কথাৰে নহয়, কামেৰে হওঁ লাচিত...

লাচিত বৰফুকনৰ আদৰ্শৰে বাট বোলা মুঠেও সহজ নহয়। কিয়নো লাচিত আছিল সত্য আৰু সাহসী তথা পৰাক্ৰমী। যেতিয়া মানুহ দুৰ্নীতিমুক্ত হয়, যেতিয়া মানুহে মিছাৰ আশ্ৰয় নলয়, যেতিয়া মানুহে অন্যায়ৰ আশ্ৰয় নলয়, তেতিয়াহে মানুহে মুকলিকৈ কথা ক’ব পৰা সাহস থাকে। লাচিত আছিল এইবোৰ গুণেৰে বিভূষিত বীৰপুৰুষ।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-11-24 at 7.53.01 PM

ভাস্কৰ শৰ্মা

লাচিত বৰফুকন। শৌৰ্য- বীৰ্যৰ প্ৰতীক লাচিত বৰফুকন। বুকুত অদম্য সাহস, মনত অপাৰ দেশপ্ৰেমেৰে জাতিৰ বাবে সদাজাগ্ৰত এটি সত্তা লাচিত বৰফুকন। প্ৰকৃত সত্যৰ অন্যতম নিদৰ্শন লাচিত বৰফুকন। অন্যায়- অবিচাৰৰ বিৰোধী বিশাল ব্যক্তিৰ গৰাকী লাচিত বৰফুকন। লাচিত এক প্ৰতিবাদী সত্বা বুলিলেও ভুল ব্যাখ্যা দিয়া নহ'ব।

অসমৰ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক, ভৌগলিক আদি সকলো ক্ষেত্ৰতে আছে লাচিত বৰফুকনৰ প্ৰাসংগিকতা। প্ৰজন্মৰ পৰা প্ৰজন্মলৈ প্ৰবাহিত হৈ আছে লাচিত বৰফুকনৰ গুণ- গান। লাচিত বৰফুকনৰ শৌৰ্য- বীৰ্য- বীৰত্ব তুলি ধৰাৰ প্ৰয়াসেৰে অসমত সৃষ্টি হৈ বহু তথ্যচিত্ৰ। 

একেদৰে ছাত্ৰ- ছাত্ৰীৰ পাঠ্যক্ৰমতো অন্তৰ্ভুক্ত হৈছে লাচিত বৰফুকনৰ সবিশেষ। তাৰ মাজতো বিভিন্ন আলোচনা- সভা- সমিতি আদিত বহু বক্তাই লাচিত বৰফুকনৰ উদাহৰণ দাঙি ধৰি আহিছে। ‘আমি লাচিতৰ দেশৰ মানুহ, আমাৰ দেহত লাচিতৰ তেজ আছে’। প্ৰকৃততে এই অপ্তবাক্যশাৰীৰ মৰ্ম একেবাৰে আহল- বহল। 

ইয়াৰ প্ৰকৃত মৰ্ম সঁচা অৰ্থত বহু লোকে উপলব্ধি কৰিব পৰা নাই আজিলৈকে। যিদিনাই ইয়াৰ আঁচল মৰ্ম আৰু অৰ্থ উপলব্ধি কৰিব পাৰিব, সিদিনাই বহু লোকৰ মনৰ পৰা আঁতৰ হ’ব সংকীৰ্ণতা, কলুষতা, ভেদাভেদ, ভয়-ভীত, দুৰ্নীতিপৰয়াণ মনোবৃত্তি আদি। প্ৰতিজন অসমীয়া হৈ উঠিব সাহসী, প্ৰতিটো অন্যায়ৰ বিৰুদ্ধে সজোৰে মাত মতাৰ সাহ থাকিব বুকুত।

দুৰ্নীতিৰ বিৰুদ্ধে মুকলিকৈ কৰিব পাৰিব সমালোচনা। তাৰোপৰি সমাজত ঘটি থকা বহু অন্যায় – অবিচাৰৰ বিৰুদ্ধে সিংহ কণ্ঠৰে গৰজি উঠিব পাৰিব । 

লাচিত বৰফুকনৰ আদৰ্শৰে বাট বোলা মুঠেও সহজ নহয়। কিয়নো লাচিত আছিল সত্য আৰু সাহসী তথা পৰাক্ৰমী। যেতিয়া মানুহ দুৰ্নীতিমুক্ত হয়, যেতিয়া মানুহে মিছাৰ আশ্ৰয় নলয়, যেতিয়া মানুহে অন্যায়ৰ আশ্ৰয় নলয়, তেতিয়াহে মানুহে মুকলিকৈ কথা ক’ব পৰা সাহস থাকে। লাচিত আছিল এইবোৰ গুণেৰে বিভূষিত বীৰপুৰুষ। 

যাৰ বাবে তেওঁৰ সত্বা আৰু ব্যক্তিত্বই লাভ কৰিছিল বিশালতা। সেই বিশালতাক আজিও উত্তৰ পুৰুষে নতশিৰ কৰে। লাচিতৰ প্ৰতি সন্মান জনাই প্ৰতি বছৰে পালন কৰে তেওঁৰ জন্মজয়ন্তী। 

এই ধাৰাবাহিকতা অক্ষুন্ন ৰাখি আজিও ৰাজ্যৰ প্ৰান্তে প্ৰান্তে পালন কৰা হৈছে লাচিত দিৱস। বিভিন্ন অনুষ্ঠান- প্ৰতিষ্ঠান তথা সংঘৰ উদ্যোগত আয়োজন কৰা হৈছে লাচিত দিৱস। একেদৰে ইয়াৰ লগত সংগতি ৰাখি ছাত্ৰ- ছাত্ৰীসকলৰ মাজত আয়োজন কৰিছে বিভিন্ন প্ৰতিযোগিতাৰ। 

কুইজ, চিত্ৰাংকন, খেল- ধেমালি আদিৰ লগতে বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। তাৰ সমান্তৰালকৈ লাচিত বৰফুকনৰ বিশাল ব্যক্তিত্ব, পৰাক্ৰম আদি বিভিন্ন দিশো অনুষ্ঠানসমূহত আলোচনা কৰা হৈছে। কিন্তু এনেবোৰ আলোচনা এটা দিনৰ বাবে নহৈ ইয়াৰ মৰ্ম প্ৰতিদিনে উপলব্ধি কৰাৰ প্ৰযোজনীয়তা আছে। 

কিয়নো আজিৰ এই সময় বৰ বিভীষিকাময় সময়। যি সময়ত একাংশ মানুহৰ মাজৰ পৰা হেৰাই গৈছে ধৈৰ্য, সহ্য, সহানুভূতি আদি মৌলিক গুণবোৰ। বিপদৰ সৈতে মোকাবিলা কৰিবলৈ আজি কালি বহুতৰে সময় নাই, ধৈৰ্যৰ বান্ধ ছিঙি কৰিবলৈ লৈছে নকৰবিলগীয়া কাম- কাজ।

লাচিত বৰফুকন আজি যদিও আমাৰ মাজত নাই, তথাপি লাচিত বৰফুকনক এটা চৰিত্ৰ হিচাপেও বিশ্লেষণ কৰা যাই, তেন্তে ই মৌজোলতকৈও কোনো গুণে কম নহ’ব। 

প্ৰতিটো টোপালতে লাচিতৰ গুণ- গৰিমা, সাহস, পৰাক্ৰম, ধৈৰ্য আদি বিভিন্ন গুণ সময়ত যেতিয়া যিটোৰ প্ৰয়োজন সেই হিচাপে ধৰা দিয়ে আমাৰ হাতত। এনেবোৰ গুণৰ বাবেই লাচিত আছিল সম্পূৰ্ণ ব্যক্তিত্বৰ অধিকাৰী পুৰুষ। 

হয়তো আজিৰ এই লাচিত দিৱসৰ উপৰিও অনাগত আন আন দিনবোৰতো লাচিতৰ প্ৰতিটো গুণ অলপ হ’লেও প্ৰতিজন অসমীয়াই আহৰণ কৰিবলৈ চেষ্টা কৰিব। তেতিয়াহে আমাৰ উত্তৰ প্ৰজন্মই দেখিব এখন সোণৰ অসম, কেঁচা মাটিৰ গোন্ধ থকা অসম...

লাচিত