/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/guna-mahanta-spcl.jpg)
ডিম্পুল বৰগোহাঁই
মাটিৰ মানুহ আছিল তেওঁ। সকলোকে কন্দুৱাই আজি তেওঁ গুচি গ'ল। মৃত্যুৰ আগমুহূৰ্তলৈকে তেওঁ আছিল অত্যন্ত ব্যস্ত। ৰাতি ১ বজালৈকে শুবলৈ যোৱা নাছিল মানুহজন। অত্যন্ত সৰল মনৰ মানুহ আছিল তেওঁ। কাৰোবাৰ বাবে গুণ দা, কাৰোবাৰ বাবে গুণ খুড়া আৰু অসমৰ দৰ্শকৰ বাবে আছিল অভিনেতা গুণ মহন্ত।
অভিনয় তেওঁৰ প্ৰাণত আছিল। মুখত লাগি আছিল এমুকুৰা হাঁহি। জীৱনটো তেওঁ অভিনয় আৰু সামাজিক কাম-কাজতে উৎসৰ্গা কৰিছিল। এখন বিদ্যালয় চলাইছিল তেওঁ। সেই বিদ্যালয়তে ৰাখি বন্ধনৰ অনুষ্ঠান পাতিছিল। সেই অনুষ্ঠানত হাঁহি-মাতি আছিল মানুহজন। কোনে ভাবিছিল দেওবাৰৰ দিনটোৱে হ'ব তেওঁৰ শেষ দিন।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/guna-da-rip-750x430.jpg)
২৭ আগষ্ট, সোমবাৰ, ২০১৮। ৰাতিপুৱাই আহিল এটা বেয়া খবৰ। দেওবাৰে হাঁহি মাতি থকা মানুহজন হঠাৎ নাইকিয়া হৈ গ'ল। হৃদৰোগত আক্ৰান্ত হৈছিল পুৱাই। তেওঁক লৈ যোৱা হৈছিল নগাঁৱৰ জে ডি হাস্পতাললৈ । কিন্তু চিকিৎসালয় গৈ নাপালে। আদবাটতেই নুমাই গ'ল জীৱনৰ চাকি। সংগ্ৰাম আৰু সংস্কৃতিৰ ক্ষেত্ৰখনত তেওঁ মু্ক্ত বিচৰণ কৰিছিল। অসমৰ দৰ্শকে তেওঁৰ বলিষ্ঠ অভিনয় দেখিছিল। নাম কৈ শেষ কৰিব নোৱাৰা ছবি, নাটকত অভিনয় কৰিছিল এইজন গুণ মহন্তই।
কেতিয়াবা ছিৰিয়াছ চৰিত্ৰত আৰু আন কেতিয়াবা ধেমেলীয়া চৰিত্ৰত অভিনয় কৰিছিল তেওঁ। কিন্তু কোনো দিনাই অভিনয় কৰা নাছিল খলনায়কৰ চৰিত্ৰত। ৫ বছৰ ধৰি তেওঁ আন এক ৰোগতো ভোগি আছিল। স্নায়ুজনিত ৰোগত ভোগি আছিল গুণ মহন্ত। কিন্তু দৰ্শকে এই কথা গমেই পোৱা নাছিল। ৰহমান হাস্পতালত তেওঁৰ চিকিৎসা চলিছিল। কোনো ৰাজনৈতিক দলত তেওঁ নাছিল, কিন্তু সকলোৰে সৈতে আছিল। ব্যক্তিগত সুসম্পৰ্ক আছিল সকলোৰে সৈতে। সেয়েহে আজি তেওঁৰ মৃত্যুৰ খবৰ পাই সকলো দৌৰিছিল তেওঁৰ কাষলৈ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/guna-last-9999-750x430.jpg)
বলিষ্ঠ এই অভিনেতাগৰাকীয়ে ৰজাঘৰৰ ওচৰত কোনোদিনে ভিক্ষা মগা নাছিল। স্বীকৃতি-সন্মান এইবোৰলৈ গুণ মহন্তই হাবিয়াস নকৰিছিল। সেয়েহে হয়তো তেওঁৰ দৰে এজন শিল্পীয়ে কোনো বঁটা বা বাহন, আনকি শিল্পী পেঞ্চনটোও পোৱা নাছিল। অৱশ্যে তেওঁ কেতিয়াও শিল্পী পেঞ্চন বিচাৰি আবেদনেই কৰা নাছিল। ৰাইজে তেওঁক ভাল পাইছিল, মৰম দিছিল। এয়াই আছিল তেওঁৰ বাবে ডাঙৰ স্বীকৃতি। ভাওনাৰে অভিনয় জীৱন আৰম্ভ কৰিছিল গুণ মহন্তই।
চিৰকুমাৰ হৈয়ে ৰৈ যোৱা এই বিশিষ্ট অভিনেতাগৰাকীক শেষ বিদায় জনাবলৈ সকলো আহিল। সময় নহ'ল কেৱল ৰজাঘৰৰ। তেওঁৰ দৰে শিল্পী এজনক ৰাজ্যিক মৰ্যাদাৰে শেষ বিদায় দিয়াতো বিচাৰিছিল নগাঁৱৰ ৰাইজে। কিন্তু এইবোৰ কথালৈ মন দিবলৈ সময় বা ক'ত চৰকাৰৰ। সেয়েহে ক্ষোভিত নগাঁওবাসী।
গুণ মহন্তৰ জন্ম হৈছিল ১৯৪৬চনত। নগাঁৱতেই থাকি ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ পৰা গুণ মহন্তই অভিনয়ৰ বাবে গুৱাহাটীমুখী হৈছিল। কিন্তু কেতিয়াও গুৱাহাটীত থাকি যোৱা নাছিল। তেওঁৰ মন-প্ৰাণ আছিল নগাঁৱত। দেওবাৰে অৰ্থাৎ মৃত্যুৰ আগদিনাও তেওঁ অভিনয় কৰা ছিৰিয়েল সম্প্ৰচাৰ হৈছিল।
অত্যন্ত বিনম্ৰ আৰু সৎ ব্যক্তিত্বৰ অধিকাৰী আছিল গুণ মহন্ত। নতুনক সদায় তেওঁ যিখিনি জানে শিকাব বিচাৰিছিল। সমানে তেওঁ নতুনৰ পৰা শিকিছিল। সেই সৰলতাৰ বাবেই, এই বিনম্ৰতাৰ বাবেই সকলোৰে হৃদয় জয় কৰিছিল এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাই। অসমৰ সাংস্কৃতিক জগতত শূন্যতাৰ সৃষ্টি কৰি গুণ মহন্ত গুচি গ'ল। থৈ গ'ল তেওঁৰ গুণ-গৰিমা। সেয়েহে তেওঁৰ অন্তিম যাত্ৰাত ইমান ভিৰ। সকলোৱে আৱেগেৰে সুঁৱৰিছে তেওঁক। শেষ শ্ৰদ্ধা জনাই উচুপিছে গুণমুগ্ধই। শ্মশানত দাউ দাউকৈ জ্বলা ৰঙা জুই কুৰাৰ ফালে চাই দুচকুত শোকৰ চকুপানী লৈ কৈছে- 'বিদায় গুণ দা, বিদায়…।'