ট্ৰাম্পৰ মুখত হাঁহিঃ আঠু ল’লে ইৰাণে!

নিজৰ দেশৰ ৰাষ্ট্ৰপতিক হেৰুওৱাৰ পাছতো হাৰ মনা নাছিল ইৰাণে। ইজৰাইল আৰু আমেৰিকাৰ সমুখত আঁঠু নোলোৱাকৈ আক্ৰমণ অব্যাহত ৰখা ইৰাণে অৱশেষত ক্ষমা বিচাৰিলে, কৰিলে যেন আত্মসমৰ্পণ।

author-image
Asomiya Pratidin
New Update
AP FOR WEB NEW  bikhekh lekha.jpg (4)

ৰাজৰ্ষি চহৰীয়া

নিজৰ দেশৰ ৰাষ্ট্ৰপতিক হেৰুওৱাৰ পাছতো হাৰ মনা নাছিল ইৰাণে। ইজৰাইল আৰু আমেৰিকাৰ সমুখত আঁঠু নোলোৱাকৈ আক্ৰমণ অব্যাহত ৰখা ইৰাণে অৱশেষত ক্ষমা বিচাৰিলে, কৰিলে যেন আত্মসমৰ্পণ। ইৰাণৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি মছুদ পেজেছকিয়ানে চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ পৰা ক্ষমা বিচাৰে। 

ৰাষ্ট্ৰপতি মছুদ পেজেছকিয়ানে ঘোষণা কৰে যে- যেতিয়ালৈকে ইৰাণৰ ওপৰত চুবুৰীয়া ৰাষ্ট্ৰসমূহে আক্ৰমণ নকৰে, তেতিয়ালৈকে ইৰাণেও প্ৰথমে কোনো ধৰণৰ আক্ৰমণ নকৰে।  ইৰাণৰ ৰাষ্ট্ৰপতিগৰাকীৰ এই ঘোষণাৰ পাছতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণক তীব্ৰ সমালোচনা কৰে পৰিলক্ষিত হৈছে।

সামাজিক মাধ্যমত এক পোষ্ট কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে ইৰাণক ‘মিডল ইষ্টৰ ভিজা মেকুৰী’ (loser of the Middle East) বুলি কয়।  ট্ৰুথ নামৰ সামাজিক মাধ্যমটোত ড’নাল্ড ট্ৰাম্পে লিখিছে- ‘ইৰাণ বৰ বেয়াকৈ পৰাজয় হৈছে। মিডল ইষ্টৰ দেশসমূহক ক্ষমা বিচাৰি আত্মসমৰ্পণ কৰিছে ইৰাণে। লগতে ইৰাণে প্ৰতিশ্ৰুতি দিছে যে- আৰু আক্ৰমণ নকৰে।  ইৰাণে এই প্ৰতিশ্ৰুতি একমাত্ৰ ইজৰাইল আৰু আমেৰিকাৰ তৰফৰ পৰা কৰি থকা আক্ৰমণৰ বাবেই কৰিছে। ইৰাণে মিডল ইষ্টত কব্জা কৰি তাত শাসন কৰিব বিচাৰে। হাজাৰ বছৰৰ পাছত প্ৰথমবাৰলৈ ইৰাণে চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ হাতত পৰাস্ত হৈছে।’

KUJH

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ড’নাল্ড ট্ৰাম্পে শত্ৰুতা শেষ কৰিবলৈ ইৰাণক বিনাচৰ্তে আত্মসমৰ্পণ কৰিবলৈ আহ্বান জনাই কয় যে- যদি তেহৰাণে তেনে কৰে, তেন্তে নতুন শাসকক ইৰাণৰ অৰ্থনীতি শক্তিশালী কৰাৰ দিশত আমেৰিকাই সহায় কৰিব। 

ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি, ইজৰাইল-আমেৰিকাৰ সৈতে যুদ্ধ কৰি ইৰাণত বৰ্তমানলৈ ১২৩০গৰাকী লোকে প্ৰাণ হেৰুৱাইছে। তদুপৰি লেবনানত ২ শতাধিক, ইজৰাইলত ১১গৰাকী লোক নিহত হোৱাৰ উপৰি আমেৰিকাৰ ৬গৰাকী সৈনিক শ্বহীদ হৈছে। 

মন কৰিবলগীয়া যে, ইৰাণ আৰু ইজৰাইল-আমেৰিকাৰ মাজত যুদ্ধবিৰতি হোৱাৰ অতিকৈ প্ৰয়োজন আহি পৰিছিল। ই কেৱল ইজৰাইল, আমেৰিকা বা ইৰাণৰ বাবেই নহয়, সমগ্ৰ বিশ্বৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত। কিয়নো এই যুদ্ধখন আৰম্ভ হোৱাৰ পাছতে খাৰুৱা তেল-গেছৰ সংকটে দেখা দিছিল। কিয়নো ষ্ট্ৰেইট অৱ হাৰমুজত আৱদ্ধ হৈ পৰে শ শ তেলভৰ্তি জাহাজ। 

ac3fa848750c0978893eb7d6cc9aee2e
ষ্ট্ৰেইট অৱ হাৰমুজ

এই ষ্ট্ৰেইট অৱ হাৰমুজ জল পথটোৰেই সমগ্ৰ বিশ্বৰ প্ৰায় ২০ শতাংশ খাৰুৱা তেল, ২০ শতাংশ এলএনজি স্থানান্তৰ কৰা হয়। আৰু এই যুদ্ধৰ পাছত এই পথটোত শ শ জাহাজ এনেদৰে আৱদ্ধ হৈ পৰাতো চিন্তাৰ কাৰণ হৈ পৰে সমগ্ৰ বিশ্বৰ বাবে। 

ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি, সোমবাৰৰ পৰা ষ্ট্ৰেইট অৱ হাৰমুজেৰে মাত্ৰ ৯খন তেলৰ টেংকাৰ, মালবাহী আৰু কন্টেইনাৰ কঢ়িওৱা জাহাজ পাৰ কৰিছে। নিজৰ স্থিতি গোপন ৰাখিহে কোনোমতে জাহাজ কেইখন পাৰ হয়। 

ইয়াৰ উপৰি এই ষ্ট্ৰেইট অৱ হাৰমুজ বিশ্বৰ আন দেশসমূহৰ লগতে ভাৰতৰ বাবেও অতিকৈ গুৰুত্বপূৰ্ণ। কিয়নো আমাৰ দেশৰ বাবে প্ৰয়োজন হোৱা খাৰুৱা তেলৰ প্ৰায় ৫০ শতাংশ বা ২৫ লাখ বেৰল তেল নিতৌ ষ্ট্ৰেইট অৱ হাৰমুজৰে আমদানি কৰা হয়। লগতে, ঘৰুৱা ৰন্ধন গেছ বা এলপিজি, এলএনজি এই জলমাৰ্গেৰেই স্থানান্তৰ কৰা হয়। 

যদি এই যুদ্ধ শেষ নহয় তেন্তে ষ্ট্ৰেইট অৱ হাৰমুজ দীৰ্ঘসময়ৰ বাবে অনিৰ্দিষ্ট সময়লৈকে বন্ধ হৈ থাকিব। যাৰ ফলত ভাৰতে লাভ নকৰিব খাৰুৱা তেল, গেছ আদি। যাৰ ফলত আমাৰ দেশত ইয়াৰ যোগান ধৰাত অসুবিধাৰ সমুখীন হোৱাৰ লগতে হ’ব মূল্যবৃদ্ধি।

কেপলাৰৰ বিশেষজ্ঞৰ ৰিপৰ্ট অনুসৰি, ভাৰতৰ বাবে খাৰুৱা তেলৰ তুলনাত প্ৰাকৃতিক গেছৰ প্ৰয়োজনীয়তা পূৰণ কৰাতো অধিক সংকটজনক হোৱাৰ সম্ভাৱনা আছে। কিয়নো ভাৰতত প্ৰয়োজনীয় এলপিজিৰ ৮০-৮৫ শতাংশই আমদানি কৰা হয়। ইয়াৰ আকৌ অধিকাংশই হৰমুজ জলদ্বীপ পথৰেই আমদানি কৰা হয়। আনহাতে, প্ৰয়োজনীয় এল এন জি অৰ্থাৎ লিকুইফাইড নেচাৰেল গেছৰ ৬০ শতাংশই ভাৰতে আমদানি কৰে। গতিকে হৰমুজ জলদ্বীপৰ পথটো বন্ধ কৰাৰ কুপ্ৰভাৱ নিশ্চিতভাৱে ভাৰতত পৰিব।

মুঠৰ ওপৰত আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ইৰাণক মিডল ইষ্টৰ লুজাৰ বুলিয়েই কওঁক বা ইৰাণে নিজেই আত্মসমৰ্পণ কৰক, বৰ্তমান সময়ত এই যুদ্ধবিৰতিৰ প্ৰয়োজন আহি পৰিছে। ইতিমধ্যে যুদ্ধৰ কুপ্ৰভাৱ পৰিছে ভাৰতত। দেশত বৃদ্ধি পাইছে এলপিজি চিলিণ্ডাৰৰ মূল্য।

ঘৰুৱা ব্যৱহাৰৰ গেচ চিলিণ্ডাৰৰ দাম ৬০টকাকৈ আৰু বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ মূল্য ১১৫টকাকৈ বৃদ্ধি কৰা হৈছে। তেল বিপণন কোম্পানীসমূহে ঘোষণা কৰা অনুসৰি মাজনিশাৰ পৰা ভাৰতত প্ৰযোজ্য হৈছে এই নিয়ম। এই মূল্যবৃদ্ধিয়ে পুনৰ সৰ্বসাধাৰণ ৰাইজৰ বাবে হৈ পৰিছে আৰ্থিক বোজা। পৰিস্থিতি যাতে আৰু ভয়াৱহ নহয় সেয়েহে এই ইজৰাইল-আমেৰিকা আৰু ইৰাণৰ মাজত যুদ্ধৰ অন্ত পৰাতো অতিকৈ জৰুৰী। 

ডোনাল্ড ট্ৰাম্প ইৰাণ ইজৰাইল যুদ্ধ ইৰাণ