/asomiyapratidin/media/media_files/2024/11/18/1wl2P24cAfCdEDWcEJMc.png)
ভাস্কৰ শৰ্মা
জাৰ ক’ত ? এতিয়া আঘোণ মাহ। আঘোণ- পুহ মাহ বুলিলেই গাটো কঁপি উঠে জাৰত। চৌদিশে কুঁৱলীয়ে আৱৰা এখন ধোঁৱাবৰণীয়া চাদৰে বেৰি ধৰা ছবি মনলৈ ভাহি আহে।
ৰাস্তাৰ দুয়ো কাষে কঁপি কঁপি লেটু-সেতু হৈ শুই থাকে পথৰ কুকুৰবোৰ। জাৰৰ পৰা পৰিত্ৰাণ পাবলৈ মানুহে ৰাস্তাতেই জ্বলাই লয় জুই। আৰু সেই জুই দেখি হাত দুখন সেকো বুলি ৰৈ যায় বাটৰুৱা !
এতিয়া আৰু সেই দিন নাই। এই নবেম্বৰ অথবা আঘোণ মাহত সেই জাৰ নাই। গুৱাহাটীত নাই কুঁৱলীসনা দোকমোকালি পুৱাৰ পৰিৱেশ। নাইকীয়া হ’ল বাটৰুৱাই ৰাস্তাৰ কাষে কাষে জ্বলি থকা জুইৰ উম লোৱা সেই দৃশ্যবোৰ।
বিগত কেইবছৰমানৰ পৰা হোৱা জলবায়ু পৰিৱৰ্তনৰ ফলত মহানগৰীত অভাৱনীয়ভাৱে হ্ৰাস পাইছে জাৰৰ প্ৰকোপ। সন্ধিয়াপৰলৈকে সাধাৰণ চুটি চাৰ্ট পিন্ধিয়েই আপুনি - মই অলৈ তলৈ যাব পাৰো। অফিচ- কাছাৰী যোৱাৰ ক্ষেত্ৰতো এতিয়া এই সময়ত নালাগে জেকেট অথবা গৰম চুৱেইটাৰ।
নিশা পাতল কম্বল এখন হ’লেই পাৰ হৈ যায় ৰাতিটো। লেপ অথবা আন কিবা গৰম কাপোৰ গাত লোৱাৰ প্ৰশ্নই নুঠে। কিয়নো এইধৰণৰ কাপোৰ ল’লেই বৈ আহিব ঘাম। জুন- জুলাইৰ মাহ নে নমেম্বৰৰ মাহ অনুভৱ কৰাত কিছু চিন্তা কৰিব লাগিব আপুনি – এয়াই এতিয়া গুৱাহাটী মহানগৰীৰ পৰিৱেশ।
জাৰৰ দিন অহাৰ লগে লগে ভিৰ বাঢ়ে কাপোৰৰ দোকানবোৰত। গ্ৰাহকে গৰম কাপোৰ বিচাৰি ভিৰ কৰে মহানগৰীৰ ফাঁচী বজাৰ, ক’লনী বজাৰ ইত্যাদি বজাৰবোৰত। বছৰটোৰ ছমাহৰ বাবে ক্ৰয় কৰে জেকেট, ট্ৰেক চ্যুট, শ্বল, চুৱেইটাৰ, হাইনেক ইত্যাদি বিবিধ গৰম কাপোৰ।
পিছে এতিয়া বজাৰবোৰত গ্ৰাহকৰ সেই ভিৰ নাই। গৰম কাপোৰ বিচাৰি গ্ৰাহকে এতিয়া দোকানবোৰত ভিৰ নকৰে। প্ৰয়োজনেই নাই। কিয়নো এতিয়া হাড় কপোৱা জাৰ নাই। আছে মাথোঁ জহ- উত্তাপ আৰু মূৰে- কপালে হৈ অহা ঘাম।
যাৰ বাবে কাপোৰৰ দোকানীবোৰে লোকচানৰ সন্মুখীন হ’ব লগা হৈছে। কিয়নো এনেবোৰ কাপোৰ চিজনৰ কাপোৰ। মানুহে গৰম কাপোৰ নহ’লে থাকিব নোৱাৰে। যিকোনো মূল্যৰ বিনিময়ত হ’লেও ক্ৰয় কৰে গৰম কাপোৰ। গতিকে দোকানীবোৰে বিগত সময়ছোৱাত গৰম কাপোৰত ভালেখিনি লাভৰ মুখ দেখা পাইছিল।
কিন্তু এতিয়াৰ প্ৰেক্ষাপট আৰু পৰিৱৰ্তন সঁচাকৈয়ে চিন্তনীয়। জলবায়ু পৰিৱৰ্তনৰ সৈতে ইজনে- সিজনৰ ওপৰত পৰোক্ষভাৱে হ’লেও নিৰ্ভৰশীল। গোলকীয় উত্তাপ বৃদ্ধি, কল- কাৰখানাৰ অবাধ প্ৰচলন, প্ৰদূষণ, যান- বাহনৰ অবাধ বিচৰণ ইত্যাদি জলবায়ু পৰিৱৰ্তনৰ ঘাই কাৰক।
যাৰ ফলশ্ৰুতিত আজিৰ পৰিৱেশ গঢ় লৈ উঠিছে মহানগৰীত। গৰমৰ দিনত দহি মৰে জনতা। জুলাই মাহত ৪৫ ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত উষ্ণতা বৃদ্ধি পাইছিল মহানগৰীত। এতিয়াও উত্তাপ কমা নাই মহানগৰীত। ১৮ নৱেম্বৰলৈকে গড় উত্তাপ ২৭ ডিগ্ৰী চেলছিয়াছ।
যদি নৱেম্বৰ মাহতো উষ্ণতাৰ পৰিমাণ এইধৰণৰ হয় তেন্তে কিটো হাৰত জলবায়ুৰ পৰিৱৰ্তন ঘটিছে সেয়া অনুমান কৰক। অৱশ্যে বিভিন্ন অনুষ্ঠান- প্ৰতিষ্ঠানে আয়োজন কৰা আলোচনাচক্ৰসমূহত জলবায়ু পৰিৱৰ্তনে স্থান পাই আহিছে।
বিভিন্ন সমল ব্যক্তিৰ দ্বাৰা আলোচনা সত্ৰসমূহত জলবায়ু পৰিৱৰ্তন সম্পৰ্কত কেতবোৰ আলোচনা কৰা হৈছে। কিন্তু লক্ষ্যণীয়ভাৱে এই আলোচনাসমূহেও এচাম লোকক সজাগ আৰু সচেতন কৰিব পৰা নাই। ই অতি পৰিতাপৰ কথা।
যদি মানৱ জাতি সজাগ আৰু সচেতন নহয়, তেন্তে কোনো আলোচনা, সভা- সমিতিয়ে ৰোধ কৰিব নোৱাৰে প্ৰদূষণ অথবা জলবায়ু পৰিৱৰ্তন। জলবায়ুক স্বাভাৱিক অৱস্থালৈ ঘূৰাই অনাটো অতি কঠিন।
কিন্তু এইক্ষেত্ৰত যদি আমি সজাগ আৰু সচেতন হৈ ভাল ভাল কাম কৰো, গঠনমূলক কাম কৰো তেতিয়া অন্ততঃ এটা পৰিশিলিত অৱস্থা লৈ আনিব পৰা যাব। যিটো যদিও অনাগত প্ৰজন্ম আৰু সময়ৰ বাবে আজিৰ প্ৰজন্মই দি যোৱা আশীৰ্বাদ হৈ ৰ’ব।