মাদাৰ বৃদ্ধাৱাসৰ বাবে ৫ দিনতে উঠিল ১ কোটি টকা…

মাদাৰ বৃদ্ধাৱাসৰ বাবে ৫ দিনতে উঠিল ১ কোটি টকা…

author-image
asomiyapratidin
New Update
মাদাৰ বৃদ্ধাৱাসৰ বাবে ৫ দিনতে উঠিল ১ কোটি টকা…


Advertisment

 মৃদুল কুমাৰ সন্দিকৈ

মানুহৰ চৰিত্ৰই আটাইতকৈ বিচিত্ৰ! জীৱশ্ৰেষ্ঠ বুলি দাবী কৰা মানুহৰ আচৰণ কেতিয়াবা পশুত কৈ অধম হয়। পিতৃ-মাতৃক বৃদ্ধাৱস্থাত এৰি থৈ যায় ৰাজপথত। সামান্য অনুকম্পাও নেদেখুৱাকৈ ঘৰৰ পৰা উলিয়াই দিয়ে। অথচ এই সকল পিতৃ-মাতৃয়ে নিজৰ পুত্ৰ-কন্যাৰ বাবে কি নকৰে? জীৱনৰ সৰহভাগ সময় পুত্ৰ-কন্যাৰ নামত উৎসৰ্গা কৰে। পুত্ৰ-কন্যাৰ সপোনেই তেওঁলোকৰ সপোন হয়।

এগৰাকী বৃদ্ধা। স্বামী আছিল উচ্চপদস্থ চৰকাৰী বিষয়া। পুত্ৰ আৰু বোৱাৰী দুয়ো চিকিৎসক। ৪ বছৰীয়া এটা নাতিয়েকো আছে এইগৰাকী বৃদ্ধাৰ। চহৰখনৰ আটাইতকৈ ভাল ঘৰটো তেওঁলোকৰ। মানুহৰ অনুপাতত এটা প্ৰকাণ্ড ঘৰ। ৪-৫টাকৈ কাম কৰা মানুহ। এদিন এই ঘৰখন এইগৰাকী বৃদ্ধাৰ মতেই চলিছিল।

তেওঁ যি কৈছিল, সেইটোৱে হৈছিল। ওচৰ চুবুৰীয়া সকলোৱে সমীহ কৰি চলিছিল পৰিয়ালটোক। ১০ বছৰ মান আগতে স্বামীৰ মৃত্যু হ'ল। সেই দুখত ম্ৰিয়মান পত্নী অৰ্থাৎ বৃদ্ধাগৰাকী লাহে লাহে অসুস্থ হৈ পৰিল। তাৰ পাছতেই হঠাৎ এদিন বৃদ্ধাগৰাকীৰ পুত্ৰই এটা প্ৰস্তাৱ দিলে। প্ৰস্তাৱটো আছিল- তেওঁলোক সকলো ব্যস্ত। সেয়েহে তেওঁলোকে ভাবিছে মাকক বৃদ্ধাশ্ৰমত থৈ আহিব। সেইদিনা ভৰিৰ মাটি খহি পৰিছিল বৃদ্ধা মাতৃৰ। কিন্তু পুত্ৰক তেওঁ কোনোদিনেই না কোৱা নাছিল।

পুত্ৰক তেওঁ জনাই দিলে-'তই যি ভাল দেখ' তাকেই ক'ৰ।' মাকৰ পৰা এই সন্মতি পাই পুত্ৰই দ্বিতীয় চিন্তা নকৰিলে। চহৰখনৰ এখন বৃদ্ধাশ্ৰমত এসপ্তাহৰ ভিতৰতেই মাকক থৈ আহিল। নিজে সজা ঘৰখন এৰি যোৱাৰ দিনা বৃদ্ধা মাতৃৰ হৃদয় হাহাকাৰ কৰি উঠিছিল। ফুলৰ টাববোৰৰ ফালে চাই নীৰৱে চকুলো টুকিছিল। যিটো কোঠাত এদিন পুত্ৰক নিচুকাই শুৱাইছিল, সেই কোঠাটোৰ ফালে চাই পুৰণি স্মৃতিবোৰ সুঁৱৰি তেওঁ ওলাই গৈছিল।

প্ৰায় ডেৰ বছৰমান ধৰি পুত্ৰৰ খবৰ নাই। তেওঁৰ খবৰ ল'বলৈ কাৰোৰে আহৰি নাই। মাথো কেতিয়াবা বৃদ্ধাগৰাকীয়ে নিজেই ফোন এটা কৰি পুত্ৰৰ খা-খবৰ লয়। নাতিয়েকৰ মাতষাৰ শুনিব খোজে। তাৰ পৰাও বঞ্চিত হয় তেওঁ। ফোনটো নাতিয়েকক দিবলৈ ক'লেই কয়- সি শুই আছে, বা কেতিয়াবা কয়- পঢ়ি আছে সি।

সেইদিনা বৃদ্ধাগৰাকীয়ে পুত্ৰলৈ ফোন কৰিলে। ক'লে- বৰ গৰম পৰিছে। বৃদ্ধাশ্ৰমৰ ফেন বেয়া। পাৰে যদি ফেনৰ ব্যৱস্থা কৰি দিব লাগে। এয়া অনুৰোধহে। মাতৃয়ে আবেগিকভাৱে কৰা এই অনুৰোধে ক্ষন্তেকৰ বাবে হ'লেও পুত্ৰৰ বিবেকত চুই গ'ল। দুদিনৰ পাছতেই এখন ভাল ফেন আৰু ইলেক্ট্ৰিচিয়ান লৈ মাকৰ কাষলৈ পুত্ৰ আহিল। বৃদ্ধা মাতৃয়ে বৰ আকুলতাৰে তাৰ ফালে চালে। সৰু হৈ থকা হ'লেই ভাল আছিল সি- মনতে ভাবিলে। এদিন সৰু হৈ থাকোতে মাকক নেদেখিলে এই ল'ৰাটোৱে কম কান্দিছিল নে? ক'ত আবদাৰ ধৰিছিল সি! মাকে খোৱাই-শুৱাই নিদিয়ালৈকে নুশুইছিল।

ফেন আৰু ইলেক্ট্ৰিচিয়ানক দেখি মাকে ক'লে- তই ফেন আনিছ'? পুত্ৰই মাকৰ বৃদ্ধাশ্ৰমৰ কোঠাত ফেনখন লগাই দিবলৈ দিলে। বৃদ্ধা মাকে পুত্ৰক বাধা দিলে। মাতৃয়ে ক'লে- বোপাই, তোৰ টকাৰ অভাৱ নাই। চহৰৰ তই এজন নামী-দামী ডক্টৰ। মই তোক মোৰ কাৰণে ফেন লগাব দিয়া নাই।পাৰিলে তই এই বৃদ্ধাশ্ৰমখনৰ আটাইকেইটা কোঠাতে ফেনৰ ব্যৱস্থা কৰি দে। মোৰতো মৰাৰ সময় হ'ল। ঠাণ্ডা-গৰমে মোক তলাব নোৱাৰে। মই তোৰ কথা ভাবিহে কৈছো। আজি তই মোক থৈছ' বৃদ্ধাশ্ৰমত। কাইলৈ কোনে জানে, তোকো ল'ৰাই থব বৃদ্ধাশ্ৰমত! তেতিয়া গৰমত তোৰ বৰ কষ্ট হ'ব অ' সোণ।

বৃদ্ধাশ্ৰম। বহুতৰেই শেষ ঠিকনা হয় এয়া। কি সম্ভ্ৰান্ত, কি দৰিদ্ৰ? সময়ে কাক ক'ত থৈ যায় কোনেও ক'ব নোৱাৰে। ঠিক সেই নাছিকেতাৰ বিখ্যাত গানটোৰ দৰে-

'ছেলে আমাৰ মস্ত মানুষ মস্ত অফিসাৰ
মস্ত ফ্ল্যাটে যায়না দেখা এপাৰ ওপাৰ
নানান ৰকম জিনিস আৰ আসবাব দামী দামী
সবচে কম দামী ছিলাম একমাত্র আমি
ছেলেৰ আমাৰ, আমাৰ প্রতি অগাধ সম্ভ্রম
আমাৰ ঠিকানা তাই বৃদ্ধাশ্রম।'

মহানগৰীৰ তেনে এখন বৃদ্ধাশ্ৰম 'মাদাৰ অল্ড এজ হোম'। বহু আশ্ৰয়হীনা, সংগীহীনা, দৰিদ্ৰ তথা অৱহেলিত বৃদ্ধ-বৃদ্ধাৰ ঠিকনা এই বৃদ্ধাশ্ৰমখন। এটা ভাড়াঘৰত চলি থকা বৃদ্ধাশ্ৰমখনলৈ আহিল সংকট। ভাড়াঘৰৰ মালিকে বৃদ্ধাশ্ৰমখন খালী কৰিবলৈ দিলে। উৎপল আৰু মণিকাই বৰ আন্তৰিকতাৰে গঢ়িছিল এই বৃদ্ধাশ্ৰমখন। বহু বৃদ্ধ-বৃদ্ধাক শেষ ঠিকনা দিয়া এই বৃদ্ধাশ্ৰমখনেই ঠিকনাবিহীন হোৱাৰ উপক্ৰম হ'ল। তেনে সময়তে পোহৰলৈ আহিছিল এক খবৰ।

বৃদ্ধাশ্ৰমখনত আশ্ৰয় লৈ আছিল এগৰাকী বিশেষ মহিলাই। নাম তেওঁৰ মিনতি মহন্ত। স্বতন্ত্ৰ আৰু স্বাভিমানৰ প্ৰতীক মুকুল মহন্তৰ পত্নী। অসম আৰু অসমীয়াৰ কথা ভাবি বিদেশৰ বিলাসী চাকৰি এৰি, নিজেই স্বাৱলম্বিতাৰ বাবে হাতে-কামে লগা অভিযন্তা মুকুল মহন্তৰ মৃত্যুৰ পাছত এলঝেইমাৰ ৰোগত আক্ৰান্ত মুকুল মহন্তৰ পত্নী মিনতি মহন্তৰো শেষ ঠিকনা হৈছিল 'মাদাৰ অল্ড এজ হোম'।

এই অল্ড এজ হোমটোত কিছুদিনৰ পূৰ্বে আশ্ৰয় লৈছিলহি বজালীৰ এগৰাকী আইতাই। যিগৰাকী আইতাৰ খবৰ প্ৰকাশ হৈছিল 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণত। কোনোবা যদি আহিছে ধেমাজিৰ পৰা, আন কোনোবা আহিছে গোলাঘাটৰ পৰা। ইয়াতে আছে বৃন্দাবন গোস্বামী, কৰ্ণেল মনোৰঞ্জন গোস্বামী, দুলাল ৰয়ৰ দৰে বিশিষ্ট লোকক গণিতৰ শিক্ষা দিয়া এজন প্ৰবীন শিক্ষাগুৰু। যিগৰাকী শিক্ষাগুৰুৱে জীৱনটো কেৱল ছাত্ৰ-ছাত্ৰীৰ নামত উৎসৰ্গা কৰিলে। ডেকা কালৰ এক ব্যৰ্থ প্ৰেমৰ স্মৃতি সাৱতি চিৰকুমাৰ হৈ ৰ'ল। পৰিয়ালৰ লোকক আমনি দিবলৈ নিবিচাৰি তেওঁ হ'লহি এই বৃদ্ধাশ্ৰমৰ বাসিন্দা।

আন এগৰাকী আইতা আছে, যিগৰাকীক পুত্ৰ-বোৱাৰীয়ে নিৰ্যাতন চলালে। অসহ্য যান্ত্ৰণা বুকুত লৈ তেওঁ গুচি আহিল এই বৃদ্ধাশ্ৰমখনলৈ। ৰাজপথত উদ্ধাৰ কৰা এগৰাকী বৃদ্ধা মহিলা এতিয়া এই বৃদ্ধাশ্ৰমখনৰ পৰিয়ালৰ সদস্য। সকলোৰে জীৱনৰ আছে ভিন্ন ভিন্ন কাহিনী। সংগীহীন আৰু অবজ্ঞা তথা দৰিদ্ৰতাৰে সংমিশ্ৰিত এই জীৱনৰো আছে নতুন মাদকতা। মণিকা আৰু উৎপলে বৰ আগ্ৰহেৰে তেওঁলোকক আলপৈচান ধৰে। নিজৰ মাতৃ-পিতৃ জ্ঞান কৰে। দিনটোৰ সৰহভাগ সময় তেওঁলোকৰ লগতে লাগি থাকে। কিন্তু হঠাৎ অহা এই ধুমুহাই তেওঁলোকক চিন্তিত কৰি তুলিছিল।

সেই সময়তে মিনতি মহন্তৰ সন্দৰ্ভত এক খবৰ সম্প্ৰচাৰ হৈছিল। তাৰ পাছতেই যেন পথ পৰিৱৰ্তন ঘটিছিল। মুকুল মহন্ত আৰু মিনতি মহন্তৰ পুত্ৰ অৰ্ণৱ মহন্ত। তেওঁ থাকে আমেৰিকাত। বৃদ্ধাশ্ৰমখনৰ এই খবৰ, ৰোগীয়া মাতৃৰ প্ৰতি তেওঁৰ থকা দায়িত্ববোধ তথা পিতৃৰ সামাজিক দায়ৱদ্ধতাক উপলব্ধি কৰি তেওঁ সিদ্ধান্ত ল'লে- মঠঘৰীয়াত পিতৃয়ে স্বতন্ত্ৰ সপোনেৰে সজা ঘৰখনৰ চৌহদত থকা খালী অংশ দি দিব অনিশ্চিত ভৱিষ্যতৰ মাজত থকা এইসকল বৃদ্ধ-বৃদ্ধাৰ বাবে। অৰ্থাৎ নতুন এক ঠিকনা পাব 'মাদাৰ অল্ড এজ হোমে'। এই খবৰো প্ৰথম প্ৰকাশ হৈছিল 'অসমীয়া প্ৰতিদিন' কাকতত। খবৰটো আমেৰিকাৰ পৰা পোৱাৰ পাছত উৎপল আৰু মণিকা উৎসাহিত হৈছিল। কিন্তু সেইখন গঢ়িবলৈও যথেষ্ট ধনৰ প্ৰয়োজন হয়।

সেই সময়তে এই বাটৰ সন্ধান দিলে 'প্ৰতিদিন টাইমে'। নিউজ চেনেলটোৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই ২৩ আগষ্টত সমগ্ৰ বিষয়টোক লৈ উৎপল, মণিকা আৰু আন অতিথিসহ 'অভিমত' নামৰ অনুষ্ঠানটিত এই প্ৰসংগ আলোচনা কৰিছিল। অনুষ্ঠানটো 'প্ৰতিদিন টাইম'ত সম্প্ৰচাৰ হোৱাৰ পাছতেই বিভিন্ন প্ৰান্তৰ পৰা উৎপল, মণিকা তথা 'প্ৰতিদিন টাইম'ৰ কৰ্তৃপক্ষৰ সৈতে বিভিন্নজনে যোগাযোগ কৰিলে। সকলোৱে ক'লে- সহায় কৰিব এই মহান কামটোত।

প্ৰতিশ্ৰুতি দিয়াই নহয়, 'সাদিন-প্ৰতিদিন গোষ্ঠী'ৰ স্বত্ত্বাধিকাৰ জয়ন্ত বৰুৱা, ৰহাৰ শিক্ষয়িত্ৰী মঞ্জু বৰুৱা আৰু ব্যৱসায়ী শ্যামসুন্দৰ আগৰৱালা প্ৰত্যেকে ৫০হাজাৰ টকাকৈ দান দি এই শুভ কামৰ প্ৰথম অংশীদাৰ হয়। এজন দৃষ্টিহীন যুৱকে ২০ হাজাৰ টকা দি মুকুল মহন্তৰ বাসগৃহ চৌহদত এই বৃদ্ধাশ্ৰমৰ স্থায়ী ঠিকনা গঢ়াৰ আন্দোলনৰ অংশীদাৰ হ'ল।

কোনে কয় মানুহ নাই? মানুহৰ মাজতেই আছে মানুহ! মজুৰি কৰা এজন মুছলমান সম্প্ৰদায়ৰ লোকে আগবঢ়ালে ১০০ টকা। তাৰ পাছত অনুষ্ঠানটোক সহায়ৰ হাত আগবঢ়াবলৈ আহিল ইজনৰ পিছত সিজন মানুহ। ডুবাইত ব্যৱসায় কৰা এজন অসমীয়া ব্যৱসায়ীয়ে বৃদ্ধাশ্ৰমখনৰ একাউণ্টত জমা দিলে ১ লাখ টকা। মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ময়েও ৫০ লাখ টকা এই বৃদ্ধাশ্ৰম নিৰ্মাণৰ নামত সমাজ কল্যাণ বিভাগৰ পৰা সাহায্য দিয়াৰ কথা ঘোষণা কৰিলে।

ইতিমধ্যে 'প্ৰতিদিন টাইম' আৰু বৃদ্ধাশ্ৰমৰ একাউণ্টত জমা হৈছে ৩০ লাখ টকা। ২০ লাখ টকা দিয়াৰ প্ৰতিশ্ৰুতি দিছে বিভিন্নজনে। ৫০০-১০০০, ২০০০, ৫০০০টকাকৈ যাৰ যি সামৰ্থ সহায় কৰিছে। কেৱল টকাই নহয়, এজন ব্যক্তিয়ে এই বৃদ্ধাশ্ৰমলৈ ৫০০ বেগ চিমেণ্ট আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছে। আন এজন ব্যক্তি নিৰ্মাণ কাৰ্যত প্ৰয়োজনীয় শিল যোগানৰ বাবে আগবাঢ়ি আহিছে। আনকি মুন দত্ত নামৰ এজন ব্যক্তিয়ে বৃদ্ধাশ্ৰমখনত প্ৰয়োজনীয় হোৱা পানী যোগানৰ বাবে ইতিমধ্যে বয়িঙৰ কাম আৰম্ভ কৰিছে। এই কামতো ৫-৬ লাখ টকা ব্যয় হ'ব।

বাট-পথত পিতৃ-মাতৃক পেলাই থৈ যোৱা মানুহ যেনেকৈ আছে, একেদৰে এইসকল লোকক নিজ পিতৃ-মাতৃৰ দৰে জ্ঞান কৰি তেওঁলোকৰ সহায়ৰ বাবে আগবাঢ়ি অহা লোকৰো অভাৱ নাই। 'প্ৰতিদিন টাইম'ৰ 'অভিমত' নামৰ অনুষ্ঠানৰ জৰিয়তে সেয়া ৰাইজে সম্ভৱ কৰি দেখুৱাইছে।

প্ৰতিশ্ৰুতি দিয়া আৰু ইতিমধ্যে সংগ্ৰহীত ধনৰ মুঠ পৰিমাণ প্ৰায় ১ কোটি হ'ব। ৰাইজে হাত জোকাৰিলে নৈ বয়, সেয়া আকৌ প্ৰমাণ হ'ল। এই বৃদ্ধাশ্ৰমৰ বাবে এখন নিৰ্মাণ কমিটীও গঠন কৰা হৈছে। সেই কমিটীত সভাপতি হিচাপে আছে 'প্ৰতিদিন টাইম'ৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া। কমিটীখনৰ সম্পাদক উৎপল। ইয়াৰ লগতে মণিকা, মুন দত্ত, অৰ্ণৱ মহন্ত, শ্যামসুন্দৰ আগৰৱালা, মঞ্জু বৰুৱা আদি সদস্য ৰূপে আছে। এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ সমন্বয় হিচাপে আছিল 'প্ৰতিদিন টাইম'ৰ সাংবাদিক পাৰ্থ প্ৰতীম বৰুৱা।

এয়া এক মহৎ কামৰ আৰম্ভণি। কম দিনৰ ভিতৰতেই এক স্থায়ী ঠিকনা পাব 'মাদাৰ অল্ড এজ হোমে'। এই শুভ কামত অংশীদাৰ হৈছে ৰাইজ। 'মাদাৰ অল্ড এজ হোম'ত ককা-আইতাসকলে দুদিনৰ আগৰলৈকে অনিশ্চিত ভৱিষ্যতৰ কথা ভাবি উচুপিছিল। কি হ'ব এতিয়া, ক'লৈ যাব? এনে অলেখ উত্তৰহীন প্ৰশ্নৰ সন্মুখীন হৈছিল উৎপল-মণিকা।

আজি সেই উত্তৰ ওলাল। তেওঁলোক যাব মঠঘৰীয়ালৈ। মুকুল মহন্তৰ ঘৰলৈ। তাতেই হ'ব তেওঁলোকৰ এখন নতুন ঘৰ। সজা হ'ব ৰাইজৰ সহযোগত। এতিয়া তেওঁলোকৰ মুখত হাঁহি। এই হাঁহি বিৰিঙোৱাত সহযাত্ৰী হ'ল 'প্ৰতিদিন টাইম' আৰু নিতুমণি শইকীয়াৰ অনুষ্ঠান 'অভিমত'। ভূপেন হাজৰিকাৰ সেই কালজয়ী গানেই যেন আজি সকলোৰে কাণে কাণে বাজিছে। সহায়ৰ হাত আগবঢ়াবলৈ মানুহৰ লানি লাগিছে। সকলোৱে অনুভৱ কৰিছে- মানুহে যদি মানুহৰ কথা নাভাবে ভাবিব কোনে?