/asomiyapratidin/media/media_files/2025/09/19/ap-for-web-new-bikhekh-lekha-1-2025-09-19-11-21-27.jpg)
মৃদুল কুমাৰ সন্দিকৈ
এইখন চৰকাৰৰ কাম-কাজক লৈ কিমান সন্তুষ্ট হ’ব পাৰে জনসাধাৰণ তাৰ প্ৰমাণ চৰকাৰী কাম-কাজতে ওলাই পৰে। ২২ ছেপ্তেম্বৰ ২০২৫ ত অনুষ্ঠিত হ’ব বিটিচিৰ ৪০ টা পৰিষদীয় সমষ্টিৰ বাবে ভোটগ্ৰহণ।
সেই ভোটগ্ৰহণৰ বাবে প্ৰয়োজন আছিল প্ৰায় ৩১ লক্ষাধিক বেলট কাকতৰ। এই বেলেট কাকতেই ছপা কৰিব পৰাৰ সামৰ্থ নাই অসম চৰকাৰৰ। গোপনীয় সেই বেলট কাকতসমূহ ছপা কৰিবলগীয়া হৈছে ব্যক্তিগত ছপাশালত।
উল্লেখযোগ্য যে, চৰকাৰী গোপনীয় ছপাৰ কাম-কাজ কৰা হয় বামুণীমৈদামত থকা চৰকাৰী ছপাশালত। গেজেট, বাজেট, আন চৰকাৰী কাগজ-পত্ৰ সাধাৰণতে এই চৰকাৰী ছপাশালতে ছপা কৰাৰ নিয়ম।
সেই নিয়ম ভংগ কৰি ছপাশালৰ কৰ্মচাৰীসকলৰ গাত দোষ জাপি মুদ্ৰণ আৰু লেখন সামগ্ৰী সঞ্চালকে চৰকাৰী অনুমোদিত আন ব্যক্তিগত ছপাশালত বিটিচি নিৰ্বাচনৰ বাবে প্ৰয়োজনীয় প্ৰায় ২৩ লাখ বেলেট ছপা কৰিবলগীয়া হৈছে। জানিব পৰা মতে ছপাশালৰ কৰ্মচাৰীৰ সৈতে চলি আছে এই বিভাগটোৰ সঞ্চালকগৰাকীৰ তীব্ৰ সংঘাত।
দেখাত এটা বিয়াগোম বিভাগ তথা বিভিন্ন শাখা-প্ৰশাখা থকা এই চৰকাৰী ছপাশালত বহু কেইটা অত্যাধুনিক ছপা মেচিনো আছে। সঞ্চালক, যুটীয়া সঞ্চালক, তিনিজন সহকাৰী সঞ্চালক থকা চৰকাৰী ছপাশালটোতে বৰ্তমান নিয়োজিত হৈ আছে ১৬০ জনৰো অধিক বিষয়া-কৰ্মচাৰী।
বামুণীমৈদামৰ এই ছপাশালত অফছেট শাখা, ৰিটেইল পেপাৰ ষ্টোৰ, কনফিডেন্সিয়েল শাখা, গেজেট বাইণ্ডিং ৰুম, ফ’ল্ডিং ৰুম, অ’ল্ড ডিটিপি ৰুম, চিটিপি ৰুম, ডেছপাৰ্ছ ৰুম, জেনেৰেল বাইণ্ডিং আদি বহু বিভাগ আছে। লক্ষ্যণীয়ভাৱে বিটিচি নিৰ্বাচনৰ বাবে ৩১ লক্ষাধিক বেলেট কাকতৰ মাত্ৰ ৮ লাখহে এই চৰকাৰী ছপাশালত ছপা কৰা হৈছে।
ইয়াৰে ৪০ নং ৰৌতা (এছ টি) সমষ্টিৰ বাবে ১ লাখ ৩ হাজাৰ ৪৪৭ খন বেলেট ছপা কৰা হৈছে এই ছপাশালত। যিবোৰ ১২ ছেপ্তেম্বৰত ৮০ টা ট্ৰাঙ্কত ভৰাই এন এল ০১ এএফ ০২২৬ নম্বৰৰ গাড়ীখনৰ জৰিয়তে এই ছপাশালৰ পৰা প্ৰেৰণ কৰা হৈছে।
একেখন গাড়ীতে ৩১ নং খৈৰাবাৰী (এছ টি) পৰিষদীয় সমষ্টিৰ বাবে ছপা কৰা ৬৬,৪৬৪ খন বেলেট পেপাৰো প্ৰেৰণ কৰিছে এই ছপাশালত ছপা কৰি। চৰকাৰী ছপাশালটোত বিটিচি নিৰ্বাচনৰ বাবে ছপা কৰা বেলটবোৰৰ ভিতৰত আছে ৩২ নং ভেৰগাওঁ (এছ টি) পৰিষদীয় সমষ্টিৰ বাবে ৬৭,২০১ খন বেলট পেপাৰ।
৩৩ নং নোনাই ছেৰফাং (নন-এছটি) পৰিষদীয় সমষ্টিৰ বাবে ৬১,৯৫৯ খন বেলেট পেপাৰ, ৩৫ নং মুদৈবড়ী (মুক্ত) পৰিষদীয় সমষ্টিৰ বাবে ৮৪,৯০৪ খন বেলেট পেপাৰ, ৩৬ নং হৰিশিঙা (এছ টি) পৰিষদীয় সমষ্টিৰ বাবে ৮৪,৭৮০ খন বেলেট পেপাৰ, ৩৯নং পাঁচনৈ ছেৰফাং পৰিষদীয় সমষ্টিৰ বাবে ৮৯,৯৫ খন বেলেট পেপাৰ, ৩৮ নং ভৈৰৱকুণ্ড (এছ টি) পৰিষদীয় সমষ্টিৰ বাবে ৭৮,৫২৯ খন বেলেট পেপাৰ এই চৰকাৰী ছপাশালটোত ছপা কৰা হৈছে।
উল্লেখযোগ্য যে, কেৱল ওদালগুৰি জিলাৰ অন্তৰ্গত বিটিচি পৰিষদীয় সমষ্টি কেইটাৰ বাবেহে এই ছপাশালত প্ৰয়োজনীয় বেলেট পেপাৰ ছপা কৰা হয়। তাৰ বিপৰীতে বাক্সা জিলাৰ বাবে ৫.২৫ লাখ বেলেট পেপাৰ, তামোলপুৰৰ বাবে ৪.৭৬ লাখ বেলেট পেপাৰ, কোকৰাঝাৰৰ বাবে ৮.৫০ লাখ বেলেট পেপাৰ আৰু চিৰাঙৰ বাবে ৪.৫ লাখ বেলেট পেপাৰ ব্যক্তিগত ছপাশালত ছপা কৰাৰ ব্যৱস্থা কৰা হয়।
যিহেতু নিৰ্বাচনৰ ক্ষেত্ৰত বেলট পেপাৰ অতি গোপনীয় আৰু স্বচ্ছ, নিকা নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ ব্যক্তিগত খণ্ডৰ বিপৰীতে চৰকাৰী ছপাশালতে ইয়াৰ ছপাৰ ব্যৱস্থা কৰিব লাগে যদিও সেই কাম কিয় চৰকাৰে কৰিব নোৱাৰিলে তাক লৈ এতিয়া প্ৰশ্ন উঠিছে। নিৰ্বাচনৰ ক্ষেত্ৰত এয়া এক কঠোৰ দায়িত্ব আৰু সেই কৰ্তব্য পালন কৰাতো এটা চৰকাৰী বিভাগৰ বাবে বাধ্যতামূলক।
তেনে ক্ষেত্ৰত মুদ্ৰণ আৰু লেখন সামগ্ৰী বিভাগৰ সঞ্চালক মুকুট ফুকনৰ এনে বিফলতা সমগ্ৰ চৰকাৰী ব্যৱস্থাটোৰেই ফোপোলা স্বৰূপ উদঙাই দিছে। জানিব পৰা মতে ৰাজভৱনৰ পৰা অলপতে অহা এটা কামো চৰকাৰী ছপাশালৰ বিপৰীতে ব্যক্তিগতখণ্ডৰ ছপাশালত ছপোৱা হৈছিল।
উল্লেখযোগ্য যে, এই ছপাশালত কৰ্মৰত সংখ্যা পূৰ্বতে ৫০০ ৰো অধিক আছিল যদিও বৰ্তমান তাৰ এক তৃতীয়াংশহে আছেগৈ। কাৰিকৰী বিভাগত কৰ্মৰত কৰ্মচাৰীসকলে এনে চৰকাৰী গোপনীয় আৰু তাৎক্ষণিক কামৰ বাবে অত্যাধিক কামৰ বোজা ল’বলগীয়া হয়।
পুৱা ১০ বজাৰ পৰা পুৱতি নিশালৈকে কৰ্মচাৰীসকলে কাম কৰাৰ বাবদ তেওঁলোকক কিছু টকা ‘অভাৰ ডিউটি’ৰ বাবে দিয়া হৈছিল। ২০২৩ তো ৰেচন কাৰ্ড ছপাৰ সময়ত ছপাশালটোৰ বহু কৰ্মচাৰীক অতিৰিক্ত কামৰ দায়িত্ব দিয়া হৈছিল যদিও সেই কামৰ বাবদত তেওঁলোকক ‘অভাৰ টাইম’ৰ ভাট্টা আজিও প্ৰদান নকৰিলে।
বৰ্তমান জি এছ টিৰ কাম চলি আছে এই চৰকাৰী ছপাশালত। ২৪ ফেব্ৰুৱাৰী ২০২৪ ত বিত্ত বিভাগৰ নিৰ্দেশ মৰ্মে সঞ্চালক ফুকনে ছপাশালটোত ‘অভাৰ টাইম’ ভাট্টা দিয়া বন্ধ কৰে। তাৰ পাছত ছপাশালটোৰ কৰ্মচাৰীসকলে পূৰ্বৰ নিয়ম অনুসৰি সেই ভাট্টা প্ৰদানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সঞ্চালকগৰাকীলৈ ১০ খনৰো অধিক পত্ৰ প্ৰেৰণ কৰিছিল।
এই পত্ৰবোৰৰ কোনো গুৰু্ত্ব নিদিয়ে সঞ্চালক ফুকনে। যাৰবাবে ৬ ছেপ্তেম্বৰ, ২০২৫ ত ছপাশালৰ প্ৰবেশদ্বাৰৰ সন্মুখত ছপাশালটোৰ কৰ্মচাৰীসকলে বিক্ষোভৰ কাৰ্যসূচীও হাতত লৈছিল।
ছপাশালটোৰ প্ৰতি চৰকাৰৰ উদাস নীতি আৰু উচ্চ পদস্থ বিষয়াসকলৰ ৰহস্যজনক স্থিতিয়ে অতি প্ৰয়োজনীয় এই ছপাশালটোক এতিয়া পংগু কৰি তুলিছে। উল্লেখযোগ্য যে, কোনো লোকে নাম শুধৰণি বা সলনি কৰিলে বাতৰি কাকতত বিজ্ঞাপন ৰূপত সেয়া প্ৰচাৰ কৰি ছপাশালটোৰ পৰাই গেজেট নটিফিকেচন উলিয়াব লাগে।
দূৰ-দূৰণীৰ পৰা ইয়াৰ বাবে প্ৰতিদিনেই এই ছপাশালটোলৈ মানুহ আহে। অনলাইন যোগে সেই কাম কৰাৰ ব্যৱস্থা কৰিলে বহু সুবিধা হয় যদিও এতিয়ালৈকে এই প্ৰক্ৰিয়া অনলাইন হোৱা নাই।
বিটিচি নিৰ্বাচনৰ বেলেট পেপাৰ চৰকাৰী ছপাশালৰ বিপৰীতে ব্যক্তিগত খণ্ডৰ ছপাশালত দিবলগীয়া হোৱা ঘটনাই চৰকাৰী বিভাগসমূহৰ আন্তঃগাঁথনিৰ এখন ছবি উদঙাই দিছে। সাধাৰণতে নিৰ্বাচনী কৰ্তব্যত গাফিলতি কৰাৰ অভিযোগত বিষয়া, কৰ্মচাৰীক নিলম্বনৰ দৰে কঠোৰ শাস্তি বিহা হয়।
চৰকাৰী ছপাশালে বেলেট পেপাৰ ছপা কৰি নিদিয়া বা কৰি দিব নোৱাৰা এই ঘটনাৰ বাবে এতিয়া চৰকাৰ আৰু আয়োগে কি ব্যৱস্থা লয় সেয়া লক্ষ্যণীয় হৈ পৰিব। আপাত দৃষ্টিত ৰাজ্যৰ এক গুৰুত্বপূৰ্ণ নিৰ্বাচনৰ বাবে ব্যক্তিগত ছপাশালত বেলেট পেপাৰ ছপাবলগীয়া হোৱা ঘটনা নজিৰবিহীন ৰূপে বিবেচিত হৈছে।
এয়া চৰকাৰৰ এক ডাঙৰ বিফলতা। চৌদিশে সফলতাৰ জয়গান গোৱা ড০ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে কি কাৰণত চৰকাৰী ছপাশালত বেলেট পেপাৰ ছপা কৰিব নোৱাৰিলে তাৰ উত্তৰ দিবনে? ছপাশালটোত নিয়োজিত কৰ্মচাৰী আৰু বিষয়াৰ মতে এই কাম চৰকাৰী ছপাশালতে কৰাতো সম্ভৱ আছিল যদিও সঞ্চালক গৰাকীৰ দায়িত্বহীনতাৰ বাবেই সেয়া সম্ভৱপৰ নহ’ল।