/asomiyapratidin/media/media_files/2026/01/12/bikhekh-lekha-19-2026-01-12-19-47-55.jpg)
ভাস্কৰ শৰ্মা
অসমীয়াৰ জপনামুখ পালেহি হেঁপাহৰ ভোগালী বিহু। ঘৰে-ঘৰে প্ৰস্তুতি চলিছে ভোগালীক আদৰৰ। পুৰুষৰ সমান্তৰালকৈ ব্যস্ত জীয়ৰী-বোৱাৰীসকল। ভোগালী বিহু বুলিলেই গাত তত নাইকিয়া হয় এওলোকৰ।
কি বনাব, কি খুৱাব আদি নানান চিন্তাৰে ব্যস্ত হৈ পৰে তেওঁলোক। ঢেঁকীত সান্দহ-চাউল খুন্দাৰ পৰা পাকঘৰত বিবিধ পিঠা-পনা প্ৰস্তুত কৰালৈকে ব্যস্ততাৰ সীমা নাই এইকেইদিনত। এসপ্তাহ, দহদিন আগৰ পৰাই ভাগে ভাগে কামত নিয়োজিত হৈ পৰে। মনত এটাই চিন্তা আহি আছে হেঁপাহৰ ভোগালী।
আজিকালি অৱশ্যে আত্মসহায়ক গোট আদিৰ জৰিয়তে ১০-১২গৰাকী মহিলাই মিলি পিঠা-পনা ইত্যাদি বিবিধ খাদ্যবস্তু প্ৰস্তুত কৰে। সেই সমূহ প্ৰাক্-ভোগালী মেলাৰ আয়োজন কৰি খাদ্য সামগ্ৰী বিপণীসমূহত বিক্ৰীৰ ব্যৱস্থা কৰে। ইয়াৰ জৰিয়তে এই আত্মসহায়ক গোটবোৰৰ সদস্যসকলে কিছু পৰিমাণে অৰ্থনৈতিক দিশত সকাহ লাভ কৰে।
কিন্তু এনেবোৰ সৰু সৰু সুখৰ মাজতো, এচাম খাটিখোৱা লোকৰ বাবে ভোগৰ ভোগালীৰ উৰুকা কঙালসদৃশ হোৱাৰ উপক্ৰম হৈছে। কিয়নো খাদ্যৰ বজাৰত বয়-বস্তুৰ আকাশমুখী দামে ভোগালীৰ আনন্দত আঘাত হনা যেন অনুভৱ হয়।
সকলো বস্তু সকলোৰে বাবে নহয়। যদিও সকলোৱে বিচাৰে ভোগালীত লগে-ভাগে মিলি সুন্দৰকৈ এসাঁজ খাবলৈ। বিচাৰে অলপকৈ হ'লেও সকলো খাদ্যবস্তু উৰুকাৰ ব্যঞ্জণৰ তালিকাত উপলব্ধ হওক।
দৰিদ্ৰ, নিম্ন মধ্যবিত্তৰ পৰা ধনী শ্ৰেণীলৈকে সকলোৱে বিচাৰে উৰুকাৰ নিশা মাছ-মাংস আদি বিবিধ ব্যঞ্জনেৰে এসাঁজ খাবলৈ। সেই উদ্দেশ্যেই কৰ্মস্থলীৰ পৰা ধাৱমান হয় আপোন ঘৰখনলৈ বুলি। ইতিমধ্যে ১২ জানুৱাৰী ২০২৬ৰ সোমবাৰৰ সন্ধিয়াৰ পৰাই চহৰ এৰি গাঁৱলৈ বুলি যাত্ৰা কৰিছে বহু সংখ্যক লোকে। বাছ, ট্ৰেইন আদি সকলোবোৰ বাহনতে ভিৰ কৰি ঢাপলি মেলিছে আপোন গাঁওখনলৈ।
সকলোৱে আনন্দিত মনেৰে লগে-ভাগে নিশা গ্ৰহণ কৰিব উৰুকাৰ ভাতসাঁজ। পিছে খাদ্যৰ বজাৰত মাছ- মাংসইহে লগাইছে কেণা। ভোগালী বিহু অহাৰ লগে-লগেই যেন মাছৰ বজাৰত উঠিছে দাম। প্ৰতিকিলো মাছৰ দামে চুইছে দ্বি-শতক। দামৰ পাহাৰ গঢ়িছে মাছ- মাংসৰ বজাৰে। ৰৌ-বৰালি, চিতল-ভকুৱা, আৰি-বাহু ইত্যাদি মাছ অবিহনে যেন আধৰুৱা উৰুকাৰ নিশাৰ ব্যঞ্জন। মাছৰ চৰাদামৰ বাবে হয়তো ভোগালীৰ আনন্দ ম্লান পৰিব পাৰে।
তাৰ মাজতে উৰুকাৰ পুৱাৰ এটি ভাল লগা দৃশ্য হৈছে মাছৰ বজাৰ। মাছৰ বজাৰত ব্ৰহ্মপুৱাই মানুহে ভিৰ কৰে। কোনে, কিমান ডাঙৰ আৰু কিমান অধিক মূল্যত মাছ ক্ৰয় কৰিব পাৰিলে তাৰো এক অঘোষিত প্ৰতিযোগিতা হয় এই বজাৰত। টিভিৰ কেমেৰাৰ সন্মুখত আটাইতকৈ ডাঙৰ মাছটো তুলি ধৰিব পৰাটো এচামৰ বাবে এক প্ৰকাৰৰ চখ।
এনেদৰেই প্ৰতিবাৰে উৰুকাৰ নিশাৰ ভাতসাঁজৰ বাবে সকলোৱে সাধ্যানুসাৰে যোগাৰ কৰে বিবিধ সা- সামগ্ৰী। ধনী- দুখীয়া, উচ্চ- নীচ এই সকলো বিশেষণ পৰিহাৰ কৰি সকলোৱে আনন্দ আৰু সুখবোৰ ভগাই লয় নিজৰ নিজৰ ধৰণে। শেষত ভোগালীৰ উৰুকা সকলোৰে ভাল হওক, সুন্দৰ হওক। শান্তিৰে গ্ৰহণ কৰক উৰুকাৰ নিশাৰ ভাতসাঁজ। কিয়নো পোহৰ হ’লেই যাব লাগিব মেজিৰ ওচৰলৈ...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us