/asomiyapratidin/media/media_files/2025/08/23/ap-bikhekh-lekha-10-2025-08-23-14-52-07.jpg)
মৃদুল কুমাৰ সন্দিকৈ
পুৰুষৰ সমানে এতিয়া মহিলাসকল আগবাঢ়িছে। এখন সমাজ, এখন দেশ, এখন ৰাজ্য মহিলাসকলৰ সৰ্বাংগীন উন্নয়ন আৰু অৰ্থনৈতিক স্বাৱলম্বীতাৰ অবিহনে সম্ভৱ কেতিয়াও নহয়।
এতিয়া ৰাজ্যত বেছিকৈ চৰ্চা হোৱা বিষয়বোৰৰ ভিতৰত লাখপতি বাইদেউ অন্যতম। চৰকাৰে গ্ৰহণ কৰা এই আঁচনিয়ে প্ৰকৃতাৰ্থত ৰাজ্যৰ মহিলাসকলৰ উন্নয়ন সম্ভৱ হ’লে সেয়া হব এক বিপ্লৱ।
কিন্তু এনে উদ্যোগ বা আঁচনিৰ জৰিয়তেই সঁচাকৈয়ে ৰাজ্যত মহিলাসকলৰ সৰ্বাংগীন উন্নয়ন সম্ভৱ নে? যুক্তিৰ খাতিৰত কোনো বিৰোধী ৰাজনৈতিক দলে চৰকাৰৰ এনে আঁচনিক স্বাভাৱিকতেই ৰাজনৈতিক মুনাফা অৰ্জন কৰা এক কৌশল বুলি অভিহিত কৰিব।
বাস্তৱত অসমৰ দৰে এখন পিছপৰা ৰাজ্যৰ মহিলাসকলৰ বিভিন্ন দিশ তথ্যগতভাৱে বিশ্লেষণ কৰিলে এখন পৃথক ছবি দেখা পোৱা যায়।চৰকাৰৰ এই নীতিয়ে ৰাজ্যখনৰ মহিলাসকলৰ এক অলৌকিক পৰিবৰ্তন আনিব বুলি ভবাতো ভুল যেনেই ধাৰণা হয়।
বিশ্বজুৰি মহিলা এতিয়া এক বিৰাট শক্তি। সমগ্ৰ বিশ্বত মহিলাৰ সংখ্যা ৪.০৯ বিলিয়ন। বিশ্বৰ মুঠ জনসংখ্যাৰ ৪৯.৭৩ শতাংশই হ’ল মহিলা। ভাৰতত মহিলাৰ সংখ্যা বিশ্ববেংকৰ এক তথ্য অনুসৰি ২০২৫ ত ১.৪৩ বিলিয়ন।
তেনেদৰে অসম চৰকাৰৰ ডাইৰেক্টৰেট অফ ইকনমিকছ এণ্ড ষ্টেটিকছৰ তথ্য অনুসৰি ২০২২ ত মহিলাৰ সংখ্যা ১ কোটি ৭৩ লাখ। ইয়াৰ পৰাই অনুমান কৰিব পাৰি মহিলাক বাদ দি উন্নয়নৰ সপোন পুৰণ কৰিব নোৱাৰি।
চৰকাৰে মহিলাসকলৰ বাবে কৰ্মমুখী আঁচনি বিভিন্ন সময়ত গ্ৰহণ কৰি আহিছে। পূৰ্বতে সেই আঁচনিসমূহৰ লক্ষ্য উদ্দেশ্য আছিল মহিলাক আৰ্থিকভাৱে স্বাৱলম্বী কৰি এক সুস্থ সামাজিক বুনিয়াদ গঢ়ি তোলা।
তাকেই আধাৰ কৰি লৈ চৰকাৰী উন্নয়ন নীতিৰ অংশৰ সৈতে নিৰ্বাচনৰ ভোটবেংকক একাকাৰ কৰাৰ প্ৰয়াস এতিয়া ক’ৰবাত চলে নেকি? শেহতীয়াকৈ ৰাজ্যত অনুষ্ঠিত হৈ যোৱা পঞ্চায়ত নিৰ্বাচনত মুঠ ১ কোটি ৮০ লাখ ৯০ হাজাৰ ২২৪ গৰাকী ভোটাৰে ভোটদান কৰিছিল।
সেই নিৰ্বাচনত পুৰুষৰ ভোটাৰৰ সংখ্যা আছিল ৯০৯৭১৮৩ গৰাকী। আনহাতে মহিলা ভোটাৰৰ সংখ্যা ৮৯৯২৬২৬ গৰাকী। ইয়াৰ পৰাই বুজা যায় এটা নিৰ্বাচনী বৈতৰণী পাৰ হ’বলৈ মহিলা ভোটাৰসকলৰ সহযোগ কিমান প্ৰয়োজন।
এটা সময় আছিল নিত্য ব্যৱহৃত সামগ্ৰীবোৰৰ দাম বাঢ়িলে ঘৰৰ গৃহিনীসকল ক্ষোভিত হৈ পৰিছিল। এতিয়া মূল্যবৃদ্ধিৰ সৈতে ৰাজনীতি বা নিৰ্বাচনৰ বৰ বিশেষ সম্পৰ্ক দেখিবলৈ পোৱা নাযায়।
মহিলাসকল মূলতঃ এতিয়া চৰকাৰী আঁচনিৰ প্ৰতি দায়বদ্ধশীল হৈ পৰা এক পৰিবেশ সৃষ্টি কৰা হৈছে। অথচ অসমৰ মহিলাসকলৰ বিভিন্ন দিশত বস্তুনিষ্ঠভাৱে আগোৱাই নিয়াৰ বাবে চৰকাৰী পৃষ্ঠপোষকতাৰ প্ৰয়োজন আছিল।
অসমত অসংগঠিত ক্ষেত্ৰত কাম কৰা মহিলাৰ সংখ্যা ৯.২ শতাংশ। অথচ ৰাষ্ট্ৰীয় পৰ্যায়ত সেই হাৰ ১৪.৩২ শতাংশ। কৰ্মশক্তিৰ অংশগ্ৰহণৰ ক্ষেত্ৰত মহিলাৰ হাৰ ৰাজ্যখনত মাত্ৰ ২১.৭১ শতাংশ। দেশত সেই হাৰ ২৫.৭ শতাংশতকৈ বেছি।
মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত অসমৰ মহিলাৰ বিশেষ সমস্যা আছে। কৰ্মক্ষেত্ৰতো মহিলাসকলে বহু অসুবিধাৰ সন্মুখীন হৈ আহিছে। ৰাজ্যখনত মহিলাসকলে লিংগ অনুযায়ী শাৰীৰিক আৰু যৌন আতিশয্যৰ সন্মুখীন হোৱাৰ হাৰ ৰাষ্ট্ৰীয় পৰ্যায়তকৈ অধিক।
ৰাজ্যখনত ৩৬.৫ শতাংশ মহিলাই এনে অসুবিধাৰ সন্মুখীন হয়। ৰাষ্ট্ৰীয় পৰ্যায়ত যি হাৰ ৩৫.৫ শতাংশ। ‘’ৱমেন কণ্ডিছন ইন আছাম’’ শীৰ্ষক সমীক্ষাত চলাইছিল ডাইৰেক্টৰেট অফ ইকনমিকছ এণ্ড ষ্টেটিকছ বিভাগে। এই সমীক্ষাৰ তদাৰক কৰিছিল নেচনেল কাউন্সিল অফ এপ্লাইড ইকনমিক ৰিছাৰ্ছে।
সেই প্ৰতিবেদন অধ্যয়ন কৰিলে দেখা যায় কেৱল কেইটামান টকা হাতত তুলি দিলেই অসমৰ মহিলাসকলৰ উন্নয়ন সম্ভৱ নহয়। ২০২৫ বৰ্ষৰ জানুৱাৰীত প্ৰকাশ পোৱা সমীক্ষাত থকা তথ্যই কয়, ৰাজ্যখনৰ মহিলাসকলৰ উন্নয়নৰ বাবে শাৰীৰিক, মানসিক, শিক্ষা, স্বাস্থ্য আৰু অন্যান্য দিশত বহু কৰণীয় আছে।
ৰাজ্যখনত মহিলাৰ শিক্ষিতৰ হাৰ ৬৭.২৭ শতাংশ। পুৰুষৰ শিক্ষিতৰ হাৰ ৭৮.৮১ শতাংশ। কিন্তু সেই শিক্ষিতৰ হাৰৰ তথ্য আৰু ভিতৰলৈ গৈ বিশ্লেষণ কৰিলে দেখা যায় ৰাজ্যখনৰ ২৬.৮৭ শতাংশ মহিলা প্ৰাথমিক শিক্ষাৰে শিক্ষিত।
উচ্চতৰ মাধ্যমিক শিক্ষা গ্ৰহণ কৰা মহিলাৰ হাৰ ১৪.৭৬ শতাংশ আৰু স্নাতক তথা তাৰ ওপৰৰ শিক্ষা গ্ৰহণ কৰা মহিলাৰ হাৰ মাত্ৰ ১১.৯৫ শতাংশ। এইবোৰ তথ্যই প্ৰতিফলন কৰে যে, মহিলাসকলক আৰু উচ্চ শিক্ষিত কৰিবলৈ চৰকাৰৰ এক স্পষ্ট নীতিৰ প্ৰয়োজন আছে।
গৰ্ভৱতী মহিলাৰ মৃত্যুৰ হাৰ এতিয়াও ৰাজ্যখনত যথেষ্ট। প্ৰত্যক্ষ ৰাজনীতিত মহিলাৰ অংশগ্ৰহণ দেশৰ ভিতৰতে নিম্ন পৰ্যায়ত। বিধানসভাত ১২৬ খন আসনৰ ভিতৰত মহিলাৰ অংশগ্ৰহণৰ হাৰ ১০.৩২ শতাংশহে।
সম্পত্তিৰ অধিকাৰ, স্বাস্থ্যৰ অধিকাৰ, মানসিক সুস্থিৰতা, কৰ্মক্ষেত্ৰত সুৰক্ষা আৰ্থিক সৱলতা, শৈক্ষিক উন্নয়ন আদি বিষয়বোৰ মহিলাৰ সৰ্বাংগীন উন্নয়নৰ সৈতে জড়িত হৈ থাকে।
কোনোবাই মহিলাসকলক লাখপতি হোৱাৰ সপোন দেখুৱাইছে, সেয়া ভাল কথা। অসমৰ প্ৰতিগৰাকী মহিলাই লাখপতি বাইদেউ হওঁক, তাত কাৰো আপত্তি থাকিব নোৱাৰে।
ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে, ৪০ লাখ মহিলাক সাঙুৰি ল’ব চৰকাৰে দেখুওৱা লাখপতি বাইদেউৰ সপোনে। কিন্তু সেই সপোন কাৰ্যকৰী কৰিবলৈ যাওঁতে মহিলাসকলৰ মৌলিক সমস্যা আৰু অসুবিধাবোৰলৈ পিঠি দি কেৱল প্ৰদৰ্শন ধৰ্মীতাৰে ইয়াক প্ৰচাৰৰ কৌশল কৰিলে তাৰ জানো কিবা ফলাফল ওলাব?
এতিয়াও মহিলা শ্ৰমিকৰ মজুৰি পুৰুষৰ তুলনাত কম। হয় মহিলাসকলে অতি সহজতে ভোল যায়, কিবা এটা পালেই বহু পোৱা যেন অনুভৱ কৰে। সেই সুযোগ গ্ৰহণ কৰাৰ বিপৰীতে, ৰাজনীতিৰ স্বাৰ্থ পৰিহাৰ কৰি এক শ্ৰেণীহীন সমাজ গঢ়িব পাৰিলেহে হয়তো অসমীয়া মহিলাসকলৰ উত্তৰণৰ পথ স্থায়ীভাৱে খোল খাব।
এনেও অসমীয়া সমাজত মহিলাৰ স্থান সদায় ওপৰত। গৃহিনীৰ ৰূপতো অসমীয়া মহিলা সমৃদ্ধশালী অতীতৰ পৰাই আছিল। পৰিৱৰ্তিত সময়ত সেইসকল মহিলাক আগুৱাই নিবলৈ প্ৰয়োজন মাথো আন্তৰিকতাপূৰ্ণ বাস্তৱসন্মত আঁচনি।