জুবিন গাৰ্গৰ সৃষ্টি আৰু আমাৰ কৰণীয়

ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট পৰিচালনাতো হাত দিছিল তেওঁ। পোনতে আবাহন থিয়েটাৰে মঞ্চস্থ কৰা নাচ ময়ূৰী নাচ নাটকখনৰ মাজেৰে তেওঁ নাট পৰিচালনাৰ পাতনি মেলিছিল। একে সময়তে এই নাটখনৰ বাবে সংগীতো ৰচনা কৰিছিল জুবিন গাৰ্গে।

author-image
Asomiya Pratidin
New Update
AP FOR WEB NEW  bikhekh lekha (6)

ভাস্কৰ শৰ্মা

জুবিন গাৰ্গ অসমীয়াৰ প্ৰাণ, জুবিন গাৰ্গ এটি সত্তা, জুবিন গাৰ্গ সকলোৰে আপোন, তেওঁ প্ৰাণৰ শিল্পী। আজি জুবিন গাৰ্গ কায়িকভাৱে আমাৰ মাজত নাই। 

তথাপিও জাতিটোৰ আহে- আহে, কোহে- কোহে, ৰন্ধ্ৰে-ৰন্ধ্ৰে প্ৰবাহিত হৈ জুবিন গাৰ্গৰ সৃষ্টি। প্ৰবাহিত হৈ আছে তেওঁৰ সুৰ- তেওঁৰ গান। 

দিনটোৰ আৰম্ভণিৰ পৰা নিশা বিচনাত পৰালৈকে প্ৰতিটো মুহূৰ্ততে অসমৰ শ্ৰোতাই শুনিব পৰাকৈ তেওঁ এৰি গৈছে বৰগীত, লোকগীত, টোকাৰি গীত, আধুনিক গীত, বনগীত, বিৰহ- আনন্দ ইত্যাদি সময়ে- সময়ে শুনিব পৰা গীত। 

দুটাকৈ নাগাৰা নামতো কণ্ঠ দিছিল তেওঁ। তাৰোপৰি তেওঁ এৰি গৈছে নিজে পৰিচালনা কৰা চিনেমা। একেদৰে এৰি গৈছে তেওঁৰ অভিনয়ৰ চানেকি। তুমি মোৰ মাথোঁ মোৰ, দীনবন্ধু, মন যায়, ৰ’দৰ চিঠি, প্ৰিয়াৰ প্ৰিয়, আণ্ডাৰৱৰ্ল্ড, গানে কি আনে, সাত নম্বৰৰ সন্ধানত, মিছন চাইনা, কাঞ্চনজংঘা, ৰাজনীতি, চিকাৰ আৰু মুক্তি লাভ কৰিব লগা ছবি ৰৈ ৰৈ বিনালেত তেওঁ অভিনয় কৰিছে।    

ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট পৰিচালনাতো হাত দিছিল তেওঁ। পোনতে আবাহন থিয়েটাৰে মঞ্চস্থ কৰা নাচ ময়ূৰী নাচ নাটকখনৰ মাজেৰে তেওঁ নাট পৰিচালনাৰ পাতনি মেলিছিল। একে সময়তে এই নাটখনৰ বাবে সংগীতো ৰচনা কৰিছিল জুবিন গাৰ্গে। পাচলৈ বৃন্দাবন থিয়েটাৰৰ দেৱদাস নাটখনো পৰিচালনা কৰিছিল জুবিন গাৰ্গে।

জুবিন গাৰ্গবিহীন অসমত এতিয়া আমাৰো কিছু দায়িত্ব আহি পৰিছে। যি দায়িত্ব পালন হ’ব, অনাগত সময়ৰ বাবে উৎকৃষ্ট নিদৰ্শন। জুবিন গাৰ্গৰ প্ৰতিটো সৃষ্টিক এতিয়া আমি সংৰক্ষণ কৰিব লাগিব। সংৰক্ষণ কৰিব লাগিব তেওঁ কণ্ঠ নিগৰোৱা প্ৰতিটো গীত। 

সংৰক্ষণ কৰিব লাগিব তেওঁ পৰিচালনা কৰা প্ৰতিখন চিনেমা- নাটক। সংগীত পৰিচালনা কৰা ছবিসমূহে সংৰক্ষণৰ ব্যৱস্থা কৰাটো অতি প্ৰয়োজন। 

ইতিমধ্যে জুবিন গাৰ্গৰ ৰচনাৱলীৰ কাম ৰাজ্য চৰকাৰৰ উদ্যোগত গ্ৰহণ কৰা হৈছে। তাৰোপৰি ৰাজ্য চৰকাৰে জুবিন গাৰ্গৰ সৃষ্টিৰাজি সংৰক্ষণ কৰাৰ ক্ষেত্ৰতো মনোনিৱেশ কৰিছে। 

জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিও নিৰ্মাণৰ কামৰ বাবে ৰাজ্য চৰকাৰৰ লগতে ব্যক্তি বিশেষে আগ্ৰহ প্ৰকাশ কৰিছে। সেয়াও অতিকৈ ভাল পদক্ষেপ হ’ব নতুন প্ৰজন্মৰ বাবে। যোৰহাটত গৌৰৱ গগৈ, নলবাৰীত জয়ন্ত মল্ল বৰুৱাই জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ কথা ইতিমধ্যে সদৰী কৰিছে। 

জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ সমান্তৰালকৈ তেওঁৰ প্ৰতিটো সৃষ্টি বিজ্ঞানসন্মতভাৱে সংৰক্ষণ কৰিলে জাতিটোৰ বাবে এটা সুন্দৰ কাম হৈ ৰ’ব। জুবিন গাৰ্গৰ গীতৰ চৰ্চাও অনুষ্ঠান- প্ৰতিষ্ঠানসমূহে কৰিলে ভাল হ’ব। 

উঠি অহা প্ৰজন্মক জুবিন গাৰ্গ নামৰ এই বিশাল সত্তাটোৰ সৈতে চিনাকি কৰাই দিয়া আমাৰ সকলোৰে প্ৰাথমিক আৰু মূল দায়িত্ব হিচাপে ল’লে জুবিন গাৰ্গ সদায় আমাৰ মাজত থাকিব। কায়িকভাৱে নহ’লেও স্বকীয় সৃষ্টিৰ মাজেৰে জুবিন গাৰ্গৰ সদায় ‘জুবিন গাৰ্গ’ হৈ থাকি যাব। 

ইয়াৰ উপৰি জুবিন গাৰ্গৰ নামত ন্যাস গঠনৰ দ্বাৰাও জাতিটোক উপকৃত কৰিব পাৰি। যি ন্যাসৰ দ্বাৰা বিভিন্ন সামাজিক- সাংস্কৃতিক কাম- কাজ সম্পন্ন কৰি শিল্পীগৰাকীক জীয়াই তুলিব পৰা যাব। 

ইয়াৰ বাবে লাগিব এখন শক্তিশালী পৰিচালনা সমিতি। য’ত জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ, ভগ্নী পামী বৰঠাকুৰক মূল হিচাপে লৈ এই সমিতি গঠন কৰিলে উপকৃত হ’ব জুবিন গাৰ্গ ন্যাস।

আনহাতে জুবিন  গাৰ্গৰ গীত স্বৰলিপি প্ৰস্তুততো বিজ্ঞসকলৰ পৰা পৰামৰ্শ লৈ আগবাঢ়িলে সেয়াও এক ভাল কামেই হ’ব। সময়ৰ লগে লগে কিছুমান কথা আবেগেৰে সিদ্ধান্ত নলৈ যুক্তিৰে বিচাৰ কৰি যুগজয়ী পদক্ষেপ ল’লে জুবিন গাৰ্গ সদায় আমাৰ মাজত থাকিব। চিৰদিন- চিৰকাল...

জুবিন গাৰ্গ