/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/centr-dikhou-urt.jpg)
মৃদুল কুমাৰ সন্দিকৈ
(১)
মৃত্যু আহে কেতিয়া? কোনে জানো জানে, নাজানে কোনোৱে, নাজানে একোকে…
শুকুৰবাৰে খানাপাৰাৰ সুৰুযপুৰত থকা ভাড়াঘৰটোৰ পৰা ওলাই গৈছিল হৰেণ বৰাৰ পৰিয়াল। এ এছ ০১ ডি কিউ ৯৭৮৮ নম্বৰৰ ছুইফট ডিজায়াৰখনত উঠি শিৱসাগৰৰ গাঁৱৰ ঘৰলৈ গৈছিল তেওঁলোক।
খানাপাৰাৰ এই ঘৰটোত তেওঁলোক বাস কৰিছিল ১৯৯৪চনৰ পৰাই। সকলোৰে সৈতে এক আত্মীয়তা গঢ় লৈ উঠিছিল পৰিয়ালটোৰ। ভাড়াঘৰত থাকিলেও প্ৰায় ২৪বছৰ ধৰি এই ঠাইত বাস কৰা সূত্ৰে সকলোৱে পৰিচিত হৈ পৰিছিল হৰেণ বৰা আৰু তেওঁৰ পৰিয়াল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/haren-bora-home-750x430.jpg)
এতিয়া এই ঘৰটো জনশূন্য। ভিতৰ ফালৰ পৰা তলা মৰা আছে ঘৰটোত। বাৰন্দাত আছে দুখন প্লাষ্টিকৰ খালী চকী, জোতা থোৱা এটা ষ্টেণ্ড আৰু সন্মুখত এটা হেলমেট। তাৰ তলতেই পৰি আছে এযোৰ চেণ্ডেল। ঘৰখনৰ সন্মুখত থকা প্ৰত্যেকটো বস্তুৱে যেন শূন্যতাৰে ইংগিত দি গৈছে।
সেইদিনা ব্যক্তিগত চালকে চলাই নিয়া গাড়ীখনত আছিল হৰেণ বৰা, পত্নী মাধৱী বৰা, তেওঁলোকৰ দুই কন্যা দিক্ষীতা, নিক্ষীতা আৰু মাতৃ পণৌ বৰা। কুশলে গৈ গৌৰীসাগৰৰ নকটানী গাঁৱৰ পুৰণি ঘৰ পাইছিল গৈ তেওঁলোক।
শনিবাৰে দিখৌমুখৰ ৰঘুবাৰীৰ এটা সম্বন্ধীয় পৰিয়ালৰ ঘৰলৈ ফুৰিবলৈ আহিছিল পুৰণি ঘৰৰ পৰা। চালকৰ আসনত আছিল হৰেণ বৰা। ব্যক্তিগত চালকজনক বিশ্ৰাম ল'বলৈ দি হৰেণ বৰাই নিজেই চলাইছিল গাড়ী। পুৰণি পৰিচিত ঠাই। মাটি, পানী, বায়ু সকলোৱে যেন চিনাকী।
তেতিয়া সন্ধ্যা নামিছিল। দাছিয়ালৰ দিখৌ দলঙত এটা টাৰ্ণিং ঘূৰি গাড়ীখন উঠিব লাগিছিল যদিও, গাড়ী গৈ সোমাইছিল বাৰিষাৰ পানীৰে ভৰা দিখৌৰ বুকুত। গাড়ীৰ ভিতৰত হৰেণ বৰাসহ পৰিয়ালৰ ৫ সদস্য। কি পৰিৱেশ হ'ব পাৰে তেতিয়া?
কনিষ্ট কন্যা নিক্ষিতা (মুনমী)য়ে প্ৰথমে ফোন কৰিছিল তেওঁলোকৰ সৈতে গুৱাহাটীৰ পৰা যোৱা ব্যক্তিগত চালকজনক। পানী তেতিয়াও গাড়ীত সোমাব পৰা নাছিল। গাড়ীৰ ভিতৰত চাগৈ তেতিয়া প্ৰাণৰক্ষাৰ বাবে অপ্ৰাণ চেষ্টা চলাইছিল তেওঁলোকে।
গাড়ীৰ দুৱাৰ খুলিবলৈ চেষ্টা কৰি বিফল হৈছিল। এই দৃশ্য দেখিছিল এজন যুৱকে। দিখৌৰ পাৰত বান্ধি থোৱা এখন নাও লৈ এই যুৱকজন কাষ চাপি গৈছিল দিখৌৰ বুকুত ইতিমধ্যে ডুবিবলৈ আৰম্ভ কৰা গাড়ীখনৰ দিশে। আন এজন যুৱকে দিখৌৰ পানীত জপিয়াই, সাতুঁৰি কাষ চাপিছিল পৰিয়ালটোক উদ্ধাৰৰ বাবে। কিন্তু কোনো সুযোগেই নাপালে।
দিখৌৰ বুকুত হেৰাই গ'ল সেই গাড়ীখন। হেৰাই গ'ল এটা পৰিয়াল। তাৰ পাছত পাৰত জুম বান্ধিছিল অগণন মানুহে। বৰষুণৰ বতৰ, মানুহবোৰৰ মাজত হাহাকাৰ লাগিছিল। কিন্তু তেতিয়া ভৰ বাৰিষাৰ দিখৌ শান্ত হৈয়ে আছিল। কোনোবাই নক'লে, কোনেও গমেই নাপায় তাত যে কিছু সময় আগতে সলিল সমাধি ঘটিছে এটা পৰিয়ালৰ।
তাৰ পাছত এঘণ্টা, দুঘণ্টা কৈ কেবাঘণ্টা পাৰ হ'ল। নিশা গভীৰৰ পৰা গভীৰ হৈ পৰিল। আত্মীয় স্বজনে খবৰ পালে। কিন্তু খবৰহে নোলাল সেই পৰিয়ালটোৰ। এন ডি আৰ এফ-এছ ডি আৰ এফৰ দল আহিল। উদ্ধাৰ অভিযানৰ আনুষ্ঠানিকতা সম্পূৰ্ণ কৰোতেই বহু সময় গ'ল।
পাৰত ৰৈ থকা অচিনজনো শোকত ভাগি পৰিল কি হ'ব এই পৰিয়ালটোৰ কথা ভাবি। তেতিয়ালৈ হ'বলৈ বা বাকী আছিল কি? যি হ'বলগীয়া আছিল, হৈ গৈছিল। ৰাখে হৰি, মাৰে কোনে? মাৰে হৰি, ৰাখে কোনে…
দেওবাৰৰ পুৱাৰে পৰা আকৌ অভিযান চলিল। হাজাৰ হাজাৰ মানুহ গোট খালে দিখৌৰ পাৰত। 'সৰুবাপু' বুলি মাতিছিল হৰেণ বৰাক গাঁওবাসীয়ে। অঞ্চলটোত খবৰটো সেইদৰেই বিয়পিছিল। সৰুবাপু আৰু পৰিয়ালটোৰ দুৰ্ঘটনাৰ খবৰ কেৱল সেই অঞ্চলতেই ৰৈ যোৱা নাছিল।
এনে কৰুণ ঘটনাৰ খবৰ পাই কতজনে নেদেখাজনক প্ৰাৰ্থনা কৰিছিল, উজাগৰে কিবা ভাল খবৰ আহে নেকি বুলি বহুতেই বাট চাইছিল। দেওবাৰৰ দিনাও এনে খবৰ নাহিল। গাঁৱৰ ঘৰৰ পৰা বহু বছৰ পূৰ্বেই গুচি আহিছিল হৰেণ বৰা। আৰম্ভ কৰিছিল ব্যৱসায়। গুৱাহাটীত এখন সুলভ মূল্যৰ দোকান আছিল হৰেণ বৰাৰ। সেইখনতো এতিয়া তলা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/HAREN-BORS-SHOP-3-copy-750x430.jpg)
ঘৰলৈ যোৱাৰ দিনা কণ্টলৰ চাউল আহিছিল। এজন গ্ৰাহকে বিচাৰি আহিছিল চাউল। সৰবৰহী হৰেণ বৰাই তেওঁক কৈছিল। উভতি আহিয়েই দিবহি সুলভ মূল্যৰ চাউল। হৰেণ বৰাই উভতি অহাৰ প্ৰতিশ্ৰুতি দিছিল যদিও, উভতি নাহিল। দিখৌ নৈৰ এক বিশেষ চৰিত্ৰ আছে। দেখাত শান্ত যেন লাগিলেও, ভিতৰি অস্থিৰ এইখন নদী। নদীৰ গভীৰত প্ৰচণ্ড সোঁত।
কোনে জানে ক'ত পোৱালেগৈ এই পৰিয়ালটোক আৰু তেওঁলোকৰ মৰমৰ ছুইফট ডিজায়াৰখন। লংগৰ পেলাই, ডুবাৰু নমাই উদ্ধাৰ অভিযান চলালে যদিও শুংসূত্ৰ নাপালে কাৰোৰে। দিখৌৰ বলিয়া পানীয়ে কেতিয়া কি কৰে কোনেও ধৰিব নোৱাৰে। অনুমান কৰা হৈছে- দিখৌ নৈত উটি অহা বালিয়ে ক'ৰবাত সেই গাড়ীখন আৰু ভিতৰত থকা পৰিয়ালটোক পুতি পেলাবও পাৰে!
এইবোৰ অনুমান। ব্ৰহ্মপুত্ৰৰ বুকুত এদিন এনেকৈয়ে হেৰাই গৈছিল এখন জাহাজ। যিখনক বিচাৰি ক'ত অভিযান চলিল, কিন্তু তাৰ সন্ধান আজিও নোলাল। এখন জাহাজেই যেতিয়া হেৰাই যাব পাৰে এনেকৈ, তেন্তে এখন ক্ষুদ্ৰ গাড়ী হেৰাই যোৱাতো একো আচৰিত কথা নহয়।
সকলো মানুহ দিখৌ পাৰত তেতিয়া। দেওবাৰ অৰ্থাৎ ২ ছেপ্টেম্বৰ, ২০১৮ৰ পুৱা পৰিয়ালৰ আত্মীয় স্বজন আহি পূজা-অৰ্চনা কৰিছিল। কি খবৰ আহিব পাৰে সকলোৱে অনুমান কৰি লৈছিল। কিন্তু কিবা এটাতো খবৰ আহিব বুলি বাট চাইছিল। সন্ধ্যা নামিল, খবৰ নাহিল। সেমেকা দুচকুৰে উদাস আকাশলৈ চাই আন্ধাৰৰ মাজতে ক'তজনে মচিলে চকুপানী।
(২)
হৰ্ষনন্দিনী
কালিও তুমি আহি
মোৰ কোলাত বহিছিলা ।
আন দিনাৰ দৰেই…
সাধু শুনাব লাগে তোমাক …
"সাধু … বহুত দীঘল …
…ইম্মান দীঘল সাধু …"
………………………..
আজি ১৬ তাৰিখ,
পাৰবোৰ আজি নদীৰ পাৰলৈ যায়!
হৰ্ষনন্দিনী,
আজি তুমি মোৰ কাষলৈ
এবাৰো অহা নাই !
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/xyz89.jpg)
এজন পিতৃ হুমুনিয়াহ এয়া। কন্যাৰ জন্মদিনৰ দিনা এনেদৰেই বুকুৰ দুখ পাতলাইছিল লেখক, প্ৰবন্ধকাৰ তথা প্ৰকাশন পৰিষদৰ বৰ্তমানৰ সচিব প্ৰমোদ কলিতাই। সেয়া আছিল ১৭ ডিচেম্বৰ, ২০১৭ৰ কথা। নিশা তেতিয়া ৯.৩০ বাজিছিল।
এখন এল্ট'ত উঠি ঘৰ অভিমুখে গৈ আছিল পৰিয়ালটো। ককা-আইতাক, মাক আৰু দুই মাহীয়েকৰ সৈতে হংষিতা ঘৰ অভিমুখে যাওঁতে এবাৰো ভবা নাছিল বাটত ৰৈ আছিল মৃত্যু। নলবাৰীৰ বালিকুচিত মুহূৰ্ততে ঘটি গৈছিল এই অঘটন। একেটা পৰিয়ালৰ ৬জনকৈ লোকে প্ৰাণ হেৰুৱাইছিল। চিৰদিনৰ বাবে পিতৃৰ বুকু উদং কৰি গুচি গৈছিল হংষিতা। কিমান কৰুণ হ'ব পাৰে এইবোৰ খবৰ? চিৰদিনৰ বাবে বুকুত দুখ থৈ যায় এইবোৰ ঘটনাই।
(৩)
এনে বহু কাহিনী আছে। ২০১৮ চনৰ ১২ আগষ্ট। চামগুৰিৰ ৰঙাগড়াত ট্ৰাক আৰু গাড়ীৰ সংঘৰ্ষ হৈছিল। হেৰাই গৈছিল এটা পৰিয়ালৰ কেবাজনো সদস্য। ইয়াৰ পূৰ্বে ২১ মে', ২০১৪ত ধূপধৰাত ঘটিছিল আন এক অঘটন।
বিহু অনুষ্ঠান পৰিবেশন কৰি ঘূৰি আহিছিল সুমন মহন্ত। পুৱা ৫মান বজাত শিল্পীজনৰ সৈতে বাদ্যযন্ত্ৰ সংগত কৰিবলৈ যোৱা ১১জন শিল্পীয়ে প্ৰাণ হেৰুৱাইছিল ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত।
২০১১চনৰ ৩১ মে'ত চৰাইবড়ীত কাঠৰ দলঙৰ পৰা গৈ পানীত সোমাইছিল গৈ বিবাহযাত্ৰী গাড়ী। দৰা আছিল নৱকুমাৰ শৰ্মা। ক'ত সপোন লৈ যাত্ৰা কৰিছিল বন্ধু-বান্ধৱ তথা আত্মীয়ৰ সৈতে তেওঁ। সেই সপোন পূৰণ নহ'ল। কইনাক ঘৰলৈ অনাৰ সলনি নৱ কুমাৰ শৰ্মাসহ গাঁৱলৈ উভতি আহিল ২৮টা মৃতদেহ। এইবোৰটো মনত ৰৈ যোৱা ঘটনা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/TH31_ASSAM_BUS_ACCIDENT_BL_31052011_04.jpg)
কিছুদিনৰ পূৰ্বে জালুকবাৰীৰ সমীপত পানীত পৰিছিলগৈ এখন এল্ট'। দুটা পৰিয়াল শেষ হৈ গৈছিল সেই এল্ট'খনৰ ভিতৰতেই।
১৯৯৪চনৰ ১১ নবেম্বৰ, শিৱসাগৰৰ ডিমৌৰ সমীপৰ ৰজাবাৰী পুখুৰীৰ পাৰত তেতিয়া মানুহৰ ভিৰ। যোৰহাটৰ পৰা শিৱসাগৰলৈ গৈ আছিল বাছখন। প্ৰয়োজনতকৈ অধিক যাত্ৰী কঢ়িয়াই নিছিল বাছখনে। পুখুৰীৰ পানীত ডুব যোৱা বাছখনত থকা ৭০জন যাত্ৰীৰে মৃত্যু হৈছিল। তাৰ ভিতৰত ৫৬জন পুৰুষ, ১৭জন মহিলা আৰু ৭টা শিশু আছিল।
হুঁচৰি গাই ঘূৰি আহোতেই এইখন অসমতেই নিঃশেষ হৈ গৈছে হুঁচৰি দল। মানুহক হঁহুৱাই ঘূৰি অহাৰ পথত এনেকৈয়েতো গুচি গৈছিল ভাই মামা।
(৪)
এইবোৰ ঘটনা প্ৰত্যেক দিনাই ঘটি আছে। যাৰ অন্য নাম পথ দুৰ্ঘটনা। মানুহৰ প্ৰাণ কাঢ়ি নিয়া এই পথ দুৰ্ঘটনাবোৰে ক'ত পৰিয়ালৰ, ক'ত জীৱন নিঃশেষ কৰি দিছে। ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় কি? পথ দুৰ্ঘটনা নোহোৱা কৰিব নোৱাৰি, কিন্তু নিয়ন্ত্রণ কৰিব পাৰি।
টাৱাঙলৈ যোৱা পথত যিমান পথ দুৰ্ঘটনা হয়, সিমান পথ দুৰ্ঘটনা জম্মু-কাশ্মীৰৰ বাটে-পথে নহয়। গুৱাহাটী-শ্বিলং পথত যিমান দুৰ্ঘটনা সংঘটিত হয়, তাতকৈ বেছি পথ দুৰ্ঘটনা অসমৰ বাটে-পথে হয়। এই কথাবোৰ ভালদৰে বিশ্লেষণ কৰিলে পথ দুৰ্ঘটনাৰ আন কাৰকবোৰৰ লগতে এটা কাৰক পোহৰলৈ আহে। সেইটো হ'ল ৰাজ্যখনৰ বাট-পথ।
নলবাৰীৰ বালিকুচিত পথ দুৰ্ঘটনাৰ কাৰণ আছিল নিৰ্মিয়মান পথৰ দুৰাৱস্থা। চৰাবড়ীৰ দুৰ্ঘটনাতো একেই কথা। আৰু শেহতীয়াকৈ দিখৌৰ দাছিয়ালৰ পথ দুৰ্ঘটনাৰ অন্যতম কাৰক হ'ল বেয়া বাট-পথ। দিখৌ দলঙৰ মূৰত প্ৰকাণ্ড গাঁত। ৰাস্তাৰ মাজত গাঁত থকাতকৈ, গাঁতৰ মাজে মাজে ৰাস্তা আছে বহু বাট-পথত। নগাঁৱৰ পৰা কলিয়াবৰৰ পথচোৱাৰ দুৰাৱস্থা, চকুৰে নেদেখাজনে কল্পনা কৰিব নোৱাৰে।
২০১২চনত ৰাজ্যত পথ দুৰ্ঘটনা সংঘটিত হৈছিল ৬,৫৩৫টা। পথ দুৰ্ঘটনাত সেই বৰ্ষত নিহত হোৱা লোকৰ সংখ্যা আছিল ২,২৯১জন। ২০১৩চনত ৭,২১১টা পথ দুৰ্ঘটনা হৈছিল আৰু ইয়াৰে ২,৪৪১জন লোকৰ মৃত্যু হৈছিল।
একেদৰে ২০১৪চনত ৮,৮৭২টা, ২০১৫চনত ৬,৯৬৯টা, ২০১৬চনত ৭,৪৩৫টা পথ দুৰ্ঘটনা ৰাজ্যখনত সংঘটিত হোৱা বুলি চৰকাৰী তথ্যত প্ৰকাশ। এই পথ দুৰ্ঘটনাসমূহত ২০১৪চনত মৃত্যু হোৱা লোকৰ সংখ্যা ৩,০৫৮টা, ২০১৫চনত ২,৩৯৭টা, ২০১৬চনত ২,৫৭২জন লোকে প্ৰাণ হেৰুৱাইছিল। অৰ্থাৎ প্ৰতি ১০০টা পথ দুৰ্ঘটনাত গড়ে ৩৫জনকৈ লোকে প্ৰাণ হেৰুৱাই।
ৰাজ্যৰ বাট-পথসমূহৰ অৱস্থা অতি শোচনীয়। আনকি দেওবাৰ অৰ্থাৎ ২ ছেপ্টেম্বৰ, ২০১৮ত নগাঁৱৰ ধিং সংযোগী পথত স্বামীৰ সৈতে বাইকত গৈ থকা অৱস্থাত বাইকৰ পৰা পৰি মৃত্যু হয় এগৰাকী মহিলাৰ। সম্ভৱ এনে ঘটনা অসমৰ বাদে ৰাজ্যৰ আন প্ৰান্তত ধাৰাবাহিকভাৱে সংঘটিত নহয়।
শিৱসাগৰত থকা দিখৌ বা দিছাং নদীৰ পাৰৰ প্ৰায়বোৰ মথাউৰিকে পথ হিচাপেও ব্যৱহাৰ কৰা হয়। কিন্তু সময় অনুসৰি সেই মথাউৰি সমূহৰ পুনৰ নিৰ্মাণৰ কাম নকৰাৰ ফলত সেইবোৰৰ অৱস্থা অতি শোচনীয় হৈ পৰিছে। লক্ষণীয় কথাটো হ'ল, এই মথাউৰিবোৰৰ জৰিয়তে ভালেমান গাঁও তথা অঞ্চল সংযোজিত হৈছে। তাৰোপৰি যোৰহাটৰ পৰা শিৱসাগৰ এই পথচোৱাৰ অৱস্থা দীৰ্ঘকাল ধৰি জৰাজীৰ্ণ হৈ আছে।
পথ দুৰ্ঘটনা এতিয়া বিশ্বৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে। উন্নয়নশীল আৰু অনু্ন্নত দেশবোৰত বাট-পথৰ আন্তঃগাঁথনিৰ বাবেই গৰিষ্ঠসংখ্যক পথ দুৰ্ঘটনা সংঘটিত হয়। ইয়াৰ লগতে উপযুক্ত সাংকেতিক ব্যৱস্থা নথকাও এইধৰণৰ পথ দুৰ্ঘটনাৰ অন্যতম কাৰকৰূপে চিহ্নিত হৈছে।
পথ দুৰ্ঘটনাই কেতিয়া কাৰ প্ৰাণ কাঢ়িব পাৰে সেয়া কোনেও ক'ব নোৱাৰে। কিন্তু ইয়াৰ প্ৰতিৰোধৰ বাবে আন্তঃগাঁথনিৰ লগতে প্ৰয়োজনীয় পথ সুৰক্ষামূলক ব্যৱস্থাসমূহ মানি চলিলে যথেষ্ট দুৰ্ঘটনা হ্ৰাস কৰিব পাৰি।
(৫)
হৰেণ বৰাৰ এই পথ দুৰ্ঘটনাৰ চিকাৰ হোৱা এক কৰুণ উদাহৰণ। গুৱাহাটীত ব্যৱসায়ীৰূপে প্ৰতিষ্ঠা লাভ কৰা এইজন ব্যৱসায়ীয়ে নিজাকৈ এটা ঘৰ বনাইছিল। প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত এই ঘৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/HAREN-BORS-WON-HOUSE-1-copy.jpg)
দুই এজন আত্মীয়ক তেওঁ জনাইছিল, জানুৱাৰী বা ফেব্ৰুৱাৰীত তেওঁ নতুন ঘৰটো ল'ব। ভাড়াঘৰটোত থকা গলিটোতেই সজাইছিল এই ঘৰ। সেই ঘৰো আজি জনশূন্য। এতিয়ালৈকে তেওঁলোকৰ কোনো খা-খবৰ দাছিয়ালৰ পৰা অহা নাই।
আনকি এনে এক ঘটনাই ৰাজ্যবাসীক ব্যৰ্ধিত কৰি তোলা সময়তো শিৱসাগৰ প্ৰশাসনে যিধৰণে উদ্ধাৰ অভিযান চলাব লাগিছিল, সেই অভিযান নচলোৱাৰো অভিযোগ উঠিছে। পথ দুৰ্ঘটনাই নিয়মীতভাৱে হাজাৰ হাজাৰ লোকৰ প্ৰাণ কাঢ়ি নিয়াৰ পাছতো ৰাস্তা পদূলি উন্নয়নৰ বাবে চৰকাৰে চকুত লগাকৈ ব্যৱস্থা গ্ৰহণ কৰা দেখা পোৱা নাযায়।
এনেবোৰ আকস্মিক ঘটনাই এটা পৰিয়াল শেষ কৰি দিয়াৰ সেই শোকখিনিক কেৱল আত্মীয় বা পৰিয়াল স্বজনেহে অনুভৱ কৰিব পাৰে। ইয়াৰ বাবে চৰকাৰ তথা সংশ্লিষ্ট বিভাগৰ যথেষ্ট কৰণীয় আছে। জীৱন প্ৰথম, তাৰপাছতহে বাকীবোৰ। অত্যাধিক যান-বাহনৰ গতি, সুৰা সেৱন কৰি যান-বাহন চলোৱা, যান-বাহন চলোৱা লোকসকলৰ অনুজ্ঞাপত্ৰ দিয়া ক্ষেত্ৰত ল'বলগীয়া কঠোৰতা, পথ সুৰক্ষা সম্পৰ্কীয় সজাগতা আদি বিষয়সমূহ আমি কেৱল কোনো এক ৰাজ্য জোকাৰি যোৱা পথ দুৰ্ঘটনাৰ পাছত অনুধাৱন কৰো।
হয়তো হৰেণ বৰাৰ পৰিয়াল এইদৰে নিঃশেষ হৈ যোৱাৰ পাছত কিছুদিনলৈ আমি এইবোৰ কথা আলোচনা কৰিম। তাৰ পাছত সকলোবোৰ ফুটুকাৰ ফেন হ'ব। কোনোবাই গুৰুত্ব নিদিলেও পথ দুৰ্ঘটনা এতিয়া নীৰৱ ঘাটক লৈ পৰিছে। প্ৰায় প্ৰতিটো পৰিয়ালৰ লোকে এনে দুৰ্ঘটনাৰ বলি হ'ব পাৰে যিকোনো সময়ত, যিকোনো মুহূৰ্তত। সেয়েহে এই বিষয়টো অতি স্পৰ্শকাতৰ।
ৰাজ্য চৰকাৰে ৰাজ্যৰ বাট-পথসমূহ উন্নয়নৰ বাবে অলপ হ'লেও মন দিয়ক। কিয়নো ৰাজ্যত সংঘটিত ৮০ শতাংশ পথ দুৰ্ঘটনা বাট-পথৰ দুৰাৱস্থাৰ বাবেই হয়। তেনে বিশ্লেষণ হয়তো আমি আজিলৈকে কৰা নাই। বালিকুচিৰ ঘটনা, ৰাজাবাৰীৰ পথ দুৰ্ঘটনা, চৰাবড়ীৰ বিবাহযাত্ৰীৰ বাছ দলঙৰ পৰা পুখুৰীত পৰা আৰু শেহতীয়াকৈ হৰেণ বৰাৰ পৰিয়ালৰ এই কৰুণ ঘটনাৰ সৈতে বাট-পথৰ আন্তঃগাঁথনিৰ এক সম্পৰ্ক আছে। সেই কথা কেতিয়াও ৰাজ্য চৰকাৰে আওকাণ কৰিব নোৱাৰে।
কৰ দি যেনেদৰে যান-বাহনৰ চালকে পথত গাড়ী চলাই, একেদৰে চালকসকলৰ সুবিৰ্ধাতে ভাল পথৰ ব্যৱস্থা কৰি দিয়াৰ দায়িত্বও চৰকাৰৰ। নহ'লে এনেবোৰ ঘটনা ঘটিয়েই থাকিব। হৰেণ বৰাৰ পৰিয়ালৰ এই দুৰ্ঘটনা এদিন অতীত হৈ পৰিব। আকৌ নতুন দুৰ্ঘটনা হ'ব, আকৌ আন এটা পৰিয়াল বা আন কোনো লোকৰ পথ দুৰ্ঘটনাত মৃত্যু ঘটিব।
এনে খবৰো আহিছে, কিছুদিনৰ পৰা বেয়া দিন চলি আছিল হেনো হৰেণ বৰাৰ। কিছুদিনৰ পূৰ্বে তেওঁৰ এখন বাছ দুৰ্ঘটনাত পতিত হৈছিল। এইবাৰ গাঁৱলৈ গৈ এজন জ্যোতিষীৰ কাষ চাপিছিল হৰেণ বৰা। জ্যোতিষীয়ে গোটেই পৰিয়ালটোক লৈ আহিব কোৱা বাবে প্ৰথমে এখন স্কুটী লৈ তেওঁৰ কাষলৈ যোৱা হৰেণ বৰাই ঘৰলৈ ঘূৰি আহি গাড়ীখনত পৰিয়ালটোক লৈ পুনৰ জ্যোতিষীজনৰ ওচৰলৈ গৈছিল।
যি বাটেৰে তেওঁলোক জ্যোতিষীৰ কাষলৈ গৈছিল, সেই পথৰ সলনি আত্মীয় এঘৰত সোমাই উভতি আহোতেই এই পথ দুৰ্ঘটনা সংঘটিত হোৱা বুলিও চৰ্চা হৈছে। আচলতে চৰণেহে জানে মৰণৰ ঠাই। জ্যোতিষীৰ কাষ চাপিও মৃত্যুৰ পৰা হাত সাৰিব নোৱাৰিলে হৰেণ বৰাৰ পৰিয়ালে। পথ দুৰ্ঘটনা এনেকুৱাই- Alert Today-Alive Tomorrow!