আছিল আৰু আন দুখন জিলা ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী। নাৰী সৰবৰাহৰ ঘটনাৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰে এই জিলাকেইখনে। ২০১১-১২ বৰ্ষত অসমত যথেষ্ট সংখ্যক শিশু আৰু মহিলা মানৱ সৰবৰাহকাৰীৰ কৱলত পৰিছিল। সেই বছৰত সংঘটিত এই ধৰণৰ ঘটনাৰ পৰিসংখ্যা এনে ধৰণৰ-
(২০১১-১২বৰ্ষত অসমৰ পৰা সন্ধানহীন হোৱা শিশু আৰু নাৰীৰ পৰিসংখ্যা)
শিশু/কিশোৰ- ৪৯৪টা।
কিশোৰী- ১০৭১জনী।
মহিলা/যুৱতী- ১২৪৩গৰাকী।
সেই বৰ্ষত সন্ধানহীন হোৱা শিশু-যুৱতী-মহিলা উদ্ধাৰ হৈছিল-
শিশু/কিশোৰ- ২৮৩টা।
কিশোৰী- ৬৮২জনী।
মহিলা/যুৱতী- ৬৬৮গৰাকী।
অৰ্থাৎ প্ৰায় আধা সংখ্যক শিশু আৰু মহিলাই সেই বৰ্ষত উদ্ধাৰ নহ'ল। ১৯৯৮চনৰ পৰা ২০১২বৰ্ষলৈকে প্ৰায় ১১হাজাৰ শিশু আৰু মহিলা ৰাজ্যখনৰ পৰা সন্ধানহীন হৈছিল। তেওঁলোক ক'ত, কেনেকৈ হেৰাল সেই তথ্য আৰক্ষীৰ হাতত নাই। বছৰৰ হিচাপ চালে দেখা যায় যে, দিনকদিনে ৰাজ্যৰ বিভিন্ন থানাত পঞ্জীয়ন হোৱা এনে গোচৰৰ সংখ্যা বৃদ্ধি পাই গৈ আছে। ২০০২ৰ পৰা ২০১১চনলৈকে বৃদ্ধি পোৱা এনে গোচৰৰ পৰিসংখ্যা হ'ল –
গোচৰ ২০০২চন ২০১১চন
শিশু সন্ধানহীন ২৯৭ ৭০৯
কিশোৰী সন্ধানহীন ৩৮২ ১৪১৬
মহিলা সন্ধানহীন ৬০ ৮৩০
মন কৰিবলগীয়া যে, ২০০৪চনত কোকৰাঝাৰ ৰে'লৱে ষ্টেচনত উদ্ধাৰ হৈছিল ২০০গৰাকী মহিলা আৰু শিশু। ইয়াৰে ৭৩গৰাকী আছিল নাবালিকা।২০০৫চনত মুম্বাই আৰক্ষীয়ে বিশেষ স্থানত অভিযান চলাই উদ্ধাৰ কৰা ৬গৰাকী মহিলাই আছিল অসমৰ। সেই বৰ্ষতেই উত্তৰ প্ৰদেশত ৪গৰাকী যুৱতীক উদ্ধাৰ কৰা হৈছিল। গুজৰাটতো ২০০৬বৰ্ষত ২৫গৰাকী নাবালিকাক উদ্ধাৰ কৰা হৈছিল।
এইবোৰ ঘটনাই এই কথা প্ৰমাণ কৰে যে, এতিয়া উত্তৰ-পূব মানৱ সৰবৰাহকাৰীসকলৰ বাবে এক ডাঙৰ ঘাটি হৈ পৰিছে। ইয়াৰ পৰা বিভিন্ন পন্থাৰে শিশু, মহিলা তথা যুৱতীক লৈ গৈ বহিঃৰাজ্যত সেইবোৰ বিক্ৰী কৰে। অতি শেহতীয়াকৈ হাৰিয়ানাৰ পৰা ২০১৮চনৰ ৩১ মাৰ্চত ৪গৰাকী অসমৰ যুৱতীক উদ্ধাৰ কৰা হৈছিল। এই ৪গৰাকী যুৱতীক হাৰিয়ানাৰ পানীপত অঞ্চলত দেহ ব্যৱসায়ীৰ সৈতে জড়িত কৰাইছিল এই চক্ৰটোৱে। চান্দনীবাগ আৰক্ষী থানাৰ অন্তৰ্গত পানীপতৰ আৰ আৰ গেষ্টহাউছ এণ্ড ৰেষ্টুৰেণ্টত হাৰিয়ানা আৰক্ষীয়ে অভিযান চলাই তেওঁলোকক উদ্ধাৰ কৰিছিল। বিয়াৰ প্ৰলোভনেৰে তেওঁলোকক অসমৰ পৰা লৈ গৈ দেহ চক্ৰৰ হাতত বিক্ৰী কৰিছিল।
২০১৬ বৰ্ষত নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰ'ৰ তথ্য অনুসৰি অসমৰ পৰা মানৱ সৰবৰাহকাৰীয়ে নিয়া ১৬৩গৰাকী যুৱতী আৰু মহিলা, ১৩০টা শিশুক উদ্ধাৰ কৰা হৈছে। ২০১৮ৰ ৩০ জুলাইত গুৱাহাটীত এখন বিশেষ আলোচনাচক্ৰ অনুষ্ঠিত হৈছিল। মানৱ সৰবৰাহ ৰোধ আৰু সজাগতাৰ উদ্দেশ্যে আয়োজন কৰা এই আলোচনা চক্ৰত অংশ লৈছিল ভালে কেইগৰাকী বিশেষ ব্যক্তিয়ে। অসমত মানৱ সৰবৰাহ বিশেষ অঞ্চল হিচাপে পৰিগণিত উজনি অসমৰ চাহবাগান অধ্যূষিত অঞ্চলসমূহৰ লগতে শোণিতপুৰ, ওদালগুৰি, মৰিগাঁও, কামৰূপ আৰু হোজাইত এই ঘটনা বৃদ্ধি পাইছে। আলোচনা চক্ৰখনত এই কথা পোহৰলৈ আহে যে, সজাগতাৰ অভাৱ, দাৰিদ্ৰতা আৰু নজনাকৈ কোনো অজ্ঞাত লোকৰ লগত প্ৰলোভনত পৰি অসম এৰি গুচি যোৱা বাবে সহজতে এই চক্ৰই ৰাজ্যখনৰ পৰা বিশেষকৈ মহিলাসকলক বিভিন্ন স্থানলৈ লৈ যায়।
মানৱ সৰবৰাহকাৰীৰ কৱলত পৰা মহিলা বা শিশুৰ ক্ষেত্ৰত সাধাৰণভাৱে এটা নিৰুদ্দেশ সম্পৰ্কীয় গোচৰ ৰুজু কৰা হয়। ২০১৫ বৰ্ষতেই মুঠ ১৪৯৪টা মানৱ সৰবৰাহৰ গোচৰ ৰুজু হৈছিল। কিন্তু এইবোৰ গোচৰৰ উপযুক্ত তদন্তৰ অবিহনেই কেৱল পঞ্জীয়ন কৰাতেই ৰৈ গ'ল। অসম আৰক্ষী তথা চৰকাৰে এই পৰ্যন্তলৈকে মানৱ সৰবৰাহকাৰীৰ বিৰুদ্ধে পৰিকল্পিতভাৱে কোনো অভিযান বা প্ৰতিৰোধ ব্যৱস্থা গঢ়ি তোলা দেখা পোৱা যোৱা নাই। আৰক্ষীয়ে ইয়াৰ বিৰুদ্ধে সজাগতা বৃদ্ধিৰ বাবে যি পদক্ষেপ গ্ৰহণ কৰিব লাগিছিল তাতো কেৱল নিয়মমাফিক প্ৰৱণতাহে পৰিস্ফুট হয়।
মহানগৰীৰ থানাসমূহত শিশু আৰু মহিলাক সহায়ৰ বাবে এই ধৰণৰ ঘটনা প্ৰতিৰোধৰ বাবে বিশেষ কোষ স্থাপনৰ কথা কোৱা হৈছিল যদিও, সেয়া এতিয়াও বাস্তৱত পৰিণত হোৱা নাই। মাজে-মধ্যে এনে ধৰণৰ ঘটনাৰ বিৰুদ্ধে বিভিন্ন মাধ্যমত আৰক্ষী উচ্চপদস্থ বিষয়াই আহ্বান জনোৱা ভিডিঅ'তহে যেন দায়িত্ব শেষ হৈছে। মানৱ সৰবৰাহ এতিয়া বিশ্বৰ এক ডাঙৰ সমস্যা। সকলো দেশেই এই সমস্যাৰ প্ৰতিৰোধৰ বাবে ব্যাপক পদক্ষেপ আৰু ব্যৱস্থা গ্ৰহণ কৰিছে। কিন্তু অসমত সেয়া আজিও অৱজ্ঞাসূচক এক বিষয় হৈয়ে আছে। থানালৈ কোনো যুৱতী, মহিলা তথা শিশু সন্ধানহীন হোৱা খবৰ দিবলৈ গ'লে আৰক্ষীয়ে প্ৰায়ে ক্ষিপ্ৰতাৰে ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ নতুন নহয়।
বজাৰত বিক্ৰী কৰিবলৈ নিয়া সেই তেজাল ছাগলীটোতকৈও যেন এতিয়া মানুহৰ মূল্য কম। মানুহেই চলাই আছে মানুহৰ বজাৰ। আৰু সেই বজাৰত পণ্য সামগ্ৰী হৈছে অামাৰ জীয়ৰী-বোৱাৰী।