/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/hima-spl-wrtng-face-main-ridul.jpg)
► মৃদুল কুমাৰ সন্দিকৈ
ৰৈ আছিল সকলো, ঘৰলৈ আহিব ঘৰৰ ছোৱালী। ডিঙিত ওলমি থাকিব তিনিটাকৈ পদক। এয়া পদক নহয়, অসমবাসীৰ বাবে আছিল সপোন। কোনে ভাবিছিল নগাঁৱৰ কান্ধুলীমাৰীৰ এই অচিনাকি ছোৱালীজনী এনেকৈয়ে এদিন হৈ পৰিব দেশবাসীৰ হৃদয়ৰ ৰাণী। তেওঁৰ পৃথিৱীত তেওঁৱেই শ্ৰেষ্ঠ। সময়ৰ পিছত দৌৰি ভাল পায়। যি মন যায় তাকেই কৰে। খেয়ালী আৰু অভিমানী এজনী উৰন্ত পখী। সেয়েতো ক'ব পাৰে তেওঁ- 'মোক নক'ব সোণ লাগে বুলি। মই দৌৰো সময়ৰ পাছত। সোণ-ৰূপ, ধন-সম্পত্তি নিজেই আহিব।' কথা ক'বলৈ তেওঁ ভয় নকৰে। প্ৰত্যাহ্বান ল'ব পাৰে প্ৰতিটো মুহূৰ্তত।
অসম আৰু অসমীয়াৰ প্ৰতি আছে তেওঁৰ ভীষণ দুৰ্বলতা। ক'ৰবাত সফলতা আহিলেই গাত মেৰিয়াই লৈ এখন গামোচা, সেয়া জাকাৰ্টাত নতুবা ফিনলেণ্ডত। তেওঁৰ মন যায়। যি ইচ্ছা তাকেই কৰিব মন যায়। জাতীয় স্বাভিমান তেওঁ লৈ ফুৰে বুকুত। ছহিদৰ চিতা জ্বলা খেলপথাৰৰ পৰা দৌৰি জাকাৰ্টাত সফলতা বুটলা এইজনী আমাৰ ছোৱালী, নগাঁৱৰ ধিঙৰ কন্যা। এই বুলি আমি ভাবিছিলো কিছুদিনৰ আগলৈকে। কিন্তু আজি তেওঁ আমাৰ হৈয়ে নাথাকিল, দেশবাসীৰ বাবেও হ'ল দৌৰৰ ৰাণী।
কৃতজ্ঞতাবোধ তেওঁৰ হৃদয়ত আছে। সেয়ে তেওঁ ক'ব পাৰে- 'মই সেইসকলৰ ওচৰত কৃতজ্ঞ, যিসকলে মোক আজি হিমা হোৱাত আশীৰ্বাদ দিলে, সহযোগ দিলে।' নাম ল'লে ড০ পুতুল শৰ্মাৰ। বহুতেই নাজানে এইজনী হিমা গঢ়াত কিমান সহায় আৰু ত্যাগ কৰিছিল। সেইবোৰ অন্য কাহিনী। কিন্তু আজি মন যায় সকলোৰে হিমাৰ দৰে হ'বলৈ।
এই 'মন যায়' হিমাৰ প্ৰিয় শব্দ। কলাক্ষেত্ৰত সম্বৰ্ধনা গ্ৰহণ কৰি হিমাই পিছফাললৈ চাই কৈছিল- 'মন যায়।' সকলোকে চিঞৰি কৈছিল তেওঁৰ প্ৰিয় এই শব্দ। পিছফালৰ পৰা চিঞৰিছিল, হিমাই আকৌ কৈছিল- 'মই একো শুনা নাই, ডাঙৰকৈ চিঞৰক।' এইজনীয়ে হিমা। সকলোৰে মৰম, দেশবাসীৰ আদৰৰ ১৯ বছৰীয়া হিমা। হিমাৰ হেনো সকলো কৰিবলৈ মন যায়। বেয়া নহয়, ভালখিনি। বাহিৰত হিমাক সোধে- 'মন যায় মানে কি?'
হিমাৰ ফেচবুক পেজত এই শব্দ দেখে। হিমাই তেওঁলোকক বুজাই থৈ আহিছে- মন গ'লেই সকলো সম্ভৱ। আজি গোটেই অসমখন হিমাময় হৈ পৰিছিল। কি আকাশ, কি বতাহ। সকলোতে কেৱল হিমা, হিমা, হিমা…।
কিমান দিনৰনো কথা। এবছৰ আগৰ হিমাজনীক জানিছিল কেৱল ধিঙে। আজি হিমাক নাজানে কোনে? এছিয়ান গেমছলৈ যোৱাৰ সময়ৰ আৰু এছিয়ান গেমছত স্বৰ্ণসহ তিনিটাক পদক জিকি ঘৰলৈ উভতা হিমাৰ সেই দুটা বিশেষ মুহূৰ্তৰ ছবি এয়া-
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/speacial-writing-hima-upload-media.jpg)
হিমাক আদৰিবলৈ বৰঝাৰত বিমান বন্দৰত মানুহৰ ভিৰ লাগিছিল। হিমাক চাবৰ বাবে সকলোৱে হেতাওপৰা কৰিছিল। কেইদিনৰনো ব্যৱধান? জাকাৰ্টাত দুভৰিৰে ইতিহাস লিখি উভতিছে আমাৰ হিমা। বিমান বন্দৰত ৰৈ আছিল পিতৃ, মাতৃ, ভাতৃ, ভগ্নী আৰু বৰদেউতাক-বৰমাককে ধৰি আত্মীয়জন। হিমাক দেখি উচুপি উঠিছিল মাতৃয়ে। চলচলীয়া চকুপানীখিনি চকুতে লুকুৱাই হিমাক সুধিছিল- 'ভালে ভালে পালিহি তই?' এয়াইতো আত্মীয়তা। এতিয়া হিমা কেৱল ৰঞ্জিত দাস আৰু জোনালী দাসৰ কন্যা হৈ নাই। সমগ্ৰ ভাৰতবাসীৰেই কন্যা হৈ পৰিছে হিমা।
সলনি হোৱা নাই হিমা। বৰঝাৰ বিমান বন্দৰত দেউতাকক হিমাই আকোৱালি লৈছিল, বৰদেউতাক-বৰমাকক ভৰিত চুই সেৱা কৰিছিল। সংস্কাৰ হিমাই ভালদৰে জানে। সফলতাই হিমাক বহু ওপৰলৈ লৈ গৈছে, কিন্তু তলতেই আছে। দেউতাকে সকীয়াই থৈছে হিমাক। শংকৰদেৱ কলাক্ষেত্ৰত ভাষণ দি হিমাই কৈছিল- 'দেউতাই মোক কৈছিল, যিদিনাই তোৰ মনত অহংকাৰ আহিব, তই এই লাইনত আৰু থাকিব নোৱাৰিবি। তই ডুবি যাবি'।
এই কথাষাৰ হিমাই মনত ৰাখি থৈছে। হিমাৰ বাবে এয়া সৰু কথা নহয়। জীৱনলৈ বহুত সফলতা আহিব। উত্থান-পতনৰ মাজেৰেই জীৱন আগবাঢ়িব। কিন্তু হিমাই জানে ক'ত, কেতিয়া, কেনেকৈ সেইবোৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিব লাগে। এইবাবেতো হিমাই আজিৰ হিমা। সময়ৰ পাছত দৌৰে এই ছোৱালীজনীয়ে।
বৰঝাৰ বিমান বন্দৰৰ পৰাই হিমাই আগবাঢ়িছিল এখন অ'ডিত উঠি। বিমান বন্দৰৰ বাহিৰত ঢোলে-ডগৰে অতবৰীয়া বিহু। চৌদিশে মানুহবোৰে হিমাক এবাৰ চুই চাবলৈ,হিমাৰ মুখৰ সেই হাঁহিটো, হিমাৰ সফলতাৰ সেই মেডেল কেইটা চাবলৈ ৰৈ আছিল। হিমা ওলাই আহিল বিমান বন্দৰৰ পৰা। কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা। হিমাতো এতিয়া ৰাজ্যিক আলহী।
হিমাৰ দায়িত্ব ৰাজ্য চৰকাৰৰ। গাড়ীখন আগবাঢ়ি আহিছিল জালুকবাৰীৰ দিশে। হিমাই হঠাৎ দেখিলে এজাক মানুহ ৰৈ আছে বাটত। তাৰ পূৰ্বেই হিমাই অ'ডিৰ 'ছানৰুফ' খুলি দুহাত জোকাৰি অভিবাদন জনালে। পুষ্পবৃষ্টি হ'ল চৌদিশে। তাৰপাছত হিমাই দেখিলে তেওঁ আদৰিবলৈ ৰৈ থকা জনতাই বিহু জুৰিছে। অসমৰ মাটি-পানী খচকি ভালপোৱা হিমা ৰৈ থাকে কেনেকৈ? নামি আহিল গাড়ীৰ পৰা। জনতাৰ সৈতে হাত দাঙি হিমাই নাচিলে। এয়াইতো একাত্মতা, এয়াইতো আমাৰ হিমা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/hima-dance-1-750x430.jpg)
হিমা অহা গাড়ীখন জালুকবাৰীস্থিত সুধাকণ্ঠ ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰত ৰ'লহি। ৮ ছেপ্টেম্বৰ, ভূপেন হাজৰিকাৰ জন্মদিন। তাৰ এদিনৰ পূৰ্বে সুধাকণ্ঠৰ স্মৃতিস্থলীত সোমাই হিমাই এগচি চাকি জ্বলালে। এই কথা হিমাই কলাক্ষেত্ৰত ক'লে। কিয় ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰত সোমাল হিমা- 'সকলো কৰিবলৈ মন যায়। মোক আশীৰ্বাদ দিয়ক। বাকীখিনি এৰি দিয়ক মোৰ ওপৰত। সুধাকণ্ঠক স্মৰণ কৰিছো। মই যিখন বিছনাত শুইছিলো সেইখন বিছনাত এদিন সুধাকণ্ঠই কিছুসময়ৰ বাবে জিৰণি লৈছিল। মা-দেউতাই কৈছিল।' ভূপেন হাজৰিকাই সানিধ্যই হিমাক প্ৰেৰণা দিছিল, উৎসাহিত কৰিছিল। ভূপেন মামা বুলি মাতিছিল হিমাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/hima-sign-712x430.jpg)
হিমাৰ মনত তীব্ৰ জাতিপ্ৰেম। জাতিটোৰ প্ৰতি আছে হিমাৰ অপৰিসীম ভালপোৱা। সেয়ে কিবা সফলতাৰ পাছত হিমাই ৰাষ্ট্ৰীয় পতাকাৰ লগতে মেলি ধৰে এখন গামোচা। আনকি দিল্লীৰ চেম্পিয়ন ৱালত চহী কৰোতে হিমাই পাহৰি যোৱা নাছিল নিজকে অসমীয়া বুলি। ইংৰাজী, হিন্দী আখৰৰ মাজত হিমাই লিখিছিল স্বাক্ষৰ অসমীয়াত। এয়াইতো ভালপোৱাৰ প্ৰমাণ জাতিটোক, ভাষাটোক।
কলাক্ষেত্ৰত হিমাই বহু কথা কৈছে। ১৯ বছৰীয়া ছোৱালী এজনীৰ উপলব্ধিৰ সন্মুখত সকলো মৌন শ্ৰোতা। কি মুখ্যমন্ত্ৰী, কি ৰাজনীতিৰ বাঘা বাঘা নেতা। সকলোৱে মূৰ দুপিয়াই শুনিছিল কেৱল হিমাৰ ভাষণ। গভীৰ উপলব্ধিৰে হিমাই কোৱা এটা এটা বাক্য, শব্দই বুকু চুই গৈছিল। হিমাই কৈছিল লাচিতৰ কথা।
হিমাৰ বিশ্বাস আৰু দৃঢ়তাত আছে ভৱিষ্যতৰ অসমৰ নতুন প্ৰজন্মৰ খেলুৱৈক লৈ বহু সপোন। মুখ্যমন্ত্ৰীক হিমাই কৈছিল কিছু কথা। খেলুৱৈ গঢ়িবলৈ কেৱল টকা নালাগে। টকা লৈ খেলুৱৈক দিবলৈ ৰৈ আছো বুলি কোৱা এজন নেতাক হিমাই দিছিল যোগ্যপ্ৰত্যুত্তৰ। এয়া নেতিবাচক নাছিল, আছিল ইতিবাচক দৃষ্টিভংগী। হিমাই জানে সফলতা কেনেকৈ আহে। হিমাই বুজে সহজ পথেৰে নাহে সফলতা।
হিমাৰ ভাষণত প্ৰতিটো শব্দই আছিল একো একোটা বাৰ্তা। কি ৰাজনৈতিক নেতা, কি সমাজ, কি জাতীয় দল-সংগঠন? সকলোকে সামৰি হিমাই জনোৱা আহ্বানত আছিল সাম্প্ৰতিক সময়ৰ প্ৰতিফলন। ৰাজ্যৰ ২৭টাকৈ জাতি-জনগোষ্ঠীৰ দল-সংগঠনক হিমাই কৈছিল- প্ৰতিবাদতেই আপোনালোকে সীমাৱদ্ধ নাথাকিব। আপোনালোক প্ৰত্যেকেই এজন এজন খেলুৱৈ-শিল্পীক উলিয়াই আনক। বিদ্যালয়-মহাবিদ্যালয়লৈ যাওঁক। হিমাৰ এই আহ্বানত আছিল দৃঢ়তা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/hima-speecbhhk-k.jpg)
বিধায়কসকলকো হিমাই একে আহ্বান জনাইছিল। হিমাই জানে গাঁৱতে পৰি আছে কত ৰত্ন। সেইবোৰ বুটলি উলিয়াই আনিব পাৰিলেই অসমৰ ক্ৰীড়াক্ষেত্ৰ সমৃদ্ধশালী হ'ব। প্ৰধানমন্ত্ৰীৰ কাষলৈ যোৱা মুহূৰ্তৰ কথা হিমাই স্মৰণ কৰিছিল ভাষণত। ৰাজ্য অনুযায়ী প্ৰধানমন্ত্ৰীৰ সৈতে ফটো উঠিবৰ বাবে খেলুৱৈসকলক মতা হৈছিল। হাৰিয়ানাৰ পৰা এইবাৰ ১৮জনে পদক পাইছে। কিন্তু অসমৰ পৰা কেৱল হিমা। হিমাৰ অলপ সংকোচ হৈছিল।
হিমাই তেতিয়াই ভাবিছিল- এইবাৰ মই অকলে, অহাবাৰ অন্তত ১০জন অসমৰ খেলুৱৈয়ে সুযোগ পাব প্ৰধানমন্ত্ৰীৰ সৈতে ফটো উঠিবলৈ। এয়াই হিমাৰ কল্পনা, যি কল্পনা কেতিয়াও অবাস্তৱ নহয়। অসমক ক্ৰীড়া ৰাজধানী হিচাপে গঢ়ি তুলিব খোজা হিমাই মুখ্যমন্ত্ৰীক মুকলিকৈ আহ্বান জনাইছিল- ৰাজ্য চৰকাৰে গাঁৱৰ খেলুৱৈসকলৰ বাবে চিন্তা কৰিবলৈ। আৰু লগতে কৈছিল- আমাৰ দেহত লাচিতৰ তেজ আছে, আমি কিয় নোৱাৰিম? সম্বৰ্ধনা অনুষ্ঠানটোত উপস্থিত থকা খেলুৱৈসকলক উৎসাহিত কৰিবলৈ নিজৰ উদাহৰণ দি কৈছিল- আজি মই পাইছো এই সন্মান, কাইলৈ তোমালোকে পাব লাগিব। কষ্ট কৰা।
বহুদিনৰ মূৰত অসমীয়াত কথা কৈছিল হিমাই। সেয়াও হিমাৰ বাবে এক ভাল লগা বিষয়- 'বহুদিনৰ মূৰত মাতৃভাষাত কথা কৈছো। ভাল লাগিছে। লক্ষ্য সকলোকে লাগে। এছিয়ান গেমছত পদক জয়ো ইমান সহজ নহয়। আপোনালোকে মোক আশীৰ্বাদ কৰক। বাকীখিনি মোৰ ওপৰত এৰি দিয়ক। অলিম্পিকত মেডেল লাগে বুলি সকলোৱে কৈছে। মই চেষ্টা কৰিম। পইছা সকলোকে লাগে। টকাই পিছে সকলো নহয়। আজি মোক দিছে, আমাৰ বাকী খেলুৱৈসকলেও পাব। মেডেল জয় কৰক সকলোৱে।'
সময়ৰ পিছত দৌৰে হিমাই, মেডেলৰ পিছত হিমাই কেতিয়াও নদৌৰে। হিমা এক সঁচা প্ৰতিভা। হিমাৰ প্ৰতিভা জন্মগত। তাক কৰ্ষণ কৰিছিল তিনিজন মানুহে। সেই তিনি গুৰুক স্মৰণ কৰিবলৈ হিমাই পাহৰা নাছিল। গুৰুক স্মৰণ কৰাৰ লগতে এই গুৰুসকলক উপযুক্ত সন্মান দিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনাইছিল হিমাই- 'নিপন ছাৰ-নৱজিত ছাৰে মোক টানি আনিছিল গুৱাহাটীলৈ। মোক পাৰ্যমানে সহায় কৰিছিল পুতুল ছাৰে। চামছুল ছাৰৰ নামো মই লবই লাগিব। তেখেতসকলে মোক কিমান সহায় কৰিছে সেয়া কৈ শেষ কৰিব নোৱাৰি। মোৰ কাৰণে আজি অসমে গৌৰৱ কৰিছে তাৰ কাৰণে মই ভাল পাইছো। কিন্তু মই অসমক লৈ গৌৰৱ কৰো। লাচিতৰ তেজ আছে ন… অসমীয়া ন আমি… থাকিবই…। আমাক যিসকলে উলিয়াই আনিছে, আমাক যিসকলে প্ৰশিক্ষণ দিছে তেখেতসকলকো চৰকাৰে উপযুক্ত সন্মান দিব লাগে। মোক যি সন্মান দিছে তাৰ বাবে চৰকাৰক ধন্যবাদ জনাইছো। কিন্তু চৰকাৰে প্ৰশিক্ষকসকলকো সন্মান জনোৱা উচিত…।'
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/hima-n-two-couch-750x430.jpg)
কি উজ্জীৱিত ভাষণ আছিল এয়া। মাজে মাজে হিমাই ৰসিকতাৰ চলেৰে কৈ দিয়ে বহু সঁচা কথা। সেই কথাবোৰৰ মাজতেই হিমা নামৰ ছোৱালীজনীয়ে নিজকে যে প্ৰতিটো মুহূৰ্ততে বিচাৰ-বিশ্লেষণ কৰে তাৰ উমান পোৱা যায়। বেয়াখিনি এৰি দি হিমাই সাঁচি থৈ ভালখিনি। হিমাই কৈছিল-'মই আজি-কালি অলপ ষ্টাইল কৰিব শিকিছো। মই দিল্লীৰ পৰা আহোতে এটা জীনছ পেন্ট পিন্ধি আহিছিলো, মাজে মাজে ফঁটা।' সেইটো আজি কালি ষ্টাইল। কিন্তু দেউতাকে হেনো হিমাক সুধিছিল- 'তই এইতোহে পালি পিন্ধিবলৈ?' কলাক্ষেত্ৰত হিমাক সেই ৰূপত দেখা পোৱা যোৱা নাছিল। হিমাই সলাইছিল পেন্টটো, কপালত সৰুকৈ লৈছিল এটা বগা ফোঁট। এয়াইতো আত্ম বিশ্লেষণ।
'সময়ৰ কথা হিমাৰ ভাষাত- 'মই সময়ৰ পিছত দৌৰি ভাল পাওঁ। সেয়ে এই পথটো বাছি লৈছো। অলিম্পিকৰ লক্ষ্য লৈছো। কিন্তু মই টাইমিঙকহে গুৰুত্ব দিওঁ। পদক পিছৰ কথা। '
নতুন প্ৰজন্ম তথা যুৱক-যুৱতীসকলক হিমাই আহ্বান জনাইছিল- 'ৰাতিপুৱা সকলোৱে অলপ সোনকালে উঠি খোজ কাঢ়ক। সকলোৰে দেহ-মন ভাল লাগিব। স্বাস্থ্য ভাল হ'ব। ডেকাসকলে মদ-ভাং এৰি দিব। এইখিনিয়ে ক'বলগীয়া। মন যায়। মন যায়। যিকোনো কৰিবলৈ মন যায়। বেয়াতো বাদ দি সকলো ভাল কৰিবলৈ মন যায়।' হিমাৰ এই আহ্বান নতুন প্ৰজন্মই হয়তো শুনিব। অৱক্ষয় সমাজৰ বাবে হিমাৰ এই আহ্বান এক ডাঙৰ বাৰ্তা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/Hima-Das-at-Guwahati-14-750x430.jpg)
হিমাই প্ৰতিটো কথাই বৰ সুক্ষ্মভাৱে বিশ্লেষণ কৰে। কোনোবাই হিমাক সমালোচনা কৰিছিল। হিমাক কৈছিল- 'ফেচবুক বাদ দিয়ক, খেলত মন দিয়ক।' হিমাই তাৰো প্ৰত্যুত্তৰেই যেন দিছিল ভাষণত- 'ফেচবুক চাও। ফেচবুকৰ পৰা বহুত কথাই জানিব পাৰো। বহুত কথাই শিকিছো ফেচবুকৰ পৰা। অসমলৈ আহিবলৈ জপিয়াই আছিলো। প্ৰধানমন্ত্ৰীক লগ পালো। প্ৰধানমন্ত্ৰীয়ে আমাক লগ পাই আৱেগিক হৈ গৈছিল। মা-দেউতাৰ ওচৰত চিৰ-কৃতজ্ঞ, প্ৰশিক্ষকৰ ওচৰত চিৰ কৃতজ্ঞ। মুখ্যমন্ত্ৰী ছাৰে অসমৰ ক্ৰীড়াক্ষেত্ৰৰ বাবে যি আঁচনি ঘোষণা কৰিছে তাক আদৰণি জনাইছো।'
অসমৰ প্ৰতিটো খবৰ প্ৰতিটো মুহূৰ্ততে ব্যস্ততাৰ মাজতো হিমাই ৰাখে। ডকমকা কাণ্ড, দিখৌ পথ দুৰ্ঘটনা, উত্তৰ গুৱাহাটীৰ নাও দুৰ্ঘটনা সকলো খবৰেই হিমাৰ হাতত আছে। অসমক কোনো মুহূৰ্ততেই যেন হিমাই পাহৰি নাযায়। বিদেশত থাকিলেও হিমাই মনত লৈ ফুৰে কেৱল অসম। এই ঘটনাবোৰত নিহতসকলৰ প্ৰতি শোক ব্যক্তি কৰি হিমাই কোৱা কথাষাৰ আছিল- 'এইকেইদিন ডকমকাকে আদি কৰি যিবোৰ ঘটনা হ'ল দুখ লাগিছে। সকলো আহি আকৌ অসমতে জন্ম লওক।'
মাটিৰ সৈতে সু-সম্পৰ্ক আছে হিমাৰ। স্বৰ্ণ কন্যা হিমাই এই মাটিৰ সম্পৰ্ক এৰি দিয়া নাই। জাতীয় চেতনাক পাহৰি যোৱা নাই। সময়ৰ সঠিক ব্যৱহাৰেই হিমাৰ সফলতাৰ মূল ধন। সকলো বিষয়তে হিমাৰ পৰ্যবেক্ষণ আছে। সেয়েহে হিমা এতিয়া অদ্বিতীয়। প্ৰতিটো কথাতেই হিমাৰ দৃঢ়তা ফুটি উঠিছিল। হিমাৰ মুখত ফুটি উঠিছে টগবক সপোন। দৃঢ়তা, একাগ্ৰতা আৰু নিষ্ঠাৰে হিমাই সকলো কৰিব বিচাৰিছে। হিমাক অসমৰ ক্ৰীড়াক্ষেত্ৰৰ ব্ৰেণ্ড এম্বেছাডৰ হ'ল। হিমা গৈছিল সৰুসজাইলৈ। ট্ৰেকত চুমা খাই সেৱা লৈছিল। হিমাৰ বাবে সেয়াই তেওঁৰ মন্দিৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/1-minit-750x430.jpg)
দুবছৰৰ বাবে হিমাই এই দায়িত্ব পালন কৰিব। আচলতে হিমা অসমৰেই নহয়, ভাৰতৰ ক্ৰীড়া ক্ষেত্ৰৰ আইকণ। ইমান কম সময়ৰ ভিতৰত হিমাই প্ৰতিদিনেই কেৱল গঢ়িলে আৰু ভাঙিলে অভিলেখ। ইমান দিনে হিমাই ট্ৰেকত দৌৰি সোণ বা ৰূপৰ পদক লাভ কৰিছিল। হিমাই সন্মুখত শুকুৰবাবে বহু বাঘা বাঘা মানুহ। সেইসকল আছিল শ্ৰোতা। হিমাই কৈছিল- 'আপোনালোকৰ ভাষণ শুনো।' কিন্তু কলাক্ষেত্ৰত তেওঁলোকেহে শুনিব লগা হ'ল হিমাৰ ভাষণ।
হিমাই কৈ যোৱা কথাবোৰ শুনি জাউৰীয়ে জাউৰীয়ে হাতচাপৰি পৰিলে। হিমাই আজি আৰু এটা সোণৰ পদক লাভ কৰিলে! সেই পদক দৌৰৰ বাবে নহয়, সই পদক হিমাই পালে ভাষণৰ বাবে। গভীৰ উপলব্ধিৰে হিমাই মনৰ কথাবোৰ কৈ যাওঁতে কোনোৱেই তলকিবই নোৱাৰিলে কেতিয়া পাৰ হৈ গ'ল ২০ মিনিট সময়। আজি আকৌ হিমা উজ্বলিল। জাকাৰ্টাৰ পাছত হিমা উজ্বলিল কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত। চাব্বাছ হিমা!